'মণিপুৰৰ সংঘৰ্ষ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নহয়, দুই জনগোষ্ঠীৰহে সংঘৰ্ষ' - কিৰেণ ৰিজিজু

'দ্য কনক্লেভ -২০২৪ 'ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক'লে অসম অৰুণাচলৰ আন্তৰিক সম্পৰ্কৰ কথা
'মণিপুৰৰ সংঘৰ্ষ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নহয়, দুই জনগোষ্ঠীৰহে সংঘৰ্ষ' - কিৰেণ ৰিজিজু
'মণিপুৰৰ সংঘৰ্ষ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নহয়, দুই জনগোষ্ঠীৰহে সংঘৰ্ষ' - কিৰেণ ৰিজিজু
Published on
Updated on

ডিজিটেল ডেস্কঃ অগ্নিগৰ্ভা মণিপুৰ, সাম্প্ৰদায়িক ৰাজনীতি আদিৰ সন্দৰ্ভত আজি বহুকেইটা কঠিন প্ৰশ্নৰ সন্মুখীন হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। 'দ্য কনক্লেভ-২০২৪' ৰ একক আলোচনাত জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে মন্ত্ৰী ৰিজিজুক মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ সন্দৰ্ভত কঠিন প্ৰশ্ন কৰে।

এনে প্ৰশ্নত তেওঁ মণিপুৰৰ সংঘৰ্ষ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নহয় বৰঞ্চ দুটা জনগোষ্ঠীৰ মাজৰ দীঘলীয়া সংঘৰ্ষ বুলিহে উল্লেখ কৰে। তেওঁ কয় নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভাল কাম কৰি আছে। সমান্তৰালকৈ তেওঁ মণিপুৰ প্ৰসংগত কংগ্ৰেছ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীক সমালোচনাৰ লক্ষ্য কৰি লয়।

অনুষ্ঠানৰ আৰম্ভণিতে তালুকদাৰে পোনপটিয়াকৈ ৰিজিজুক প্ৰশ্ন কৰে তেওঁ কিয় কৈছিল ৭০ বছৰতকৈয়ো অধিক সময় ধৰি কংগ্ৰেছে দ্বাৰা আম্বেদকাৰ, এছ চি, এছটিসকলক অপমান কৰি আহিছে। সেই একেই কংগ্ৰেছে এতিয়া পুনৰ তেওঁলোকক বুৰ্বক সজাবলৈ চেষ্টা কৰিছে।

এই প্ৰশ্নৰ উত্তৰত ৰিজিজুৱে কয়, আমি যি কথা কওঁ সেয়া দৃঢ়তাৰে কওঁ।সকলোৱে বাবাচাহেব আম্বেদকাৰৰ বিষয়ে জানে। কিছুমানে তেওঁৰ বিষয়ে অধ্যয়ন কৰিছে। কিছুমানে কেৱল তেওঁৰ কথা শুনিছে, তেওঁক সংবিধান প্ৰণেতা বুলি জানে। মই বাবাচাহেব আম্বেদকাৰৰ বিষয়ে পঢ়িছোঁ। স্বাধীনতাৰ পূৰ্বে কংগ্ৰেছে সামাজিক ন্যায়ৰ বাবে আম্বেদকাৰৰ প্ৰচেষ্টাক দুৰ্বল কৰিবলৈ সকলোধৰণৰ চেষ্টা কৰিছিল। মই সেইসকল নেতাৰ নাম এতিয়া নলওঁ।

স্বাধীনতাৰ পিছত, যেতিয়া জৱাৰহৰলাল নেহৰুৱে কেবিনেটৰ মন্ত্ৰীসকলৰ এখন তালিকা লৈ মহাত্মা গান্ধীৰ কাষলৈ গৈছিল সেই তালিকাত আম্বেদকাৰৰ নাম নাছিল। গান্ধীজীৰ কথা মতেহে পাছত সেই মন্ত্ৰীসভাত আম্বেদকাৰক দেশৰ প্ৰথমগৰাকী আইন মন্ত্ৰীৰ দায়িত্ব দিয়া হয়।

কিন্তু ডেৰ বছৰৰ পাছত আম্বেদকাৰে পদত্যাগ কৰে। হতাশাৰ বাবে তেওঁ হিন্দু ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। এয়া কেৱল এটা সামাজিক সমস্যা নাছিল। পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হয়। কংগ্ৰেছে আম্বেদকাৰৰ সকলো কৃতিত্ব নস্যাৎ কৰিবলৈ চেষ্টা কৰিছিল। ১৯৯০ চনত তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।

