ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০ বছৰীয়া কাৰ্যকালত বাৰ্ষিক ২০ লাখ টকাতকৈ কম উপাৰ্জন কৰা মধ্যবিত্তসকলৰ ওপৰত কৰৰ বোজা হ্ৰাস পাইছে। আনহাতে ৫০ লাখ টকাৰ অধিক আয় কৰাসকলৰ মাজত কৰৰ বোজা কিছু বৃদ্ধি পাইছে।
আয় কৰ ৰিটাৰ্ন (ITR) দাখিলৰ তথ্য অনুসৰি ২০২৩-২৪ বৰ্ষত ৫০ লাখ টকাৰ অধিক আয় দেখুওৱা ব্যক্তিৰ সংখ্যা বৃদ্ধি হৈ ৯.৩৯ লাখত উপনীত হৈছে। ২০১৩-১৪ বিত্তীয় বৰ্ষত এই সংখ্যা আছিল ১.৮৫ লাখ। সেই তুলনাত যোৱা এটা দশকত এই বৃদ্ধি পাঁচগুণ অধিক।
একে সময়তে ৫০ লাখ টকাৰ অধিক উপাৰ্জন কৰা লোকসকলৰ কৰ আদায়ৰ পৰিমাণ এটা দশকৰ তুলনাত ৩.২ গুণ বৃদ্ধি হৈছে। ২০১৪ চনত ৫০ লাখ টকাৰ অধিক উপাৰ্জন কৰ্তাসকলে ২.৫২ লাখ কোটি টকা আয় কৰ পৰিশোধ কৰিছিল। ২০২৪ ত এই পৰিমাণ ৯.৬২ লাখ কোটিলৈ বৃদ্ধি পাইছে।
এক সূত্ৰত প্ৰকাশ পোৱা মতে ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ আয়কৰ সংগ্ৰহ ৭৬ শতাংশ আহিছে ৫০ লাখ টকাৰ উপাৰ্জন কৰা লোকসকলৰ পৰা। যাৰ ফলত মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ ওপৰত আয়কৰৰ বোজা হ্ৰাস পাইছে।
তথ্য অনুসৰি ২০১৪ চনত যিসকলে ২ লাখ টকাৰ অধিক উপাৰ্জন কৰিছিল তেওঁলোকেও কৰ আদায় দিছিল। কিন্তু নৰেন্দ্ৰ মোডী চৰকাৰে ক্ষমতালৈ অহা পাছত পৰ্যায়ক্ৰমে বিভিন্ন ৰেহাই আৰু কৰ্তনৰ বাবে এতিয়া ৭ লাখ টকাতকৈ কম উপাৰ্জন কৰা লোকসকলে আয়কৰ আদায় দিব নালাগে।
২০২৩-২৪ বিত্তীয় বৰ্ষত ২.৫ লাখৰ পৰা ৭ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰা ব্যক্তিসকলৰ গড় কৰ দায়বদ্ধতা আছিল প্ৰায় ৪৩ হাজাৰ টকা। এয়া তেওঁলোকৰ মুঠ উপাৰ্জনৰ ৪ ৰ পৰা ৫ শতাংশ।
ইয়াৰোপৰি চৰকাৰী হিচাপ অনুসৰি মুদ্ৰাস্ফীতি মিলাই ল’লে ১০ ৰ পৰা ২০ লাখ চকাৰ মাজত উপাৰ্জন কৰা লোকসকলৰ কৰ আদায় ৬০ শতাংশ হ্ৰাস পাইছে। ২০১৩-১৪ বিত্তীয় বৰ্ষত ৩.৬০ কোটি আই টি আৰ দাখিল কৰা হৈছিল। ২০২৩-২৪ বৰ্ষত এই পৰিমাণ ৭.৯৭ কোটিলৈ বৃদ্ধি পাইছে। এয়া ১২১ শতাংশ অধিক।
তাৰোপৰি আয়কৰ দাতাৰ সংখ্যা ২০১৪ ৰ ১০.১৭ শতাংশৰ পৰা ২০২৪ ত ৬.২২ শতাংশলৈ হ্ৰাস পাইছে।