ঋণত কোঙা অসম, বিজেপিৰ শাসনত ১.৩২ লাখ কোটি টকাৰ ঋণত ডুব গৈছে ৰাজ্য

author-image
Asomiya Pratidin
New Update
ঋণত কোঙা অসম, বিজেপিৰ শাসনত ১.৩২ লাখ কোটি টকাৰ ঋণত ডুব গৈছে ৰাজ্য

ডিজিটেল ডেস্ক : ঋণৰ ভৰত ক্ৰমে কোঙা হৈ আহিছে অসম । বছৰি বৃদ্ধি পাইছে ঋণৰ পৰিমাণ । ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়নত ব্যৱহাৰ হ'ব লগা হেজাৰ হেজাৰ কোটি টকা বছৰি সুত পৰিশোধৰ নামতে ব্যয় কৰি আছে উন্নয়নৰ আকাশীগংগা বোৱা বুলি দাবী কৰা অসম চৰকাৰখনে । বিজেপি চৰকাৰৰ বিগত সাত বছৰৰ কাৰ্যকালত কেৱল সুত পৰিশোধৰ নামতেই ৰাজকোষৰ ব্যয় হ'ল ৩৪,২৭৪.৫৯ কোটি টকা ।

উল্লেখ্য যে, ৰাজ্যত ১৫ বছৰীয়া শাসনকালত প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে সৰ্বমুঠ ৩৫,৬৯০ কোটি টকাৰ ঋণৰ বোজা এৰি থৈ গৈছিল । কিন্তু ২০১৬ বৰ্ষৰ পৰা ৰাজ্যৰ শাসনভাৰ বিজেপি চৰকাৰৰ হাতলৈ যায় আৰু এই সাত বছৰত ৰাজ্যখনৰ ঋণৰ বোজা বৃদ্ধি হৈ হয়গৈ ১ লাখ ৩২ হেজাৰ কোটি টকা ।

কেগৰ প্ৰতিবেদনে বাৰম্বাৰ ৰাজ্যৰ ঋণৰ বোজা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহ ব্যয়ৰ তুলনাত উৎপাদনমূলক ব্যয় বৃদ্ধিত অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দি অহাৰ পাছতো চৰকাৰখনে একমাত্ৰ ভোটৰ আশাতএকাধিক হিতাধিকাৰী আঁচনি ৰূপায়ন কৰিবলৈ বছৰি অভাৱনীয়ভাৱে ঋণৰ বোজা বঢ়াই গৈ আছে । আৰু তাৰ বিপৰীতে বৃদ্ধি পাইছে ঋণৰ বোজা ।

বিজেপি চৰকাৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ ডিছেম্বৰ মাহলৈ পৰিশোধ কৰা সুতৰ পৰিমাণ হ'ল ৩৯৭.৪০ কোটি টকা । আনহাতে, আগন্তুক ৩১ মাৰ্চলৈ পৰিশোধ কৰিব লগীয়া সুদৰ পৰিমাণ হ'ল ৭ হাজাৰ কোটি টকা । আচৰিত কথা এয়াই যে, বিগত সাত বছৰে চৰকাৰ খনে সুত পৰিশোধ কৰি আহিছে যদিও মূল ঋণৰ এটি টকাও পৰিশোধ কৰা নাই । যাৰ বাবে এতিয়া জনমূৰি ঋণৰ পৰিমাণ হৈছেগৈ প্ৰায় ৩৭ হাজাৰ টকা ।আনহাতে এনে পৰিস্থিতি বাহাল থাকিলে আগন্তুক ২০২৫-২৬ বৰ্ষত বিজেপি চৰকাৰে বছৰি পৰিশোধ কৰিব লগীয়া ঋণৰ পৰিমাণ হ'বগৈ প্ৰায় ১০ হাজাৰ কোটি টকা ।

Also Read: ধেমাজি জিলা কৰ্মচাৰী পৰিষদৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কাছাৰী ময়দানৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী

bjp