/asomiyapratidin/media/media_files/2025/09/15/live-update-2025-09-15-09-35-59.jpg)
যোৱা তিনিটাকৈ বছৰৰ সফলতাৰ পাছত পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলক নতুনকৈ তুলি ধৰাৰ প্ৰয়াসেৰে নতুন দিল্লীৰ 'দ্য অশোক'ত আৰম্ভ হৈছে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ ‘দ্য কনক্লেভ-২০২৫’। সমাজ, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, স্বাস্থ্য, শিক্ষা, উন্নয়ন, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষা, যুৱ আকাংক্ষাকে ধৰি পৰিবেশ, জলবায়ু আদি বিভিন্ন বিষয় সামৰি অনুষ্ঠিত হৈ অহা 'দ্য কনক্লেভ'ৰ এয়া চতুৰ্থ সংস্কৰণ।
দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কনক্লেভৰ আজি দ্বিতীয়টো দিন। দেওবাৰে কনক্লেভৰ প্ৰথম দিনটোৰ আৰম্ভণিতে আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰে বন্তি প্ৰজ্বলনেৰে 'দ্য কনক্লেভ-২০২৫' উদ্বোধন কৰে। তাৰ পাছতে বিভিন্ন বিষয় সামৰি মুঠ ৰাজনীতি, স্বাস্থ্য, সীমান্ত সুৰক্ষা, উদ্যোগ, বান আৰু নদীবান্ধ, যুৱ শক্তি আৰু উদ্যমিতা আদি বিষয়ক সামৰি অনুষ্ঠিত হয় ছখন আলোচনা সত্ৰ। য'ত লোকসভাৰ বিৰোধী উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেল, সাংসদ সঞ্জয় সিং, সুনীল শেট্টীকে ধৰি অন্যান্য বিষয়সমূহৰ কেইবাজনো সমল তথা বিশেষজ্ঞ ব্যক্তি উপস্থিত থাকে।
সেইদৰেই আজি দ্বিতীয়টো দিনত কেইবাটাও বিষয় সামৰি মুঠ ছখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। য'ত প্ৰতিটো বিষয়ৰ সমল আৰু বিশেষজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। আজিৰ আলোচনা সত্ৰসমূহৰ ভিতৰত অসমৰ বহু চৰ্চিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, অসমীয়া ছবিৰ জয়যাত্ৰা, যুৱ প্ৰজন্মৰ দৃষ্টিত অসম, অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰে আলোচনাকে ধৰি সংবাদ, সংস্কৃতি, সাহিত্য, সমাজ আদি বিভিন্ন বিষয়ৰ ওপৰত বস্তুনিষ্ঠ আলোচনা অনুষ্ঠিত হ'ব। প্ৰতিখন আলোচনাৰ পৰাই প্ৰতিটো বিষয়ে কিদৰে সমাধান সূত্ৰ দিয়ে অথবা কিদৰে নতুন চিন্তাৰ বাট মুকলি কৰে সেই সন্দৰ্ভত জানিবলৈ অনুসৰণ কৰক আমাৰ এই লাইভ আপডেট।
- Sep 15, 2025 10:45 IST
Catch All Sessions of The Conclave 2025 on Pratidin Time Live TV
- Sep 15, 2025 16:28 IST
কনক্লেভৰ মঞ্চত দিলীপ শইকীয়াৰ মন্তব্য
- ২০০৩ ৰ পৰা ২০২০ লৈ বিটিচিত বি পি এফে চৰকাৰ চলালে। তাৰ পাছৰ পৰা ইউ পি পি এলে চৰকাৰ চলালে আৰু বিজেপিয়ে তেওঁলোকৰ সহযোগত ৩৫ লাখ বিটিআৰবাসীৰ সেৱা কৰিলো।
- ২০১৫ এই হওঁক বা ২০২০ ত কোনো এটাই নিৰ্বাচনত আমি কাৰো সৈতে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাই। ২০১৫ত এখন আৰু ২০২০ ত ৯ খন আসন লাভ কৰিছিলো।
- ২০২০ চনত বি টি আৰ শান্তি চুক্তিৰ জৰিয়তে অঞ্চলটোৰ উন্নয়নৰ পেকেজ ১৫ কোটিৰ পৰা বৃদ্ধি কৰি ২০ হাজাৰ কোটি টকা দিয়াৰ সিদ্ধান্ত ললো।
- আমি এইবাৰ ৩০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছো। ইয়াৰে ২১ খন সংৰক্ষিত আসনত আমি প্ৰাৰ্থিত্ব দিছো। ৰাইজেও আমাৰ প্ৰতি ভাল সহাৰি দিছে।
- ৰাইজে বুজি পাইছে যদি ত্ৰিপল ইঞ্জিনৰ চৰকাৰ হলে উন্নয়নৰ যাত্ৰা অধিক বৃদ্ধি হ'ব। সেয়ে যোৱা বাৰতকৈ বহু বেছি আসন লাভ কৰিম বুলি আশা কৰিছো।
- ২২ ছেপ্তেম্বৰৰ ভোটগ্ৰহণৰ আগনিশা ২১ ছেপ্তেম্বৰলৈ আমি বাট চাব লাগিব। তেতিয়াহে আমি বি টি আৰত কিমান আসন লাভ কৰিম সেই বিষয়ে ক’ব পাৰিম। কিন্তু এইবাৰ অভাৱনীয় এক সফলতা লাভ কৰিম বুলি আশা কৰিছো। বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰ হ’ব বুলি এটা ধাৰণা গঢ় লৈ উঠিছে।
- লোকসভাৰ নিৰ্বাচনৰ সময়তো মোক এটা সংগঠনে বৰ্জন কৰিছিল। তাৰ পিছত আকৌ মিলিগলো। মিলাব লাগে, মিলি যাব লাগে। সমন্বয়ৰ মাজেৰে থাকিব লাগে।