এতিয়া ২০২৪ ত কংগ্ৰেছে হঠাৎ দাবী কৰিছে আম্বেদকাৰে প্ৰণয়ন কৰা সংবিধান সুৰক্ষিত কৰিব লাগে। মহাৰাষ্ট্ৰ আৰু অন্যান্য ৰাজ্যত ৯০ শতাংশ অনুসূচীত জাতি, অনুসূচীত জনজাতিয়ে কংগ্ৰেছক ভোট দিছিল। ৰাজনীতি আধাৰিত বৰ্ণনা হ'লে সত্যৰ কোনো অৰ্থ নাই। আমি বৰ্ণনাত বিশ্বাস নকৰোঁ, আমি প্ৰদৰ্শনত বিশ্বাস কৰো। গতিকে মই এই এছ টি, এছ চি লোকসকলক সতৰ্ক কৰি দিছো যে, যদি তেওঁৰ নাম ভোট লাভৰ বাবে ব্যৱহাৰ কৰা হয়, তেন্তে ই তেওঁৰ উত্তৰাধিকাৰীক দুৰ্বল কৰিব।

অনুষ্ঠানত হাৰিয়ানা নিৰ্বাচনৰ প্ৰসংগত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, হাৰিয়ানাত দুটা কাৰ্যকাল বিজেপি আছে। এতিয়া জনসাধাৰণক প্ৰতিনিধি নিৰ্বাচিত কৰিবলৈ দিয়ক। আমাৰ প্ৰদৰ্শন জনসাধাৰণৰ সন্মুখত আছে। ১০ বছৰ পূৰ্বে কেনেকুৱা পৰিস্থিতি আছিল আৰু প্ৰধানমন্ত্ৰী মোডীৰ শাসনৰ পাছত ভাৰত আজি কোন পৰ্যায়ত আছে সেয়া দেখিছে।

''সবকা ছাথ সবকা বিকাশ'' শ্লোগানৰ কথা উল্লেখ কৰি মুছলমানসকলে তেওঁলোকক কিয় ভোট দিব বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, মুছলমান সম্প্ৰদায়ৰ মাজত কিছুমান নেতা আছে যিয়ে কংগ্ৰেছৰ দ্বাৰা সৃষ্টি কৰা নেৰেটিভক অপব্যৱহাৰ কৰিছে। কংগ্ৰেছৰ ভিতৰত বহু শক্তিশালী গোট আছে যিয়ে এইসকলো নিয়ন্ত্ৰণ কৰে। কংগ্ৰেছে তেওঁলোকক ভীতি প্ৰদৰ্শন কৰি কৈছিল বিজেপি মুছলমানসকলৰ বাবে ভাবুকি। গতিকে ভাৰতত ভোট বেংকৰ ৰাজনীতি সৃষ্টিৰ প্ৰয়াসৰ বিৰুদ্ধে সবকা সাথ সবকা বিকাশ।

ৰিজিজুৰ এনে উত্তৰত তালুকদাৰে প্ৰশ্ন কৰে- আপুনি মানি লৈছে নেকি আপোনালোকৰ ফেক নিউজ ফেক্টৰীয়ে ভাল কাম কৰিব পৰা নাই আৰু কংগ্ৰেছৰ ফেক নিউজ ফেক্টৰীয়ে ভাল কাম কৰি আছে? ইয়াৰ উত্তৰত ৰিজিজুৱে কয়, তেওঁলোকে ভাল কাম কৰিছে। আমি তেওঁলোকৰ এটা গোটক চিনাক্ত কৰিছো যিয়ে এই ভুল নেৰেটিভবোৰ সৃষ্টি কৰিছে। সঠিক সময়ত তেওলোকৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক মুছলমান বিৰোধী বাক্যবাণৰ পাছত তেওঁলোকে বিজেপিক কিয় ভোট দিব বুলি কৰা এক প্ৰশ্নত ৰিজিজুৱে কয়, –তেনেকুৱা কথা নহয়, আপুনি বিষয়টোক কেনেদৰে চায় তাৰ ওপৰতে নিৰ্ভৰ কৰে। আমি কেৱল এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বাবে নহয়, আমি সকলোৰে বাবে কাম কৰিছো।

