মৃদুল কুমাৰ সন্দিকৈ
এখন বিশেষ ফটো।অনুবীক্ষণ যন্ত্ৰত কিবা এটা চাই আছে মহাত্মা গান্ধীয়ে । ১৯৪০ চনৰে ফটো সেইখন। ফটোখন আজিও উপলব্ধ http.//medicalmicro.dlogspot.com ত। অনুবীক্ষণ যন্ত্ৰৰ জৰিয়তে সেই সময়ত মহাত্মা গান্ধীয়ে কি চাইছিল তাক লৈ চৰ্চা হোৱা নাই। আজি ৰাজনীতিক প্ৰেক্ষাপটত এই ফটোখনৰ প্ৰাসংগিকতা অন্যধৰণে উপস্থাপন কৰিব পাৰি।
গণতন্ত্ৰত গণতান্ত্ৰিক প্ৰমূল্যোবোধ অতিকৈ প্ৰয়োজন। সেই প্ৰমূল্যবোধ ৰক্ষা কৰাত শাসকৰ সমানে বিৰোধিৰো ভূমিকা থাকে। ১৮৮৫ চনৰ কথা, সমগ্ৰ দেশতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এক আন্দোলনৰ সূত্ৰপাত হৈছিল। তেতিয়া মুম্বাইত দেশৰ বিভিন্ন প্ৰান্তৰ ৭২ গৰাকী প্ৰতিনিধি লগ লাগিছিল সেই সকলৰ ভিতৰত দাদা ভাই নৌৰজী, সুৰেন্দ্ৰ নাথ বেনাৰ্জী, চাৰ ফেৰোজেশ্বা মেহতা, ডব্লিই চি বেনাৰ্জী, এছ ৰামশ্বামী মুডালী, ৰমেশ চন্দ্ৰ দত্ত আৰু এজন ইংৰাজ এলান এক্টোভিয়ান হিউম আছিল অন্যতম।
সেই সময়ত এই সভাখন পুনেত হোৱা কথা আছিল যদিও প্লেগৰ বাবে মুম্বাইলৈ স্থানান্তৰিত কৰা হৈছিল। ১৮৮৫ চনৰ ২৮ ৰ পৰা ৩১ ডিচেম্বৰলৈ অনুষ্ঠিত সভাতেই গঠন হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। প্ৰাক-স্বাধীনতাৰ যুগত গঠন হোৱা এই ৰাজনৈতিক দলটো এসময়ত বিশ্বৰে অন্যতম ডাঙৰ আৰু পুৰণি ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছিল।
স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই দলটোৰ সভাপতি হৈছিল মহাত্মা গান্ধী। ১৯২৪ চনত মহাত্মা গান্ধীয়ে কংগ্ৰেছ দলক নেতৃত্ব দিছিল। দাদা ভাই নৌৰজী, বিপিন চন্দ্ৰ পাল, লালা লাজপট ৰায়, গোপাল কৃষ্ণ গোখলে আদি নেতা জড়িত হৈ আছিল এই দলটোৰ সৈতে। সত্যগ্ৰহ আন্দোলনৰ সময়ত গান্ধী আছিল এই দলটোৰ বাবে মূল দৰ্শন আৰু মাগনিৰ্দেশক।
বহু উত্থান-পতনৰ সন্মুখীন হৈছে কংগ্ৰেছ। স্বাধীনতাৰ পৰৱৰ্তী সময়ত দেশৰ মূল ৰাজনৈতিক দল হৈ পৰিছিল কংগ্ৰেছ দল।সেই শক্তিশালী ভেঁটি হঠাত থৰক বৰক হ'ল। কংগ্ৰেছ যেন কৰবাত হেৰাই গ'ল।এনে এক ধাৰণা এতিয়া বৰ্তমান শাসনত থকা বিজেপিয়ে দিবলৈ সক্ষম হৈছে যে কংগ্ৰেছ মুক্ত ভাৰত মানেই দুৰ্নীতি মুক্ত দেশ।
