মৃদুল কুমাৰ সন্দিকৈ
এজন মানুহ এদিন এখন গাঁৱলৈ গৈছিল। গাঁওখনত উপস্থিত হৈ মানুহজনে বুজি উঠিছিল কিবা এটা। বান্দৰৰ প্ৰকোপত গাঁৱবাসীয়ে একো কৰিব নোৱাৰা অৱস্থা। য'তে ত'তে কেৱল বান্দৰ আৰু বান্দৰ।
বন বিভাগ, আৰক্ষীক বহু কাকুতি মিনতি কৰাৰ পাছতো বান্দৰবোৰক তাৰ পৰা খেদি পঠিয়াবলৈ কোনোৱে একো পদক্ষেপ গ্ৰহণ কৰা নাছিল। সেই সুযোগকে ব্যৱহাৰ কৰিবলৈ মানুহজনে এক পৰিকল্পনা কৰিলে।
দুদিনমানৰ পাছত মানুহজনে দুটা ল'ৰা সেই গাঁওলৈ পঠালে। ল'ৰা দুটাৰ হাতত এটা সৰু মাইক আৰু এখন বিশেষভাৱে নিৰ্মিত গাড়ী আৰু কিছু ধন দিছিল মানুহজনে। গাঁওখনৰ এটা তিনিআলিলৈ আহি মানুহজনে কৈ পঠোৱাৰ দৰেই মাইকটো লৈ এজনে গাঁৱবাসীয়ে শুনাকৈ চিঞৰিলে - বান্দৰ বিক্ৰী কৰিব নেকি বান্দৰ...।
সেই ঘোষণা শুনি দুই এজন মানুহ আগবাঢ়ি আহিল। গাঁৱবাসী আচৰিতো হ'ল। গাঁৱবাসীয়ে গ'ম পালে তেওঁলোক আহিছে বান্দৰ কিনিবলৈ। এটা এটা বান্দৰৰ দাম নিৰ্ধাৰণ কৰিছে ৫০ টকা।
প্ৰথম দিনা দুটা বান্দৰ কিনি ল'ৰা দুটা উভতিল। মানুহজনক ক'লেগৈ মানুহে বান্দৰ বিক্ৰী নকৰে। দিনটো থাকি মাত্ৰ দুটা বান্দৰহে পালো।মানুহজনে সিহঁতক বান্দৰ কেইটা নিৰ্মাণ কৰি থোৱা গৰালৰ ভিতৰত ভৰাই আৰু দুদিনমান তেনেকৈ বান্দৰ বিচাৰিছ তালৈ যাবলৈ নিৰ্দেশ দিলে।
সেই নিৰ্দেশ পালন কৰি প্ৰায় এসপ্তাহ গাঁওখনলৈ গৈ ৫০ টা মান বান্দৰ সিহতে কিনি আনিলে। মানুহজনে ল'ৰা দুটাক বান্দৰ কেইটাৰ খোৱা ব্যৱস্থা আৰু চোৱা-চিতা কৰিবলৈ কৈ ক'লে- এতিয়া আৰু বান্দৰ কিনিবলৈ যাব নালাগে।
তাৰ ১০ দিন মানৰ পাছত মানুহজনে আকৌ সিহতক সেই গাঁওখনলৈ বান্দৰ বিচাৰি পঠিয়ালে। পূৰ্বৰ যি স্থানত সিহতে ৰৈছিল সেই স্থানতে ৰৈ মাইকত আকৌ ঘোষণা দিলে- বান্দৰ বিক্ৰী কৰিব নেকি বান্দৰ। এটা বান্দৰত পাব ১০০ টকা।
সেইদিনা প্ৰায় ২০-২৫ টা মান বান্দৰ গাঁৱবাসীৰ পৰা ল'ৰা দুটাই কিনিলে। পিছদিনাও তেনেকৈ গৈ আৰু কিছু বান্দৰ ক্ৰয় কৰি আনিলে। বান্দৰবোৰ গৰালত পূৰ্বৰ দৰে থৈ ল'ৰা দুটাক ক'লে আৰু ৭ দিনৰ পাছত তহতি তালৈ যাবি। এইবাৰ একোটা একোটা বান্দৰ ৫০০ কৈ দি ক্ৰয় কৰিবি।
ল'ৰা দুটা আচৰিত হ'ল। এই বান্দৰবোৰ ক্ৰয় কৰি এই মানুহজনে কি কৰিব। এক প্ৰকাৰ পগলা বুলিয়েই ধৰি ল'লে সিহঁতে। তথাপিও দৰমহা যেতিয়া পাই আছে কাম কৰাতনো কি অসুবিধা বুলি ভাৱি পুনৰ ৭ দিনৰ পাছত একেই ধৰণে সেই গাঁওলৈ দুয়ো গ'ল।
