মথুৰাপুৰত যুৱক সন্ধানহীন...

মথুৰাপুৰত যুৱক সন্ধানহীন...
Published on
Updated on

ডিজিটেল সংবাদ, মথুৰাপুৰ : চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰমথুৰাপুৰ গাঁৱৰ এজন যুৱক যোৱা ১৪ জুলাই পৰা সন্ধানহীন হৈ আছে ৷ জানিব পৰা মতে গাঁৱখনৰ নিবাসী ডিম্বেশ্বৰ দুৱৰা আৰু ৰূপালী দুৱৰাৰ জ্যেষ্ঠ পুত্ৰ চুমচুম দুৱাৰাই (২৮) যোৱা ১৪ জুলাইত নিজা বাসগৃহ পৰা সোনাৰিলৈ কাম কৰিবলৈ বুলি ওলাই গৈছিল ৷

ৰাজমিস্ত্ৰী হিচাপে কৰ্মৰত যুৱকজন নিজ কৰ্তব্যস্থলী সোনাৰিৰ পৰা সন্ধিয়া ঘৰলৈ আহি থকা অৱস্থাত সন্ধানহীন হৈ পৰে ৷ পিছত পৰিয়াল বৰ্গই বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও যুৱকজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

বৃহস্পতিবাৰে পৰিয়াল বৰ্গই উপায়ন্তৰ হৈ মথুৰাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ যুৱকজনৰ সন্ধান লাভ কৰিলে স্থানীয় আৰক্ষী নতুবা 88914 12067 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে ৷

মথুৰাপুৰত যুৱক সন্ধানহীন...
কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত হৈছিল মৃত্যু! মোগলৰ শেষৰগৰাকী সম্ৰাটৰ বিষয়ে জানেনে আপুনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in