ডিজিটেল ডেস্কঃ গ্ৰামীণ ভাৰতৰ ফাষ্ট মুভিং কনজিউমাৰ গুডছ চমুকৈ FMCG ৰ বজাৰৰ গড় বাস্কেট ছাইজ ২০২২ ৰ পৰা ২০২৪ লৈ ৫.৮ ৰ পৰা ৯.৩ লৈ অৰ্থাৎ ৬০ শতাংশ বৃদ্ধি পাইছে। কান্তাৰ-গ্ৰুপএমৰ ৰুৰেল ব্যেৰোমিটাৰ ৰিপ’ৰ্ট ২০২৪ ত এই তথ্য প্ৰকাশ পাইছে।
এনে বৃদ্ধিৰ মূলতে হৈছে গ্ৰামাঞ্চলতো ৰেডি-টু-ইট (RTE) পণ্য আৰু পানীয়ৰ প্ৰতি বৰ্ধিত আগ্ৰহ আৰু ক্ৰয় ক্ষমতা বৃদ্ধি। প্ৰতিবেদনখনত প্ৰকাশিক বিভিন্ন ৰাজ্যৰ বিকাশৰ পাৰ্থক্যও মন কৰিবলগীয়া।
জম্মু কাশ্মীৰত FMCG বজাৰত ৩৯ শতাংশ, মহাৰাষ্ট্ৰত ৪১ শতাংশ আৰু ওড়িষ্যাত ২৬ শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। এই ৰাজ্যসমূহত এনে মধ্যমীয়া বৃদ্ধিৰ লক্ষ্যণ দেখা গৈছে যদিও এই কেইখন ৰাজ্যত কিন্ত আৰ্থিক চাপ সিমান বেছি নাছিল।
প্ৰতিবেদনত আৰু কোৱা হৈছে গ্ৰামীণ আয় বৃদ্ধিৰ ফলত বহু পৰিয়ালে কৃষি কৰ্ম এৰি অন্যান্য আয়ৰ উৎসতহে মনোনিবেশ কৰিছে। দেশৰ মুঠ ২০ খন ৰাজ্যৰ ৪,৩৭৬ জন প্ৰাপ্তবয়স্কক সামৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল।
এই লোকসকল গ্ৰামাঞ্চলৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু আৰ্থিক শ্ৰেণীৰ অন্তৰ্ভুক্ত আছিল। প্ৰতিবেদনত এই কথা স্পষ্ট হৈছে যে, গ্ৰামাঞ্চলৰ লোকসকলো এতিয়া ডিজিটেল প্লেটফৰ্মৰ প্ৰতি আকৃষ্ট হৈছে।
ডিজিটেল প্লেটফৰ্মৰ প্ৰতি বৰ্ধিত এই আকৰ্ষণ আগন্তুক সময়ত আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
তাৰোপৰি ভাৰতৰ গ্ৰাম্য অঞ্চলৰ লোকসকলৰ মাজতো লাইফষ্টাইল বিষয়ক কণটেণ্টৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। বিশেষকৈ গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত ফেচন, স্বাস্থ্য আৰু ভ্ৰমণৰ ক্ষেত্ৰত।
প্ৰতিবেদনত এই কথা স্পষ্ট হৈছে যে, ভাৰতৰ গ্ৰাম্য অঞ্চলৰ জনসাধাৰণৰ জীৱন প্ৰণালী আৰু অধিক আধুনিক আৰু উন্নত কৰাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। ডিজিটেল প্লেটফৰ্মত গেমিং আৰু লাইফষ্টাইল কণটেণ্টো জনপ্ৰিয় হৈ উঠিছে।
প্ৰতিবেদনখনত এই কথাও স্পষ্ট হৈছে যে, গ্ৰামীণ ভাৰতৰ ১৯ শতাংশ জনসধাৰণৰ আয় কেৱল কৃষিৰ ওপৰতে নিৰ্ভৰশীল আৰু তেওঁলোকৰ মাজৰ ৮২ শতাংশই আৰ্থিক চাপৰ সন্মুখীন হৈছে।
যিসকলৰ আয়ৰ উৎস কৃষিৰ বাহিৰে আন পৃথক তেওঁলোকে কমকৈ আৰ্থিক চাপৰ সন্মুখীন হৈছে। তেওঁলোকৰ বাস্কেট ছাইজ তুলনামূলকভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল সকলতকৈ অধিক।
ভাৰতৰ গ্ৰাম্য অঞ্চলৰ লোকসকলৰ ক্ৰয় ক্ষমতা বৃদ্ধি আৰু জীৱন যাত্ৰাৰ পৰিবৰ্তনক আগত ৰাখি ডিজিটেল প্লেটফৰ্মসমূহত বিভিন্ন ব্ৰেণ্ডসমূহৰ বাবে এখন নতুন বজাৰৰ দুৱাৰ মুকলি হৈছে। গ্ৰুপএমৰ আউট অফ হোম ছলিউচন ব্যৱস্থাপনা পৰিচালক অজয় মেহতাই এই প্ৰসংগত কয়, ভাৰতৰ গ্ৰাম্য অঞ্চলত ডিজিটেল উপস্থাপন এতিয়া আৰু কেৱল এক ভৌগলিক স্থান নহয়। এয়া এক ডিজিটেল সীমান্ত। যি বিপুল সম্ভাৱনাৰ সৈতে উন্মুক্ত হৈ উঠিছে।
প্ৰতিবেদনখনত এই কথা প্ৰমাণ হৈছে যে, গ্ৰামীণ ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতি জীৱন যাত্ৰাৰ মান আৰু ডিজিটেল প্ৰৱণতা সলনি হৈছে। যি ভৱিষ্যতে ডাঙৰ বজাৰৰ সম্ভাৱনা তৈয়াৰ কৰিছে।
বিভিন্ন ব্ৰেণ্ডসমূহৰ বাবে এয়া অতি গুৰুত্বপূৰ্ণ সময়। য’ত তেওঁলোকে গ্ৰামাঞ্চলৰ উপভোক্তাসকলৰ কাষ চাপিবলৈ নতুন কৌশল আৰু ডিজিটেল উপস্থিতি বৃদ্ধি কৰিব পাৰে।