- আমি বি টি আৰত বড়ো, অবড়ো ধাৰণা শেষ কৰিব বিচাৰিছো।
- অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়,- ইয়াৰ উত্তৰৰ বাবে কিছু বছৰ অপেক্ষা কৰিব লাগিব। অসমৰ জনসাধাৰণে এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব।
- এতিয়া অসমৰ জনপ্ৰিয়, কৰ্মদক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কিছু বছৰলৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ থকাটো নিশ্চিত। এই বিষয়ে সেয়ে আৰু কথা নাপাতো।
- যোৱা সময়ত ১০ হাজাৰতকৈ অধিক উগ্ৰবাদী কেডাৰ মূল সুঁতিলৈ ঘূৰি আহিছে। বুলেটৰ পৰা বেলেটকতেওঁলোকে বিশ্বাস কৰিছে।
- অসমখনত আমি শান্তিৰ বাতাবৰণ কৰি প্ৰগতিৰ দিশত যাত্ৰা কৰিবলৈ চেষ্টা কৰো।
- যুৱ প্ৰজন্মই হতাশাত ভূগিছিল, নিৰাশাত ভূগিছিল। এপিএছচিৰ ইণ্টাৰভিউ দিয়ে চাকৰি নাপায়। ৰাকেশ পালক অধ্যক্ষ কোনে পাতিছিল অসমৰ ৰাইজে জানে।
- এতিয়া যুৱ প্ৰজন্মৰ মানসিকতা সলনি হৈছে। ৰাজ্য চৰকাৰে যোগ্যতাৰ আধাৰত চাকৰি দিছে।
- আমি ডেৰ লাখ ল’ৰা-ছোৱালীক চাকৰি দিলো। আমি লক্ষ্য লৈছো দুই লাখ যুৱক-যুৱতীক কেৱল চাকৰিয়েই নহয়, সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে।
- এতিয়া সংবাদ মাধ্যমৰো মানসিকতা সলনি হৈছে। এতিয়া সংবাদ মাধ্যমৰ ক্ষেত্ৰতো যোগাত্মক চিন্তা দেখিবলৈ পোৱা গৈছে। পূৰ্বে হয়তো এফালে, নহয়তো সিফালে তেওঁলোকৰ ভূমিকা আছিল।
- আজি ছেমিকণ্ডাক্টৰৰ দৰে প্ৰকল্প অসমলৈ আহিছে। ২৭ লাখ যুৱক-যুৱতীয়ে প্ৰত্যক্ষ,পৰোক্ষভাৱে সংস্থাপন লাভ কৰিব। এয়া হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাৰ ফলতে সম্ভৱপৰ হৈ উঠিছে।
- আমি কেৱল হিন্দু, মুছলমানৰ ৰাজনীতি কৰা নাই। খিলঞ্জীয়া মুছলমানো অসমীয়া। অসমীয়া খিলঞ্জীয়া হিন্দু, খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ বাবে আমি কাম কৰিম। খ্ৰীষ্টান, বৌদ্ধ, জৈন ৰাষ্ট্ৰীয়তাবাদীৰ পক্ষতো আমি আছো। তেওঁলোকক গ্ৰহণ কৰিবলৈ আমি আগ্ৰহী।
- বিদেশী কোন, স্বদেশী কোন আৰু অসমৰ শত্ৰু কোন আৰু মিত্ৰ কোন সেয়া অসমৰ মানুহে প্ৰথমে স্থিৰ কৰিব লাগিব।
- ১৯৭১ চনৰ অসমৰ লোক পিয়ল অনুসৰি ১৯৬১ ৰ পৰা ১৯৭১ লৈ মুছলমান অনুপ্ৰেৱশকাৰীৰ সংখ্যা ৩৪.৯৮ শতাংশ বৃদ্ধি পাইছিল।
- কংগ্ৰেছ দলে এইসকলক সকলো সুবিধা দি অসমক ভয়ংকৰ বিপদৰ মুখলৈ ঠেলি দিলে। সেয়ে ৫৫/৫৬ বছৰ ধৰি কংগ্ৰেছ দলে যি তুষ্টিকৰণৰ ৰাজনীতি কৰিলে তাৰ বাবে তেওঁলোকক প্ৰশ্ন কৰিব লাগে।
- বিদেশী খেদা কোনো ৰাজনৈতিক দলৰো ইছ্যু হ’ব নালাগে। আমি এই সমস্যা সমাধানৰ বাবে এখোজ আগবঢ়াইছো। প্ৰথমে লাভ জেহাড, তাৰ পিছত লেণ্ড জেহাদ আৰু এতিয়া ভোট জেহাদ আৰম্ভ হৈছে। এইবোৰ চৰ্চা হ’ব লাগে। যদিহে এই জেহাদবোৰ মিছা তেন্তে মিছা বুলিয়েই কওঁক।
- ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত নীতিগতৰ উপৰিও কাৰিকৰীভাৱেও কিছু সমস্যা আছে। বিভিন্ন সংগঠনে উচ্চতম ন্যায়ালয়ত গোচৰ তৰি থৈছে।
- ভাৰতৰ সংবিধানে কৈছে ৫১ শতাংশৰ ওপৰত সংৰক্ষণ দিব নোৱাৰে। কিন্তু এই জনগোষ্ঠীসকলক জনজাতিকৰণ দিলে যিসকলে সংৰক্ষণ লাভ কৰি আছে তাত প্ৰভাৱ পৰিব।
- দুই, তিনিটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া প্ৰায় শেষ পৰ্যায়ত আছে। দুটা ডাঙৰ জনগোষ্ঠীৰ ক্ষেত্ৰত আলোচনা চলি আছে।
- জনজাতিকৰণ বিচাৰি থকা এটা জনগোষ্ঠীৰ নিজৰ মাজতে ভাগ হৈ আছে। এটা ভাগে জনজাতিৰ মৰ্যাদা বিচাৰে আনটোৱে কিয় পাব লাগে বুলি প্ৰশ্ন কৰি আছে।
- দীঘলীয়া সময়লৈ বিজেপি চৰকাৰত থাকিব।
- আমি গৌৰৱ গগৈ আৰু শক্তিশালী হওঁক বুলি বিচাৰিছো। ধুবুৰী, বৰপেটাৰ এটা অংশ, গোৱালপাৰা, মঙলদৈৰ এটা অংশত গৌৰৱ গগৈ আৰু শক্তিশালী হওঁক।
