অসমে গৰাখহনীয়াত হেৰুৱালে ৮০০০ বৰ্গ কিলোমিটাৰ ভূমি...

জলবায়ু পৰিবৰ্তনৰ সন্দৰ্ভত চাৰিগৰাকী সমল ব্যক্তিৰ বস্তুনিষ্ঠ আলোচনা দ্য কনক্লেভত
অসমে গৰাখহনীয়াত হেৰুৱালে ৮০০০ বৰ্গ কিলোমিটাৰ ভূমি...
অসমে গৰাখহনীয়াত হেৰুৱালে ৮০০০ বৰ্গ কিলোমিটাৰ ভূমি...
Published on
Updated on

ডিজিটেল ডেস্কঃ জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ অসুৰক্ষিত অঞ্চল হৈছে উত্তৰ পূৰ্বাঞ্চল। কেৱল গৰাখহনীয়াতে অসমে হেৰুৱালে ৮০০০ বৰ্গ কিলোমিটাৰ ভূমি।

'প্ৰতিদিন মিডিয়া নেটৱৰ্ক'ৰ দ্বাৰা দিল্লীৰ 'দ্য অশোক'ত অনুষ্ঠিত হোৱা 'দ্য কনক্লেভ-২০২৪' ৰ জলবায়ু পৰিবৰ্তনৰ ওপৰত হোৱা আলোচনা চক্ৰত জলবায়ু পৰিবৰ্তনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা হয়। এই আলোচনাত অংশগ্ৰহণ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ সঞ্চালক জতীন্দ্ৰ শৰ্মা, TERI ৰ জ্যেষ্ঠ সঞ্চালক ড০ দীপাংকৰ চহৰীয়া, অশোক বিশ্ববিদ্যালয়ৰ ছ'চিয়লজী বিভাগৰ সহযোগী অধ্যাপক ড০ মিতুল বৰুৱা, হাইদৰাবাদ বিশ্ববিদ্যালয়ৰ পূৰ্বৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক খাম খান হাউছিঙে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

জলবায়ু পৰিবৰ্তনে বিশ্বত কিদৰে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে সেই বিষয়ে উল্লেখ কৰি আফ্ৰিকাৰ নামিবিয়া, জিম্বাৱে, দক্ষিণ ছুডান আদিৰ দৰে দেশসমূহত জলবায়ু পৰিবৰ্তনৰ বাবে তীব্ৰ খাদ্য সংকটৰ ফলত বন্য জন্ত হত্যা কৰি জনসাধাৰণৰ মাজত বিতৰণ কৰিবলগীয়া হোৱা পৰিস্থিতিৰো তেওঁ বৰ্ণনা কৰি নয়ন প্ৰতিম কুমাৰে আৰম্ভ কৰা এই আলোচনাত অসম, উত্তৰ পূৰ্বাঞ্চলৰ বৰ্তমানৰ পৰিস্থিতিও বৰ্ণনা কৰে।

প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদকগৰাকীয়ে আঁতধৰা এই অনুষ্ঠানৰ আৰম্ভণিতে জলবায়ু পৰিবৰ্তনৰ সৈতে কেনেদৰে মোকাবিলা কৰিব আৰু ইয়াৰ বাবে কোন দোষী সেই বিষয়ত বক্তব্য দাঙি ধৰে ড০ দীপাংকৰ চহৰীয়াই। তেওঁ কয়, আমি জলবায়ু পৰিবৰ্তনৰ মুখামুখি হৈছো। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত শেহতীয়াকৈ বৰষুণৰ অস্বাভাৱিক পৰিবৰ্তন, হঠাৎ উষ্ণতা বৃদ্ধি হৈছে। কিছু দিনৰ পূৰ্বে যোৱো ছেপ্টেম্বৰত আমি দেখিছিলো কিদৰে হঠাৎ উষ্ণতা বৃদ্ধি পাইছিল।

