তুষাৰ প্ৰতিম
ফুটবলৰ দেশ ব্ৰাজিল। ব্ৰাজিল মানে ফুটবল। ছাম্বা আৰু ফুটবলে ব্ৰাজিলক চিনাকী দিছে বিশ্বত। ছাম্বাৰ তালে তালে যিদৰে ব্ৰাজিলৰ সুন্দৰী নৰ্তকী নাচি উঠে তেনেদৰে ফুটবলৰ বাবেও নাচি উঠে সমগ্ৰ ব্ৰাজিল। ব্ৰাজলিৰ ফুটবলৰ ছন্দত মতলিয়া হৈ উঠে সমগ্ৰ বিশ্ব। কাৰণ ব্ৰাজিলৰ ফুটবলত আছে যাদু।
আজিও টেলিভিছনৰ পৰ্দাত ব্ৰাজিলৰ ফুটবল প্ৰত্যক্ষ কৰি আপ্লুত হয় ফুটবল অনুৰাগী। আজিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফুটবল ক্লাবত আছে ব্ৰািজলিয়ান ফুটবলাৰৰ সমাদৰ। আনহে নালাগে ভাৰতৰে বহু কেইটা ফুটবল ক্লাবত আজিও ভিৰ কৰি আছে ব্ৰাজিলিয়ান ফুটবলাৰে।
অসমতো এসময়ত আছিল ফুটবলৰ জনপ্ৰিয়তা। ফুটবলৰ বাবেই পাগল আছিল অসমীয়া। আজিৰ পৰা মাত্ৰ এটা দশকৰ আগলৈকে অসমৰ চহৰ, নগৰৰ লগতে গ্ৰামাঞ্চলত আছিল ফুটবলৰ জনপ্ৰিয়তা। কিন্তু লাহে লাহে দেশত ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ বাবে ফুটবলে অসমৰ পৰা প্ৰায় বিদায় মাগিছে বুলি ক'লেও হয়তো এতিয়া ভুল কোৱা নহ'ব।
কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সৰ্বানন্দ সোণাৱালে গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তুলিব বুলি প্ৰকাশ কৰাৰ লগতে এই শ্ল'গান ধাৰাবাহিকভাৱে আওঁৰাই আহিছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতো তেওঁ গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলা হ'ব বুলি প্ৰকাশ কৰি আহিছিল।
যিখন গুৱাহাটীক সৰ্বানন্দ সোণোৱালে দেশৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ শ্ল'গান আওঁৰাইছিল সেই গুৱাহাটীৰ পৰা এতিয়া বিদায় মাগিছে ফুটবলে। ফুটবলৰ বাবে গুৱাহাটীত নাই খেল পথাৰ। এক প্ৰকাৰে ফুটবলক গুৱহাটীৰ পৰা বহিস্কাৰ কৰা হ'ল।
গুৱাহাটীত এতিয়া ফুটবল খেলিবলৈ খেলপথাৰ নাই। যিকেইখন খেলপথাৰ আছিল তাত চলে এতিয়া ক্ৰিকেটৰ অনুশীলন। নেহেৰু ষ্টেডিয়ামৰ লগতে মহানগৰত ১০ খনকৈ উল্লেখযোগ্য খেলপথাৰ আছে যদিও ইয়াৰ এখনো খেলপথাৰত এতিয়া নচলে ফুটবলৰ অনুশীলন। ফুটবল প্ৰবেশত বাধা আছে এই খেলপথাৰসমূহত।
স্বাধীনতাৰ পূৰ্বৰে পৰা গুৱাহাটীত ফুটবলৰ ব্যাপক প্ৰচলন আছিল। গুৱাহাটীত অনুষ্ঠিত হৈ আহিছে বহু কেইখন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ভাৰতীয় ফুটবল সন্থাৰ অধীনত আছে অসম ফুটবল সন্থা। আনহাতে অসম ফুটবল সন্থাৰ অধীনত প্ৰায় ১ হাজাৰ ফুটবল খেলুৱৈ আছে। তৎসত্বেও কিন্তু আজি গুৱাহাটীৰ পৰা বিতাৰিত হৈছে ফুটবল।
২০১৩ চনত ভাৰতীয় ফুটবলক নতুন গতি দিবলৈ আৰম্ভ হৈছিল ইণ্ডিয়ান প্ৰমিয়াৰ লীগ চমুকৈ আই এছ এল। এই আই এছ এলত অন্তৰ্ভুক্ত হৈছিল নৰ্থ ইষ্ট ইউনাইটেড এফ চি নামেৰে এটা ক্লাব। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক প্ৰতিনিধিত্ব কৰা এই ক্লাবটোৰ হোম চিটি গুৱাহাটী। কোৰোনাৰ আগলৈকে আই এছ এলৰ বহু কেইখন মেচ গুৱাহাটীত অনুষ্ঠিত হৈছে।