- যোৰহাট লোকসভা সমষ্টিৰ ৪০ টা জিলা পৰিষদৰ সমষ্টিত বিজেপি জয়ী হৈছে।
- এতিয়া এছ আই টিৰ প্ৰতিবেদন আহিছ, এই কথাবোৰ চলি আছে তেওঁৰ আৰু বিপদত পৰিব।
- ১০ ছেপ্তেম্বৰত গৌৰৱ গগৈয়ে যি বিহু নাছিচিল মোৰ বৰ ভাল লাগিছিল।
- Sep 15, 2025 15:39 IST
কনক্লেভৰ মঞ্চত অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া
'দ্য কনক্লেভ-২০২৫' ৰ মঞ্চত দিলীপ শইকীয়া। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে তেওঁ একক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।
এই অনুষ্ঠানৰ বিষয় সাম্প্ৰতীক ৰাজনীতি আৰু ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন। তাৰোপৰি অনুষ্ঠানত বি টি আৰ নিৰ্বাচনৰ বিষয়েও চৰ্চা হ'ব।
- Sep 15, 2025 14:28 IST
কনক্লেভৰ মঞ্চত 'যুৱ চামৰ দৃষ্টিত অসম' শীৰ্ষক আলোচনা
প্ৰথমবাৰৰ বাবে এইবাৰ কনক্লভে যুৱ প্ৰজন্মৰ মনৰ কথা কোৱাৰ এক সুযোগ দিয়াৰ বাবে এখন মঞ্চ দিছে। কনক্লেভৰ মঞ্চত 'যুৱ চামৰ দৃষ্টিত অসম' শীৰ্ষক আলোচনাৰ আজি আঁত ধৰে শোণিত কুমাৰ ভূঞাই।
আলোচনাত অংশগ্ৰহণ কৰিছে জে এন ইউৰ গৱেষক ছাত্ৰ সুব্ৰংশু প্ৰতিম শৰ্মা, সদৌ অসমীয়া ছাত্ৰ সন্থা, নতুন দিল্লীৰ সভাপতি কৃষ্ণালী পাঠক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদিব ভাগৱতী, দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ অভিনৱ বৰগোহাঁয়ে।
- Sep 15, 2025 14:00 IST
''বিশ্বজিত ৰায় আমাৰ প্ৰধামন্ত্ৰী হলেও আমাৰ আপত্তি নাই,. কিন্তু অশোক সিংহল আমাৰ নেতা হ’ব নালাগে''
বসন্ত গগৈঃ অসমৰ ছটা জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পাব লাগে সেয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো এজেঞ্চিয়ে পৰীক্ষা কৰাৰ পাছত ৰাজ্যসভাত বিল উত্থাপন হৈছিল। তাৰ পাছতো এয়া আইনত পৰিণত নহ'ল। সম্পূৰ্ণ ৰাজানৈতিক কাৰণত জনজাতিকৰণ হোৱা নাই।
বিজেপিয়েও কংগ্ৰেছৰ দৰেই খেল খেলিছে। তেওঁলোকে ২০২৬ ৰ নিৰ্বাচন পাৰ কৰিবলৈ পুনৰ আভুৱা ভাৰিবলৈ আৰম্ভ কৰিছে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বাস্তৱিক, ভৌগলিক, সাংবিধানিক অধিকাৰ। তাৰ পাছতো তেওঁলোকে ৰাজনীতি কৰি আহিছে।
অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰি পেলাইছে। অগপ, কংগ্ৰেছ, বিজেপি সকলোৱেই এই খেল খেলি আছে। বিজেপিয়ে এতিয়া হিন্দুত্বৰ কথা কয়। যদি হিন্দুত্বকে বচাব লাগে তেনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰি হিন্দুত্ব, ভাষা, সংস্কৃতি সুৰক্ষা কৰা নাই? আমাৰ সম্পদ লুণ্ঠনৰ বাবে এইবোৰ হৈ আছে।
নাগালেণ্ডে যি পাইছে সেয়া অসমে কিয় পোৱা নাই? চৰকাৰসমূহে কেৱল খিলঞ্জীয়া, থলুৱাৰ বিৰুদ্ধে কাম কৰি আছে। অসমৰ সকলো ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পক্ষত থাকিব লাগে। মুখ্যমন্ত্ৰীয়ে জনজাতিকৰণে অসম ৰক্তাক্ত হ'ব বুলি কৈছে। হয়, তেনেকুৱা পৰিস্থিতি কোনোবাই কৰিব পাৰে। ৰাইজে হিমন্ত মুখ্যমন্ত্ৰীক ৰজা পাতিছে। তুমি সেয়া ৰোধ কৰা। সেয়া তোমাৰ দায়িত্ব।
বলুৰাম বৰ্মনঃ বি টি আৰক আমি সমৰ্থন কৰা নাছিলো। তাৰ পিছতো বি টি আৰ কৰিছিল। আমি তাত সংখ্যাগৰিষ্ঠ আছিলো। তাৰ পাছতো বি টি আৰ কৰিলে। আমাৰ মানুহৰ ওপৰত অত্যাচাৰ চলিল।
আমি ৰাজনৈতিক ইছ্যু হিচাপে বন্দী হৈ থাকিব বিচৰা নাই। কোচ ৰাজবংশীৰ অৱস্থা অতি বেয়া। কোচ ৰাজবংশীৰ গাওঁবোৰলৈ গলে দেখিব আমাৰ কি অৱস্থা। জাতি এটাক ধ্বংস কৰি পেলাইছে।
সৌ সিদিনা গণতান্ত্ৰিক আন্দোলনত আমাক ৰক্তাক্ত কৰি দিলে। নিজৰ কথা কোৱাৰ বাবে আমাক অপৰাধীৰ দৰে আচৰণ কৰিলে। আমি গুলীবিদ্ধ হ’বলৈয়ো কুণ্ঠাবোধ নকৰো। আমাৰ ঘৰখন কোনোবাই ধ্বংস কৰিলে আমিও আনৰ ঘৰ ধ্বংস কৰি হলেও আমাৰ অধিকাৰ কাঢ়ি আনিবলৈ শেষলৈকে চেষ্টা কৰিম।