শক্তিশালী সাংগঠানিক ভেঁটি থকাৰ পাছতো কংগ্ৰেছ এতিয়া ক'ত, কিহৰ বাবে অস্তিত্বহীন হৈ পৰিছে এই দলটো। পৰম্পৰাগতভাৱে দলটোৰ পৰিচালনা বা সাংগঠানিক নীতি ভুল নে কোনো এক পৰিয়ালৰ প্ৰতি অনুগত্যশীলতাই এই দলটোৰ কাল হৈছে। ইবাৰৰ পিছত সিবাৰ বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পাছতো কংগ্ৰেছে সংশোধন কৰিব পৰা নাই।
কংগ্ৰেছৰ নিজস্ব ধ্যান-ধাৰনা আৰু আত্ম বিশ্বাসে মানুহক বিশ্বাসযোগ্য বা পতিয়ন যাব পৰাকৈ ৰাজনৈতিক পৰিৱেশ গঢ়ি তুলিব নোৱাৰাৰ বিপৰীতে দলটোৰ ভিতৰ ভাগত ক্ষমতা আৰু লবী কেন্দ্ৰিক যুঁজে কংগ্ৰেছক নিশকটীয়া কৰি পেলাইছে।
মানুহৰো মনত বিজেপি বা আন কিছু দলে এনে কিছু ধাৰণা জগাই তুলিবলৈ সক্ষম হৈছে যে গান্ধী পৰিয়ালৰ বা নেহেৰু পৰিয়ালৰ নেতৃত্বত চলা এই দলটোৱে গণতন্ত্ৰত এক প্ৰকাৰৰ ৰাজতন্ত্ৰৰ দৰে বংশানুক্ৰমিক শাসন চলাই গৈছে। আৰু সেই ধাৰাবাহিকতা আজিও অন্ত পৰা নাই।
শেহতীয়াকৈ অনুষ্ঠিত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা আৰু কাহিল হৈ পৰিল।চিকিৎসা বিজ্ঞানৰ ভাষাত ক'বলৈ হ'লে কংগ্ৰেছ এতিয়া আইচিইউত। ভেন্টিলেটৰত থকা কংগ্ৰেছক চিকিৎসাৰ বাবে সু নেতৃত্বৰ প্ৰয়োজন। শাসনত থকাৰ সময়ত কংগ্ৰেছে ভুল কৰা অৰ্থ হ'ল দলটোক নেতৃত্ব দিয়া বা প্ৰতিনিধিত্ব কৰা এচাম নেতাৰ ভুল।
বিপৰ্যয়ৰ পাছতো কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই মন্থন বৈঠক অনুষ্ঠিত কৰে । সেয়া পৰম্পৰা। কিন্তু এই পৰম্পৰা ৰক্ষা কৰি মন্থন বৈঠকত কোনো ব্যৱহাৰিক সিদ্ধান্ত গান্ধী পৰিয়ালৰ বিপৰীতে গৈ ল'ব পৰাকৈ কংগ্ৰেছত যেন এতিয়া নেতাৰেই অভাৱ। ছোনিয়া গান্ধীক আঁতৰাই কোনোবা যোগ্য নেতাক নেতৃত্ব দিবলৈ কংগ্ৰেছৰ যি ২৩ গৰাকী নেতাই সাহ কৰি চিঠি লিখিছিল তেওঁলোক এতিয়া জি-২৩ নামৰ এটা গেং হৈ এলাগী হৈ ৰ'ল।
ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ছোনিয়া গান্ধী অনুগত্য হৈ থকা সেই স্তাৱক বাহিনীয়ে গান্ধী পৰিয়ালৰ বিফলতাৰ কথা নিজেও নকয় বা আনকো ক'ব নিদিয়ে। ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ শাৰীত ৰাহুল, প্ৰিয়ংকা বা ছোনিয়াক দেশবাসীয়ে থব বিচৰা নাই।
