মৃদুল কুমাৰ সন্দিকৈ
এটা সৰু বিজ্ঞাপন। জীৱনৰ বহু কথা কৈ যোৱা বিজ্ঞাপন এইটো। বিজ্ঞাপন দিওটাই বিজ্ঞাপনটোত উল্লেখ কৰিছে এগৰাকী মানুহৰ প্ৰযোজনৰ কথা। থকা খোৱা সকলো ব্যৱস্থা কৰি দিয়াৰ লগতে মাহেকত ১০ হেজাৰ টকা দৰমহাও দিব বিজ্ঞাপন দাঁতাই। ৭০ উৰ্ধৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলাক চোৱা-চিতা কৰাৰ লগতে তেওঁক সংগ দিবলৈ মহিলা বা ছোৱালী এজনীৰ প্ৰযোজন।
জীৱনৰ আছে কি? সকলো থকাৰ পাছতো জীৱনৰ আছে বুলি একো নাথাকে। ভৰি থকা ঘৰখন এদিন শূণ্য হৈ পৰে। আপোন বুলি ভবা মানুহবোৰ বিভিন্ন কাৰণত আঁতৰি থাকিব লগা হয়। বয়সৰ লগে লগে জীৱন কিয় বোজা হৈ পৰিব ধৰিছে। তেনে কেইবাখনো মুখে এই মহূৰ্তত মনৰ ভিতৰত অগা দেৱা কৰিছে।
ভাৱিব নোৱাৰাকৈ আমাৰ ব্যস্ততা বাঢ়িছে নে আমাৰ দায়িত্ববোৰ কাৰোবাৰ হাতত এৰি আমি দায় সাৰিব খোজাৰ প্ৰৱণতাৰ বলি হৈছো। পিতৃ-মাতৃক শুশ্ৰূষা কৰাতো সন্তানৰ দায়িত্ব আৰু কৰ্তব্য বুলি ধৰা হয়। পৰিস্থিতিগত কাৰণত ঘৰৰ পৰা বাহিৰত থকা সূত্ৰে বহুতে সেই দায়িত্ব পালন কৰিব নোৱাৰে। আন একাংশই ইচ্ছা কৰি সেই দায়িত্ব পালনৰ পৰা আঁতৰি থাকে।
কেইটামান টকা বিনিময়ত মৰম কিনিব নোৱাৰি। বিজ্ঞাপন দি সংগ দিবলৈ অনা মানুহগৰাকীয়ে বয়সস্থ ব্যক্তিজনক শুশ্ৰূষা কৰিব তাত দ্বিমত নাই। মানসিকভাৱে পৰিয়ালৰ লোকে মৰম আৰু আন্তৰিকতাৰে দিয়া সুখ সেই মহিলা গৰাকীয়ে কেতিয়াও দিব নোৱাৰে।
চহৰ-নগৰবোৰত বৃদ্ধলোক মানেই এতিয়া পৰিয়ালৰ বাবে বোজা হৈ পৰিছে। প্ৰসংগক্ৰমে এজন ব্যক্তিয়ে জাপানৰ এক কাহিনী কৈছিল। জাপানত বৃ্দ্ধ লোকসকলে এক সুখৰ জীৱন অতিবাহিত কৰে। অসমৰ এখন বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা জাপানৰ ছাত্ৰী এগৰাকীয়ে কৈছিল তেওঁলোকৰ দেশত বয়সস্থলোকে কম বয়সৰ ল'ৰাৰ বা ছোৱালীৰ সৈতে ইচ্ছা আৰু সন্মতি সাপেক্ষে বিবাহপাশত আৱদ্ধ হয়। এনে কৰাৰ ফলত বৃ্দ্ধ পুৰুষ বা মহিলা গৰাকীয়ে অন্তিম সময়খিনিটো এক আত্মিক সংগ লাভ কৰে।
আমাৰ গ্ৰাম্য অঞ্চলসমূহত বয়সস্থলোক সকলৰ আদৰ আৰু শ্ৰদ্ধা আছিল আৰু আছে। পৰিয়ালৰ লোকে শেষ বয়সত বৃদ্ধ বা বৃদ্ধা লোকসকলক আলপৈচান ধৰে। পিতৃ-মাতৃৰ প্ৰতি এই দায়িত্ববোধ পুত্ৰ বা সন্তানে কেনেদৰে পালন কৰিছে সমাজে তাৰ ওপৰত দৃষ্টি ৰাখে। সেয়া সামাজিক দায়বদ্ধতা এখন সমাজৰ।