বিশ্বজিত ৰায় বিজেপিলৈ গৈছে। আমাৰ কথা হৈছে বিশ্বজিত ৰায় আমাৰ প্ৰধামন্ত্ৰী হলেও আমাৰ আপত্তি নাই। কিন্তু অশোক সিংহল আমাৰ নেতা হ’ব নালাগে। হাঁহ, মাংস খোৱাই আমাৰ মানুহক শেষ কৰিব নালাগে।
ছয় জনজাতিকৰণৰ আন্দোলনৰ ক্ষতি কৰিবলৈ আমাৰ নেতাক ৰাজনীতিলৈ লৈ যোৱা হৈছে। বিশ্বজিত ৰায়ৰ বিজেপিত যোগদানে আমাৰ কোনো ক্ষতি কৰিব নোৱাৰে। তেওঁ ইয়াৰ বিৰোধিতা কৰিবলৈ গলে আমাৰ গাঁৱত সোমাবলৈ দিয়া নহব।
বিকাশ দহোটিয়াঃ উজনিত যি আন্দোলন হৈ আছে আমাৰ নেতাই ঘৰলৈ গৈ গৈ মাতি অনা নাই। তেওঁলোক নিজেই আহিছে। ৬০/৭০ ৰ অধিক বয়সৰ মানুহ আহি মৰাণ, মটকৰ নিজা ভাষাত এই দাবী কৰিছে।
চৰকাৰে ইচ্ছা কৰিলে আমাক জনজাতিকৰণ দিব পাৰে। এই আন্দোলন অসমক বচোৱাৰ আন্দোলন। আমাৰ আন্দোলনত কংগ্ৰেছ, বিজেপি, অজাপ সকলো মানুহ আছে। কিন্তু এই আন্দোলন জাতিৰ কাৰণে কৰা হৈছে।
স্বৰূপ গোহাঁইঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতা হোৱা ৰাজ্য চৰকাৰে প্ৰতিবেদনৰ নামত ১০ বছৰ অতিক্ৰম কৰিলে। ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰিলে। এজিপি, কংগ্ৰেছ, বিজেপি কাকো আমি বিশ্বাসত ল’ব পৰা নাই।
জনজাতিকৰণৰ নামত আমি কিমান ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। ৰাজ্য, কেন্দ্ৰীয় চৰকাৰৰ সৈতে বহু আলোচনা হ’ল। আমাক তেওঁলোকে আমাক লালিপপ দিয়ে। ২০২৬ ৰ নিৰ্বাচনতো আমাক লালিপপ দিবলৈ চেষ্টা কৰিছে।
অসমীয়া বিৰোধীৰ এই চৰকাৰে অসমীয়াৰ আৱেগ, অনুভূতিক বুজি নাপায়। খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি ব্যৱসায়ীক দিছে। ছয় জনগোষ্ঠীক জনজাতিকৰণ দিব লাগিব অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে। নতুবা অসমীয়া মানুহ এই অঞ্চলটোৰ পৰা এসময়ত নোহোৱা হ’ব। ইতিমধ্যে আমাৰ ভাষা, সংস্কৃতিত ইয়াৰ প্ৰভাৱ পৰিছেই।
মহেন বৰাঃ জনগোষ্ঠীয় যিসকল প্ৰতিনিধি বৰ্তমানৰ অসম বিধানসভাত আছে তেওঁলোকৰ আমাৰ প্ৰতি সদিচ্ছা আছে বুলি নাভাবো। কোনো মন্ত্ৰী, বিধায়কে মুখ্যমন্ত্ৰীক জনজাতিকৰণ কৰিব লাগে বুলি ক'ব নোৱাৰে। তেওঁলোকে মুখ্যমন্ত্ৰীলৈ ভয় কৰে। সেয়ে এই প্ৰতিনিধিসকলৰ বিষয়েও আমি জনতাৰ কাষলৈ লৈ যাম।
ৰাজ্য চৰকাৰে যি প্ৰতিবেদন প্ৰস্তুত কৰিছিল সেই প্ৰতিবেদন এতিয়ালৈকে কেন্দ্ৰলৈ প্ৰেৰণ কৰাই নাই। যেতিয়াই আন্দোলনৰ এক পৰিবেশৰ সৃষ্টি হয় তেতিয়াই মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথা কৈ আন্দোলন সাম কটাবলৈ চেষ্টা কৰে। এইবাৰ নৱেম্বৰত প্ৰেৰণ কৰিম বুলি কৈছে। কিন্তু তেওঁ যে সেই প্ৰতিবেদন প্ৰেৰণ নকৰে সেয়া আমি ভালকৈয়ে জানো। তেওঁলোকে কেৱল নাটক কৰে। এনেকৈ থাকিলে নেপাল, বাংলাদেশত যি পৰিস্থিতি হৈছে সেই পৰিবেশ অসমতো হবলৈ বেছি দিন নাথাকিব।
মুখ্যমন্ত্ৰীয়ে আন্দোলন কৰিলে জনজাতিকৰণ নহয় বুলি কৈ আমাক ব্লেক মেইল নকৰিব। উজনিৰ মানুহে আপোনাক মুখ্যমন্ত্ৰী পাতিবলৈ ভোট দিয়া নাছিল। উজনি অসমৰ ৰাইজে বিচাৰিলে আপোনাৰ গাদী যাবলৈ বেছি সময় নালাগিব।
ধীৰাজ গোৱালাঃ ছটা জনগোষ্ঠীৰ এটা জনগোষ্ঠী টাই আহোম। টাই আহোমৰ প্ৰতিনিধি তৰুণ গগৈ ১৫ বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল। এতিয়া চৰকাৰে যিবোৰ প্ৰতিবেদনৰ কথা কৈ আছে সেয়া সকলো একো একোখন নাটক। নাটকৰ বাহিৰে এইবোৰ একো নহয়।
ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ ৰাজনৈতিক দলৰ সাহসৰ অভাৱ। ট্ৰাইবেলৰ বিৰোধিতাৰ বাবেই জনজাতিকৰণ নোহোৱাটো সত্য কথা নহয়।
জনজাতিকৰণ সন্দৰ্ভত বিটিআৰৰ নিৰ্বাচন পাৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ভাষ্য আকৌ সলনি হ'ব। এই প্ৰতিবেদনৰ অধ্যক্ষ ৰণোজ পেগু। ৰণোজ পেগুৱে ট্ৰাইবেলৰ ক্ষতি হোৱাকৈ প্ৰতিবেদন দিবনে? তেনেকৈ প্ৰতিবেদন দিলে তেওঁৰ চকী থাকিবনে? এয়া সকলো নাটক।
- Sep 15, 2025 13:52 IST
