ইটাখোলাত বিশ্ব অ’জন দিৱস উদযাপন

ইটাখোলাত বিশ্ব অ’জন দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
ইটাখোলাত বিশ্ব অ’জন দিৱস উদযাপন

ডিজিটেল সংবাদ,জামুগুৰিহাট : নদুৱাৰ অঞ্চলৰ ইটাখোলাৰ ডিপলোঙা বনাঞ্চলিক কাৰ্য্যালয়ৰ উদ্যোগত পূৱ শোণিতপুৰ বন সংমণ্ডলৰ হৈ সোমবাৰে বিশ্ব অ’জন দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে ইটাখোলাৰ বালিজুৰি অঞ্চলৰ খেৰবাৰীৰ ইন্দিৰা গান্ধী আৰ্দশ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ও শিক্ষক কৰ্মচাৰীসকলৰ মাজত আয়োজিত সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰ আমগাইয়ে ৷ অনুষ্ঠানটিত বিশ্ব অ’জন‌ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ডিপলোঙা আঞ্চলিক বন বিষয়া ৰূপম কুমাৰ শৰ্ম্মাই। শৰ্মাই কয় যে ১৯৯৪ চনৰ ১৫ চেপ্তেম্বৰৰ পৰা বিগত ৩০ বছৰ ধৰি বিশ্ব অ’জন দিৱস পালন কৰা অহা হৈছে ৷ এই বিশ্ব অ’জন দিৱস উপলক্ষে আজি আমি ইয়াত সজাগতা অনুষ্ঠানৰ আয়োজন কৰিছো ৷

যিহেতু গছ থাকিলেহে মানুহ থাকিব ৷ গতিকে আমি সকলোৱে গছ-গছনিসমূহ ৰোপন কৰিব লাগে ৷ এই পৃথিৱীৰ গছ গছনি জীৱ জন্তুসমূহেই হৈছে প্ৰকৃতি ও পাৰিপাৰ্শ্বিক পৰিবেশ ৷

লগতে কয়- প্ৰাকৃতিক তথা পাৰিপাৰ্শিক পৰিবেশ মানৱ জীৱনৰ অপৰিহাৰ্য্য অংগ ৷ বিশেষকৈ অ’জন গেছ সদায় নিম্ন স্তৰত থাবিব লাগে ৷ এই অ’জনৰ স্তৰ বৃদ্ধি হোৱাটো মানৱ শৰীৰৰ বাবে অতি ক্ষতিকাৰক ৷ সেয়েহে আমি অ’জন স্তৰ অৱক্ষয় ৰোধৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰিব লাগিব ৷

আজিৰ এই অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰ লগতে বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে।

Also Read: মথুৰাপুৰত শ্বৰ্ট-চাৰ্কিটৰ ফলত অগ্নিকাণ্ড : কথমপি ৰক্ষা পৰে চৰকাৰী নুনি ফাৰ্ম...

Itakhola World Ozone Day