৮ জনহে অসমীয়া আই এ এছ! মানুহ কিন্তু আমি ৩ কোটি…

৮ জনহে অসমীয়া আই এ এছ! মানুহ কিন্তু আমি ৩ কোটি…

author-image
asomiyapratidin
New Update
৮ জনহে অসমীয়া আই এ এছ! মানুহ কিন্তু আমি ৩ কোটি…

মৃদুল কুমাৰ সন্দিকৈ

অসমীয়াগিৰি কথা আমি প্ৰায়েই কও। কিন্তু হাতে কামে জানো আমি অসমীয়াগিৰি কৰিব পাৰিছো। এখন দেশ হিচাপে যিকোনো প্ৰদেশৰ লোক আহি অসমত চাকৰি কৰিব পাৰে। তাত কোনোৱে বাধা দিব নোৱাৰে। ৰাজ্য খনৰ প্ৰশাসন মূলত আই এ এছ, আই পি এছ বিষয়া সকলৰ দ্বাৰাই পৰিচালিত হয়।

আমাৰ ৰাজ্যত বহি ৰাজ্যৰ আই এ এছ, আই পি এছেৰে ভৰি আছে। কিয়নো আমি প্ৰয়োজনীয় আই এ এছ, আই পি এছ গঢ়িব পৰা নাই। সৰ্বভাৰতীয় এই প্ৰতিযোগিতা মূলত পৰীক্ষাত অসমৰ ফলাফল আজিও পুতৌজনক। দুই এজনে দুই এবছৰৰ বিৰতিৰ মূৰত ইউ পি এছ চি পৰীক্ষাত সফলতা লাভ কৰে। তাতেই যেন আমি সন্তুষ্ট।

১০ আগষ্ট ২০২২ ৰ তথ্য অনুসৰি ৰাজ্যত মুঠ ১৯১ গৰাকী আই এ এছ বিষয়া কৰ্মৰত। ইয়াৰে দুই এজন ডেপুটেশ্যনত বাহিৰত নিয়োজিত হৈ আছে যদিও সেই সকল আই এ এছ বিষয়াৰ মাজত কিমানজন অসমীয়া আছে সেই কথা আমি কেতিয়াবা বিচাৰ কৰিছোনে।

ভাল কথা যে জিষ্ণু বৰুৱা অসমৰ বৰ্তমানৰ মুখ্য সচিব। ১৯৮৮ বৰ্ষৰ আই এ এছ তেওঁ। ইয়াৰ পাছতেই পৰৱৰ্তী মুখ্য সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিব পৱন কুমাৰ বৰঠাকুুৰে। ১৯৮৯ বৰ্ষৰ আই এ এ এছ এই গৰাকী বিষয়া। ইয়াৰ পাছত আৰু এই পদত বহু দিনলৈ কোনো অসমীয়াকে দেখিবলৈ পোৱা নাযাব।

ৰাজ্যৰ প্ৰশাসনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে (নমিনেটেড) বৰ্তমান কৰ্মৰত অসমীয়া আই এ এছ বিষয়া সকল ক্ৰমে জিষ্ণু বৰুৱা, পবন কুমাৰ বৰঠাকুৰ, দিবাকৰ নাথ মিশ্ৰ, নীৰা গগৈ সোণোৱাল, দীপক মজুমদাৰ, বৰ্ণালী ডেকা, বিশ্বজিৎ পেগু, সীমা ৰেখা ভূঞা, নাৰায়ণ কোঁৱৰ, উমানন্দ দলে, জে ডেকা ঠাকুৰ, অশোক কুমাৰ বৰ্মন,বন্দনা উপধ্যায়, দেৱজ্যোতি দত্ত, পাৰ্থ প্ৰতীম মজুমদাৰ, অভিজিত বৰুৱা, মৃদুল কুমাৰ মহন্ত, নন্দিতা দত্ত, ঋতুৰাজ বৰা, ভাৰত ভূষণ দেৱ চৌধুৰী, শেৱালী দেৱ শৰ্মা, পৱিত্ৰ ৰাম শাওন, ৰিজু গগৈ।