ভাৰতৰত ভিতৰত উত্তৰ পূৰ্বাঞ্চল জলবায়ু পৰিবৰ্তনৰ ফলত সৰ্বাধিক প্ৰভাৱিত অঞ্চল। ভাৰতৰ আটাইতকৈ অসুৰক্ষিত অঞ্চল উত্তৰ পূব। আমি ইয়াৰ বাবে কাম কৰিব লাগে। আমি সকলো ইয়াৰ দ্বাৰা আক্ৰান্ত। আমি দেখিছো এই বিষয়টোক সকলোৱে অৱহেলা কৰি আহিছো। আমি সকলো সজাগ হ'ব লাগিব। সজাগতাই হ'ব প্ৰথম পদপক্ষে। তাৰ পাছতহে আমি চৰকাৰে কি কৰিছে সেই বিষয়ে চাম। জলবায়ু পৰিবৰ্তনক লৈ ভাৰতৰ কিছু লক্ষ্য আছে। আমি পেৰিছ এগ্ৰিমেণ্টত উল্লেখ কৰিছো আমাৰ জলবায়ুৰ গড় উষ্ণতা ২ ডিগ্ৰী চেণ্টিগ্ৰেডত ৰাখিবলৈ লক্ষ্য লৈছো। ২০৭০ ৰ ভিতৰ কাৰ্বন মুক্ত ভাৰত গঢ়াৰ লক্ষ্য লৈছো।

অসম আৰু উত্তৰ পূৰ্বাঞ্চল জলবায়ু পৰিবৰ্তনৰ বাবেই বানপানী, গৰাখহনীয়াৰ দৰে সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈছো। ইয়াৰ দ্বাৰা আমাৰ সমাজিক জীৱন, অৰ্থনীতি আৰু পৰিবেশ সকলো ক্ষতিগ্ৰস্ত হৈছে। জলবায়ু পৰিবৰ্তনৰ সমস্যাৰ বিৰুদ্ধে কৰিবলগীয়া বহু কাম আছে।

আমাৰ হাতত থকা বিকল্প জলবায়ু নীতি আৰু সুযোগ সন্দৰ্ভত ড০ মিতুল বৰুৱাই কয়, জলবায়ু পৰিবৰ্তন সত্য। জলবায়ু পৰিবৰ্তনৰ সৈতে আমি মুখামুখি হৈছো। ইয়াৰ বিৰুদ্ধে কাম কৰাটো অতি জৰুৰী। তথাপিও মই কওঁ জলবায়ু পৰিবৰ্তনৰ বিষয়টোৱে পৰিবেশৰ বহু বিষয় 'হাইজেক' কৰিছে। যি প্ৰত্যক্ষভাৱে জলবায়ু পৰিবৰ্তনৰ সৈতে জড়িত নহয়।

আমি যেতিয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কথা কওঁ তেতিয়া মন কৰিব আমি কোনবোৰ পৰিবেশিক সমস্যাৰ সৈতে যুঁজি আছো? অসম সন্মুখীন হোৱা ডাঙৰ সমস্যা হৈছে বানপানী আৰু গৰাখহনীয়া। আমি তিবছৰে বহু বাৰ বানপানীৰ সন্মুখীন হও।

১৯৯৫০ চনৰ পৰা এতিয়ালৈকে অসমে গৰাখহনীয়াত ৭.৪ শতাংশ অৰ্থাৎ ৮০০০ বৰ্গ কিলোমিটাৰ ভূমি হেৰুৱালো। এজাক বৰষুণত গুৱাহাটী বানপানীত ডুবে। এইবোৰ প্ৰত্যক্ষভাৱে জলবায়ু পৰিবৰ্তনৰ সৈতে জড়িত নহয়। এইসমূহ হৈছে এনভাইৰনমেণ্ট গভৰনেন্সৰ সৈতে জড়িত। আমি এইবোৰৰ বাবে কাম কৰিব লাগিব। অসমৰ বানপানী জলবায়ু পৰিবৰ্তনৰ বাবে হোৱা নাই। জলবায়ু পৰিবৰ্তে ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব।

