ডবকাত চুৰি বাইকসহ চোৰ গ্ৰেপ্তাৰ, VIDEO

ডবকাত চুৰি বাইকসহ চোৰ গ্ৰেপ্তাৰ, VIDEO

ডিজিটেল সংবাদ, ডবকাঃ বৃহস্পতিবাৰে নিশা ডবকা আৰক্ষীয়ে নগাওঁ চামগুৰিত অভিযান চলায় চুৰি হোৱা এখন পালছাৰ সহ এজন চোৰক গ্ৰেপ্তাৰ কৰে৷ যোৱা ৩১ ডিচেম্বৰৰ আবেলি ডবকা চহৰৰ বড় মছজিদৰ সন্মুখৰ পৰা চামচুদ্দিন নামৰ এজন যুৱকৰ এখন পালছাৰ বাইক চুৰি হৈছিল৷ চুৰি হোৱা বাইকখনৰ নম্বৰ এএছ-০২এএ-৭৫৮০৷ লগে লগে চামচুদ্দিনে ডবকা আৰক্ষী থানাত বাইক চুৰি হোৱা সন্দৰ্ভত এটি গোচৰ তৰিছিল৷

ডবকা আৰক্ষীয়ে এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত অৱ্যাহত ৰাখিছিল৷ বৃহস্পতিবাৰে নিশা এক গোপন তথ্যৰ ভিত্তিত ডবকা আৰক্ষীয়ে নগাঁৱৰ চামগুৰিত অভিযান চলাই চুৰি হোৱা বাইকখনৰ লগতে এজন চোৰক গ্ৰেপ্তাৰ কৰে৷ ধৃত চোৰটোৰ নাম চমিৰ আলী।

ঘৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত কৰৈগুৰী গাঁৱত৷ চোৰটো বেছিভাগ সময় নাগালেণ্ডৰ ডিমাপুৰত থকা বুলি জানিব পৰা হৈছে৷ ইতিমধ্যে ডবকা আৰক্ষীয়ে আৰু অধিক তথ্যৰ বাবে চোৰটোক মাৰাথান জেৰা অব্যাহত ৰাখিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in