উদয়পুৰৰ দৰে শিলচৰৰ এই দৃশ্য ভাইৰেল নহয় কিয়?

উদয়পুৰৰ দৰে শিলচৰৰ এই দৃশ্য ভাইৰেল নহয় কিয়?

author-image
asomiyapratidin
New Update
উদয়পুৰৰ দৰে শিলচৰৰ এই দৃশ্য ভাইৰেল নহয় কিয়?

মৃদুল কুমাৰ সন্দিকৈ

ধৰ্ম কি? ধৰ্মই মানুহক অৰ্ধমী হ'বলৈ শিকাই নেকি? ৰাজস্থানৰ উদয়পুৰত সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰ পাছত বহু কথা চৰ্চিত হৈছে। হজৰত মহম্মদৰ বিৰূদ্ধে মন্তব্য কৰিছিল নূপুৰ শৰ্মাই। এই মন্তব্যক কেন্দ্ৰ কৰি বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কোনোবাই নূপুৰ শৰ্মাক সমৰ্থন আন কোনোবাই নূপুৰ শৰ্মাক সমৰ্থন কৰিছিল। নূপুৰ শৰ্মাক সমৰ্থন কৰা এজনক দিন দুপৰতে অতি নৃশংসভাৱে হত্যা কৰি তাৰ ভিডিঅ' প্ৰচাৰ কৰাত দেশজুৰি জোকাৰণিৰ সৃষ্টি হয়।

উদয়পুৰৰ কাণহায়ালাল তেলী নামৰ দৰ্জীজনে ধানমান্দিত থকা ভোটমহলৰ সমীপত এখন দোকান দিছিল। দোকানখনৰ নাম আছিল চুপ্ৰীম টেইলৰ্চ। দুপৰীয়া ডেৰমান বজাত দুজন যুৱক বাইকেৰে আহি কানহায়ালালৰ দোকানত প্ৰৱেশ কৰি কাপোৰ চিলোৱাৰ চলেৰে দৰ্জীজনক লগত লৈ অহা সৰু চুৰীৰে আক্ৰমণ কৰে। এই ঘটনাৰ ভিডিঅ' এজনে প্ৰস্তুত কৰি চ'চিয়েল মেডিয়াত আপলোড কৰিছিল।

উল্লেখযোগ্য যে কানহায়ালালক হত্যা কৰা আৰু ইয়াৰ কাৰণ এই ফেইচবুক পোষ্টৰ জৰিয়তে দুৰ্বৃত্তই জনাইছিল। কোনো অজ্ঞাত লোকে তেওঁক কিছুদিনৰ পৰা ভাবুকি দি আছিল। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িতৰ সন্দেহত ৰিয়াজ আনচাৰি আৰু মহম্মদ গৌচক গ্ৰেপ্তাৰ কৰে। ধৰ্মৰ নামত এনে বৰ্বৰতা কাৰো পক্ষৰে সহ্য কৰিব নোৱাৰি। সেই ধৰ্মীয় গোড়ামীৰ অন্তৰালত থকা গোপন এজেণ্ডা আৰু ইয়াৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া কোনোটোৱে এখন সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য নহয়।ৰাজস্থানৰ উদয়পুৰৰ দৰ্জী কানহায়ালালক হত্যা কৰা দুবৃৰ্ত্তদ্বয়ক ফাঁচী দিয়াৰ দাবী উঠিছে।

সেই সময়তে অসমত বানৰ পৰিৱেশৰ মাজত এক আলোকচিত্ৰৰ চৰ্চাৰ কাৰণ হৈ পৰিছে। আলোকচিত্ৰখন বৰাকৰ। শিলচৰৰ বান পৰিস্থিতি এতিয়াও শোচনীয় ইয়াতকৈয়ো পৰিস্থিতি অৱনতি ঘটিছিল। এতিয়াও বাটপথ পানীৰ তলত। সেই বানৰ মাজতে এখন আলোকচিত্ৰ সংগ্ৰহ কৰিছিল পাৰ্থ শীল নামৰ বিশিষ্ট ফটো সাংবাদিকগৰাকীয়ে।