বৃদ্ধাশ্ৰমবোৰত আশ্ৰয় লোৱা বয়সস্থলোক সকলৰ কাহিনী বৰ দুখজনক হয়। ঘৰৰ আপোন মানুহজনৰ, আত্মীয়ৰ হাতত নিৰ্যাতন আৰু পুতৌৰ পাত্ৰ হৈ নিজেই গঢ়া ঘৰখনৰ পৰা আঁতৰি আহে। দুই এজনেহে ইচ্ছাকৃতভাৱে বৃদ্ধাশ্ৰমলৈ গুচি আহে শেষ বয়সত।
সকলো থকাৰ পাছতো নিসংগ হৈ পৰা, নাতি-নাতিনীৰ মৰম আপদাৰ পৰা বঞ্চিত হৈ এই জীৱন আৰু সময় কটাবলৈ আমি আজিও মানসিকভাৱে সাজু হোৱা নাই। কিন্তু এনে দিন আহিব বৃদ্ধশ্ৰমেই বৃদ্ধকালত শেষ ঠিকনা হৈ পৰিব। ৰাজ্যত এতিয়া বহু বৃদ্ধাশ্ৰম গঢ় লৈ উঠিছে । সেইবোৰক মন্দিৰ সদৃশ কৰি এক পবিত্ৰ আৰু পৰিচন্ন ঠাই ৰূপে গঢ়ি তুলিবও লাগিব।
বৃদ্ধাশ্ৰম মানেই কেৱল বৃ্দ্ধলোকক আশ্ৰয় দি ধন ঘটাৰ বাবে কৰা এক ব্যৱসায় নহয়। বৃ্দ্ধাশ্ৰমত আশ্ৰয় লৈ থকা মাতৃৰ খবৰ ল'বলৈ এদিন বহু দিনৰ বিৰতিৰ মূৰত ধনী পুত্ৰ বৃদ্ধাশ্ৰমলৈ গৈছিল। পুত্ৰক দেখা পাই মাতৃ আৱেগিক হৈ পৰিছিল। মাতৃক পুত্ৰই সুধিছিল- কিবা অসুবিধা পাইছে নেকি?
পুত্ৰক মাতৃয়ে অনুৰোধ কৰিছিল বৃদ্ধাশ্ৰমখনত পাৰিলে ফেনৰ ব্যৱস্থা কৰি দিবলৈ। পুত্ৰই মাতৃ থকা ৰুমটোত সেই দিনাই ফেনৰ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দিয়াত মাতৃয়ে পুত্ৰক উত্তৰ দিছিল- তেওঁ নিজৰ বাবে ফেনৰ কথা কোৱা নাই। পুত্ৰৰো পুত্ৰ ডাঙৰ হৈছে । বিয়া পতাৰ বয়সৰ সি।
মাতৃ গৰাকীৰ চিন্তা তেওঁক পুত্ৰই ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ দৰে নাতিয়েকেও যদি দেউতাকক বৃদ্ধ বয়সত ঘৰৰ পৰা উলিয়াই দিয়ে তেতিয়া বৃদ্ধাশ্ৰমতে পুত্ৰও থাকিব লাগিব। গৰম দিনত ফেন নাথাকিলে পুত্ৰই কম কষ্ট পাবনে? সেয়েহে আগতীয়াকৈ বৃদ্ধাশ্ৰমখনত ফেনৰ ব্যৱস্থা কৰি যাব খুজিছে মাতৃয়ে । এয়াই মাতৃৰ স্নেহ পুত্ৰৰ প্ৰতি। এই আত্মিক সম্পৰ্কবোৰ লাহে লাহে হেৰুৱাই পেলাইছো নেকি আমি ।
বিজ্ঞাপনটো দিওতা গৰাকীয়ে বাধ্য বাধকতাৰ বাবেই হয়তো বয়সস্থ মহিলা গৰাকীৰ বাবে এগৰাকী মহিলাক বিচাৰিছে। কিন্তু এই বিজ্ঞাপনটোৱে সাম্প্ৰতিক সময়ত মানুহৰ মনোজগতৰ এটা ফাল প্ৰতিফলিত কৰিছে। আমি ইমানেই ব্যস্ত আৰু স্বাৰ্থপৰ হৈ পৰিছো যে নিজৰ বাবেই আমাৰ সময় নাইকীয়া হৈ পৰিছে। আমি এক পৰজীৱি এতিয়া।