-লশ্মিতা শইকীয়া
আজি দেশে পালন কৰিছে স্বাধীনতা দিৱস। স্বাধীন ভাৰতে ৭৬টা বসন্ত গৰকি ৭৭তম বৰ্ষত ভৰি দিয়াৰ আনন্দত দেশৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন কাৰ্যসূচীৰে চৰকাৰী কিম্বা ব্যক্তিগতভাবে উদযাপন কৰিছে এই বিশেষ দিনটো। ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত স্বাধীনতা লাভ কৰাৰ পৰাই ভাৰতে উলহ-মালহেৰে পালন কৰি আহিছে স্বাধীনতা দিৱস।
চৰকাৰীভাবে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰেড ফৰ্টত পতাকা উত্তোলন কৰাৰ বিপৰীতে ৰাজ্যিক পৰ্যায়ত মুখ্যমন্ত্ৰীয়ে নিজ নিজ ৰাজ্যৰ ৰাজধানীত উত্তোলন কৰিলে তীৰংগা। সমান্তৰালভাবে প্ৰতিটো চৰকাৰী কাৰ্যালয়তো উদযাপন হ'ল এই দিৱস।
তদুপৰি চৰকাৰী-বেচৰকাৰী প্ৰতিখন বিদ্যালয়, চিকিৎসালয়, অনুষ্ঠান-প্ৰতিষ্ঠানে নিজ নিজ কাৰ্যালয়ৰ প্ৰাংগনত পালন কৰিলে স্বাধীনতা দিৱস। বাদ নপৰিল অসমৰ গাঁৱৰ সেই সৰু সংঘটোও। বানে জুৰুলা কৰা অসমৰ শোণিতপুৰকে ধৰি দুই এটা প্ৰান্তত এবুকু পানীতেই বিদ্যালয়ৰ প্ৰাংগনত দেখা গ'ল স্বাধীন ভাৰতৰ পতাকা উত্তোলন কৰা দৃশ্য।
এয়া দেশৰ প্ৰতি থকা ভক্তি, সন্মান, দেশৰ প্ৰতি থকা দায়িত্ব-কৰ্তব্য অথবা স্বাধীনৰ উল্লাহ। এই উল্লাহৰ অনুভূতি কেনে সেয়া বুজাই কোৱা কঠিন। প্ৰতিজন ভাৰতীয়ই মনত কঢ়িয়াই লৈ ফুৰে এই উল্লাহৰ ধ্বজা। যি ধ্বজাৰ শিহৰণ তীৰংগাৰ উত্তোলনত-ৰাষ্ট্ৰীয় সংগীতৰ সুৰত-শব্দত বিদ্যমান।
পিছে বৰ্তমান কিমান স্বতঃস্ফূৰ্ত এই উল্লাহ ? সেই পথাৰৰ মাজত বিদ্যালয়মুখী শিশুটোৱে দৌৰি দৌৰি অকণমানি তিনি বৰণীয়া উৰুৱাই যোৱা সমান হয়নে ? হয়নে সেই ফুটু-নুফুটু মাতে মাকৰ সুৰে সুৰে 'তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত উৰে' আওৰোৱা সমান ? হয়নে স্বাধীনতা দিৱস বুলি ককাই আইতাক ৰান্ধনীশালত মাংসৰ যোগান ধৰাৰ সমান ? এটা সময় আছিল অসমৰ বহু গাঁৱত নামঘৰতো উত্তোলন কৰা হৈছিল পতাকা।
এই দৃশ্যবোৰ এতিয়া কৰবাত লুকাল। আধুনিকতাৰ জাকজমকাত অতীত হ'ল এইবোৰ। স্বাধীনতা দিৱসৰ অকৃত্ৰিম অনুভূতিয়ে লাভ কৰিলে কৃত্ৰিমতা। যাৰ পৰিণতিত এতিয়া কেৱল বাছি আছে এখন প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ দৌৰত পৰি আপুনি মই সকলোৱে পাহৰি পেলাইছো স্বাধীনতা কি, স্বাধীনতা দিৱস কি। এতিয়া স্বাধীনতাৰ উল্লাহ স্বতঃস্ফূৰ্ত নহয়, স্বাধীনতা দিৱস স্বাধীন নহয়। এই স্বাধীনতা দিৱস পৰিণত হৈছে এখন মেলালৈ।
যি মেলাৰ বাবে দীৰ্ঘদিনৰ প্ৰস্তুতিৰে জাকজমকতাৰে সজাই তোলা হয় চৰকাৰী-ৰাজহুৱা সম্পদ। সেই মেলাৰ আকৰ্ষণে প্ৰতিজনক টানি নিয়াত হেৰাই গৈছে স্বতঃস্ফূৰ্ত স্বাধীনতা দিৱসৰ আনন্দ। স্বাধীনতা দিৱস বুলি পুৱাই গা-ধুই জাতীয় সাজ পিন্ধি গাঁৱৰ সংঘত উপস্থিত হোৱা গুৰুগম্ভীৰ গাঁওবুঢ়াজনো হেৰাই গ'ল কালক্ৰমত।
