প্ৰজন্মৰ আলাপ...

তেতিয়া আৰু এতিয়াৰ মাজত বহু পাৰ্থক্য।আজিৰ প্ৰজন্মইভাৱে পুৰণি সময়বোৰত কিনো আছিল?

author-image
Asomiya Pratidin
New Update
প্ৰজন্মৰ আলাপ...

মৃদুল কুমাৰ সন্দিকৈ

তেতিয়া আৰু এতিয়াৰ মাজত বহু পাৰ্থক্য।আজিৰ প্ৰজন্মইভাৱে পুৰণি সময়বোৰত কিনো আছিল? পুৰণি প্ৰজন্মই ভাৱে এই সময়তকৈ পুৰণি সময়বোৰেই শ্ৰেষ্ঠ। সেই ধাৰণাৰ কাৰণ প্ৰজন্মৰ মাজত গঢ় লৈ উঠা পাৰ্থক্য।

ককা আৰু নাতিৰ আধুনিক সংলাপক লৈ তেতিয়া আৰু এতিয়াৰ মাজৰ ছবিখন কল্পনা কৰিব পাৰি। প্ৰযুক্তিৰে জীৱন আগুৱাই নিয়া আধুনিক নাতিয়ে ককাক হঠাৎ প্ৰশ্ন কৰিলে- ককা, তোমালোকৰ সেই সময়বোৰ বৰ বিৰক্তিকৰ আছিল ন ? তেতিয়াটো একোৱেই নাছিল। এই ধৰা কম্পিউটাৰ , মোবাইল, ভিডিঅ' গেম, ইন্টাৰনেট, ছ'চিয়েল মিডিয়া আদি নথকাকৈ তোমালোকে কেনেদৰে সময়বোৰ অতিবাহিত কৰিছিলা?

কিছ সময় ককাকে নাতিয়েকৰ মুখলৈ চাই উত্তৰ দিছিল- আমাৰ দিনত সেইবোৰ নাছিল সঁচা। কিন্তু সেইবোৰতকৈ বহু কিবা কিবি বেছি আছিল। ককাকৰ উত্তৰত সন্তুষ্ট হোৱা নাছিল নাতিয়েক। অতি শেহতীয়া আৰ্টিফিচেল ইন্টেলিজেঞ্চ (AI)ৰ কথা উল্লেখ কৰি নাতিয়েকে ককাক বুজাইছিল এতিয়া কি পৰ্যায়লৈ গৈছো আমি।

তভক মাৰি ককাকে কথাবোৰ পাগুলিয়াই লৈছিল মনত। এইবোৰ নথকাকৈ আমি সুখেৰে জীয়াই আছিলো। তেওঁ কৈ গৈছিল- এতিয়া যেনেকৈ বহু বস্তু আছে বুলি ভাবিলেও বহু বস্তু অবিহনে তোমালোকে জীয়াই থাকিব পাৰিছা।

এতিয়ানো কি নাই। সকলোতো হাতৰ মুঠিত। প্ৰযুক্তিৰ বলত এতিয়া অসম্ভৱ বোলা একো নাই। কোৱাচোন তুমি কি পোৱা নাই আমি। ককাকক প্ৰশ্ন কৰিলে নাতিয়েকে। গহীন-গম্ভীৰ সুৰত ককাকে ক'বলৈ আৰম্ভ কৰিলে- এতিয়াৰ প্ৰজন্মৰ সংকোচ নাই, নাই দয়া-মমতা, ভগৱানত বিশ্বাস নাই, নম্বৰ পাই প্ৰকৃত শিক্ষা নাপায়, ব্যক্তি হয় ব্যক্তিত্বৰ গৰাকী নহয়, বিনয়-সততা নাই, আছে কেৱল তথ্য প্ৰযুক্তিয়ে দিয়া এখন চমক ভৰা পৃথিৱী।

আমাৰ বাবে জীৱন পৰম প্ৰাপ্তি আৰু সুখৰ আধাৰ আছিল। আমি পিয়াহ লাগিলে কুৱা, দমকলৰ পানী খাব পাৰিছিলো। পানী খাবলৈ আমাক মিনাৰেল ৱাটাৰৰ প্ৰয়োজন হোৱা নাছিল। বন্ধুৰ সৈতে খেলিছিলো। যি মন যায় তাকেই কৰিছিলো।

