কাজলগাঁৱৰ আবৰ্ত্ত ভৱনৰ সন্মুখত যুৱকৰ মৃতদেহ উদ্ধাৰ

কাজলগাঁৱৰ আবৰ্ত্ত ভৱনৰ সন্মুখত যুৱকৰ মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা স্বামীৰ

ডিজিটেল সংবাদ,চিৰাং : চিৰাং জিলা সদৰ কাজলগাঁৱৰ আবৰ্ত্ত ভৱনৰ সন্মুখত বৃহস্পতিবাৰে পুৱাৰ ভাগত সন্দেহজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহটো এডাল কৃষ্ণচূড়া গছত প্লাষ্টিকৰ ৰচিৰে চিপজৰী লগোৱা অৱস্থাত আছিল।

অৱশ্যে মৃত যুৱকজনৰ ভৰি দুখন ৰহস্যজনকভাৱে মাটিত লাগি থকা স্থানীয় লোকে প্ৰত্যক্ষ কৰে । যুৱকজনে আত্মহত্যা কৰিলে নে কোনোবাই হত্যা কৰি গছত ওলমাই ৰাখিলে তাৰ কোনো তথ্য জানিব পৰা হোৱা নাই ।

লক্ষ্যনীয় বিষয় যে মৃতদেহ উদ্ধাৰ হোৱা ঠাইডোখৰৰ দুৰত্ব চিৰাং জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা মাত্ৰ ৫০ মিটাৰ । আৰক্ষীয়ে প্ৰাথমিক তদন্তত মৃতদেহটো চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ফাছলাবাৰী গাঁৱৰ বাসিন্দা গন্দ্ৰাই বসুমতাৰীৰ বিবাহিত পুত্ৰ সমেশ্বৰ বসুমতাৰী (২৫) বুলি চিনাক্ত কৰে ।

পিচত কাজলগাঁও থানাৰ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে । উল্লেখ্য যে মৃত সমেশ্বৰ বসুমতাৰী তেওঁৰ পত্নীৰ সৈতে কাজলগাঁৱৰ বৈখূনগাঁৱত ভাড়াঘৰত থাকি শ্ৰমিক হিচাপে কাম কৰিছিল ।

মনকৰিবলগীয়া যে, উক্ত ঘটনাটো হত্যা নে আত্মহত্যা তাৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ অন্তত জানিব পৰা যাব বুলি আৰক্ষীয়ে সদৰি কৰে।

Also Read: ঈদৰ আনন্দৰ মাজতে শোকাৱহ দুৰ্ঘটনা : এজন নিহত

Assam police chirang