আমাৰ ৰাজনৈতিক ব্যৱস্থাই কিদৰে জলবায়ু পৰিবৰ্তন, জলবায়ু কাৰ্য আৰু জলবায়ু ইকনমি গ্ৰ'থৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰিব পাৰে এই প্ৰসংগত ড০ খান খান হাউছিঙে কয়, মই ভাবো বহল পৰিসৰলৈ লৈ যাব লাগিব। মোৰ মনত উন্নয়নবাদৰ যুক্তি আছে যিয়ে অতিৰিক্ত সময়ৰ বাবে উত্তৰ পূব ভাৰতক নিষ্কাশনমূলক অৰ্থনৈতিক কাৰ্যকলাপৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছে। উত্তৰ-পূব ভাৰতৰ বেছিভাগ চৰকাৰে কৰা প্ৰশংসনীয় কামবোৰৰ ভিতৰত এটা হ'ল ছচিয়েল ফৰেষ্ট্ৰী ডিপাৰ্টমেণ্ট গঠন। যেতিয়ালৈকে আমি গুৰুত্বপূৰ্ণ অংশীদাৰসকলক এনে মৌলিক প্ৰকাৰে এইবোৰৰ সৈতে জড়িত নকৰোঁ, আমি কেতিয়াও এক ন্যায়সঙ্গত পৰিৱেশ নীতি কাৰ্যকৰী কৰিব নোৱাৰো।

জলবায়ু পৰিবৰ্তনে মানুহৰ স্বাস্থ্যলৈ অনা ভাবুকি আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ঔষধি গছৰ ৰোপণে কিদৰে সুৰক্ষিত কৰিব সেই প্ৰসংগত মন্তব্য কৰি জতীন্দ্ৰ শৰ্মাই কয়, আমি বহুতেই নাজানো আমাৰ পূৰ্বৰ মানুহবোৰ পৰিবেশক লৈ কিমান সজাগ আছিল।ইণ্ডিয়ান পেনেল কোড-১৮৬০ ৰ দফা ২৬৭/২৬৮/২৭৮/২৭৯ ত পানী প্ৰদূষণ, বায়ু প্ৰদূষণ, ভূমি ধ্বংস আদিৰ বিষয়ে উল্লেখ আছে। তেতিয়াৰ মানুহ কিমান সচেতন আছিল তাৰ পৰাই অনুভৱ কৰিব পাৰি।

উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমত যোৱা বছৰ বছৰ ধৰি সুস্বাস্থ্যৰ বাবে গছ ৰোপণ কৰি আহিছো। জৈৱ বৈচিত্ৰ সংৰক্ষণৰ আটাইতকৈ ডাঙৰ উদাহৰণ আমাৰ ঘৰৰ পাছফালৰ বাৰীখন। পেটৰ অসুখ হ'লে আমি কাচ কল খাওঁ, গেছ হ'লে ভেবেলি লতা খাওঁ। তাৰোপৰি মান ধনীয়া, শুগুণী লতা আদিবোৰ আছেই। অসমত ২০ প্ৰকাৰৰ থেকেৰা আছে। আমি কেৱল ৩/৪ বিধ থেকেৰাৰ কথা কওঁ। ভাৰতত ৩৪ বিধ আৰু সমগ্ৰ বিশ্বত ৩৪০ বিধ থেকেৰা পোৱা যায়। অসমৰ সৰ্বাধিক থেকেৰাই স্বাস্থ্যৰ বাবে উপযোগী।

