ভাৰতত বৃদ্ধি বুকিং হোল্ডিংছৰ ব্যৱসায়ঃ বিনিয়োগ কৰিব ২৫০ মিলিয়ন ডলাৰ...

বুকিং ডট কম আৰু আগোড়াৰ অনলাইন ট্ৰেভল এগ্ৰিগেটৰ মূল কোম্পানী বুকিং হোল্ডিংছে জনাইছে তেওঁলোকৰ বিশ্বৰ শীৰ্ষ পাঁচ অগ্ৰাধিকাৰ বজাৰৰ ভিতৰত ভাৰত অন্যতম। ভাৰতৰ বজাৰ এছিয়াৰ অন্যান্য অঞ্চলতকৈ দ্ৰুত হাৰত বৃদ্ধি হৈছে।

author-image
Asomiya Pratidin
New Update
বুকিং হোল্ডিংছ

ডিজিটেল ডেস্কঃ বুকিং ডট কম আৰু আগোড়াৰ অনলাইন ট্ৰেভল এগ্ৰিগেটৰ মূল কোম্পানী বুকিং হোল্ডিংছে জনাইছে তেওঁলোকৰ বিশ্বৰ শীৰ্ষ পাঁচ অগ্ৰাধিকাৰ বজাৰৰ ভিতৰত ভাৰত অন্যতম। ভাৰতৰ বজাৰ এছিয়াৰ অন্যান্য অঞ্চলতকৈ দ্ৰুত হাৰত বৃদ্ধি হৈছে।

বুকিং হোল্ডিংছৰ কাৰ্যবাহী উপ-সভাপতি আৰু মুখ্য বিত্তীয় বিষয়া ইউট ষ্টাইনবাৰ্গেনে কয়, "এই বছৰ এছিয়াত তেওঁলোকৰ ব্যৱসায় ১০ শতাংশতকৈও অধিক হাৰত বৃদ্ধি পাইছে। এছিয়াৰ এই হাৰৰ বিপৰীতে ভাৰতত তাতকৈ অধিক হাৰত ব্যৱসায় বৃদ্ধি হৈছে।”

তেওঁ ভাৰতৰ আন্তঃগাঁথনিগত উন্নয়নৰ প্ৰশংসা কৰি কয় যে, ই বিশ্বজুৰি ভাৰতৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰাত সহায় কৰিছে। ভাৰতে বিশেষকৈ বিমানবন্দৰ আৰু অন্যান্য আন্তঃগাঁথনিৰ উন্নয়নত আৰু এয়াৰ ইণ্ডিয়া, ইণ্ডিগ'ৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত যি অগ্ৰগতি লাভ কৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। এইসমূহ বিষয়ে ভাৰতৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছে আৰু অধিক পৰ্যটকক আকৰ্ষিত কৰিছে।"

উল্লেখ্য যে, ভাৰতলৈ বিদেশী পৰ্যটকৰ আগমন এতিয়াও কোভিড মহামাৰীৰ পূৰ্বৰ স্তৰলৈ ঘূৰি অহা নাই। কিন্তু তাৰ পাছতো এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলৰ মাজত ভাৰত ভ্ৰমণৰ চাহিদা যথেষ্ট বেছি।

ষ্টাইনবাৰ্গেনে লগতে কয় যে, "সমগ্ৰ বিশ্বত আৰু ভাৰতত অতিথিশালা আৰু এপাৰ্টমেণ্টৰ দৰে বৈকল্পিক আৱাসৰ যথেষ্ট চাহিদা আছে। হোটেলবোৰৰো চাহিদা থাকিব, কিন্তু বৈকল্পিক বাসস্থানৰ বিকাশ দ্ৰুতগতিত বৃদ্ধি হৈ আছে।"

Booking.com তথ্য অনুসৰি, ছেপ্টেম্বৰ ২০২৪ লৈকে তেওঁলোৰ প্লেটফৰ্মত মুঠ ৩.৯ মিলিয়ন সম্পত্তি নথিভুক্ত হৈ আছে, যাৰ ভিতৰত আছে ৪৭৫,০০০ হোটেল, মোটেল আৰু ৰিজৰ্ট। তাৰোপৰি ৩.৪ মিলিয়ন বৈকল্পিক আৱাস সম্পত্তি (যেনে ঘৰ, এপাৰ্টমেণ্ট) নথিভুক্ত হৈ আছে। ভাৰতত, Booking.com ত 70,000 সম্পত্তি নথিভুক্ত হৈ আছে।

ভাৰত এক বৃহৎ বিকশিত বজাৰ বুলি উল্লেখ কৰি ষ্টাইনবাৰ্গেনে পুনৰ কয় যে কোম্পানীটোৱে অহা পাঁচ বছৰত বেংগালুৰুত স্থাপিত চেণ্টাৰ অফ এক্সিলেন্সত ২৫০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিব। বৰ্তমান ৭০০ তকৈ অধিক কৰ্মচাৰী থকা এই চেণ্টাৰৰ কৰ্মশক্তিৰ ১,০০০ লৈ বৃদ্ধি কৰিব।

ষ্টাইনবাৰ্গেনে কয়, কৃত্ৰিম বুদ্ধিমত্তা (আৰ্টিফিচিয়েল ইণ্টেলিজেন্স)ৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকে গ্ৰাহকসকলৰ বাবে অধিক সুশৃংখল ভ্ৰমণ অভিজ্ঞতা সৃষ্টি কৰাত সহায় কৰিব।

তেওঁ কয়, "আমি পৰ্যটকসকলৰ পূৰ্বৰ ভ্ৰমণ ইতিহাস, তেওঁলোকৰ পছন্দ আৰু অপছন্দ আৰু তেওঁলোকে কি কৰে সেয়া যিমানে জানিম, আমি সিমানেই ভাল পৰামৰ্শ দিব পাৰিম। এই গোটেই ইতিহাস তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে অৰ্জন কৰিব। 

 

পৰ্যটন পৰ্যটন উদ্যোগ