'মণিপুৰত ৰাজনৈতিক নেতা ব্যৰ্থ হোৱা নাই, আমি সকলো ব্যৰ্থ হৈছো'- আকৈজাম

'দ্য কনক্লেভ-২০২৪' ত মণিপুৰৰ প্ৰকৃত ছবিখন দেখুৱালে সাংসদ বিমল আকৈজামে
মণিপুৰত ৰাজনৈতিক নেতা ব্যৰ্থ হোৱা নাই, আমি সকলো ব্যৰ্থ হৈছো- আকৈজাম
মণিপুৰত ৰাজনৈতিক নেতা ব্যৰ্থ হোৱা নাই, আমি সকলো ব্যৰ্থ হৈছো- আকৈজাম
Published on
Updated on

ডিজিটেল ডেস্কঃ ইতিহাসে মনত ৰাখিব, কিদৰে এখন ৰাজ্য জ্বলি থকা অৱস্থাতো এজন প্ৰধানমন্ত্ৰী বিচলিত হোৱাৰ পৰিবৰ্তে বৈদেশিক বিষয়তহে ব্যস্ত আছে। দেশৰ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰিবলৈ সময় পোৱা প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহিবলৈ সময় নাপায়। এনে অদ্ভুত আচাৰণ ইতিহাসৰ পাতত লিপিবদ্ধ হ'ব।

প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ দ্বাৰা আয়োজিত 'দ্য কনক্লেভ-২০২৪' ত অংশগ্ৰহণ কৰি আজি এইদৰে ক্ষোভ উজাৰে মণিপুৰৰ সাংসদ অংগোমচা বিমল আকৈজামে। প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাই আঁতধৰা এই অনুষ্ঠানত ভূঞাই আৰম্ভণিতে উল্লেখ কৰে যে, ২০২৩ চনৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ আৰু অস্থিৰতাই আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই সংঘৰ্ষত ৬০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে। মণিপুৰৰ শিশু, মহিলা, জ্যেষ্ঠ নাগৰিকসকলো সাহায্য শিবিৰত আছে।

এনে পৰিস্থিতিত সাধাৰণ মানুহৰ মনত প্ৰশ্নৰ সৃষ্টি হৈছে, মণিপুৰ সঁচাকৈয়ে দেশৰ ৰাজধানীৰ পৰা বহু দূৰত নেকি? বিমল আকৈজামক উদ্দেশ্যি তেওঁ পুনৰ কয়, আপুনি যেতিয়া প্ৰথমবাৰৰ বাবে সংসদলৈ আহিছিল তেতিয়া আমি দেখিছিলো মণিপুৰৰ বৰ্তমানৰ সমস্যাক দৃঢ়ভাৱে উত্থাপন কৰিছিল। আপুনি ইম্ফল আৰু দিল্লী দুয়োখন চৰকাৰৰ ভূমিকাক শক্তিশালীভাৱে সমালোচনা কৰিছে। পৰৱৰ্তী সময়ত ২০২৪ চনৰ ১১ ছেপ্টেম্বৰত মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতি ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ৰ পৰিস্থিতিৰ দৰে হোৱা বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়লৈ পত্ৰও লিখিছে। এই পত্ৰৰ উত্তৰ গৃহ মন্ত্ৰণালয় বা গৃহমন্ত্ৰী অমিত শ্বাহে দিলেনে?

এই প্ৰশ্নৰ উত্তৰত বিমল আকৈজামে কয়, এতিয়ালৈকে মোক এটাও উত্তৰ দিয়া। যোৱা ১৭ মাহত মোৰ গৃহ ৰাজ্যৰ নিজৰ মানুহখিনিয়ে যিমান বেদনা আৰু দুখৰ মাজেৰে পাৰ কৰিছে সেই বেদনা আৰু দুখৰ বাৰ্তা আপোনালোকক জনাবলৈ আজি মই ইয়াত এখন মঞ্চ পাইছো।

তেওঁ পুনৰ কয়, মই পত্ৰ প্ৰেৰণ কৰিছিলো যদিও কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা উত্তৰ আশা কৰা নাছিলোঁ। অৱশ্যে, মই আশা কৰিছোঁ সেই পত্ৰখনত মই লিখা কথাবোৰে তেওঁক আঘাত কৰিব আৰু তাৰ ওপৰত কাম কৰিব। মই এই পত্ৰ লিখিবলগীয়া হৈছে মোৰ মানুহখিনিৰ বাবে। কাৰণ মই তেওঁলোকক প্ৰতিনিধিত্ব কৰো। সেয়ে ১৯৪৭ ত মণিপুৰ ভাৰত যুক্তৰাষ্ট্ৰৰ সৈতে কিদৰে চামিল হয়, ভাৰত যুক্তৰাষ্ট্ৰ কেনেদৰে গঠন হৈছিল, ভাৰত চৰকাৰৰ দায়িত্ব কি সেই প্ৰসংগ পত্ৰখনত উল্লেখ কৰা হৈছিল। মণিপুৰত স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰে কৰিব লগা ১০ টা পদক্ষেপ মই দৃঢ়ভাৱে তাত উল্লেখ কৰিছিলো।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইউক্ৰেইন আৰু আমেৰিকা ভ্ৰমণ কৰি বৈদেশিক বিষয়তহে অতি ব্যস্ত। ইতিহাসে মনত ৰাখিব, প্ৰথমবাৰৰ বাবে এখন দেশৰ প্ৰধানমন্ত্ৰীক এখন ৰাজ্যৰ এনে অৱস্থাতো কিদৰে বিচলিত নোহোৱাকৈ আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰেই প্ৰধানমন্ত্ৰীৰ সৈতে বিষয়বোৰৰ সন্দৰ্ভত আলোচনা কৰিবলৈ সুযোগ নাই। অথচ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰিছে। নিশ্চিতভাৱে ইতিহাসে এজন প্ৰধানমন্ত্ৰীৰ এনে অদ্ভুত আচৰণ মনত ৰাখিব।