''আমি অঁকৰা মটক, অঁকৰা মৰাণ, আমাক মঙলগ্ৰহৰ পৰা আনি হ'লেও জনজাতিকৰণ লাগে''
ধীৰাজ গোৱালাঃ জনজাতিকৰণৰ দাবী তিনিটা দশকৰ দাবী। জনজাতিকৰণৰ বাবে ২০১৬ ত ৰাজ্যসভাত এখন বিল উত্থাপন হৈ গৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছে যিদৰে ছয় জনগোষ্ঠীত ঠগি আহিল সেইদৰেই বিজেপিয়েও আমাক ঠগি আছে।আমাৰ হাতত এতিয়া আন্দোলনৰ বাহিৰে বিকল্প নাই। নিৰ্বাচনৰ প্ৰাকক্ষণত সেয়ে এতিয়া আন্দোলন আৰম্ভ হৈছে। ছটা জনগোষ্ঠীৰ জনজাতিকৰণে অসমক অনুপ্ৰৱেশকাৰী, বিদেশীৰ সমস্যাৰ পৰা সমগ্ৰিকভাৱে নিয়ন্ত্ৰণত ৰাখিব। চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ পাছত উচ্ছেদিত অসমতে আছে ক'লৈকো যোৱা নাই। এয়া স্থায়ী সমাধান নহয়।জনজাতিকৰণেহে সমস্যাৰ সমাধান কৰিব।
অসমৰ ৰাজনৈতিক পৰিবেশ অশান্ত হ’ব বুলিয়েই অসমৰ কোনো এটা ৰাজনৈতিক দলে এই সমস্যা সমাধান কৰা নাই। কিয়নো জনজাতিকৰণ কৰিবলৈ গলে তেওঁলোকে আসন হেৰুৱাৰ সম্ভাৱনা আছে।
মহেন বৰাঃ জনজাতিকৰণৰ নামত সকলোৱে ৰাজনীতি কৰি আছে। শাসকীয় চৰকাৰে আমাক টুপি নহয়, জাপি পিন্ধাইছে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে অসম এছ টিৰ ৰাজ্য হ’ব। সেয়ে তেওঁলোকে এই কাম কৰিব নিবিচাৰে। তেনে হলেই বহুতে গাদী হেৰুৱাব। বিশ্বৰ বিভিন্ন পৰিবেশ আন্দোলনৰ পৰা অসমৰ চৰকাৰেও শিক্ষা লোৱা ভাল।
স্বৰূপ গোঁহাইঃ মটক আৰু মৰাণ ইতিহাস থকা জনজাতি। আমি জনজাতিকৰণৰ বাবে অগপ, কংগ্ৰেছ আৰু বিজেপি চৰকাৰক গালি দিব লগীয়া হৈছে। আমি অঁকৰা মটক, অঁকৰা মৰাণ। আমাক জনজাতিকৰণ লাগে। কেনেকৈ ক'ৰপৰা আনি দিয়ে সেয়া মুখ্যমন্ত্ৰীয়ে, চৰকাৰে জানে। মঙলগ্ৰহৰ পৰা আনি হলেও আমাক জনজাতিকৰণ দিব লাগিব। আমাক মুঠতে জনজাতিকৰণ লাগিবই। নহ'লে উজনি অসম অশান্ত হ'বই।
বিকাশ দহোটীয়াঃ ভাৰত চৰকাৰে জনজাতিকৰণৰ বাবে যি বৈশিষ্ট্য নিৰ্ধাৰণ কৰি দিছে সেই সকলোবোৰ আমাৰ হাতত আছিল, আছে। এতিয়াও মৰাণ গাঁৱত মৰাণসকলৰ মাজত সেই সকলো বৈশিষ্ট দেখিব। ২০০৬ চনত আমি যিবোৰ বৈশিষ্ট্য দিছিলো তেতিয়াই আমাক কৈছিল আপোনালোকৰ জনজাতিকৰণ পোৱাৰ যোগ্য। এয়া ৰাজনৈতিক বিষয়।
বলুৰাম বৰ্মনঃ ভাৰত বৰ্ষৰ ভিতৰত এটাই জনগোষ্ঠী আছে যাক সৰ্বাধিক প্ৰতাৰণা কৰা হৈছে। আমাৰ জনজাতিকৰণৰ আন্দোলন ১০০ বছৰ হৈছে। তিনিখন দেশৰ সৈতে থকা মানুহখিনি কোচ ৰাজবংশী। বাংলাদেশ, ভূটান আৰু নেপালত আমাক ভাগ কৰা হ'ল।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহলে অসম সুৰক্ষিত নহয়। আমি ভাতখালে পাছফালে চাই খাব লাগে। আমাৰ এনেকুৱা এক অৱস্থাৰ সৃষ্টি হৈছে। কোনে, কেতিয়া, কি লৈ যায় তাৰ কোনো নিশ্চয়তা নাই।
কংগ্ৰেছ চৰকাৰে বহু সময় পোৱাৰ পাছতো জনজাতিকৰণ নকৰিলে। বিজেপিয়ে তেতিয়া আমাৰ সমৰ্থনত ৰাজপথলৈ আহিছিল। এতিয়া তেওঁলোক ক্ষমতাত আছে তেওঁলোকে জনজাতিকৰণ কৰা নাই। কংগ্ৰেছে আকৌ কৈছে জনজাতিকৰণ হ’ব লাগে। এইদৰেই ৰাজনীতি হৈছে।
বসন্ত গগৈঃ জনজাতিকৰণ অসমৰ ছটা জনজাতিক কিয় লাগে? অসম আন্দোলনত ৮৫৫ জনে প্ৰাণ হেৰুৱালে। সশস্ত্ৰ আন্দোলনত ১৫ হাজাৰ অসমীয়াই প্ৰাণ হেৰুৱালে। অসম তেতিয়াহে সুৰক্ষিত হ’ব যেতিয়া ছয় জনগোষ্ঠীৰ জনজাতিৰকৰণ হ’ব।
অসমৰ অধিকাৰ যাতে অসমৰ থলিগিৰি খিলঞ্জীয়াৰ হাতত নাথাকে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। অসমৰ ৰাইজৰ হাতত ৰাজনৈতিক অধিকাৰ থাকিলে অশোক সিংহালৰ দৰে নেতা মন্ত্ৰী হ'ব নোৱাৰে। বদৰুদ্দিন আজমল নেতা হ'ব নোৱাৰে।
আদানি, আম্বানিক হাজাৰ হাজাৰ মাটি দিছে। মই ঘৰৰ পিছফালে নাঙল লৈ হাল বাই থকা মাটিখিনি কেতিয়া মোৰ হাতৰ পৰা যাব তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে। এই গোটেই ব্যৱস্থা দিল্লীৰ পৰা নিয়ন্ত্ৰিত হৈ আছে আৰু দিল্লীয়ে তাত সহযোগ কৰিছে।
- Sep 15, 2025 12:48 IST
