বৰষা শৰ্মা
১৯৮১ চনৰ পাছত ২৬ ফেব্ৰুৱাৰী ২০২৩ ত দ্বিতীয়বাৰৰ বাবে কাজিৰঙা ভ্ৰমণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।ইয়াৰ পূৰ্বে ভাৰতৰ ষষ্ঠজন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে ভ্ৰমণ কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২৫ ফেব্ৰুৱাৰীত আহি উপস্থিত হৈছে অসমত। ৩দিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা ৰামনাথ কোবিন্দক অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে জনতাইও আদৰণি জনাইছে।
উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাতত এটি দলিত পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ জীৱন পৰিক্ৰমা সহজ নহয়। নিজৰ জীৱন কালত অশেষ কষ্ট কৰি তেওঁ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৪৫ চনৰ ১ অক্টোবৰত জন্ম লাভ কৰা কোবিন্দৰ পিতৃ আছিল এগৰাকী খেতিয়ক আৰু দোকানী। তেওঁৰ মাতৃ গৃহিনী আৰু তেওঁৰ আছিল ৫ গৰাকীকৈ ভাতৃ আৰু দুই গৰাকী ভগ্নী। এটি দুখীয়া পৰিয়ালত জন্ম লাভ কৰা কোবিন্দে শিশু অৱস্থাতে হেৰুৱাইছিল মাতৃক। তেওঁৰ মাতৃ অগ্নিদদ্ধ হৈ মৃত্যু বৰণ কৰিছিল যেতিয়া তেওঁৰ বয়স মাত্ৰ ৫ বছৰ আছিল।
প্ৰাথমিক শিক্ষা শেষ কৰাৰ পাছত তেওঁ ঘৰৰ পৰা ৮ কিলোমিটাৰ দূৰত থকা বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। কোবিন্দ এনে এখন গাঁৱত বাস কৰিছিল য'ত কাৰো ওচৰত এখন চাইকেলো নাছিল। অতি কষ্টৰে স্কুলীয়া শিক্ষা শেষ কৰি কানপুৰৰ পৰা বানিজ্য শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।তাৰপাছত তেওঁ দয়ানন্দ এংলো বৈদক মহাবিদ্যলয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে।
কানুপুৰৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিয়েই তেওঁ অসামৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে দিল্লীলৈ যায় আৰু তিনিবাৰ প্ৰয়াস কৰাৰ পাছত তেওঁ সফলতা লাভ কৰে।তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাত ভাল নম্বৰ লাভ কৰাৰ সত্বেও অনুশীলন আৰম্ভ কৰিছিল আইনৰ। ১৯৭১ চনত তেওঁ দিল্লীৰ উকীল সন্থাত পঞ্জীভত হয়।কোবিন্দে ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ দিল্লীৰ উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।ইয়াৰ মাজতে তেওঁ ১৯৭৭-৭৮ চনলৈ ভাৰতৰ প্ৰধনমন্ত্ৰী দেচাইৰ ব্যক্তিগত সহায়ক হিচাপেও কাম কৰিছিল।ইয়াৰ পিছতেই তেওঁ ১৯৮৮ চনৰ পৰা ১৯৯৩ চনলৈ চৰকাৰৰ স্থায়ী পৰিষদৰূপে উচ্চতম ন্যায়ালয়ত সেৱা আগবঢ়াই। কেইবাবছৰো ওকালতি কৰাৰ লগতে ৰামনাথ কোবিন্দে সমাজৰ দুখীয়া শ্ৰেণীৰ মহিলা সকলক বিনামূলীয়া আইন শিক্ষা দিছিল।
প্ৰায় ১৯৯১ চনৰ পৰাই আৰম্ভ হয় ৰামনাথ কোবিন্দৰ ৰাজনৈতিক জীৱন।বিজেপিত যোগদান কৰা ৰামনাথ কোবিন্দে ১৯৯৮ চনৰ পৰা ২০০২ চনলৈ বিজেপিৰ দলিত মৰ্চাৰ সভাপতি আৰু সৰ্বভাতীয় কুলি সমাজৰ সভাপতি হিচাপে কাম কৰে।ইয়াৰ মাজতে তেওঁ পৰউকুষত থকা পিতৃ গৃহ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক দান কৰে।
১৯৯৪ চনত কোবিন্দ ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।প্ৰায় ১২ বছৰ জোৰা কাল তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে নিয়োজিত থাকি অনুসূচীত জাতি-জনজাতিৰ উন্নয়ন কমিটি, গৃহ দপ্তৰ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি বিভিন্ন বিভাগৰ লগত জড়িত আছিল।
২০১৫ চনৰ ৮ আগষ্টত বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা ৰামনাথ কোবিন্দে ১৬ আগষ্টত শপত গ্ৰহণ কৰিছিল। প্ৰায় ২ বছৰ ৰাজ্যপাল হিচাপে কাম কৰাৰ পাছত তেওঁ ২০১৭ চনত ভাৰতৰ ১৪তম ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে এনডিএ চৰকাৰে।ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাৰ পাছতেই সেইসময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক তেওঁ ৰাজ্যপালৰ পদত্যাগ পত্ৰ প্ৰদান কৰে আৰু ২০ জুলাইত তেওঁ নিৰ্বাচনত জয়ী হয়।
নিৰ্বাচনত জয়ী হোৱাৰ পাছতেই তেওঁ ভাৰতৰ দ্বিতীয় দলিত ৰাষ্ট্ৰপতি হোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টীয়ে মনোনীত কৰা প্ৰথম ৰাষ্ট্ৰপতি হিচাপে পৰিচিত হয়।২০১৭ চনৰ ২৫ জুলাইত তেওঁ ভাৰতৰ ১৪ তম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ২০১৭ চনৰ পৰা বৰ্তমান সময়লৈকে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাম কৰি গৈছে ৰামনাথ কোবিন্দে।
আজি ৰাষ্ট্ৰপতি গৰাকীৰ অসম ভ্ৰমণৰ সময় চোৱাত সাজু হৈ উঠিছে জিলা প্ৰশাসন। বিভিন্ন কাৰ্যসূচীত ভাগ লবলগীয়া ৰাষ্ট্ৰপতি গৰাকীয়ে নিশা ৰাজভৱনতে কটাব। তেওঁৰ ভ্ৰমণৰ সময়চোৱাত সংগ দিছে তেওঁৰ পত্নী আৰু কন্যাই। পুৱাই আহি প্ৰথমে কামাখ্যা মন্দিৰ দৰ্শন কৰা কোবিন্দে পৰৱৰ্তী সময়ত কলাক্ষেত্ৰত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব।