বাজেটৰ প্ৰভাৱ শ্বেয়াৰ বজাৰতঃ চেঞ্চক্স হ্ৰাস পালে এক হাজাৰ পইণ্ট পৰ্যন্ত...

নিফটিৰ পইণ্ট হ্ৰাস পালে ২০০ ৰো অধিক
বাজেটৰ প্ৰভাৱ শ্বেয়াৰ বজাৰতঃ চেঞ্চক্স হ্ৰাস পালে এক হাজাৰ পইণ্ট পৰ্যন্ত...
বাজেটৰ প্ৰভাৱ শ্বেয়াৰ বজাৰতঃ চেঞ্চক্স হ্ৰাস পালে এক হাজাৰ পইণ্ট পৰ্যন্ত...
Published on
Updated on

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট দাখিলৰ সময়তে ভাৰতৰ শ্বেয়াৰ বজাৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয়। বাজেট দাখিলৰ লগে লগে শ্বেয়াৰ বজাৰত পতন আৰম্ভ হয়।অৱশ্যে পৰৱৰ্তী সময়ত পুনৰ বজাৰলৈ সুস্থিৰ অৱস্থা ঘূৰি আহে।

উল্লেখ্য যে, বাজেট ভাষণ চলি থকাৰ সময়তে শ্বেয়াৰ বজাৰত হোৰাহোৰে পতন আৰম্ভ হয় আৰু বাজেট ভাষণ অন্ত পৰালৈকে চেঞ্চেক্সত এক হাজাৰ পইণ্ট পৰ্যন্ত হ্ৰাস পায়। সেইদৰেই নিফটি বজাৰ আৰম্ভ হোৱাৰ পৰা বাজেট ভাষণ অন্ত পৰালৈকে ২০০ ৰো অধিক পইণ্ট হ্ৰাস পায়।

শ্বেয়াৰ বজাৰত এনে পতনৰ মূলতে হৈছে বাজেট সম্পৰ্কে থকা ধাৰণা অসত্য প্ৰমাণ। এইবাৰ বাজেটত চৰকাৰে উদ্যোগ ক্ষেত্ৰৰ প্ৰতি অধিক উদাৰতা আৰু জি এছ টি হ্ৰাস কৰিব বুলি আশা কৰা হৈছিল। কিন্তু বাজেটত দেখা গ’ল কেৱল সোণ, ৰূপকে ধৰি মাত্ৰ কেইপদমান সামগ্ৰী আৰু নিৰ্ধাৰিত ঔষধৰ মূল্য হ্ৰাসতে সীমাবদ্ধ থাকে। ফলত শ্বেয়াৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰে।

ইয়াৰোপৰি আয় কৰতো কোনো ৰেহাই পৰিলক্ষিত নহ’ল। ফলত মধ্যবিত্তীয় লোকসকলৰ একাউণ্টত বৰ বেছি ধন জমা নোহোৱাটো নিশ্চিত হৈছে। অৰ্থাৎ এইলোকসকলে খৰচ কৰিবলৈ তেওঁলোকৰ হাতত অধিক ধন নাথাকিব। এনে বহু কাৰণত আজি শ্বেয়াৰ বজাৰত পতন হোৱা পৰিলক্ষিত হৈছে।

বাজেটৰ প্ৰভাৱ শ্বেয়াৰ বজাৰতঃ চেঞ্চক্স হ্ৰাস পালে এক হাজাৰ পইণ্ট পৰ্যন্ত...
বাজেটত কৃষকক বিশেষ গুৰুত্বঃ '২০২৪-২৫ বাজেট' প্ৰস্তুতৰ ৯টা বিশেষ দিশৰ কথা কলে বিত্তমন্ত্ৰীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in