অৱস্থা কাহিল উত্তৰ ভাৰতৰ; নেদেখাজনেই একমাত্ৰ ভৰসা...

অৱস্থা কাহিল উত্তৰ ভাৰতৰ; নেদেখাজনেই একমাত্ৰ ভৰসা...
Published on
Updated on

-লশ্মিতা শইকীয়া

দেশৰ প্ৰান্তে প্ৰান্তে এতিয়া সূচনা হৈছে জলপ্ৰলয়ৰ। হাহকাৰ পৰিস্থিতি জনসাধাৰণৰ। কৰুণ মৃত্যুক আঁকোৱালি লৈছে বিভিন্ন প্ৰান্তৰ শতাধিক ব্যক্তিয়ে।

বাৰিষাৰ প্ৰথমজাক বানৰ কবলত ককবকাইছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ জনতা। কি নদী কাষৰীয়া এলেকা, কি ৰাজধানী চহৰ। এফালৰ পৰা ধ্বংসৰ গৰাহত পৰিছে ইটোৰ পাছত সিটো ৰাজহুৱা-প্ৰাকৃতিক সম্পদ, বাসস্থান, চৰকাৰী গৃহ। কৰবাত যদি কৃত্ৰিম বানপানী, কৰবাত আকৌ প্ৰকৃতি সৃষ্ট বানপানীয়ে লৈছে বিধ্বংসী ৰূপ।

ৰাজ্যত বান পৰিস্থিতি বৰ্তমান সুচল যদিও বিগত প্ৰায় এসপ্তাহ ধৰি দেশৰ উত্তৰাঞ্চলৰ ৰাজ্যসমূহত দেখা দিয়া বৰষুণৰ ফলত বিধ্বংসী বানৰ কবলত পৰিছে কেইবাখনো ৰাজ্য। ইয়াৰ ভিতৰত আছে দেশৰ ৰাজধানী চহৰ দিল্লী, হাৰিয়ানা, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আদি ঠাই।

প্ৰলয়ংকাৰী বানৰ বাবে উক্ত ঠাই সমূহত এক প্ৰকাৰে ব্যাহত হৈ পৰিছে জনজীৱন। বাট-পথত একাঁঠু পৰ্যন্ত পানী জমা হোৱাত যান-বাহন চলাচলতো দূৰৰে কথা এঠাইৰ পৰা আন এঠাইলৈ খোজ কাঢ়ি যাবলৈও দহবাৰ চিন্তা কৰিব লগীয়াত পৰিছে সৰ্বস্তৰৰ লোক।

ৰাজধানী চহৰ দিল্লীত ১৯৮২ চনৰ পাছত প্ৰায় ৪০ বছৰৰ পাছত এইবৰ্ষতেই দেখা পোৱা গৈছে সৰ্বাধিক বৰষুণ। যি বৰষুণ সৰ্বাধিক ১৫৩ মিলিমিটাৰ পৰ্যন্ত বুলি প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। এই বৰষুণৰ ফলত ৰাজধানী চহৰখন বৰ্তমান একপ্ৰকাৰে স্থবিৰ হৈ পৰিছে। বন্ধ হৈ পৰিছে চহৰখনৰ বাট-পথ, ৰে'ল সেৱা। প্ৰশাসনে ঠায়ে ঠায়ে জাৰি কৰিছে বিপদ সংকেত।

যমুনা নদীৰ জলপৃষ্ঠয়েও অতিক্ৰম কৰিছে বিপদসীমা। যাৰ বাবে দুগুণ ভয়াৱহতা নামি আহিছে দিল্লীলৈ। কেন্দ্ৰীয় জল আয়োগ তথা বান নিৰীক্ষণৰ তথ্য অনুসৰি যমুনা নদীৰ জলপৃষ্ঠৰ বিপদসীমা হ'ল ২০৪.৫ মিটাৰ, যাক অতিক্ৰম কৰি ইতিমধ্যেই ২০৫.৫ মিটাৰলৈ জলপৃষ্ঠ বৃদ্ধি পোৱাত আশংকা কঢ়িয়াই আনিছে ৰাজধানী চহৰখনলৈ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি প্ৰলয়ংকাৰী বানত ৰাজধানীচহৰখনত বৰ্তমানলৈকে মৃত্যুক আঁকোৱালি লৈছে ৩৭ জনকৈ লোকে।

শাসকীয় কেজৰিৱাল চৰকাৰে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যেই সকলো বিদ্যালয় বাতিলৰ ঘোষণা কৰিছে। সমান্তৰালভাবে মন্ত্ৰী-চৰকাৰী বিষয়াক বান পৰিস্থিতিৰ বুজ ল'বলৈ নিৰ্দেশনাও দিছে। চৰকাৰী বিষয়াৰ দেওবৰীয়া বন্ধও বাতিল কৰিছে কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে। বহু অঞ্চলৰ বানাক্ৰান্ত লোকক অস্থায়ী শিবিৰ তথা নিৰাপদ স্থানলৈ স্থানন্তৰ কৰাৰ ক্ষেত্ৰতো ব্যৱস্থা লৈছে প্ৰশাসনে।

