ডিজিটেল ডেস্কঃ বিশ্ববজাৰত মিশ্ৰ সংকেত থকা স্বত্বেও এক দীঘলীয়া সময়ৰ পিছত মঙ্গলবাৰে শ্বেয়াৰ বজাৰৰ সূচকবোৰ উৰ্ধ্বমুখী হৈ মুকলি হৈছে। অটো, আই টি, শক্তি খণ্ডৰ শ্বেয়াৰৰ বজাৰত শক্তিশালী আৰম্ভ হৈছে।
পুৱা ৯-৩০ বজালৈকে এছ এণ্ড পি বি এছ ই চেঞ্চেক্স ৬৬৩.৪৮ পইণ্ট বৃদ্ধি ৭৮,০০২.৪৯ ত উপনীত হৈছে। আনহাতে এন এছ ই নিফটি ২০৩.৮৫ পইণ্ট বৃদ্ধি হৈ ২৩,৬৫৭.৬৫ ত উপনীত হৈছে।
ফিঅ’জেট ফাইনেন্সিয়েল ছাৰ্ভিচেছৰ মুখ্য বিনিয়োগ ৰণনীতিবিদ ড০ ভি কে বিজয়কুমাৰে এই সন্দৰ্ভত কয়, যদিও বৰ্তমান বজাৰত কিছু পুনৰুদ্ধাৰৰ সম্ভাৱনা আছে তথাপিও অৱশ্যে বিদেশী বিনিয়োগকাৰীৰ পৰা বিক্ৰী প্ৰৱণতা আৰু বিত্তীয় বৰ্ষ-২০২৫ ত দুৰ্বল উপাৰ্জন বৃদ্ধিৰ আশংকাৰ বাবে এই প্ৰৱণতা বহনক্ষম নহ’বও পাৰে।
তেওঁ লগতে কয়, বজাৰখন বৰ্তমান স্তৰত অস্থিৰ হৈ থকাৰ সম্ভাৱনাই অধিক। ।