স্বাধীন ভাৰতৰ দায়িত্ব লোৱা চৰকাৰসমূহে জাকজমকতা সৃষ্টি কৰি একঘেয়ামী কৰিলে এই দিৱসটিক। চৰকাৰে ৰাজহৰ কোটি কোটি টকা ব্যয় কৰি পালন কৰা স্বাধীনতা দিৱস যেন এতিয়া মাত্ৰ চৰকাৰী ব্যয়বহুল কাৰ্যসূচীৰ বাদে অন্য একো নহয়। স্বাধীন ভাৰতৰ অৰ্থনীতিৰ কথা কোৱা চৰকাৰে কোটি কোটি টকা ৰাজহ ব্যয় কৰিয়েই পালন কৰে স্বাধীনতা দিৱস। ইয়াৰ বিপৰীতে দেখা নাযায় দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনত গুৰুত্ব দিয়াৰ কোনো পদক্ষেপ।
আনহে নালাগে স্বাধীনত্তোৰ কালৰ পৰাই আত্মনিৰ্ভৰশীল তথা দেশৰ অৰ্থনীতিৰ ৰক্ষণা-বেক্ষণ দিয়াৰ উদ্দেশ্যেৰে চিন্তা-চৰ্চা চলি স্বাধীনতাৰ ঠিক পাছতে আত্মপ্ৰকাশ কৰা খাদী আৰু গ্ৰামোন্নয়ন বৰ্ডৰে খবৰ নাৰাখে চৰকাৰে। প্ৰতিষ্ঠানটোৰ আৰ্থিক অৱস্থাৰ পৰা আৰম্ভ কৰি কাপোৰৰ মানদণ্ড পৰ্যন্ত সকলো দিশতেই অৱস্থা কাহিল হৈ পৰাৰ পাছতো উদ্যোগটোক অৰ্থনৈতিকভাবে সবল কৰাৰ বাবে কাণসাৰ নাই চৰকাৰৰ।
"অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ড"ৰ সন্দৰ্ভত ৰাজ্যিক বাজেটত কিছু দিন পূৰ্বে পোহৰলৈ আহিছিল উদ্বেগজনক তথ্য। লোকচানৰ বাবে ব'ৰ্ড খন বন্ধ কৰি হস্ত তাঁত বস্ত্ৰ বিভাগৰ সৈতে সংযোগ কৰি এটা শাখা হিচাপে ৰখাৰ প্ৰস্তাৱ দিছিল ৰাজ্যিক বাজেটত। তদুপৰি ২ বছৰৰ পূৰ্বেই ব'ৰ্ড খনৰ ভূমি ব্যক্তিগত খণ্ডক গতাই দিয়া হৈছিল বুলিও বিভিন্ন মাধ্যমত প্ৰকাশ পাইছিল।
লগতে ব'ৰ্ডখনত ১৯৮৮ চনৰ পৰাই কোনো নতুন নিযুক্তি নোহোৱাৰ কথাও সৰ্বজন জ্ঞাত। তথ্য অনুসৰি ব'ৰ্ডৰ অনুমোদিত ৮৭০ গৰাকী কৰ্মচাৰীৰ বিপৰীতে ২০২ কৰ্মচাৰীয়েহে বৰ্তমান কৰ্মৰত অৱস্থাত। আৰু এই কৰ্মচাৰীৰ দৰমহা বাবদ ব'ৰ্ডখনে ব্যয় কৰে ১৪ কোটি টকা। পিছে দুখৰ কথা যে ব'ৰ্ডখনে বছৰি উৎপাদন কৰে ১ কোটি টকাৰ সামগ্ৰী।
ইমানৰ পাছতো স্বাধীনতা দিৱসৰ নামত কোটি কোটি টকা ব্যয় কৰা চৰকাৰে স্বাধীন ভাৰতৰ অৰ্থনীতি সবল কৰা তথা আত্মনিৰ্ভৰ হ'বলৈ শিকোৱা প্ৰথমটো বৃহৎ উদ্যোগৰ প্ৰতি কাণসাৰ দিবলৈ আহৰি নাই। বৰ্তমান সময়ত বৰ্ডখনে খাদীৰ একমাত্ৰ বৈশিষ্ট্য কপাহ ত্যাগ কৰি পলিয়েষ্টাৰ সূতা ব্যৱহাৰ কাৰৰ বাবেই ইয়াৰ মানদণ্ডত প্ৰভাৱ পৰাৰ পৰিলক্ষিত হয়।
তদুপৰি বিক্ৰীৰ ক্ষেত্ৰতো মানদণ্ড তথা মূল্য নিৰ্ধাৰণত অত্যাধিক হোৱাৰ বাবেই বৰ্ডখনে হেৰুৱাই পেলাইছে স্বকীয়তা। উল্লেখ্য স্বাধীনতা দিৱসৰ বাবে সাজি উলিওৱা তিনিবৰণীয়াও মাত্ৰ চৰকাৰী কাৰ্যালয়ৰ অৰ্ডাৰ অনুসৰিহে প্ৰস্তুত কৰিবলৈ বাধ্য খাদী বৰ্ড।
সেয়ে চৰকাৰে জাকজমকাতা বাদ দি এনেবোৰ কথাত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কৃত্ৰিমতাৰ পৰা অকৃত্ৰিম হোৱাত প্ৰাধান্য দিয়াত প্ৰয়োজন আছে। প্ৰয়োজন আছে চৰকাৰী কৰ্মচাৰীক নীতি-নিৰ্দেশনাৰে বান্ধি নাৰাখি স্বাধীন হৈ স্বাধীনতা দিৱস পালন কৰিবলৈ সুবিধা দিয়াৰ। প্ৰয়োজন আছে দেশৰ অৰ্থনীতি, চৰকাৰী উদ্যোগসমূহক উজ্জীৱিত কৰাৰ।
Also Read: বিজেপি গেলিছে...