আমি স্বাৱলম্বী আছিলো। ফুটবল খেলিবলৈ ৰবাব টেঙা পাৰি আনিছিলো,দৰা-কইনা খেলিবলৈ পুৰণা কাপোৰেৰে পুতুলা সাজিব পাৰিছিলো, গাড়ী চলাবলৈ মন গ'লে তামোলৰ ঢকুৱাত কাৰোবাক উঠাই টানিছিলো। একো নাছিল বুলি এতিয়াহে তোমালোকে ভাবিছা কিন্তু তেতিয়া সেইবোৰেই আমাৰ বাবে বহুত আছিল।

সেই উপলব্ধিত অস্তিত্ব আছিল, আছিল পৰস্পৰৰ প্ৰতি বিশ্বাস, আন্তৰিকতা আৰু দায়বদ্ধতা। পৰিয়াল মানেই গভীৰ আন্তৰিকতাৰে বান্ধ খোৱা এক সম্পৰ্ক আছিল। এতিয়াৰ দৰে তেতিয়া কোনো বস্তুয়েই ভাৰ্চুৱেল নাছিল।

আমি ডাঙৰক সন্মান কৰিব শিকিছিলো।নিজৰ বাবে নিজেই কি কৰিব লাগে সেই বিদ্যা দেখি ঠেকি শিকিছিলো। কিবা খাবলৈ মন গ'লে বাৰীৰ পিছফালে দৌৰিছিলো। আম-জাম, মধুৰিৰ গছত বগাইছিলো। এতিয়াৰ দৰে অভিভাৱকে দোকানৰ পৰা আনি দিয়া খাদ্যৰ ওপৰত আমি নিৰ্ভৰশীল হ'বলৈ শিকা নাছিলো।

ককাকৰ কথা শুনি নাতিয়েকৰ অন্তৰ্জগতত বহু কথাই ভুমুকি মাৰিছিল। কল্পনা কৰিছিল ককাকৰ সেই দুনীয়া খনৰ কথা। বহু কাহিনী ককাকে কৈছিল। শৈশৱৰ সেই সোণালী দিনবোৰৰ স্মৃতিয়ে ককাককো নষ্টালজিক কৰি তুলিছিল।

ডাঙৰক শ্ৰদ্ধা-সন্মান কৰিব জনা প্ৰজন্ম আছিলো আমি। কিবা নাই বুলি হতাশাত ভুগি থকা নাছিলো কেতিয়াও। যি আছিল তাকলৈয়ে আমি সন্তুষ্ট হৈছিলো। সেয়াই আমাৰ বাবে বহুত আছিল। ককাকে নাতিয়েকক উদ্দেশ্যি বৰ আৱেগিকভাৱে কথাবোৰ কৈ গৈছিল।

উপলব্ধি কৰিছিল যেন নাতিয়েকো ককাকৰ সেই কথাবোৰ। তাৰপাছত ককাকৰ সুৰতেই সুৰ মিলাই নাতিয়েকেও ক'বলৈ আৰম্ভ কৰিছিল- সকলো থাকিও চোন এতিয়া একো নাই। অস্তিত্বহীন এখন পৃথিৱীৰ বাসিন্দা আমি। য'ত পাইয়ো একো নাপায়। সেই উপলব্ধি কৰিবলৈ কাৰোৱেই আজৰি নাই।

সুখ আৰু আনন্দৰ বাবে প্ৰযুক্তি নালাগে। প্ৰযুক্তিয়ে যিমান দিছে তাতকৈ বেছি আমাৰ পৰা কাঢ়ি নিছে। আমি মানুহ হৈ থকা নাই এতিয়া। যন্ত্ৰৰ পৰা যন্ত্ৰ হৈ গৈ আছো। আমাৰ বিবেক-বিচাৰ-বুদ্ধিও এতিয়া তথ্য আৰু প্ৰযুক্তিৰ নিৰ্ভৰশীল হৈ পৰিল। ককাকে নাতিয়েকৰ চকুলৈ চালে। কিছু সময় পূৰ্বে এ আই(AI) ৰ কথা কোৱা নাতিয়েকে ককাকৰ কথাত হয় বুলি লাহেকৈ মূৰ দুপিয়ালে।

Also Read: এদিন খাবলৈ গৈছিল, এতিয়া চাবলৈ যাওঁক মণিপুৰ...

life