মানুহবোৰে যেতিয়া শুনিলে একোটা একোটা বান্দৰত ৫০০ কৈ দি ক্ৰয় কৰিব বাকী কাম বাদ দি জাল বা আন ধৰণে বান্দৰ ধৰাৰ অভিযানত গাঁৱবাসী নামি গ'ল। সেইবাৰ ১০০ ৰো অধিক বান্দৰ ল'ৰা দুটাই কিনি আনিলে প্ৰথম দিনাই।
বান্দৰবোৰ কিনাৰ পাছত মানুহজনৰ বৃহৎ গৰালত গাঁওৰ বান্দৰবোৰ ভৰি পৰিল। বান্দৰৰ উপদ্ৰৱত থাকিব নোৱাৰা গাঁওখনত দুই এটাহে বান্দৰ থাকিল গৈ। দুদিনমান বিৰতি দি আকৌ গাঁওখনলৈ বান্দৰ কিনিবলৈ ল'ৰা দুটাক মানুহজনে পঠাই দিলে। এইবাৰ একোটা একোটা বান্দৰ হাজাৰ টকাত কিনিলে দুয়োৱে।
গাঁওতটো বান্দৰ শেষ। ওচৰ-পাজৰৰ হাবি-বন চলাথ কৰি গাঁৱবাসীয়ে বিচাৰি আনি থোৱা আন ৫০ টা মান বান্দৰ মানুহজনে ল'ৰা দুজনৰ জৰিয়তে কিনি আনি নিজৰ গৰালত ভৰাই দিলে।
ল'ৰা দুটাক আকৌ বান্দৰ বিচাৰি গাঁওখনলৈ পঠিয়াই কৈ পঠালে যে এইবাৰ একোটা বান্দৰ ২০০০ কৈ দি কিনি আনিবি।যাঁওতে ল'ৰা দুটাই কথা পাতিলে সঁচাকৈ মানুহজনৰ বিকৃতি ঘটিছে। ধন থাকিলে বুলিয়েই মানুহে এইবোৰ কাম নকৰে। সেই দিনা ল'ৰা দুটাই এটাও বান্দৰ নাপালে।
গাঁওৰ মানুহবোৰে বান্দৰ বিচাৰি দিনটো ঘূৰি-ফুৰিব ধৰিলে। পিছদিনা আকৌ ল'ৰা দুটাই গৈ বান্দৰ বিচাৰি ঘোষণা দিলে- বান্দৰ আছে নেকি ৰাইজ বান্দৰ। এটা বান্দৰ বিক্ৰী কৰিলে পাব ৩০০০ টকা।
এনেকৈয়ে কেইবাদিনো ঘোষণা দি ল'ৰা দুটা গাঁওৰ পৰা ঘূৰি আহিল সুদা হাতে। মানুহজনে ক'লে তহত দুটা কাম শেষ । তহতি বান্দৰবোৰ চোৱা-চিতা কৰ, মই নতুন ল'ৰা ৪ টা সেই গাঁওলৈ পঠাম।
বান্দৰ ক্ৰয় কৰা এই খবৰ সৰ্বত্ৰে বিয়পি পৰিছিল। দুখন বান্দৰ ভৰ্তি গাড়ী লৈ গাঁওৰ দুই মূৰে ল'ৰা দুটাই মাইক লৈ চিঞৰিলে- বান্দৰ কিনিব নেকি বান্দৰ। বান্দৰ বিচাৰি ফুৰা মানুহবোৰ জুমুৰি খাই পৰিল। সুধিলে দাম কিমান। ল'ৰা কেইটাই ক'লে- এটা বান্দৰৰ দাম ২০০০ টকা।
মানুহবোৰে চিন্তা কৰিলে বান্দৰ বিচাৰি ফুৰা ল'ৰা কেইটাইটো শেষৰবাৰ এটা বান্দৰত ৩০০০ টকাকৈ দিম বুলি কৈছিল। ২০০০ ত কিনি থ'লেও প্ৰতিটো বান্দৰত ১০০০ টকাকৈ লাভ।
মাত্ৰ দুটা দিনত বান্দৰ বিক্ৰী কৰি শেষ হৈ গ'ল গাঁওখনত। মানুহবোৰে ঘৰতে বান্দৰবোৰ বান্ধি মেলি অপেক্ষা কৰিলে বান্দৰ কিনিবলৈ অহা ল'ৰা দুটালৈ। দিনৰ পাছত দিন পাৰ হ'ল বান্দৰ কিনিবলৈ আহিম বুলি কৈ যোৱা ল'ৰা কেইটা নাহিল।
গাঁওৰ মানুহে মূৰে কঁপালে হাত দিলে। কিন্তু সেই বান্দৰবোৰকলৈ ধুনীয়াকৈ ব্যৱসায় কৰি ধন ঘটিলে সেই মানুহজনে। বান্দৰবোৰ কিনোতে তেওঁৰ মুঠ ব্যয় হৈছিল ১ লাখ ৪ হাজাৰ ৫০০ টকা।
সেই ধন ব্যয় কৰি গাঁওৰ মানুহবোৰকেই পুনৰ বান্দৰবোৰ বিক্ৰী কৰি প্ৰায় ৬ লাখ টকা ঘটিলে তেওঁ। ২০০০ কৈ ৩০০ বান্দৰ গাঁওত বিক্ৰী কৰিছিল তেওঁ। এয়াই হ'ল ব্যৱসায়। এনে বেপাৰে জানো নকৰে আদানীয়ে।
