চৰকাৰৰ দায়িত্ব

চৰকাৰৰ দায়িত্ব

author-image
Asomiya Pratidin
New Update
অস্তমিত মহাতাৰকা

চৰকাৰৰ দায়িত্ব

বতৰৰ সঘন পৰিবৰ্তনৰ মাজতে মানুহৰ মাজত নানান অসুখ-বিসুখে দেখা দিছে। এই অসুখ-বিসুখবোৰ উদ্ভৱ হৈছে মূলতঃ বতৰ পৰিবৰ্তনক কেন্দ্ৰ কৰিয়ে। বিশেষকৈ বায়ু সংক্রমিত জীৱাণুৰ দ্বাৰা আক্ৰান্ত হৈ মানুহ জ্বৰ-কাহত জীয়াতু ভুগিছে।

অসমত গ্রীষ্মকালত সততে দেখা দিয়া বায়ু সংক্রমিত ভাইৰেল ডিজিজ'ৰ প্ৰাদুৰ্ভাৱ বা ইয়াৰ ব্যাপকতা ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ তৎপৰতা দেখা নাযায়। এই সন্দৰ্ভত গৱেষণা-অনুসন্ধানৰো প্ৰয়োজন আছে, চৰকাৰী স্বাস্থ্য বিভাগে এইবোৰ দায়িত্ব কিবা পালন কৰিছে নে নাই, একো জনা নাই।

কোৰোনাৰ পিচত বিশ্বৰ সকলোতে ৰাইজ-চৰকাৰ সচেতন হৈছে, অসমতো জ্বৰৰ প্রাদুর্ভাৱৰ মাত্ৰালৈ লক্ষ্য কৰি অনুসন্ধানৰ প্রয়োজন আছে। এই জ্বৰ-কাহ কোৰোনাৰে কিবা নতুন বংশধৰ নহয়তো? আজিকালি জাতি-ধৰ্মত ব্যস্ত হৈ থকা চৰকাৰে ৰাইজৰ জ্বৰ-কাহৰ পিচত পৰি থাকিবলৈ আহৰি নাপায়।

চৰকাৰৰ এনে দায়িত্বহীনতাৰ উদাহৰণ আমি কাৰ্বি আংলঙতে দেখিবলৈ পাইছো। পাহাৰীয়া ৰাজ্যখনত এতিয়া ডেংগিয়ে সর্বগ্রাসী ৰূপ ধাৰণ কৰিছে। প্ৰায় ঘৰে ঘৰে মানুহ ডেংগিত আক্রান্ত। কার্বি আংলঙত ডেংগিৰ বিস্তৃতি যে হঠাৎ হৈছে এনে নহয়, যোৱা বছৰৰ নৱেম্বৰতে গুৰুতৰ ৰূপ লৈছিল।

বিগত বছৰৰ নৱেম্বৰ মাহতে চৰকাৰে নিজেই সদৰী কৰিছিল জিলাখনৰ ডেংগিৰ পৰিস্থিতি। সেই মাহটোত শতাধিকজন আক্ৰান্ত হৈছিল, মৃত্যুও হৈছিল দুজনৰ। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই দুদিন আগতে সদৰী কৰা অনুসৰি চলিত বছৰত ২,১২২ জনৰ দেহত ডেংগিৰ সংক্ৰমণ ধৰা পৰিছে।

ইয়াৰে দুজনৰ মৃত্যু হৈছে। মৃত্যু হোৱা দুয়োজনে কাৰ্বি আংলং জিলাৰ । মন কৰিবলগীয়া কথাটো হ'ল ডেংগি আক্ৰান্ত মুঠ ৰোগীৰ ১,৮৫৩ জনেই কাৰ্বি আংলং জিলাৰ। আন জিলাকেইখন হ'ল ক্ৰমে ডিমা হাচাও (৪৯ জন), কামৰূপ মহানগৰ (৩৩ জন), কামৰূপ (২৫ জন) আৰু যোৰহাটৰ (১৯ জন)।

চৰকাৰী তথ্য অনুসৰি বিগত বৰ্ষত ৰাজ্যত ডেংগিত আক্ৰান্ত ২৭ জন ৰোগীৰ বিপৰীতে মৃত্যু হৈছিল দুজনৰ। অস্বস্তিকৰ কথা হ'ল এয়াই যে চৰকাৰী তথ্যবোৰ সদায়ে নির্ভুল বুলি ক'ব নোৱাৰি। কোৰোনা মহামাৰীৰ সময়ত আক্রান্ত ৰোগী আৰু মৃতকৰ সংখ্যাৰ হিচাপ-নিকাচবোৰতে চৰকাৰৰ সততাৰ প্ৰতি মানুহৰ মনত যি প্ৰশ্নৰ উদয় হৈছিল, সেয়া আজিও মাৰ যোৱা নাই।

কাৰ্বি আংলং আৰু ডিমা হাচাওৰ ভিতৰুৱা অঞ্চলবোৰত চৰকাৰী স্বাস্থ্য সেৱা মুঠেও স্বস্তিদায়ক নহয়। যাতায়াত ব্যৱস্থাও দুর্গম। ভিতৰুৱা অঞ্চলবোৰত সাধাৰণতে বেমাৰ-আজাৰবোৰে জটিল ৰূপ নোলোৱালৈ ৰোগীক চিকিৎসালয়লৈ নিবই খোজা নহয়। ঘৰুৱা বা পৰম্পৰাগত ঔষধ-পাতিৰে ৰোগ নিৰাময়ৰ চেষ্টা কৰা হয়।

