ভাৰতত স্বয়ং চালিত গাড়ীৰ বজাৰৰ শিখৰত আৰোহণ মাৰ্চিডিজ বেঞ্জৰ

প্ৰখ্যাত গাড়ী নিৰ্মাতা কোম্পানী মাৰ্চিডিজ-বেঞ্জ ইণ্ডিয়াই চলিত বছৰ শক্তিশালী ডাৱল ডিজিট গ্ৰোথৰ জৰিয়তে সমাপ্ত কৰিবলৈ সাজু হৈছে। ফলত এই প্ৰতিষ্ঠানটো পুনৰ বিলাসী অটোমোটিভ বা স্বয়ংচালিত খণ্ডৰ 'নেতা' হিচাপে অধিক শক্তিশালীস্থিতিত উপনীত হ’বলৈ আগবাঢ়িছে।

author-image
Asomiya Pratidin
New Update
ভাৰতীয় বজাৰলৈ টেছলাক আদৰণি মাৰ্চিডিজ-বেঞ্জ ইণ্ডিয়াৰ

ডিজিটেল ডেস্কঃ প্ৰখ্যাত গাড়ী নিৰ্মাতা কোম্পানী মাৰ্চিডিজ-বেঞ্জ ইণ্ডিয়াই চলিত বছৰ শক্তিশালী ডাৱল ডিজিট গ্ৰোথৰ জৰিয়তে সমাপ্ত কৰিবলৈ সাজু হৈছে। ফলত এই প্ৰতিষ্ঠানটো পুনৰ বিলাসী অটোমোটিভ বা স্বয়ংচালিত খণ্ডৰ 'নেতা' হিচাপে অধিক শক্তিশালীস্থিতিত উপনীত হবলৈ আগবাঢ়িছে।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত মাৰ্চিডিজ-বেঞ্জ ইণ্ডিয়াৰ পৰিচালনা সঞ্চালক সন্তোষ আয়াৰে কয় যে, কোম্পানীটোৱে এই বছৰ গুৰুত্বপূৰ্ণ উন্নতি দেখুওৱাৰ পথত আছে। যদিও অটোমোটিভ উদ্যোগটো বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

আয়াৰে কয়, কোম্পানীটোৱে জানুৱাৰী আৰু ছেপ্টেম্বৰৰ মাজত ১৩ শতাংশ হাৰত ব্যৱসায় বৃদ্ধিৰ লক্ষ্য ৰাখিছে। বিশেষকৈ মাৰ্চিডিজ-বেঞ্জ ইণ্ডিয়াই জুলাইৰ পৰা ছেপ্টেম্বৰৰ মাজৰ তিনি মাহত ২১ শতাংশ বৃদ্ধি অৰ্জন কৰিছে।

আয়াৰে পুনৰ কয়, এইবাৰ উৎসৱৰ বতৰত আমাৰ বিক্ৰী সৰ্বাধিক হৈছে। এয়া আমাৰ কোম্পানীৰ ইতিহাসত সৰ্বাধিক শ্ৰেষ্ঠতম ফলাফল। তেওঁ কয়, বজাৰত প্ৰতিযোগিতা আৰু অস্থিৰতাৰ সত্বেও এই সফলতা অৰ্জন সম্ভৱ হৈ উঠিছে। 

আনহাতে টেছলাৰ ভাৰতীয় বজাৰত প্ৰৱেশৰ সম্ভাৱনাক লৈয়ো আলোচনা চলি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পাছত ডনাল্ড ট্ৰাম্পৰ অধীনত এলন মাস্কক মাৰ্কিন পৰামৰ্শ পৰিষদৰ সদস্য হিচাপে নিয়োগ কৰাৰ খবৰৰ পাছতে টেছলাৰ ভাৰতীয় বজাৰলৈ আগমণৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে।

এই প্ৰসংগত সন্তোষ আয়াৰে কয়, টেছলা যদি ভাৰতীয় বজাৰলৈ আহে তেনেহ'লে আমি ভাবো খুব ভাল হ'ব। বৈদ্যুতিককৰণত সকলো ''খেলুৱৈ''ৰ ভূমিকাৰ প্ৰয়োজন।

তেওঁ কয় বৈদ্যুতিক যান-বাহন বৃদ্ধিৰ বাবে এক যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন। এনে হ'লে বজাৰত গ্ৰাহকৰ বৃদ্ধিৰ লগতে অংশগ্ৰহণকাৰীৰ বৃদ্ধিতো সহায় কৰে। বৰ্তমান কিছু অটোমোবাইল নিৰ্মাতা প্ৰতিষ্ঠানে বৈদ্যুতিক গাড়ী তৈয়াৰ কৰি নতুন মডেল বজাৰলৈ আনিছে। কিন্তু টেছলাৰ উপস্থিতিয়ে ভাৰতৰ বৈদ্যুতিক গাড়ীৰ বজাৰখনৰ পৰিসৰ আৰু অধিক দ্ৰুততাৰে বৃদ্ধি কৰিব।

tesla বৈদ্যুতিক বাহন