এয়া মোৰ দল বা তেওঁৰ দলৰ সৈতে কোনো সম্পৰ্কিত বিষয় নহয়, এয়া দলীয় ৰাজনীতিৰ বাহিৰত। এয়া তেওঁৰ ৰাজ ধৰ্ম। মই তেওঁক বেছি অনুৰোধ কৰিব নিবিচাৰো। মই আশা কৰোঁ যে অমিত শ্বাহ মুখ্যমন্ত্ৰীৰ সৈতে সম্পৰ্কত আছে। যিহেতু তেওঁ দেশৰ গৃহমন্ত্ৰীও সেয়েহে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ বিপৰীতে গৃহমন্ত্ৰীলৈয়ে লিখিলো।

২০১৪ ৰ ১ অক্টোবৰত ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে স্পষ্ট কৰিছিল মণিপুৰৰ সংঘৰ্ষ উৰা বাতৰিৰ সৈতে আৰম্ভ হৈছিল। এংলো কুকি যুদ্ধ শত বাৰ্ষিকী গেট জ্বলাই দিয়া বুলি উৰা বাতৰি উলাইছিল। যি সত্য নহয়। এতিয়া প্ৰশ্ন হয় ইয়াৰ বাবে দোষী কোন? মণিপুৰ চৰকাৰে কিয় প্ৰাৰম্ভিক পৰ্যায়তে এই সমস্যা উপলব্ধি কৰিব নোৱাৰিলে?  

এনে প্ৰশ্নৰ উত্তৰত আকৈজামে কয়, জেনেৰল দ্বিবেদীৰ বক্তব্যৰ ওপৰত কেইবাটাও কথা স্পষ্ট কৰিব লাগিব। তেওঁ ৩ মে’ৰ স্ফুলিঙ্গৰ কথা কৈছে। কিন্তু আমাৰ সামাজিক বিজ্ঞান কেনেধৰণৰ, তাৰ ওপৰত দৃষ্টি ভংগী কেনে সেই বিষয়ৰ ওপৰতো গুৰুত্ব দিব লাগিব। ৩ মে’ৰ স্ফুলিঙ্গৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে তাৰ কিছু আগলৈ যাব লাগিব। সেইদিনাৰ ঘটনা জেনেৰেল দ্বিবেদীয়ে যেনেদৰে উৰাবাতৰি বুলি কৈছে তেনে উৰাবাতৰি নহয়। টৰবুং অঞ্চলত কিয় ঘৰবোৰ জ্বলাই দিয়া হৈছিল?

ভাৰতীয় সেনাৰ এনে মন্তব্যক তেওঁ হতাশজনক আখ্যা দি দেশৰ এই সশস্ত্ৰ বাহিনীক বিতৰ্কৰ উৰ্ধত থাকিবলৈয়ো আহ্বান জনায়। ৰাজ্যখনৰ বৰ্তমানৰ জ্বলন্ত অৱস্থাতো আৰক্ষী আৰু আছাম ৰাইফলছৰ মাজত চলা প্ৰতিযোগিতাকো সমালোচনা কৰে। তেওঁ এই দুয়ো সুৰক্ষা বাহিনীক আইন শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰো আহ্বান জনাইছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে মণিপুৰৰ প্ৰকৃত ছবিখন দেখুওৱাৰ ক্ষেত্ৰত চূড়ান্ত ৰূপত ব্যৰ্থ হোৱাৰ কথাও এই মঞ্চতে দোহাৰে। আনকি প্ৰেছ কাউন্সিল ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড ভংগৰ বিষয়টোও সামৰি লোৱাত ব্যৰ্থ হৈছে বুলি কৈ আক্ষেপ প্ৰকাশ কৰে।  

তেওঁ কয় মণিপুৰে আমাক সোঁৱৰাই দিছে মণিপুৰত আমি সকলো ব্যৰ্থ হৈছো, কেৱল ৰাজনীতিবিদসকল নহয়। মণিপুৰৰ আজিৰ অৱস্থাৰ বাবে ভাৰত চৰকাৰে জগৰীয়া কৰি তেওঁ কয়, হিংসাৰ জৰিয়তে ৰাজনৈতিক উদ্দেশ্য সফল কৰিবলৈ মণিপুৰৰ জনতাক বিভ্ৰান্ত কৰা হৈছে।

মণিপুৰত ৰাজনৈতিক নেতা ব্যৰ্থ হোৱা নাই, আমি সকলো ব্যৰ্থ হৈছো- আকৈজাম
অসমে গৰাখহনীয়াত হেৰুৱালে ৮০০০ বৰ্গ কিলোমিটাৰ ভূমি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in