এই আলোকচিত্ৰখনে হাজাৰটা শব্দই কব নোৱাৰা বহু কথা কৈ দিব পাৰে। এখন আলোকচিত্ৰ যে কিমান শক্তিশালী হ'ব পাৰে তাৰ প্ৰমাণ এই আলোকচিত্ৰখন।আলোকচিত্ৰখনত দেখা পোৱা গৈছে পানীত ডুবি থকা এজন বাবাক এখন নাও লৈ উদ্ধাৰ কৰিছে আন এজন ব্যক্তিয়ে। উদ্ধাৰ কৰা ব্যক্তিজনৰ সাজপাৰ মূৰৰ টুপী আৰু দাড়ীয়ে কয় তেওঁ কোন সম্প্ৰদায়ৰ।

বিপদৰ সময়ত সকলো এক। সেই সমন্বয়ৰ বাৰ্তা আছে এই আলোকচিত্ৰখনত। সম্প্ৰীতিৰ নিৰ্দশন আছে ইয়াত। এনেবোৰ খবৰ হয়তো আন বৰ্বৰ খবৰবোৰৰ দৰে প্ৰচাৰ নহয়। কিন্তু সমাজৰ বাবে এনে খবৰৰহে প্ৰয়োজন বেছি। এই খবৰবোৰে মানুহক এক কৰে। মনৰ ভিতৰত থকা মলিনতাক মোহাৰি সম্প্ৰীতিৰ পৰিৱেশ গঢ়ে।

সাম্প্ৰদায়িকতা ভাৰতৰ বাবে এক ডাঙৰ বেমাৰ। যিসকলে এই বেমাৰক নিৰাময় কৰিব পাৰে তেওঁলোকে এই বেমাৰৰ বীজাণু মানুহৰ মাজত বিয়পাই দিয়ে। ইয়াৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ সলনি বিভেদৰ বীজ সিঁচে।উদয়পুৰৰ ঘটনাৰ যিদৰে চৰ্চা হৈছে। শিলচৰৰ এই দৃশ্যও আমি চৰ্চা কৰাব বা কৰিব লাগে। এইবোৰ খবৰে সাম্প্ৰদায়িকতাৰ বজাৰ মেলি বহি থকা সকলৰ বজাৰত প্ৰভাৱ পেলাব। মানুহৰ বাবে মানুহেই ডাঙৰ শত্ৰু হৈ পৰিছে।

এনেকৈয়ে সৰু বুলি ভৱা একো একোটা দৃশ্যই সমাজৰ ধৰ্মত অন্ধ হৈ থকা লোক সকলৰ চকু মেল খোৱাব পাৰে। ধৰ্মক লৈ আমাৰ কিয় ইমান সংঘাত? ধৰ্মই আমাক কি দিয়ে? ইমান সংকীৰ্ণ হৈ আমি কি পাঁও? ব্যক্তিগত জীৱনত সেই সংঘাতৰ পৰিণাম আমি সাধাৰণ লোক সকলে ভোগ কৰিব লগা হয়।

ধৰ্মীয় এই বৰ্বৰতা ইয়াৰ সূত্ৰপাত সৰু সৰু কাহিনীবোৰৰ পৰা আৰম্ভ হৈ ক্ৰমশ ডাঙৰ হৈ গৈ থাকে। যি সকলে ইয়াৰ আঁৰত থাকে তেওংলোকৰ একো অনিষ্ট নহয়। এই উগ্ৰ ধৰ্মীয় প্ৰৱণতাৰে হিংসাত্মক কাৰ্য সংঘটিত কৰা সকলক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ লগতে এজন নাগৰিক হিচাপে আমাৰো দায়িত্ব আছে সেই অপশক্তিক এনেবোৰ দৃশ্যৰে যোগ্য় প্ৰত্যুত্তৰ দিয়া।

আৰু পঢ়ক: আহাৰৰ ভৰণ পথাৰত কৃষকৰ জীৱন চৰ্যা…

assam Silchar udaipur