ডিজিটেল ডেস্কঃ ভাৰতৰ মুঠ ৰপ্তানি, সামগ্ৰী আৰু সেৱা মিলাই অক্টোবৰ ২০২৪ ত ৭৩.২১ বিলিয়ন ডলাৰত উপনীত হৈছে। বিগত বছৰৰ তুলনাত এই সংখ্যা ১৯.০৭ শতাংশ বৃদ্ধি পাইছে। ২০২৩ ৰ অক্টোবৰত এই সংখ্যা আছিল ৬১.৪৮ বিলিয়ন ডলাৰ।
অক্টোবৰ মাহৰ সামগ্ৰী ৰপ্তানি ৩৩.৪৩ বিলিয়ন ডলাৰৰ পৰা ৩৯.২০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। তাৰোপৰি সেৱা ৰপ্তানি ২৮.০৫ বিলিয়ন ডলাৰৰ পৰা ৩৪.০২ বিলিয়ন ডলাৰত উপনীত হৈছে।
২০২৪-২৫ বিত্তীয় বৰ্ষৰ এপ্ৰিল-অক্টোবৰত ভাৰতৰ মুঠ ৰপ্তানি প্ৰায় ৪৬৮.২৭ বিলিয়ন ডলাৰত উপনীত হৈছে। যোৱা বছৰৰ এই সময়ৰ তুলনাত ৭.২৮ শতাংশ বৃদ্ধি হৈছে। ভাৰত চৰকাৰৰ আশা চলিত বিত্তীয় বছৰৰ অন্ত হোৱালৈকে ৮০০ বিলিয়ন ডলাৰৰ ৰপ্তানি লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব।
যোৱা অক্টোবৰৰ মাহত ভাৰতৰ মুঠ আমদানিও বৃদ্ধি হৈছে। সামগ্ৰী আৰু সেৱা মিলি মুঠ আমদানি হৈছে ৭৭.৩৩ বিলিয়ন ডলাৰৰ পৰা ৮৩.৩৩ বিলিয়ন ডলাৰত উপনীত হৈছে।
ভাৰতৰ ৰপ্তানি আৰু আমদানিৰ মাজৰ প্ৰাৰ্থক্য ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অক্টোবৰ মাহত ৫.৩৬ শতাংশ বৃদ্ধি হৈ ৬৩.২৪ বিলিয়ন ডলাৰত উপনীত হৈছে।
ভাৰতৰ বাণিজ্য সচিব সুনীল ভাৰ্থৱালে এই সন্দৰ্ভত কয়, এয়া আমাৰ বাবে এটা ভাল মাহ আছিল। কেৱল আমাৰ মুঠ ৰপ্তানিৰ অগ্ৰগতিয়েই ভাল হোৱা নাই, এপ্ৰিলৰ পৰা অক্টোবৰ পৰ্যন্ত এয়াই ভাৰতৰ ইতিহাসৰ তেলৰ বাহিৰে সৰ্বোচ্ছ ৰপ্তানি।
২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ৰপ্তানি আছিল ৭৭৮ বিলিয়ন ডলাৰ। ২০২২-২৩ বিত্তীয় বৰ্ষত ৰপ্তানি আছিল ৭৭৬.৩ বিলিয়ন ডলাৰ।
ভাৰত চৰকাৰৰ বিভিন্ন পদক্ষেপ যেনে, প্ৰডাকছন লিংকড ইনছেণ্টিভ স্কিম, দেশীয় উৎপাদনক বিশ্ব প্ৰতিযোগিতাৰ বাবে সক্ষম কৰি তুলিবলৈ ৰপ্তানি বৃদ্ধিত কৰা সহযোগিতা আদিৰ বাবেই এনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলিও জনাইছে বাণিজ্য সচিবগৰাকীয়ে।