আই এছ এলৰ আৰম্ভণিৰ লগে লগে ভাৰতীয় ফুটবলে এক নতুন গতি লাভ কৰিব বুলি ব্যাপক হাৰত প্ৰচাৰ চলিল। অভিনেতা জন আব্ৰাহামৰ মালিকাধীন নৰ্থ ইষ্ট ইউনাইটেডে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ ফুটবলৰ চৰিত্ৰ সলনি কৰিব বুলি প্ৰচাৰ চলিল। আই এছ এলক ভাৰতীয় ফুটবলৰ আশীৰ্বাদ বুলিও কোৱা হ'ল।
আই এছ এল ভাৰতীয় ফুটবলৰ আশীৰ্বাদ হয় নে নহয় সেইয়া এক বেলেগ বিষয় যদিও আই এছ এলৰ জনপ্ৰিয়তা আৰম্ভণিৰ সময়ছোৱাৰ পৰা বৰ্তমানলৈকে জনপ্ৰিয়তা বহু হ্ৰাস হ'ল। ঠিক একেদৰে গুৱাহাটীতো ফুটবলৰ অৱস্থা অতি পুতৌজনক হৈ আহিল। একপ্ৰকাৰে গুৱাহাটীৰ খেলপথাৰৰ পৰা বিদায় মাগিলে ফুটবলে।
গুৱাহাটীৰ বিভিন্ন স্থানত আজিও ফুটবলৰ চৰ্চা চ'লে। খেলপথাৰৰ অভাবত কোনোৱে যদি গাড়ীৰ পাৰ্কিংত ফুটবলৰ অনুশীলন কৰিছে আন কোনোৱে আকৌ য'তেই মুকলি ঠাই পাইছে তাতেই আৰম্ভ কৰিছে অনুশীলন। কিন্তু এই খেলুৱৈসকলৰ বাবে স্থায়ীভাৱে নাই এখনো খেলপথাৰ।
গুৱাহাটীৰ প্ৰায় প্ৰতিখন খেলপথাৰতেই ক্ৰিকেটৰ চৰ্চা চলি থকাৰ বাবেই আজি গুৱাহাটীৰ পৰা ফুটবলে বিদায় লোৱাৰ পৰিস্থিতিৰ সূচনা হৈছে। অসম ক্ৰিকেট সন্থাই ক্ৰিকেটৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যাপক হাৰত কাৰ্যপন্থা হাতত লোৱাৰ লগতে বিভিন্ন খেলপথাৰ উন্নয়নৰ পদক্ষেপ হাতত লোৱাৰ লগে লগে খেলপথাৰৰ পৰা ফুটবলে বিদায় ল'বলগীয়া হ'ল।
অৱশ্যে ফুটবলে গুৱাহাটীৰ পৰা বিদায় ল'বলগীয়া হোৱাৰ বাবে ক্ৰিকেট বা আন খেলক জগৰীয়া কৰিব নোৱাৰি। অসম ফুটবল সন্থাৰ নিৰ্লিপ্ততাৰ লগতে সন্থাৰ নেতৃত্বৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবেই আজি গুৱাহাটীত ফুটবলৰ এই দশা বুলি অভিযোগ উত্থাপন হৈছে। একেই অভিযোগ জি এছ এ' কে ধৰি বিভিন্ন ক্ৰীড়া সন্থাৰ প্ৰতি।
চৰ্চা অনুসৰি প্ৰায় ৩০ টাকৈ ফুটবল ক্লাবে গুৱাহাটীত এতিয়া মৃত্যুৰ ক্ষণ গণিছে। একমাত্ৰ খেলপথাৰৰ অভাৱৰ বাবেই এই অৱস্থা। প্ৰাক্তন ফুটবলাৰ আৰু বৰ্তমানৰ ফুটবলাৰসকলে এই বিষয়ে বাৰম্বাৰ মাত মাতি আছে যদিও নিৰ্লিপ্ত হৈ আছে সংশ্লিষ্ট বিষয়ববীয়াসকল। যাৰ প্ৰৰিপ্ৰেক্ষিতত সংবাদমেল দি প্ৰাক্তন ফুটবলাৰ তথা বৰ্তমানৰ ফুটবলাৰে প্ৰতিবাদ কৰিবলৈ আগবঢ়াৰ বিষয়ে কবলৈ বাধ্য হৈছে।
অতি কম ব্যয়ৰ খেল ফুটবল। ফুটবল খেলৰ বাবে খেলুৱৈক প্ৰয়োজন নহয় বহু ধনৰ। সামান্য সুবিধাৰেই ফুটবল খেলা সম্ভৱ। সেয়েহে দৰিদ্ৰ জনৰো প্ৰিয় ফুটবল। গুৱাহাটীৰ দৰে এখন মহানগৰত ফুটবলে এইদৰে বিদায় ল'বলগীয়া হোৱা বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। অতি শীঘ্ৰে যদি এই সমস্যাৰ সমাধান কৰা নহয় তেনে আগন্তুক সময়ত যে, ফুটবল গুৱাহাটীত এক ইতিহাস হ'ব সেইয়া নিশ্চিত।