ইয়াৰোপৰি ৰাজ্যৰ প্ৰশাসনত থকা আন সকল অসমীয়া আই এ এছ বিষয়া হ'ল তন্ময় প্ৰতীম বৰগগোহাঁই, ইশ্ৰাফুল ৰহমান, যাদৱ শইকীয়া, ভাস্কৰ পেগু, মুকুল কুমাৰ শইকীয়া, দেৱ প্ৰসাদ মিশ্ৰ , বিজয়া চৌধুৰী, গৌতম তালুকদাৰ, দেৱাশীষ শৰ্মা, জুৰি দলে, ৰিপনাৰ লংদোহ, হাৰ্বাক ডি মাৰাক,লুনা আৰ চাংমা, চেল্লা মাৰাক, মেৰিলিন এন নংফুই , অতীকা চুলতানা, দীপক মজুমদাৰ, প্ৰভাতী থেনচন, বন্দনা চৌধুৰী, পুষ্পাঞ্জলি দাস, প্ৰকাশ ৰঞ্জন ঘৰখলীয়া, ইন্দিৰা কলিতা, স্বপ্না দত্ত, মুনিন্দ্ৰ শৰ্মা, খনিন্দ্ৰ চৌধুৰী, ভাস্কৰ ফুকন, দিলীপ কুমাৰ বৰা, অনুষা দত্ত বৰুৱা, দিবাকৰ নাথ,বিক্ৰম কৈৰী, অৰণ্যক শইকীয়া আদি। বিক্ৰম কৈৰী অসমৰ চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী আইএএছ বিষয়া।

ইয়াৰ ভিতৰত পোনপটীয়াকৈ ইউ পি এছ চিত উত্তীৰ্ণ হৈ ৰাজ্যৰ প্ৰশাসনত কৰ্মৰত অসমীয়া বিষয়া আজিৰ তাৰিখত মাত্ৰ ৮ জন। সেই সকলৰ ভিতৰত জিষ্ণু বৰুৱা, পবন কুমাৰ বৰঠাকুৰ, নাৰায়ন কোঁৱৰ,দিবাকৰ নাথ, অৰণ্যক শইকীয়া, বৰ্ণালী ডেকা, বিশ্বজিৎ পেগু,বিক্ৰম কৈৰী আদি অন্যতম।

এয়াই আজিৰ দৃশ্যপট। ১৯৮৮ বৰ্ষত জিষ্ণু বৰুৱা, ১৯৮৯ ত পবন কুমাৰ বৰঠাকুৰ, ২০০৯ ত বৰ্ণালী ডেকা আৰু বিশ্বজিত পেগু, ২০১৭ ত দিবাকৰ নাথ , বিক্ৰম কৈৰী আৰু ২০২০ ত অৰণ্যক শইকীয়া প্ৰত্যক্ষ আই এ এছ হোৱাৰ বিপৰীতে বাকী সকল এ চি এছৰ পৰা আই এছ হোৱা বিষয়া।

মুঠ ১৯১ জনৰ ভিতৰত ৰেগুলাৰ আই এ এছ ৮ জনকে ধৰি দিছপুৰত আজিৰ তাৰিখত মুঠ ৫৩ জনহে অসমৰ মাটি পানীৰ সৈতে পৰিচিত আই এ এছ বিষয়া আছে। অৰ্থাৎ দিছপুৰত মাত্ৰ ২৭ শতাংশ আই এ এছহে অসমীয়া । এই সকল লোকে এখন ৰাজ্যৰ মূল আধাৰ। তেওঁলোকৰ জৰিয়তেই ৰাজ্য পৰিচালিত হয়।