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আৰু বাস্তৱিকতা শীৰ্ষক আলোচনা চক্ৰ আৰম্ভ
প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত উপস্থিত আছে আটছাৰ সভাপতি ধীৰাজ গোৱালা, সভাপতি আটছু, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোঁহাই, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বৰা, আক্ৰাছু ৰ সাধাৰণ সম্পাদক বলুৰাম বৰ্মন, আৰু সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে।
- Sep 15, 2025 12:14 IST
''মই চিনেমাৰ জৰিয়তে নহয়, অসমীয়া পৰিচালক আৰু কাহিনীৰ জৰিয়তেহে অসমীয়া চিনেমাৰ প্ৰতি আকৰ্ষিত হৈছিলো''-যশপাল শৰ্মা
যশপাল শৰ্মাঃ মই চিনেমাৰ জৰিয়তে অসমীয়া চিনেমাৰ প্ৰতি আকৰ্ষিত হোৱা নাছিলো। মই প্ৰথমে অসমীয়া পৰিচালক আৰু কাহিনীৰ জৰিয়তেহে অসমীয়া চিনেমাৰ প্ৰতি আকৰ্ষিত হৈছিলো। বিশ্বজিত বৰা মোৰ প্ৰথম পৰিচালক। তেওঁৰ সৈতে দুখন চিনেমা কৰিছিলো। তাৰে এখনত বাহাৰুল ইছলামো আছিল। সেই চিনেমাত অসমীয়া ভাষা, সংস্কৃতি, পৰম্পৰা, নিয়ম, নীতি সকলো আছিল। বহু সময় অসমত পাৰ কৰিছিলো।
মই বাহাৰুল দাক কৈছো মই অসমীয়া চিনেমাৰ বিষয়ে বেছি নাজানো। কিন্তু তেওঁ ক’লে আপোনাৰ আঞ্চলিক চিনেমাৰ বিষয়ে বহু কথাই জানে। বহু আঞ্চলিক চিনেমাত কাম কৰিছে। তাৰ আধাৰতে কিছু কথা ক’ব পাৰে।
মই জাহ্নু বৰুৱা ডাঙৰীয়াৰ সৈতে প্ৰথম কাম কৰিছিলো। ছিকিমত আমি সেই ছবিৰ শ্বুটিং কৰিছিলো। কিন্তু প্ৰডিউচাৰগৰাকীৰ মৃত্যু হোৱাত ছবিখনে মুক্তি লাভ নকৰিলে। তেওঁৰ লগত কাম কৰাৰ সময়তহে জানিবলৈ পাৰিলো তেওঁ কিমান চিনেমা কৰিছে, কিমান ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছে। তাৰ পাছত বিশ্বজিত বৰাক লগ পালো।
- Sep 15, 2025 12:05 IST
NSD-এ মোক শিকালে তুমি যোগো কৰিব লাগিব, ভাৰতীয় সাহিত্যও পঢ়িব লাগিব, পশ্চিমীয়া সাহিত্যও পঢ়িব লাগিবঃ বাহাৰুল ইছলাম
বাহাৰুল ইছলামঃ শৈশৱৰ পৰাই মোৰ সপোন আছিল মিঠুন চক্ৰৱৰ্তীৰ দৰে হোৱা। মই ভাবিছিলো, মই ক’লা মিঠুন চক্ৰৱৰ্তীও ক’লা । সেয়ে ময়ো মিঠুনৰ দৰেই হ’ব বিচাৰিছিলো। সেই সময়ত অসমীয়া ছবি জগতত কোনো ক’লা অভিনেতা নাছিল। পুলক গগৈ ডাঙৰীয়াই মোক সুযোগ দিছিল।
মোৰ সপোন আছিল এন এছ ডিলৈ যোৱা। এতিয়াও সকলোৱে বিশ্বাস কৰে পইছাৰে একো নহয়, দক্ষতাও বহু গুৰুত্বপূৰ্ণ। পৰিয়ালত কোনো তেনেকুৱা নাছিল, লিগেছী নাছিল। এন এছ ডিত প্ৰথম প্ৰচেষ্টাতেই আসন লাভ কৰিলো।
এন এছ ডিয়ে মোক শিকালে তুমি যোগো কৰিব লাগিব, ভাৰতীয় সাহিত্যও পঢ়িব লাগিব, পশ্চিমীয়া সাহিত্যও পঢ়িব লাগিব। তাত শ্বেক্সপীয়েৰ, কালিদাস সকলো আছিল। সেয়ে লাহে লাহে মনত যি মিঠুন চক্ৰৱৰ্তী আছিল সেয়া নোহোৱা হ’ল। মই ভাবিলো- ল’ৰা তই অসমীয়া, অসমলৈ ঘূৰি যা।
সেই মতেই মই ঘৰলৈ ঘূৰি আহিলো আৰু থিয়েটাৰ কৰিবলৈ আৰম্ভ কৰিলো। নিজৰ মনত যিয়েই চিন্তা আহিল তাক থিয়েটাৰত প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলো।
মোৰ গুৰু বিবি কৰণজীয়ে কৈছিল, সদায়েই নতুন মানুহৰ সৈতে কাম কৰিবা, মক্কা যাবলৈ প্ৰয়োজন নাই, ওপৰৰ পৰা দোৱা পাই থাকিবা।
- Sep 15, 2025 11:50 IST
''মই চিনেমা নিৰ্মাতা হোৱাৰ কথা কেতিয়াও ভবা নাছিলো''- ৰীমা দাস
ৰীমা বৰাঃ মই চিনেমা নিৰ্মাতা হোৱাৰ কথা কেতিয়াও ভবা নাছিলো। মুম্বাইলৈ আহিছিলো এগৰাকী অভিনেত্ৰী হ'বলৈ।অভিনেত্ৰী হিচাপে মই মোৰ কেৰিয়াৰত কোনো বিশেষ কাম কৰিব নোৱাৰিলো।
চিনেমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলো মই তেতিয়া সেইবোৰক এখন পেইণ্টিং হিচাপে চাবলৈ বিচাৰিলো। মোৰ লগ’ত একো ৰিছ’ৰ্ছ নাছিল। যেতিয়া মই চিনেমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলো তেতিয়া মোৰ পৰিয়ালো আচৰিত হৈ পৰিল।