ড০ দীপাংকৰ চহৰীয়াই ক্লাইমেট এক্সন সন্দৰ্ভত কয়, মই কৰ্মৰত প্ৰতিষ্ঠানত আমি কাৰ্বন ফাইনেন্সৰ ওপৰত কাম কৰিছো। এইদৰে কাৰ্বন ফাইনেন্স ক্ৰেডিট কৰি বিক্ৰী কৰিব পাৰে। TERI য়ে সমগ্ৰ ভাৰতত মুঠ ৪০ টা প্ৰকল্প আৰু উত্তৰ-পূব ভাৰতত ৫ টা প্ৰকল্পত কাম কৰি আছে। আমি প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যানত মুঠ কাৰ্বন ক্ৰেডিট হিচাপ কৰিম আৰু তাৰ পিছত আন্তৰ্জাতিক বজাৰত সেইবোৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিম। ই এক প্ৰকাৰৰ শ্বেয়াৰ বজাৰৰ দৰে, কিন্তু ই কাৰ্বনৰ। এতিয়া আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে আৰু ২ টা প্ৰকল্প কৰি আছো।

ড০ চহৰীয়াই অসমৰ চাহ উদ্যোগ সন্দৰ্ভত আন এক প্ৰশ্নৰ উত্তৰত কয়, জলবায়ু পৰিৱৰ্তনৰ ফলত অসমৰ চাহ উদ্যোগে উৎপাদন আৰু মানদণ্ডৰ ক্ষেত্ৰত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। যদি আমি চাহ উৎপাদনৰ তথ্যলৈ লক্ষ্য কৰো তেন্তে দেখিম ২০২৩ ৰ জুলাইত ৯২.৭০ নিযুত কিলোগ্ৰাম চাহ উৎপাদন হৈছিল। কিন্তু ২০২৪ ৰ জুলাইত চাহৰ উৎপাদন ৭৮.৩০ নিযুত কিলোগ্ৰামলৈ হ্ৰাস পাইছে। কাৰ্বন ফাইনেন্স চাহ গছৰ ক্ষেত্ৰত প্ৰযজ্য নহয়।

ড০ বৰুৱাই অসমৰ বান আৰু গৰাখহনীয়াৰ দৰে পৰিবেশিক সমস্যাৰ সমাধানৰ বাবে আন্তঃগাঁথনি কেনদৰে উন্নত কৰিব পাৰি সেই সন্দৰ্ভত কয়, আমি ইয়াৰ প্ৰতিৰোধৰ বাবে যিবোৰ পদক্ষেপ গ্ৰহণ কৰিছো সেয়া ঔপনিৱেশিক আন্তঃগাঁথনিৰ একেই ধাৰাবাহিকতা। বেছিভাগ নদীৰেই পাৰ নাই। ব্ৰহ্মপুত্ৰ ব'ৰ্ডে কৰি থকা কামবোৰ জলবায়ু স্থিতিস্থাপকো নহয় আৰু সেইবোৰে বানপানী, খহনীয়াও প্ৰতিৰোধ কৰিব নোৱাৰে।

আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি এটা বেচিন স্তৰৰ জলচ্ছেদ ব্যৱস্থাপনা, বানপানী সমভূমি ব্যৱস্থাপনা চাব লাগিব। যি বৃহত্ত স্তৰক সামৰি ল'ব ইয়াৰ সৈতে একাধিক ৰাজ্য অন্তৰ্ভুক্ত থাকিব। অসমৰ বানপানী কেৱল অসমৰ সমস্যা নহয়, আমি ব্ৰহ্মপুত্ৰৰ বৃহত্তৰ অৱবাহিকাক বিবেচনা কৰিব লাগিব। আমি অধিক প্ৰণালীবদ্ধ বৰষুণৰ পানী সংগ্ৰহ, হিমালয় আৰু পাদদেশত বনধ্বংস হ্ৰাস, বানপানীৰ সতৰ্কবাণী, বানপানীৰ ক্ষমতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