মণিপুৰ প্ৰসংগত বিজেপি কিয় মৌন বুলি কৰা এক প্ৰশ্নত তেওঁ কয়, আমি দেখিছো সাংসদসকলে মণিপুৰৰ বিষয়ে একো এটা নাজানে কিন্তু তেওঁলোকে ৰাজ্যখনৰ পৰিস্থিতিক লৈ সমালোচনা কৰি আছে।

এতিয়া উত্তৰ-পূবৰ লোকসকলৰ কথা শুনি থকা এখন চৰকাৰে আছে। কেৱল এখন ৰাজ্যই বেদনা আৰু যন্ত্ৰণাৰ সৃষ্টি কৰিছে, আন সকলো ৰাজ্য শান্তিত আছে। ভাৰত চৰকাৰে আলোচনাৰ কথা কৈছে। যদি আপুনি এফালে অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই আৰু আনফালে শান্তিৰ কথা কয়, তেন্তে এয়া ন্যায়সঙ্গত নে? যিসকলে ৰাজনৈতিক দলে মণিপুৰৰ বিষয়ে কৈ আছে তেওঁলোকে প্ৰথমে হিংসা বন্ধ কৰিবলৈ ৰাইজক অনুৰোধ জনাওঁক।

ৰাহুল গান্ধীয়ে কিয় কৈছিল তেওঁ মণিপুৰলৈ ২৪ ঘণ্টাৰ ভিতৰত শান্তি আনিব পাৰে? তেওঁ সেনা মোতায়েন কৰা আৰু সকলোকে হত্যা কৰাৰ কথা কৈছে নেকি? তেওঁ লিডাৰ নহয়। তেওঁৰ সৈতে মোৰ কোনো সমস্যা নাই, কিন্তু সমস্যাটো হ'ল তেওঁৰ মন্তব্যই ৰাষ্ট্ৰৰ ক্ষতি কৰিছে।

ৰিজিজুৱে অসম-অৰুণাচলৰ সীমা বিবাদৰ প্ৰসংগত কৰা এক প্ৰশ্নৰ উত্তৰত কয়, আমি সমস্যাসমূহ সমাধান নোহোৱাকৈ থাকিব নিদিও।কিছুমান সমস্যা আছে। এয়া ৰাজনীতি নহয়। আৰুণাচল আৰু অসমৰ মাজৰ সম্পৰ্ক অতি গভীৰ। আধুনিক অৰুণাচলৰ আধাৰ হৈছে অসম আৰু অসমীয়া। আমি কেইবা বছৰ ধৰি এই সম্বন্ধ ভাগ বতৰা কৰিছো। আমাৰ এই সম্পৰ্কত সামাজিক মাধ্যমৰ উদ্দেশ্যপ্ৰণোদিত প্ৰচাৰে ভাঙোন আনিব নোৱাৰে।

এই অনুষ্ঠানৰ আন এক আকৰ্ষণীয় দিশ আছিল ৰেপিড ফায়াৰ ৰাউণ্ড। এই ৰাউণ্ডত ৰিজিজুক দুটা বিকল্প দিয়া হৈছিল আৰু তাৰ যিকোনো এটাক ল'বলৈ কোৱা হৈছিল। এই ৰাউণ্ডত তেওঁৰ উত্তৰ আছিল এনেধৰণৰ-

  • হংসৰাজ কলেজ আৰু লেডী শ্ৰী শ্ৰীৰাম কলেজ- লেডী শ্ৰীৰাম কলেজ

  • টাৱাও আৰু ছেৰগাওঁ- উত্তৰ নিদিলে

  • ছোনম ৱাংছুক আৰু ৰাম ৰহিম- উত্তৰ নিদিলে

  • জগীং আৰু জীম-যিকোনো

  • প্ৰয়াগৰাজ আৰু দিছপুৰ- দুয়োটাই

  • বীয়েৰ আৰু ৱাইন- NO

  • ক্ৰীড়া আৰু সংসদ- ক্ৰীড়া সুলভ আচৰন

  • গান্ধী আৰু হেজৱাৰ- উত্তৰ নাই

  • সংসদ আৰু ফুটবল ফিল্ড- ফুটবল

  • মাৰাথন আৰু মন্ত্ৰীত্ব- উত্তৰ নাই

'মণিপুৰৰ সংঘৰ্ষ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নহয়, দুই জনগোষ্ঠীৰহে সংঘৰ্ষ' - কিৰেণ ৰিজিজু
'মানৱীয় সহানুভূতি ক্ৰয় কৰিব নালাগে, জন্মগতভাৱে লাভ কৰিছো'- কৈলাশ সত্যাৰ্থী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in