তুষাৰ প্ৰতিম
কিছুমান কথা সকলোৱে জানে। খুলি কোনেও নকয়। কিছুমান ঘটনা সকলোৰে চকুৰ সন্মুখতে ঘটে। অথচ তথ্য প্ৰমাণৰ অভাৱত সেই ঘটনা নঘটিচিল বুলি প্ৰমাণ হৈ যায়। কিয়নো আইনে তথ্য, প্ৰমাণ বিচাৰে।
আইনৰ কথা লিখাৰ সময়তে এখন জনপ্ৰিয় চিনেমাৰ এটা দৃশ্যলৈ মনত পৰিছে। 'জলী এল এল বি-২' আছিল সেই চিনেমাখনৰ নাম। সেই চিনমাখনৰ এটা দৃশ্যত দেখা গৈছিল এজন অসহায় ব্যক্তিক।
তেওঁ জীৱিত অৱস্থাতে কোনোবাই মৃত্যুৰ প্ৰমাণ পত্ৰ উলিয়াই লৈছিল। সেয়ে তেওঁ নিজকে জীৱিত বুলি প্ৰমাণ কৰাৰ চেষ্টা কৰি কৰি ভাগৰি পৰিছিল। তেওঁ জীৱিত বুলি কোনো চৰকাৰী নথিত উল্লেখ নাছিল। অথচ সেই অসহায় মানুহজন ন্যায়ালয়ৰ মজিয়াত সুস্থ শৰীৰে উপস্থিত আছিল।
নতুনকৈ ভাৰতীয় নাগৰিকত্ব লাভ কৰা অক্ষয় কুমাৰ অভিনীত এই চিনেমাখনত দেখুৱাইছিল কিদৰে সেই অসহায় মানুহজনে নিজকে জীৱিত বুলি প্ৰমাণ কৰিবলৈ জে'ললৈ যাবলগীয়া হৈছিল। জে'ললৈ যোৱা সেই কাগজৰ জৰিয়তেই তেওঁ নিজকে জীৱিত বুলি প্ৰমাণ কৰাৰ চেষ্টা কৰিছিল।
'জলী এল এল বি' নামৰ চিনেমাখনত আকৌ ছদাকান্ত মিশ্ৰ নামৰ এটা চৰিত্ৰক সূৰ্যবীৰ সিং নামৰ দুৰ্নীতি পৰায়ণ আৰক্ষী বিষয়াৰ সহযোগত নামি অধিবক্তা ৰাজপালে জীয়াই থকাৰ অৱস্থাতে মৃত বুলি ন্যায়ালয়ত প্ৰমাণ কৰিছিল। পৰৱৰ্তী সময়ত জগদীশ ত্যাগী নামৰ অধিবক্তাগৰাকীয়ে ছদাকান্ত মিশ্ৰক ন্যায়ালয়লৈ আনি তেওঁ জীৱিত থকাৰ প্ৰমাণ দি গোটেই গোচৰটোক এটা নতুন গতি দিছিল।
দুয়োখন হাস্যমধুৰ চিনেমাৰ এই দৃশ্যসমূহে যিদৰে আমাক হাঁহিবলৈ বাধ্য কৰাইছে ঠিক তেনেকৈয়ে বহু কথাই ভাবিবলৈ বাধ্য কৰাইছে। আইনৰ ডাঙৰ ডাঙৰ কিতাপ নপঢ়িলেও, আইনৰ ধাৰাৰ বিষয়ে নাজানিলেও এটা কথা সকলোৱে জানে আইনে প্ৰমাণ বিচাৰে। তথ্য লাগে আইনক। সেই তথ্য়, প্ৰমাণৰ আধাৰতে ন্যায়ালয়ে ৰায় প্ৰদান কৰে।
কেতিয়াবা সেই তথ্য, প্ৰমাণৰ অভাৱতে বহু দোষী সাৰি যায়। ন্যায়ৰ অপেক্ষাত থকা ভুক্তভোগী ন্যায় লাভৰ পৰা বঞ্চিত হয়। অসমৰ সমাজ জীৱনত বিগত ৯০ দশকৰ পৰা আজিলৈকে সংঘটিত হোৱা এনে বহু ঘটনাৰ মাজৰ ৩ টা ঘটনাৰ বিষয়ে আজি আকৌ চৰ্চা হৈছে। মানুহৰ মনলৈ এই তিনিটা ঘটনা বৰকৈ আহিছে।
১৯৯৬ চনৰ ১৭ মে'ত নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ হত্যা, উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ ১ হাজাৰ কোটিৰ কেলেংকাৰী আৰু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰা ধেমাজি বিস্ফোৰণ। নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসক হত্যা কৰা হৈছিল।
দিনৰ পোহৰতে তেওঁক গুৱাহাটীৰ ৰাজগড়ত হত্যা কৰা হৈছিল। এয়া সকলোৱে জানে। কিন্তু তেওঁক হত্যা কোনে কৰিছিল? প্ৰকৃত হত্যাকাৰী কোন আছিল? কিয় তেওঁৰ হত্যাকাৰীয়ে শাস্তি নাপালে?
