আজিৰ পৰা আকৌ এটা নতুন বছৰৰ আৰম্ভণি। এই আৰম্ভণিতে সকলোৱে নতুন প্রত্যাশাৰে আগবাঢ়ি যোৱাৰ পণ ল'ব লাগিব। সমাজত বহু মানুহৰ জীৱন সংগ্রাম অবিৰতভাৱে চলি থাকে।তেওঁলোকৰ জীৱনত নাই কোনো আড়ম্বৰপূর্ণ আয়োজন।সেইসকলৰ বাবে হয়তো নতুন বছৰ বুলিও কোনো কথা নাই।
সম্পদশালী, প্রতিপত্তিশালীৰ কথা সুকীয়া। তেওঁলোকে জীৱনটো নিতৌ ন ন পৰিকল্পনাৰে যাপন কৰে। কেৱল যাপন কৰাই নহয়, উদ্যাপন কৰে। তেওঁলোকৰ বাবে কেউফালে ভোগৰ সামগ্রী বিয়পি আছে। পণ্যৰ এখন বিশাল বজাৰৰ তেওঁলোক ক্রেতা-বিক্রেতা। পুঁজিবাদী অর্থনীতিয়ে বহুজাতিকৰ হতুৱাই সকলোতে এখন মনোমোহা বজাৰ পাতি লৈছে। সর্বসাধাৰণ লোক এই বজাৰখনৰ প্রত্যক্ষ ক্রেতা নহয়। অথচ তেওঁলোকৰ শ্রম আৰু ঘামেবে তৈয়াৰী প্রতিটো বিজ্ঞাপন জিলিকি উঠা ভোগৰ সামগ্রীসমূহ।
পুঁজিনির্ভৰ অর্থনীতিক জীপাল কৰি ৰখাৰ তাগিদাতে নির্মাণ হোৱা উচ্চ উচ্চ দালান-অট্টালিকা, বাট-পথ, বজাৰ-সমাৰকে ধৰি নামী-দামী হোটেল-ৰেস্তোৰাঁৰ জুতিলগা খাদ্য-সম্ভাৰ, অত্যাধুনিক সাজ-পোছাক তৈয়াৰ কৰা সকলোৱেই কিন্তু শ্রমিক। সেইদৰে খেতিপথাৰত সোণগুটি ছটিওৱা খেতিয়কসকলো শ্রমজীবী লোক। এই শ্রমিক, কৃষকসকল পুঁজিবাদী অর্থনীতিৰ হাতিয়াৰহে, তেওঁলোক উপভোক্তা নহয়।
ভোগৰ সামগ্রী তেওঁলোকে তৈয়াৰহে কৰে, কিন্তু সেই সামগ্ৰীবোৰ তেওঁলোকৰ ভোগৰ বাবে নহয়। কাৰণ সর্বসাধাৰণ শ্রমজীৱী লোকৰ ক্রয় ক্ষমতা নাথাকে। কঠোৰ শ্রমৰ বিনিময়ত কোনোমতে দুবেলা-দুমুঠি যোগাৰ কৰোতেই তেওঁলোকৰ জীৱন পাত হয়। সমাজৰ এমুঠিমান মানুহৰ হাতত অর্থনীতিক নিয়ন্ত্রণৰ অপাৰ ক্ষমতা থাকে। সেয়ে তেওঁলোক বজাৰৰ মালিক।
বাকী মধ্যবিত্ত, নিম্নবিত্ত লোকেৰে ভৰা বৃহৎ অংশটোক সাধাৰণ ক্রেতা হিচাপে লৈ পুঁজিবাদী ব্যৱস্থাৰ অধীনত চলি থকা পণ্য সামগ্রীৰ বজাৰখন চলি থাকে। সেই অর্থতে এতিয়া ভোগবাদেই হৈছে প্রচলিত সমাজ-অর্থনীতিৰ মূল উপাদান। ব্যক্তিৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ আৰু সমাজৰ পৰা দেশ-দেশান্তৰ হৈ এই ভোগবাদৰে অভাৱনীয় বিস্তৃতি।