কংগ্ৰেছৰ ৱাকিং কমিটিৰ বৈঠকত সিদ্ধান্তৰ নামত কোনো সিদ্ধান্তই লোৱা নহ'ল। এনে ৰাজনৈতিক পোষ্টমোৰ্টেন কেৱল দেখুৱাবলৈ কৰা এখন নাটক।কংগ্ৰেছৰ পৰা বহু নেতা আঁতৰি গৈছে । কংগ্ৰেছৰ ভাল দিন থকাৰ সময়তে শৰদ পাৱাৰ, পিএ চাংমাৰ দৰে নেতা ওলাই আহিছিল। আৰু সেই ধাৰাবাহিকতা অটুট আছে কেৱল কংগ্ৰেছত থকা গান্ধী পৰিয়ালৰ দাদাগিৰীৰ বাবে।
মহাত্মা গান্ধীৰ সপোনৰ দল আৰু স্বপ্নৰ ভাৰত আজিও বাস্তৱ নহ'ল। কিন্তু তেওঁ যি লক্ষ্যৰে এক আধাৰ তৈয়াৰ কৰিছিল সেই আধাৰে ভাৰতক আধুনিক বিশ্বত নতুন ৰূপত তুলি ধৰিছিল।গান্ধীবাদৰ সেই আদৰ্শ এতিয়া পক্ষচ্যুত। এনে এক প্ৰেক্ষাপট সৃষ্টি কৰা হয় যে গান্ধী পৰিয়ালে কংগ্ৰেছৰ নেতৃত্ব এৰিব খোজে কিন্তু তেওঁলোকক আৱৰি থকা সকলে এৰিব নিদিয়ে।
অসুস্থ ছোনিয়া গান্ধী। ৰাহুল গান্ধীৰ ভাৱমূৰ্তিক পাপু ৰূপত তুলি ধৰি দেশৰ ৰাজনীতিতেই তেওঁক অপ্ৰাসংগিক কৰি পেলালে। পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আৰু অন্তৰ্কন্দলত জৰ্জৰিত কংগ্ৰেছে কেৱল বিফলতা বুটলিছে। ৰাজনীতিত ক্ষমতাই সৰ্বোচ্চ নহয়।বিৰোধী দল হিচাপে কংগ্ৰেছৰ ভূমিকাও শূণ্য। কেৱল সদনত যুক্তি তৰ্ক কৰাৰ বাদে এক জনমত গঠনেৰে চৰকাৰৰ বিফলতা সমূহক দাঙি ধৰিব নোৱাৰিলে। শাসনকালত কংগ্ৰেছৰ যি সকল নেতাই দুৰ্নীতি অনিয়ম সংঘটিত কৰিছিল সেই সকলক ৰঙা চকু দেখৱাই ৰাজনৈতিক ব্লেকমেইলিঙৰ নাটক এখন এতিয়াও চলি আছে।
অসমো ইয়াৰ ব্যতিক্ৰম নহয়। অসমৰ কংগ্ৰেছ নেতা সকলেও মুখ চুপতি সুচক মন্তব্যৰে দুই এদিন বাতৰিৰ শিৰোনাম দখল কৰাৰ বাদে আন কাম কৰিব পাৰিছে বুলি মনে নকয়। গণতন্ত্ৰত বিৰোধীৰ প্ৰয়োজনীয়তাক নুই কৰি গণতান্ত্ৰিক ব্যৱস্থাক হত্যা কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ পৃষ্ঠপোষকতাতেই চলিছে।
কংগ্ৰেছৰ নেতা সকলে নিজে নিজেই আকৌ কংগ্ৰেছৰ সুদিন ঘূৰি আহিব বুলি বাট চাই বহি আছে। তেওঁলোকে দেশৰ ৰাজনৈতিক ইতিহাসৰ পৰা কোনো শিক্ষা লোৱা নাই। ভাৰতীয় সংসদীয় ব্যৱস্থাত অংশ লৈ ক্ষমতাৰ বাঘজৰী লোৱা বহু ৰাজনৈতিক দল সময়ৰ সোঁতত হেৰাই গৈছে।
সেয়েহে এতিয়া কংগ্ৰেছৰ ভৱিষ্যতক লৈও সাধাৰণ লোক উদ্বিগ্ন। মহাত্মা গান্ধীৰ সেই ফটোখনকে প্ৰাসংগিক কৰি আজিৰ প্ৰেক্ষাপটত ক'ব পাৰি কংগ্ৰেছ ক'ত?