আশাৰ ৰেঙণি আহিছে ভাৰতীয় ষ্টাৰ্টআপ ইকো ছিষ্টেমলৈ

অক্টোবৰ মাহ পৰ্যন্ত ভাৰতীয় ষ্টাৰ্টআপসমূহে প্ৰায় ১০ বিলিয়ন ডলাৰ পুঁজি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। বিগত বছৰত ভাৰতীয় ষ্টাৰ্টআপসমূহে সংগ্ৰহ কৰা মুঠ পুঁজিৰ পৰিমাণ আছিল ১০.৫ বিলিয়ন ডলাৰ।

author-image
Asomiya Pratidin
New Update
অক্টোবৰ মাহ পৰ্যন্ত ভাৰতীয় ষ্টাৰ্টআপৰ পুঁজি সংগ্ৰহ প্ৰায় ১০ বিলিয়ন ডলাৰ

ডিজিটেল ডেস্কঃ অক্টোবৰ মাহ পৰ্যন্ত ভাৰতীয় ষ্টাৰ্টআপসমূহে প্ৰায় ১০ বিলিয়ন ডলাৰ পুঁজি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। বিগত বছৰত ভাৰতীয় ষ্টাৰ্টআপসমূহে সংগ্ৰহ কৰা মুঠ পুঁজিৰ পৰিমাণ আছিল ১০.৫ বিলিয়ন ডলাৰ।

সেই অনুসৰি ভাৰতীয় ষ্টাৰ্টআপসমূহে শীঘ্ৰেই বিগত বছৰত সংগৃহীত পুঁজিৰ পৰিমাণ অতিক্ৰম কৰাৰ পথ মুকলি হৈছে। ষ্টাৰ্টআপসমূহৰ এনে পুঁজি সংগ্ৰহে ষ্টাৰ্টআপ ইকো ছিষ্টেমত নতুনসকলক আশাবাদী কৰি তুলিছে।

ট্ৰ্যাক্সন ডাটা অনুসৰি অক্টোবৰ মাহ পৰ্যন্ত ষ্টাৰ্টআপসমূহে ১,২২০ টা ৰাউণ্ডত পুঁজি সংগ্ৰহ কৰিছে। যাৰ ভিতৰত ১৮ টা ৰাউণ্ডত ১০০ মিলিয়ন ডলাৰ অতিক্ৰম কৰিছে।

এই পৰিমাণ আছিল ২০২৩ ত সংগৃহীত সকলো বৃহৎ লেনদেনৰ মুঠ সংখ্যাৰ সমান। ১০০ মিলিয়ন ডলাৰ বা তাতকৈ অধিক পৰিমাণৰ লেনদেনৰ এই বৃদ্ধিয়ে ''ফাণ্ডিং উইণ্টাৰ'' সমাপ্ত হোৱাৰ সম্ভাৱনাক সূচায়।

বিগত বছৰত এই সময়তে ষ্টাৰ্টআপসমূহে ১,৮৩৭ ৰাউণ্ড সম্পূৰ্ণ কৰিছিল। পুঁজি সংগ্ৰহ কৰিছিল মাত্ৰ ৮.৮ বিলিয়ন ডলাৰ। কাৰণ বিনিয়োগকাৰীসকল ক্ষুদ্ৰ লেনদেনৰ দিশে ঘূৰিছিল। 

২০২৩ চনত পুঁজি সংগ্ৰহ ৫ বছৰৰ নিম্নতম স্তৰত উপনীত হৈছে। ২০২১ ত অভিলেখ সংখ্যক ৪২ বিলিয়ন ডলাৰ আৰু ২০২২ চনত প্ৰায় ২৫ বিলিয়ন ডলাৰ পুঁজি সংগৃহীত হৈছিল। এই বছৰৰ জুন মাহত ভাৰতীয় ষ্টাৰ্টআপসমূহে সৰ্বাধিক পুঁজি সংগ্ৰহ কৰিছে। 

জুন মাহতে ষ্টাৰ্টআপসমূহে ১৩১ টা ৰাউণ্ডত ১.৫৭ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে। ২০২৪ ৰ প্ৰথমাৰ্ধত মুঠ পুঁজি সংগ্ৰহৰ ৭০ শতাংশ। অক্টোবৰ মাহত ৰাউণ্ডৰ সংখ্যা আছিল মাত্ৰ ৬০ টা। এই ৬০ টা লেনদেনত প্ৰায় ৬১৬ মিলিয়ন ডলাৰ পুঁজি সংগ্ৰহ হৈছে। 

যদিও বছৰৰ দ্বিতীয়াৰ্ধত ৰাউণ্ডৰ সংখ্যা হ্ৰাস পাইছে তথাপিও লেনদেনৰ আঁকাৰ বৃদ্ধি পাইছে। ষ্টাৰ্টআপবোৰে আগষ্ট আৰু ছেপ্টেম্বৰত মাত্ৰ ৯৪ আৰু ৯৬ ৰাউণ্ডত প্ৰতিটোৱে ১.৩ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছিল।

উল্লেখযোগ্য যে, ডাঙৰ লেনদেনৰ ভিতৰত আছিল জেপ্টাৰ ৩৪০ মিলিয়ন ডলাৰৰ ছিৰিজ জি ৰাউণ্ড। পুঁজি সংগ্ৰহৰ অন্য ষ্টাৰ্টআপসমূহ আছিল ডি এম আই ফাইনেন্সৰ ৩৩৪ মিলিয়ন ছিৰিজ ই, ফিজিক্স ৱালাৰ ২১০ মিলিয়ন ছিৰিজ বি আৰু হোৱাটফিক্সৰ ১২৫ মিলিয়ন ছিৰিজ ই।  

ভাৰতীয় ষ্টাৰ্টাআপ