দিছপুৰত অসমীয়া বিষয়াৰ অৱস্থিতি এয়া পুতৌ লগা দৃশ্য। অসমীয়াগিৰি এইবোৰত প্ৰয়োজন হয়। সেই দিশত আমি চিন্তা কৰা উচিত। আই পি এছ বিষয়াৰ ক্ষেত্ৰতো একেই অৱস্থা। ইফালে ৰাজ্যত মুঠ ৮১১ গৰাকী আই এছ বিষয়া কৰ্মৰত হৈ আছে। ইয়াৰ ভিতৰত ৰাণী কাথাপিয়ে ১০ আগষ্ট ২০২২ ৰ তথ্য অনুসৰি পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দায়িত্বত আছে। ১৯৯২ বৰ্ষৰ এ চি এছ বিষয়া তেওঁ।

সেই বৰ্ষৰে এ চি এছ বিষয়া পবীৰ চন্দ্ৰ কাকতি, এল নাংপুই, কমল কুমাৰ বৈশ্য, ফাৰুক আলাম, ৰঞ্জন শৰ্মা, বনশ্ৰী নাথ, আদি আছে সচিব পদত। প্ৰতিবছৰে এ চি এছ বিষয়া সকলক আই এ এছলৈ পদন্নোতি কৰি ৰাজ্যৰ প্ৰশাসন পৰিচালিত কৰা হয় যদিও এতিয়াও আমাৰ থলুৱা সমস্যা, মানুহৰ অভাৱ অভিযোগ বুজিব পৰা প্ৰত্যক্ষভাৱে আই এ এছত যোগদান কৰা কেডাৰৰ অভাৱ হৈয়ে আছে।

সু প্ৰশাসনৰ বাবে ৰাজ্যখনক ভালদৰে বুজি পোৱা বিষয়াৰ প্ৰয়োজন। বাহিৰৰ বিষয়া সকলেও সেৱাৰ মনোভাৱেৰে আহিলেও স্থানীয় বিষয়া সকলৰ বোধগম্যতা আৰু তেওঁলোকৰ দৃষ্টিভংগীৰ মাজত স্বাভাৱিক ভাৱেই পাৰ্থক্য থাকে। এইটোও স্বীকাৰ কৰিব লাগিব সেই সকলৰ মাজত কঠোৰ পৰিশ্ৰমেৰে বহি ৰাজ্যৰ পৰা আহি ৰাজ্যৰ উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰা বহু বিষয়া আছে।

অসমীয়া বিষয়া হ'লেই যে স্বচ্ছ প্ৰশাসন লাভ কৰিব পৰা যাব সেয়াও শুদ্ধ নহয়। কিন্তু দায়বদ্ধশীল অসমীয়া বিষয়াৰ হাতত ক্ষমতা ন্যস্ত থাকিলে বহু ক্ষেত্ৰত সাহিত্য় সংস্কৃতি, জীৱন জীৱিকা আৰু সামাজিক মৰ্যদাবোধৰ এক সুস্থ পৰিৱেশ ৰচনা কৰাত সুবিধা হয়।

এইবোৰ দিশৰ আলোচনা প্ৰায়েই নহয়। আমি তথ্যগত ভাৱে এনেবোৰ দিশত উনুকীয়াই অসমীয়া নতুন প্ৰজন্মৰ মাজত অনুপ্ৰেৰণা মূলক বাৰ্তা প্ৰেৰণত সদায় কৃপনালী কৰো। চৰকাৰেও এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰাৰ প্ৰয়োজন। প্ৰতিজন অসমীয়াই কথাবোৰ হৃদয়ংগম কৰি এক জাগৰণৰ ধাৰা সূচনা কৰিব পাৰে।এই আলোচনা বহি ৰাজ্যৰ বিষয়াৰ প্ৰতি বিষেদগাৰ নহয়। এয়া প্ৰতিজন অসমীয়াই কৰিব লগা আত্ম সমালোচনাহে।

আৰু পঢ়ক: গুজৰাট মিছনত 'আপ' ! বিজেপিৰ বাবে শক্তিশালী বিৰোধী হোৱাৰ পথত নেকি কেজৰিৱাল…

assam dispur ips a cs