জতীন্দ্ৰ শৰ্মাই জলবায়ু পৰিবৰ্তন ৰোধ কৰাৰ কথা উল্লেখ কৰি পুনৰ কয়, যেতিয়ালৈকে আমি বনাঞ্চল পুনৰুদ্ধাৰ নকৰোঁ তেতিয়ালৈকে ইয়াৰ কোনো বিকল্প উপায় নাই। আমি প্ৰকৃতি আধাৰিত সমাধানলৈ যাব লাগিব। আমি মানুহৰ লোকচান আৰু সম্পত্তিৰ ক্ষতিৰ বিষয়ে কথা পাতো। কিন্তু আমি বানপানীৰ সময়ত ঘৰুৱা আৰু বন্য জন্তুৰ ক্ষতিৰ বিষয়ে কথা নাপাতো। আমি সেইবোৰৰ বিষয়েও কথা পাতিব লাগিব। আমাৰ জীৱনো তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল। দৰাচলতে আমি সকলোৱে আন্তঃনিৰ্ভৰশীল।

জলবায়ু নীতিক কেনেকৈ অধিক সামগ্ৰিক কৰিব পাৰি সেই সন্দৰ্ভত ড০ খাম খানে কয়, সকলো জলবায়ু পৰিৱৰ্তন এক গোলকীয় পৰিঘটনা। আমি সকলোৱে জানো জলবায়ু পৰিৱৰ্তনৰ মুখ্য উৎস হৈছে গ্ৰীণ হাউচ নিৰ্গমন। বিগত বছৰবোৰত জলবায়ু পৰিৱৰ্তনৰ ফলত উত্তৰ-পূব ভাৰতত তাপমাত্ৰা বৃদ্ধি হোৱা বুলি অনুমান কৰা হৈছে। ডব্লিউএইচআইচিৰ অৰ্থ হৈছে উত্তৰ-পূব ভাৰত সময়ৰ লগে লগে জলবায়ু পৰিৱৰ্তনৰ ভুক্তভোগী হৈ পৰিছে। সেয়ে বন ব্যৱস্থাপনা আৰু সামাজিক বননীতিক অধিক অন্তৰ্ভুক্ত কৰাৰ লগতে অংশগ্ৰহণকাৰী কৰি তোলাৰ উপায়েৰে এক সমন্বিত নীতি পৰিকাঠামো গঢ়ি তুলিব লাগিব। দুৰ্ভাগ্যবশতঃ আমাৰ ওচৰত আন কোনো বিকল্প নাই।

বনধ্বংসই স্থানীয় সম্প্ৰদায় আৰু থলুৱা লোকসকলক কেনেদৰে প্ৰভাৱিত কৰে, এনে এক প্ৰশ্নৰ উত্তৰ ড০ দীপাংকৰ চহৰীয়াই কয়, বনধ্বংস হৈ আছে কিন্তু বনাঞ্চলৰ অৱনতিতকৈ অধিক ক্ষতি স্থানীয় সম্প্ৰদায়ৰ হৈছে। উত্তৰ-পূৰ্বাঞ্চলত বেছিভাগ ভ্ৰমণকৰা সম্প্ৰদায় আছে আৰু আমাৰ সকলোৰে থলুৱা জ্ঞান আছে। আমি ইয়াত বছৰ বছৰ ধৰি বানপানী আৰু খহনীয়াৰ সৈতে সহবাস কৰিছো। গতিকে জলবায়ু পৰিবৰ্তনৰ সন্দৰ্ভত নীতি নিৰ্ধাৰণত সেই পৰম্পৰাগত অভিজ্ঞতাক গুৰুত্ব দিয়াটোও গুৰুত্বপূৰ্ণ।

অসমে গৰাখহনীয়াত হেৰুৱালে ৮০০০ বৰ্গ কিলোমিটাৰ ভূমি...
'মণিপুৰৰ সংঘৰ্ষ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নহয়, দুই জনগোষ্ঠীৰহে সংঘৰ্ষ' - কিৰেণ ৰিজিজু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in