ভাৰত পৰ্যটনৰ উদ্যোগত কাজিৰঙাত উদযাপন আন্তৰ্জাতিক যোগ দিৱস

ভাৰত পৰ্যটনৰ উদ্যোগত কাজিৰঙাত উদযাপন আন্তৰ্জাতিক যোগ দিৱস
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ সমগ্ৰ বিশ্বৰ লগতে আজি কাজিৰঙাতো উলহ-মালহেৰে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷ ভাৰত পৰ্যটনৰ উদ্যোগত কাজিৰঙা অধ্যয়ন চক্ৰ, শংকৰদেৱ শিশু নিকেতন, কাজিৰঙা, যুৱ পৰ্যটন ক্লাৱৰ সহযোগত আৰু স্থানীয় ৰাইজৰ উপস্থিতিত কাজিৰঙাৰ আয়ৰা ৰিচৰ্টত উদযাপন কৰা হয় দিৱসটি৷

কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা আজিৰ অনুষ্ঠানৰ পুৱা বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক দয়াৰাম মাজি আৰু সমাজকৰ্মী ফটিক বৰাই৷ ভাৰত পৰ্যটনৰ মহানন্দ চহৰীয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এগৰাকী সক্ৰিয় কৰ্মী সঞ্জীৱ দত্ত উপস্থিত থকা আৰম্ভণি অনুষ্ঠানটোত শংকৰদেৱ শিশু নিকেতন, কাজিৰঙাৰ প্ৰধান আচাৰ্য ৰঞ্জন ৰাজখোৱাই কয় যে বছৰটোৰ আটাইতকৈ দীঘল দিন এটাত যোগ দিৱস উদযাপন কৰি শাৰীৰিক আৰু মানসিক বিষয়ত চৰকাৰে গুৰুত্ব প্ৰদান কৰাটো অতিশয় ভাল লগা দিশ ৷ ২০১৫ বৰ্ষৰ পৰা প্ৰতি বছৰে উদযাপন কৰি অহা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বছৰত এটা দিন উদযাপন কৰাৰ সমান্তৰালভাৱে প্ৰতিদিনেই যোগাসনৰ অভ্যাস কৰিলে শৰীৰৰ বিভিন্ন অসুখ তথা মানসিক অৱসাদৰ পৰা মুক্ত হৈ থাকিব পৰা যাব।

যোগাসনৰ দুগৰাকী প্ৰশিক্ষক এনিশা বৰা আৰু কমল মুণ্ডাৰ নেতৃত্বত শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্নগৰাকী স্থানীয় লোক আজিৰ অনুষ্ঠানত অংশগ্ৰহণ থাকে৷ ইপিনে, কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলতো ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক ভূৱন খতিয়ৰাৰ নেতৃত্বত আৰু যোগ প্ৰশিক্ষক প্ৰতিভা দেৱীৰ তত্ত্বাৱধানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে দিৱসটি উদযাপন কৰে৷

ভাৰত পৰ্যটনৰ উদ্যোগত কাজিৰঙাত উদযাপন আন্তৰ্জাতিক যোগ দিৱস
আমেৰিকাত যোগ দিৱস পালন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in