শ্বেয়াৰ মাৰ্কেটৰ নিজৰ কোম্পানীৰ শ্বেয়াৰ উচ্চ দামত ক্ৰয় কৰোৱাই আন কোম্পানীৰ জৰিয়তে ।যিবোৰ কোম্পানীয়ে তেওঁৰ শ্বেয়াৰ ক্ৰয় কৰে সেইবোৰ তেওঁৰেই পৰিচালিত দেশী-বিদেশী কোম্পানী।
আদানীৰ শ্বেয়াৰৰ মূল্য অবিশ্বাস্য হাৰত বঢ়া দেখি সাধাৰণ মানুহেও ভাৱে আদানীৰ কোম্পানীৰ শ্বেয়াৰ কিনাই ভাল। হিণ্ডেনবাৰ্গে সেই ৰহস্য ফাদিল নকৰা হ'লে আদানী আৰু কিমান ধনী হ'লহেতেনে সেই কথা কোনোৱে কল্পনাই কৰিব নোৱাৰে।
ৰহস্য ফাদিল হোৱাত আদানীৰ সাম্ৰাজ্যত চুনামী নামিছে। নতুন মুদ্ৰা নীতিৰে আদানীক ৰক্ষণা-বেক্ষণৰ চেষ্টা চলিছে। পোহৰলৈ আহিছে নতুন নতুন তথ্য। এবছৰতেই ৮০০ শতাংশৰো অধিক শ্বেয়াৰ মূল্য বৃদ্ধি হোৱা আদানীৰ এই কোম্পানীবোৰত বিনিয়োগ কৰা আন প্ৰতিষ্ঠিত কোম্পানীয়ে নিজৰ বিনিয়োগ উঠাই নিছে।
মৰিচাছৰ দুই ৰহস্যজনক কোম্পানীৰ পৰা আদানীৰ গ্ৰুপলৈ বৃহত পূঁজি আহিছিল। পূঁজিপতি আদানীৰ কোম্পানীত বৃহত বিনিয়োগ কৰা গ্ৰেট ইন্টাৰনেচনেল টাস্কাৰ ফাণ্ড আৰু আয়ুস্মাথ লিমিটেড নামৰ এই মৰিচাচৰ কোম্পানী দুটাৰ ভূমিকাক লৈ প্ৰশ্ন উঠিছে।
আদানীৰ শ্বেয়াৰ বেচা কিনাত জড়িত আছে মৰিচাছৰ দুটা বেংক ক্ৰমে- ইলোৰা কেপিটেল আৰু মনাৰ্ক কেপিটেল। এই সন্দৰ্ভত এতিয়া তদন্তও চলাব লগা হৈছে ছেবিয়।
চিকিউৰিটিছ এণ্ড একচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া চমুকৈ ছেবিৰ প্ৰতিনিধিয়ে এই বেংক দুটাৰ লগত যোগাযোগ চলাইছে। মুঠতে আদানীৰ দিন ভালে চলা নাই। ১১০ বিলিয়ন ডলাৰ সম্পত্তি তেওঁৰ হ্ৰাস পাইছে।
আন্তৰ্জাতিক ৰেটিং প্ৰতিষ্ঠান মুদিছে আদানীৰ ৪ টা কোম্পানীৰ ৰেটিং নিম্নগামী কৰিছে। আদানী গ্ৰীণ এনাৰ্জী, আদানী টেঞ্চমিছন, আদানী ইলেক্ট্ৰিচিটি আৰু আদানী গ্ৰীণ এনাৰ্জি ৰেচট্ৰিকটেড গ্ৰুপৰ শ্বেয়াৰ মূল্য হ্ৰাল পোৱাৰ ফলতেই ৰেটিঙৰ স্থান নিম্নগামী হোৱা বুলি মুদিছে প্ৰকাশ কৰিছে।
আদানীৰ বেপাৰ অকল ভাৰতত নাছিল। আদানীক বিনিয়োগ বহু বিদেশী কোম্পানীয়ে কৰিছিল। বৰ্ধিত মূল্য শ্বেয়াৰ দেখুৱাই আদানীয়ে বেংকৰ পৰা লাখ লাখ কোটি টকা ঋণ লৈছিল।এই বান্দৰ বেপাৰীটোৰ সৈতে আদানীৰ যেন কৰবাত মিল আছে।
এজনে বান্দৰ বেপাৰ কৰি নিজেই কিনি নিজেই বিক্ৰী কৰিছিল, আনজনে শ্বেয়াৰৰ বেপাৰ কৰি নিজেই দাম বঢ়াই নিজৰ সম্পত্তি বৃদ্ধি কৰি গৈছিল। বিশ্বৰ ১ নম্বৰ ধনী ব্যক্তি হোৱাৰ দিশে গৈ থাকোতেই হিণ্ডেনবাৰ্গে যেন সকলো ফাদিল কৰি দিলে।