মই যি কৰি আছো সেয়া কেৱল মোৰ ভালপোৱা। চিনেমাৰ জৰিয়তে কাহিনী কোৱা মোৰ বাবে এক প্ৰাৰ্থনা।ভিলেজ ৰকষ্টাৰ যেতিয়া মই নিৰ্মাণ কৰিলো, তেতিয়া মই নিজেই নিজক প্ৰশ্ন কৰিলো সঁচাকৈয়ে ময়েই কৰিলো নে? তাৰ পাছতেই মই চিনেমা নিৰ্মাণ কৰাৰ ওপৰত অধিক গুৰুত্ব দিলো।
- Sep 15, 2025 11:39 IST
''অসমৰ চলচ্চিত্ৰ উদ্যোগৰ চিনেমেটিক যাত্ৰা'' শীৰ্ষক আলোচনা আৰম্ভ
চলচিত্ৰপ্ৰেমীসকলক আকৰ্ষণ কৰা উদ্দেশ্যে 'দ্য কনক্লেভ-২০২৫' ত অসমৰ চলচ্চিত্ৰ উদ্যোগৰ চিনেমেটিক যাত্ৰা শীৰ্ষক আলোচনা আৰম্ভ। আলোচনাত ভাগ লৈছে বিশিষ্ট অভিনেতা যশপাল শৰ্মা, প্ৰবীণ অভিনেতা বাহাৰুল ইছলাম আৰু আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে।
অনুষ্ঠানটোৰ মডাৰেটৰ স্মিতাক্ষী বি গোস্বামী। তেওঁ আৰম্ভণিতে আটাইকেইজন পেনেলিষ্টিক আদৰণি জনায়।
- Sep 15, 2025 11:27 IST
'৬ বজাৰ পিছত ভাৰতীয় টিভিত খবৰ নাথাকে, মতামত থাকে;' সকলোৱে এজনে আনজনৰ ওপৰত চিঞঁৰে': নীতিন এ গোখলে
নীতিন এ গোখলেয়ে তেওঁৰ ভাষ্যত দশকজুৰি প্ৰযুক্তিয়ে কেনেদৰে সাংবাদিকতাক সলনি কৰিছে সেই সন্দৰ্ভত আলোচনা কৰি তেওঁৰ সাংবাদিকতাৰ জীৱনযাত্ৰাক “টেলিগ্ৰামৰ পৰা টেলিগ্ৰাম এপ”লৈ যাত্ৰা বুলি। কাৰ্গিলৰ লগত অপাৰেচন সিন্দুৰৰ তুলনা কৰি তেওঁ উল্লেখ কৰে যে কাৰ্গিলৰ সময়ত সাংবাদ মাধ্যমে, সাংবাদিকে মাটিৰ পৰা দেখা ঘটনাসমূহ দেখুৱাইছিল, কিন্তু এতিয়া প্ৰযুক্তিয়ে সময় আৰু স্থান দুয়োটাই খহাই পেলাইছে—তথ্য প্ৰেৰণ আৰু গ্ৰহণৰ ধৰণ সলনি কৰিছে।
গোখলেয়ে এতিয়া সন্ধিয়া ৬ বজাৰ পিছত ভাৰতীয় টিভিৰ অৱস্থাক লৈ দুখ প্ৰকাশ কৰি কয়, এই সময়ত টিভিৰ বাতৰি “খবৰ নহয়, মতামত”। এংকৰ আৰু পেনেলিষ্টে এজনে আনজনৰ ওপৰত চিঞৰি থকা অৱস্থালৈ পৰিণত হৈছে। ১৫ বছৰৰ আগতে টেলিভিছনে যি স্থান অধিকাৰ কৰিছিল, তাক এতিয়া ডিজিটেল মাধ্যমেই পুনৰ দখল কৰিছে।
তেওঁ ডিজিটেল সাংবাদিকতাত অভিজ্ঞতাৰ অভাৱক এটা ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি কয়, “এতিয়া খবৰ সংগ্ৰহ কৰা বিষয়টো দ্বিতীয় স্থানলৈ ঠেলি দিয়া হৈছে। প্ৰত্যেকখন যুদ্ধৰ এটা ৰাজনৈতিক লক্ষ্য থাকে। তেওঁ কয়, অপাৰেচন সিন্দুৰ “যুদ্ধ নহয়, এক বিৰতিহে” দেশে আগন্তুক ছয় মাহৰ ভিতৰত পুনৰ আন এটা অপাৰেচন দেখিবও পাৰে।
- Sep 15, 2025 11:10 IST
''সংবাদ মাধ্যম হিচাপে আমাৰ ভূমিকা শক্তিশালীজনকহে প্ৰশ্ন কৰা, সেইজন ব্যক্তিক নহয় যি বিৰোধীত আছে'' - শচীন গগৈ
শচীন গগৈঃ সংবাদ মাধ্যমৰ ভূমিকাৰ সন্দৰ্ভত ক’বলৈ গ’লে মোৰ মনত পৰে জনপ্ৰিয় আমেৰিকান লেখক ডগলেছ কেনেডীৰ এটা বাক্য। তেওঁ কৈছিল-আমি সকলোৱে কথা পাতো অসত্যক আমি কিমান বেছি বেয়া পাওঁ, কিন্তু আমি প্ৰায়ে অসত্যকে অগ্ৰাধিকাৰ দিওঁ। কাৰণ আমি অসত্যক প্ৰত্যাহ্বান জনোৱাৰ বিপৰীতে সুবিধাজনক অসত্যতহে সুবিধা বিচাৰি পাওঁ। এয়াই অপ্ৰিয় সত্য।
বিশ্বৰ বিভিন্ন প্ৰান্তত বিবিচিয়ে কি কৰিছে, কি নকৰিছে তাক লৈ বিভিন্ন অভিযোগেৰে অভিযুক্ত। আমি তাক স্বীকাৰ কৰোঁ।
বিবিচিত যোগদান কৰাৰ পাছত মোক মোৰ সম্পাদকগৰাকীয়ে কৈছিল- সংবাদ মাধ্যম হিচাপে আমাৰ ভূমিকা শক্তিশালীজনকহে প্ৰশ্ন কৰা, সেইজন ব্যক্তিক নহয় যি বিৰোধীত আছে।সংবাদ প্ৰতিষ্ঠান হিচাপে আমাৰ কাম চৰকাৰৰ ভাষ্য প্ৰকাশ কৰা নহয়। চৰকাৰে তেওঁলোকৰ ভাষ্য জনতাৰ মাজলৈ লৈ যাবলৈ বহু মাধ্যম আছে।
এগৰাকী ভাৰতীয় হিচাপে মই আনতকৈ কম দেশপ্ৰেমিক বুলি নাভাবো। কিন্তু যেতিয়া মই লেপেলডাল লগাই লওঁ, কীব'ৰ্ডৰ সন্মুখত যেতিয়া সাজু হওঁ তেতিয়া মই এগৰাকী খঙাল দেশপ্ৰেমিক হ’ব নোৱাৰো। মই এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কাম কৰো। আমি প্ৰায়ে পাহৰি যাওঁ সংবাদ মাধ্যমে ‘’টাৰ্গেট অডিয়েনচ’ৰ বাবে কাম কৰে। আমাৰ ক্ষেত্ৰত, মই যেতিয়া কেমেৰাৰৰ সন্মুখত থিয় হওঁ, যেতিয়া বাতৰি লিখো তেতিয়া মই সমগ্ৰ বিশ্বৰ দৰ্শক, পঢ়ুৱৈৰ কথা ভাবোঁ।