আনহাতে ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানে হিমাচল প্ৰদেশতো লৈছে ধ্বংসাত্মক ৰূপ। মাত্ৰ বৰষুণেই নহয় হিমাচলত দেখা দিয়া মৌচুমী বতাহৰ কোবত বেয়ালৈ গতি কৰিছে বহু অঞ্চলৰ স্বাভাৱিক পৰিস্থিতি। সোমবাৰৰ নিশাও হিমাচল প্ৰদেশত দেখা গ'ল প্ৰকৃতিৰ তাণ্ডৱ। যাৰ বাবে হিমাচল প্ৰদেশৰ চন্দ্ৰতলত আৱদ্ধ হৈ পৰে প্ৰায় ৩০০ জন লোক। এই লোকসকলৰ মাজত আছিল কেইবাজনো পৰ্যটক। খবৰ অনুসৰি অসমৰো পৰ্যটক আছিল লোকসকলৰ মাজত।

অৱশ্যে মঙলবাৰে পুৱা প্ৰায় ৫ বজাৰ পৰাই আৰম্ভ হোৱা প্ৰশাসনৰ উদ্ধাৰ অভিযানত প্ৰাণ ৰক্ষা পৰে আটাইকেইজন লোকৰ । আনহাতে দুদিন ধৰি বন্ধ হৈ আছে মাণ্ডি-মানালী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ। নেৰানেপেৰা বৰষুণৰ ফলত যান-জঁটেও দেখা দিছে ৰাজ্যখনৰ প্ৰতিখন সৰু-বৰ চহৰত। হিমাচল প্ৰদেশতো বন্ধ হৈ আছে ৰে'ল সেৱা।

বানৰ কবলত পৰা উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য হিচাবে পৰিগণিত হৈছে হিমাচল প্ৰদেশ। তথ্য অনুসৰি ৰাজ্যখনৰ প্ৰায় ৩,০০০ কোটি সম্পত্তি বিনষ্ট হৈছে। ৰাজ্যখনত বান পৰিস্থিতিৰ বাবে ইতিমধ্যেই কৰুণ মৃত্যুক আঁকোৱালি লৈছে ৩০ জনকৈ লোকে।

ইয়াৰোপৰি প্ৰাকৃতিক সম্পদকে আদি কৰি বহু ৰাজহুৱা সম্পদ, বাসস্থান ধ্বংসৰ গৰাহত পৰিছে। প্ৰলয়ংকাৰী বানে নিমিষতে উটুৱাই নিয়া বহু ঠাইৰ ভিডিঅ'য়ে চকু সেমেকা কৰিছে দেশৰ প্ৰতিজন লোকৰ।

আনহাতে ৰাজ্যখনৰ ৰাজধানী চহৰ চিমলাতো ১১ জন লোক মৃত্যুৰ মুখত পৰিছে। আৰক্ষীয়ে জনোৱা খবৰ অনুসৰি ৰাজ্যখনত মৃত্যুক আঁকোৱালি লোৱা ৩০ জনৰ ভিতৰত এতিয়াও অচিনাক্ত অৱস্থাত আছে এজন লোক।

ইয়াৰ উপৰিও, বৰষুণ তথা ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ বহু অঞ্চলৰ প্ৰৱেশ বন্ধ হোৱাত বিভিন্ন প্ৰান্তত ৫০০ৰো অধিক পৰ্যটক বৰ্তমানেও আৱদ্ধ।

উত্তৰাখণ্ডতো একেই পৰিস্থিতি। ধাৰাসাৰ বৰষুণ ফলত পাহাৰৰ শিল খহি ৪জন লোকৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। তদুপৰি আন ৭জন আহত হৈছিল এই ঘটনাত। যাৰ বাবে উত্তৰাখণ্ডৰো বহু অঞ্চলত প্ৰশাসনে জাৰি কৰিছে ৰেড এলাৰ্ট।

আকৌ জম্মু কাশ্মীৰৰ বহু এলেকাতো প্ৰকৃতিৰ বিধ্বংসী ৰূপত স্তব্ধ জনজীৱন। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ বিগত প্ৰায় ৪ দিন ধৰি বন্ধ হৈ থকাৰ লগতে পথৰ ক্ষয়-ক্ষতিৰ বাবে অমৰনাথ যাত্ৰা একেৰাহে চতুৰ্থ দিনৰ বাবে স্থগিত হৈ আছে। ধাৰাসাৰ বৰষুণৰ তথা ভূমিস্খলনৰ বাবে বৰ্তমানেও বন্ধ হৈ আছে ঘাইপথচোৱা। যাৰ ফলস্বৰূপে জম্মু তথা দাঁতিকাষৰীয়া অঞ্চলত আৱদ্ধ হৈ ১৫,০০০ তীৰ্থযাত্ৰী।

এইয়া মাত্ৰ কেইখনমান ঠাইৰ তথ্য। ইয়াৰ উপৰিও পাঞ্জাৱ, হাৰিয়ানা, ছিকিম আদিতো জলপ্ৰলয়ৰ সূচনাই বাৰুকৈয়ে কন্দোৱাইছে সাধাৰণ জনতাক। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননীত চিন্তা দুগুণে বাঢ়িছে বানাক্ৰান্তৰ। অহা ৭২ ঘণ্টাত বৰষুণ যে কমিব তাৰ লক্ষ্য দেখা নাই বতৰ বিজ্ঞান কেন্দ্ৰই। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তত্ত্বাৱধানত বান প্ৰভাৱিত ৰাজ্যসমূহত এনডিআৰএফৰ ৩৯ টা দল মোতায়ন কৰিছে।

সেয়ে সাধাৰণ জনতাৰ এতিয়া একমাত্ৰ ভৰষা যেন নেদেখাজন। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা শান্ত হওঁৰ প্ৰকৃতি।

অৱস্থা কাহিল উত্তৰ ভাৰতৰ; নেদেখাজনেই একমাত্ৰ ভৰসা...
অহা নাই আলহী, নিকিনো বিলাহী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in