আর্থিক তথা যাতায়াত দুৰৱস্থাৰ বাবেও ৰোগী সুচিকিৎসাৰ পৰা বঞ্চিত হ'বলগা হয়। তেনে দুর্গম গাঁৱে-ভূঞে গৈ পৰিস্থিতিৰ বুজ লোৱাৰ বা তথ্য সংগ্ৰহ কৰাৰ চৰকাৰী দায়িত্বসমূহো সঠিকভাৱে পালন কৰা নহয়। গতিকে ডেংগি মেলেৰিয়াৰ দৰে সংক্ৰমিত ৰোগৰ নিৰ্ভুল তথ্য চৰকাৰে সংগ্ৰহ কৰিব পাৰিছে বুলি আশা কৰা নাযায়।

বিভিন্ন সংবাদ উৎসৰ পৰা জানিব পৰা গৈছে যে কাৰ্বি আংলং, ডিমা হাচাও, হোজাই আদি কেতবোৰ জিলাৰ পৰা ডেংগি আক্ৰান্ত ৰোগীক উন্নত চিকিৎসাৰ বাবে মহানগৰৰ ব্যক্তিগত খণ্ডতো ভৰ্তি কৰিবলগা হৈছে। উক্ত জিলাকেইখনত দিনে দিনে পৰিস্থিতিৰ যিধৰণে অবনতি ঘটিছে, সেই অনুসাৰে চৰকাৰৰ বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাই।

উদ্বিগ্নতাৰ কথা এয়াও যে ডেংগিৰ সংক্রমণ এতিয়া ৰাজ্যজুৰি বৃদ্ধি পাইছে। কেৱল ডেংগিয়েই নহয়, সংহাৰী ৰূপ লৈছে জাপানী এনকেফেলাইটিছেও। মেলেৰিয়াৰো প্রাদুর্ভাব ঘটিছে। স্বাস্থ্য মন্ত্রীয়ে নিজেই জনোৱামতে জুলাই মাহৰ পৰা আগষ্টৰ আৰম্ভণিলৈ মাত্ৰ এইকেইটা দিনতে ৰাজ্যত জাপানী এনকেফেলাইটিছ ৰোগত ২৭৪ জন আক্ৰান্ত হৈছে, ১১ জনৰে মৃত্যু হৈছে।

বিগত বৰ্ষত এই সময়ছোৱাত তেনে ৰোগীৰ সংখ্যা আছিল ৩২৫ আৰু ৫৩ জনৰ মৃত্যু হৈছিল। চৰকাৰৰ তথ্যৰ পৰাই জনা গৈছে যে ৰাজ্যখনৰ প্ৰায় সকলোতে জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে। ইফালে সমান্তৰালভাৱে এই সময়ছোৱাত মেলেৰিয়া ৰোগত আক্ৰান্তৰ সংখ্যাও ক্রমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে।

এই পর্যন্ত প্ৰায় তিনিশ ৰোগী চিনাক্ত কৰা হৈছে বুলি জনা গৈছে। উল্লেখ কৰাৰ আৱশ্যক নাই যে বাৰিষা কালত মহ-ডাঁহৰ সংক্ৰমণজনিত ৰোগৰ বৃদ্ধি মাত্ৰাধিক্য হৈ পৰে। এই সময়ছোৱাত ৰোগৰ জীৱাণুবাহক মহ ডাঁহৰ বংশবৃদ্ধি ঘটে। বন্ধ পানীত মাহে কণী পাৰি সহজে বংশবৃদ্ধি ঘটায়।

মহৰ বংশবৃদ্ধি নঘটিবলৈ চৰকাৰে এই সময়খিনিত জনসাধাৰণক যিধৰণে সজাগ কৰি তুলিব লাগিছিল বা নিজেও যি ব্যৱস্থা ল'ব লাগিছিল, তেনে কিবা কাম দায়িত্বসহকাৰে কৰিছে বুলি ক'ব নোৱাৰি। বাৰিষা শেষ হ'বলৈ এতিয়াও বহুদিন বাকী। বৃষ্টিপাতো অব্যাহত থাকিব। বানৰ আশংকাও আছে।

গতিকে চৰকাৰে এনেধৰণৰ ৰোগৰ প্ৰতিৰোধ আৰু নিৰাময়ৰ হকে যদি পৰিকল্পিত উপায় হাতত নলয়, তেনেহ'লে পৰিস্থিতি অনিয়ন্ত্ৰিত হ'ব পাৰে। জীৱনহানিৰ পৰিমাণো বাঢ়িব পাৰে। ৰাইজৰ জীৱন আৰু স্বাস্থ্যৰ সুৰক্ষাৰ দায়িত্ব পালন কৰাটো কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ। আচলতে মানুহৰ দুৰ্যোগ কালত ত্ৰাণকৰ্তাৰ ভূমিকা ল'ব পৰা দায়িত্ববোধ আৰু দক্ষতাৰ ওপৰতহে একোখন চৰকাৰৰ প্ৰকৃত সফলতা পৰিস্ফুট হৈ পৰে।

Also Read: মহানগৰীত দশম আৰক্ষী বাহিনীৰ কাষতে চুৰি কাণ্ড...

অসম চৰকাৰ স্বাস্থ্য বিভাগ