- Sep 15, 2025 10:51 IST
'অপাৰেচন সিন্দুৰ'ৰ সময়ত ভাৰতীয় ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত চলিল কেৱল ‘নৌটংকি’
সংগীতা বৰুৱা পিছাৰোটি: 'অপাৰেচন সিন্দুৰ'ৰ সময়ত ভাৰতীয় ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত চলিল কেৱল ‘নৌটংকি’। প্ৰচাৰ হ’ল কেৱল ভুৱা খবৰ। প্ৰীণ্ট আৰু ডিজিটেল মিডিয়াই নিজৰ দায়িত্ব পালন কৰিলে।
আমাৰ 'ৱায়াৰ' সংবাদ প্ৰতিষ্ঠান ১২ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ল।কাৰণ চি এন এনে যি প্ৰতিবেদন প্ৰচাৰ কৰিছিল আমিও সেয়াই প্ৰচাৰ কৰিছিলো।
টেলিভিছন চেনলৰ এনে অৱস্থাৰেই পৰিণতি শেহতীয়াকৈ নেপালত অস্থিৰ পৰিবেশত ভাৰতীয় টেলিভিছন চেনেলৰ সংবাদ কৰ্মীৰ ওপৰত হোৱা 'জঘণ্য' ব্যৱহাৰ। কিন্তু ডিজিটেল মিডিয়াৰ কৰ্মীৰ সৈতে তেনে ঘটনা সংঘটিত হোৱা দেখা নাই।
- Sep 15, 2025 10:37 IST
''অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ'' শীৰ্ষক আলোচনা সত্ৰ আৰম্ভ
''অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ'' শীৰ্ষক এই আলোচনা সত্ৰৰ আঁত ধৰিছে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে। এই আলোচনাত ভাগ লৈছে জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিছাৰোটি (দ্য ৱায়াৰ), শচীন গগৈ (এডিটৰিয়েল লিড, এছিয়া পেছিফিক বিবিচি), আৰু নীতিন এ গোখলে (ভাৰতশক্তি গোটৰ প্ৰতিষ্ঠাপক)।
অংশগ্ৰহণকৰা প্ৰতিগৰাকী সমল ব্যক্তিয়ে আদৰণি স্মিতাক্ষী বি গোস্বামীৰ।
- Sep 15, 2025 09:53 IST
কনক্লেভৰ দ্বিতীয় দিনৰ প্ৰথম আলোচনা সত্ৰৰ বিষয়- ''অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ''
উত্তৰ-পূবৰ বিভিন্ন সমস্যা তথা গুৰুত্বপূৰ্ণ দিশ সামৰি দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত আয়োজন কৰা সাদিন- প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ ২০২৫ ৰ আজি দ্বিতীয় দিন। এই অনুষ্ঠানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমাজ, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষাকে ধৰি পৰিবেশ, জলবায়ু আদি বিভিন্ন বিষয় সামৰি সূক্ষ্ম সূক্ষ্মকৈ আলোচনা কৰা হ’ব।
সোমবাৰে পুৱা ১০ বজাত অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ শীৰ্ষক অষ্টম আলোচনা চক্ৰখন অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠানৰ আঁত ধৰিব প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে। এই আলোচনাত ভাগ ল'ব জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিছাৰোটি (দ্য ৱায়াৰ), শচীন গগৈ (বিবিচি), আৰু নীতিন এ গোখলে (ভাৰতশক্তি গোটৰ প্ৰতিষ্ঠাপক)।
সবিশেষ পঢ়ক এই লিংকতঃ দ্য কনক্লেভ ২০২৫ ৰ আজি দ্বিতীয় দিন...
সাজু হৈ আছে দ্য কনক্লেভ-২০২৫ ৰ মঞ্চ - Sep 15, 2025 09:43 IST
উত্তৰ-পূবৰ সমস্যা, সম্ভাৱনাক লৈ আৰম্ভ হোৱা এক বিপ্লৱ...
উত্তৰ- পূৰ্বাঞ্চল সমস্যা আৰু সম্ভাৱনাৰে ভৰা। সমস্যাবোৰ সমাধান আৰু সম্ভাৱনাবোৰক সম্পদলৈ ৰূপান্তৰ কৰিবলৈ লাগে উপযুক্ত মঞ্চত ইয়াৰ চৰ্চা আৰু আলোচনা। সেই লক্ষ্য আগত ৰাখিয়েই প্ৰতিদিন মিডিয়া নেটৱৰ্কে অনুষ্ঠিত কৰি আহিছে 'দ্য কনক্লেভ'।
প্ৰতিদিন গোষ্ঠীৰ চতুৰ্থ সংস্কৰণৰ দ্য কনক্লেভ ২০২৫ নতুন দিল্লীৰ দ্য অশোকত ১৪ ছেপ্তেম্বৰ ২০২৫ৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। প্ৰথম দিনা মুঠ ৭খন আলোচনা সত্ৰত ৰাজ্যখনৰ লগতে সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ দিশ আৰু বিষয়ক লৈ বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰা হয়।
কনক্লেভ সন্দৰ্ভত 'বিশেষ লেখা' পঢ়ক এই লিংকতঃ উত্তৰ-পূবৰ সমস্যা, সম্ভাৱনাক লৈ আৰম্ভ হোৱা এক বিপ্লৱ...