ভোগবাদেই এতিয়া মানুহৰ মূল্যবোধ, জীৱনবোধ, জীৱন আৰু জগত সম্পর্কে থকা সচেতনতাক গ্রাস কৰিবলৈ ওলাইছে। এনে পৰিবেশ-পৰিস্থিতিত সমাজত পৰিশীলিত জীৱনবোধ জগাই তোলাৰ অতিকৈ প্রয়োজন আহি পৰিছে। প্রচলিত ব্যৱস্থাত ক্রমাৎ বৃদ্ধি পাই গৈ থকা আর্থিক- সামাজিক বৈষম্য দূৰ কৰিবলৈ হ'লে আমি সকলোৱে নতুন দৃষ্টিভংগীৰে বিষয়বোৰ পর্যবেক্ষণ কৰিব পাৰিব লাগিব।
নতুন বছৰটোক আদৰণি জনাবলৈ গৈ আমি আমাৰ ঐতিহ্য, পৰম্পৰাক পাহৰিব নালাগিব। বিশ্বায়নে বোৱাই অনা অপসংস্কৃতিয়ে যাতে আমাৰ জাতীয় সংস্কৃতিৰ বৰপথাৰখন প্ৰদূষিত কৰিব নোৱাৰে, তাৰ বাবে সকলোৱে সচেতনতাৰে থিয় দিব লাগিব। কথাটো এনে নহয় যে সমাজৰ কেউফালে কেবল নেতিবাচকতাহে আছে। নানা প্রত্যাহ্বান নেওচি ইতিবাচক চিন্তা আৰু কৰ্মৰ জগত এখনো সমানেই আগবাঢ়িছে।
বৈষম্য, কুসংস্কাৰৰ বিৰুদ্ধে প্রতিবাদো সংগঠিত হৈছে, শোষণ-নিষ্পেষণৰ হাতোৰাৰ পৰা মুক্তি বিচাৰি নতুন প্রজন্মই ৰাজপথত জনতাক জগায়ো তুলিছে। হিংসা-প্রতিহিংসাৰ দাবানলতে মানবতাব জয়গানো গোৱা হৈছে। বিগত বৰ্ষটোত বিশ্বৰ প্রান্তে প্রান্তে যিদৰে সাম্রাজ্যবাদী আক্রমণ-প্রত্যাক্রমণ চলিছে, সেইদৰে তাৰ বিৰুদ্ধে গণতন্ত্রৰ উমাল দাবীত মানুহ সংগঠিতও হৈছে।
পেলেষ্টাইনৰ গাজা ভূখণ্ডত নেটান্যাহু বাহিনীয়ে চলোৱা শিশুৰ হত্যালীলাৰ বিৰুদ্ধে প্রতিবাদী ঢৌ লণ্ডন, নিউয়ৰ্কৰ পৰা ফ্রান্স, ইটালীলৈকে বৈ গৈছে। আনকি ইজৰাইলতে ইজৰাইলী যুদ্ধবাজ সেনাৰ নৃশংসতাক ধিক্কাৰ দিয়া হৈছে। পাৰ হৈ যোৱা ২০২৩ বর্ষটোত সংঘটিত এনে কেইবাটাও ঘটনাই মানুহৰ জীবনবোধক নতুনকৈ প্রতিষ্ঠা কৰাৰ ইংগিত বহন কৰিছে।
সেয়া লাগিলে আফ্রিকা, ইৰানেই হওক বা ইউক্রেইন, পেলেষ্টাইনেই হওক, সকলোতে মানবতাৰ হকে মানুহে সাহসেৰে থিয় দিয়াৰ দৃষ্টান্ত গঢ়িছে। অন্যায়-অনীতিৰ বিৰুদ্ধে ন্যায় আৰু সততাৰ এই যুঁজ অনাদি কালৰ পৰাই চলি আছে। প্রতিবাৰেই কিন্তু নতুন আশাৰে মানুহৰ মন উদ্ভাসিত হৈ পৰিছে। সেই অর্থত পুৰণি হৈ পৰা বছৰটোক বিদায় দি নতুন বছৰটোক আদৰি লোৱাৰ পৰ্বও আৰম্ভ হৈছে। এই শুভক্ষণত আমি ৰাইজলৈ নতুন বছৰৰ উমাল শুভেচ্ছা জ্ঞাপন কৰিছো।
Also Read: নতুন বছৰৰ পুৱাই চাই লওক দিনটোৰ ৰাশিফল...