২৫ লাখ টকা ব্যয় কৰি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ পাছতো অস্বাস্থ্যকৰ পৰিৱেশত এটা অংগনৱাড়ী কেন্দ্ৰ…

২৫ লাখ টকা ব্যয় কৰি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ পাছতো অস্বাস্থ্যকৰ পৰিৱেশত এটা অংগনৱাড়ী কেন্দ্ৰ…
Published on
Updated on

ডিজিটেল সংবাদ, বোকাখাত : যি সময়ত ৰাজ্যখনত একোটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰিবলৈ চৰকাৰী ভাৱে ২৫ লাখ টকাকৈ ব্যয় কৰি থকা হৈছে আনকি ৰাজ্যখনত একে দিনাই ১০০০ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰি চমক দিয়াৰ ব্যৱস্থাও কৰা হৈছে তেনে সময়ত কেনেদৰে চলিছে ৰাজ্যৰ একাংশ অংগনৱাড়ী কেন্দ্ৰ?

পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ণ প্ৰকল্প, বোকাখাতৰ অন্তৰ্গত এটা অংগনৱাড়ী কেন্দ্ৰৰ অৱস্থাই আপোনাক আচৰিত কৰি তুলিব। এজোপা বাঁহ গছৰ তলত, কদৰ্যময় পৰিবেশৰ মাজত ম'হে-ডাহে এক চৰম অস্বাস্থ্যকৰ পৰিবেশত এই অংগনৱাড়ী কেন্দ্ৰটো আছে বোকাখাত বিধান সভা সমষ্টিৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত কুৰুৱাবাহী ভূঞা গাঁৱত।

ঘন বসতিপূৰ্ণ গাঁৱখনত ২০১৬ চনতে স্থাপন কৰা এই ৩৯০ নং অংগনৱাড়ী কেন্দ্ৰটোত বৰ্তমান সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিবেশৰ মাজতে এজাক শিশুক লৈ চলিছে মানৱসম্পদ গঢ়াৰ কমাৰশাল। দিনটোত এবাৰলৈও ৰ'দ নপৰা এই অংগনৱাড়ী কেন্দ্ৰটোৰ সন্মুখভাগ আৰু পাছফালে আছে দুটাকৈ অতি দুষিত পানীৰ দুৰ্গন্ধময় পুখুৰী, য'ৰ পৰা এজাক বৰষুণতে ওলাই অহা দুষিত পানীয়ে খন্তেকতে প্লাবিত কৰি তোলে কেন্দ্ৰটোৰ চৌপাশ, দুষিত পানী প্ৰবাহিত হৈ যাবৰ বাবে নাই কোনো পৰিকল্পিত নলাৰ ব্যৱস্থা।

আনকি কেন্দ্ৰটোলৈ শিশু আৰু কৰ্মী সহায়িকাই যাতায়ত কৰিব পৰাকৈ নাই কোনো সুচল পথ। সন্মুখত থকা দুটা পুখুৰীৰ ওপচি থকা দুষিত পানীৰ মাজৰ মাত্ৰ এফুটমানৰ এটি লুংলুঙীয়া বাটেৰে কেন্দ্ৰটোলৈ যাতায়ত কৰিব লগীয়া হয় শিশু আৰু কেন্দ্ৰটোৰ কৰ্মী সহায়ীকা। "আমি শিশু খাদ্যকে আদি কৰি অন্যান্য সুবিধা সমুহ নিয়মীয়াকৈ লাভ কৰি আহিছোঁ যদিও কেন্দ্ৰটিৰ এই অস্বাস্থ্যকৰ পৰিবেশৰ ক্ষেত্ৰত আমাৰ পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়াৰ কাৰ্যলায়ৰ পৰা আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই"- কদৰ্যময় পৰিবেশৰ মাজতে দৈনিক কণ কণ শিশুক পাঠদান কৰি অহা কেন্দ্ৰটোৰ কৰ্মী অৱন্তী ৰাজখোৱাই এই কথা ব্যক্ত কৰে।

ইফালে এই অংগনৱাড়ী কেন্দ্ৰটোৰ আশে-পাশে থকা একাংশ পৰিয়ালেও কেন্দ্ৰটিৰ চৌহদত গৃহ সমূহৰ আবৰ্জনা নিক্ষেপ কৰি প্ৰদূষিত কৰি তুলিছে কেন্দ্ৰটো। "ওচৰৰ পৰিয়ালবোৰৰ আবৰ্জনা সমূহো আমাৰ কেন্দ্ৰটোৰ চোহদতে পেলোৱা হয় শিশু সকলৰ স্বাস্থ্যৰ বিষয়ত আমি একাংশ গাঁওবাসীৰ পৰা মুঠেও সহযোগ নাপাঁও ফলত আন কিছুমান অভিভাৱকে কেন্দ্ৰলৈ শিশু পঠিয়াবলৈ ভয় কৰা হৈছে"- একাংশ গাঁওবাসীৰ সহযোগিতা সন্দৰ্ভত এই কথা ব্যক্ত কৰে কৰ্মী গৰাকীয়ে।

এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজ সচেতন নহ'লে এই কেন্দ্ৰটিত কৰ্মৰত দুগৰাকী কৰ্মী সহায়ীকা আৰু এজাক কণ কণ শিশু যে অতি সোনকালে মাৰাত্মক ৰোগত আক্ৰান্ত হৈ পৰিব সেয়া নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in