এই প্ৰশ্নবোৰ প্ৰায়ে উত্থাপন হয়। জনাবোৰে কাহিনীৰ দৰে এই কথাবোৰ মাজে মধ্যে আলোচনা কৰে। কিন্তু কোনেও সকলো কথা মুকলিকৈ নকয়। পৰাগ দাসৰ হত্যাকাণ্ডৰ তদন্ত চিবিআই- এ কৰিছিল। ৪ জন ব্যক্তিক অভিযুক্ত কৰি চাৰ্জশ্বিট দাখিল কৰিছিল।
চাৰ্জশ্বিট দাখিলৰ পূৰ্বেই দুই অভিযুক্ত দিগন্ত বৰুৱা আৰু তপন দত্তক হত্যা কৰা হৈছিল। নয়ন দত্তক উন্মত্ত জনতাই ডিব্ৰুগড়ত হত্যা কৰিছিল। জীৱিত অৱস্থাত মৃদুল ফুকন নামৰ এজন অভিযুক্ত আছিল যদিও উপযুক্ত প্ৰমাণৰ অভাৱত ন্যায়ালয়ে তেওঁক দোষমুক্ত ঘোষণা কৰিলে।
২০০৬ ৰ পৰা ২০০৯ চনৰ সময়ছোৱাত উত্তৰ কাছাৰ পাৰ্বত্য জিলাত সমাজ কল্যাণ বিভাগৰ ১০০০ কোটিৰ কেলেংকাৰী পোহৰলৈ আহিছিল। এই কেলেংকাৰীৰ সৈতে জড়িত থকা অভিযুক্তৰ ঘৰৰ পৰা সেই সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰা টকা দেখি সকলোৰে চকু কপালত উঠিছিল।
প্ৰথমবাৰৰ বাবে সম্ভৱতঃ অসমৰ ৰাইজে ইমান বেছি টকা একেলগে টিভিৰ পৰ্দাত দেখিবলৈ পাইছিল। অভিযুক্তৰ বাসগৃহৰ ক'ৰ পৰা ওলোৱা নাছিল টকা ! পানীৰ পাইপেৰেও ওলাইছিল টকাৰ বাণ্ডিল।
এই ১০০০ কোটিৰ কেলেংকাৰীৰ সৈতে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ সেই সময়ৰ মুখ্য কাৰ্যবাহী বিষয়া মোহিত হোজাই, সমাজ কল্যাণ বিভাগৰ উপ-সঞ্চালক আৰ এইছ খান, উগ্ৰপন্থী সংগঠন ডি এইছ ডিৰ নেতা জুৱেল গাৰ্লোচা, নিৰঞ্জন হোজাইকে ধৰি মুঠ ১১ জনক নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল।
ইয়াৰে ৮ জন অভিযুক্ত জামীনত আছিল যদিও নিৰঞ্জন হোজাই মোহিত হোজাই আৰু জুৱেল গাৰ্লোচাক নিয়াৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। এই গোচৰটোৱেই আছিল অসমত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ প্ৰথমটো গোচৰ।
উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ এই এহেজাৰ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত নিয়াত NIA1/2009 নম্বৰত ৰুজু হৈছিল গোচৰ। এই গোচৰৰ আধাৰতে তদন্ত কৰি ১১ জনক দোষী সাব্যস্ত কৰি তাৰে ৩ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।
নিয়া আদালতে দিয়া সেই ৰায়ক যোৱা ১১ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে। দোষমুক্ত হ'ল এই গোচৰত পূৰ্বে দোষী সাব্যস্ত হোৱা ১১ জনেই। মুকলি হ'ল যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা মোহিত হোজাই, নিৰঞ্জন হোজাই আৰু জুৱেল গাৰ্লোচা।
উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ১০০০ কোটিৰ কেলেংকাৰী হৈছিল। কিন্তু সেই কেলেংকাৰী কোনো প্ৰমাণ নাই। ন্যায়ালয়ৰ ৰায়ৰ পাছতেই বহুতেই ২০০৯ ত দেখা সেই টকাৰ বাণ্ডিলৰ পাহাৰবোৰলৈ মনত পেলাইছে।
পানীৰ পাইপেৰে ওলোৱা সেই টকাৰ বাণ্ডিলবোৰ আচলতে কাৰ আছিল? ক'ৰ পৰা আহিছিল সেই টকাবোৰ? সেই টকাবোৰৰ উৎস কি আছিল? এই প্ৰশ্নবোৰৰ উত্তৰ কোনেও কাহানিও আৰু নাপাব। কেৱল মানুহৰ মনত থাকি যাব টিভিৰ পৰ্দত দেখা সেই টকাৰ বাণ্ডিলবোৰ।
ধেমাজিত আলফাই বিস্ফোৰণ ঘটাইছিল। আমি কোৱা কথা নহয়, এয়া আলফাই কোৱা কথা। এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফাই। আজিও আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই সেই কথা স্বীকাৰ কৰিছে। কৈছে, সেয়া আলফাৰ ভুল আছিল।
কিন্তু ধেমাজিৰ সেই বিস্ফোৰণ কোনে ঘটাইছিল? কোনে সেই বোমাটো তাত স্থাপন কৰিছিল? নাই এই প্ৰশ্নৰ উত্তৰো হয়ো কোনেও নাপাব। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি উপযুক্ত তথ্য,প্ৰমাণ নোহোৱাৰ বাবে ধেমাজি বিস্ফোৰণত নিম্ন আদালতে দোষী সাব্যস্ত কৰা ৬ জনক দোষমুক্ত ঘোষণা কৰিছে।
২০০৪ ৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত বোমা বিস্ফোৰণ হৈছিল। এই বিস্ফোৰণত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ অহা শিশু, অভিভাৱকসহ ১৮ জনৰ মৃত্যু হৈছিল। সেয়া সত্য।
এই বিস্ফোৰণৰ সৈতে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা জড়িত আছিল। আলফাই এই দায়িত্ব তেতিয়াও স্বীকাৰ কৰিছিল, আজিও কৰিছে। কিন্তু ধেমাজিৰ বিস্ফোৰণৰ বাবে কোনো দোষী নহয় ! এয়াও সত্য।
ধেমাজি বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অপৰাধত ধেমাজি সত্ৰ ন্যায়াধীশ আদালতে ২০১৭ত ৬ গৰাকী অভিযুক্তৰ ভিতৰত দীপাঞ্জলি বুঢ়াগোঁহাই, মুহী সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে আন ২ অভিযুক্ত হেমেন গগৈ আৰু প্ৰশান্ত ভূঞাক ৪ বছৰৰ কাৰাদণ্ড বিহিছিল।
কিন্তু সেই ৰায়ক গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ প্ৰত্যাহ্বান জনোৱাত ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলাই আজি সেই আটাইকেইজনকে দোষমুক্ত কৰিলে। তদন্তকাৰী বিষয়াই ন্যায়ালয়ত দাখিল কৰিছিল অভিযুক্তৰ ঘৰৰ পৰা উদ্ধাৰ কৰা গামোচা, টুথপেষ্ট। এয়া আছিল ধেমাজি বোমা বিস্ফোৰণৰ প্ৰমাণ !
এই বিস্ফোৰণ সাক্ষী আছিল ৫৮ জন। কিন্তু এই ৫৮ জনৰ এজনেও আদালতত পতিয়নযোগ্য সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। তেওঁলোকে ন্যায়ালয়ত কেৱল ধোঁৱা, মৃতদেহ আৰু চাইৰেনৰ শব্দ শুনা বুলিহে সাক্ষ্য প্ৰদান কৰিলে।
বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফাই। কিন্তু তাৰ পাছতো কেৱল মাত্ৰ তদন্তকাৰী বিষয়া তথা সংস্থাই উপযুক্ত তথ্য ন্যায়ালয়ত দাখিল কৰিব নোৱাৰাৰ বাবেই সমগ্ৰ গোচৰটো এইদৰে সমাপ্ত ঘটে। নিম্ন আদালতে দোষী সাব্যস্ত কৰাৰ পাছতো গুৱাহাটী উচ্চ ন্যায়ালয়ত দোষমুক্ত হ’ল ছয় অভিযুক্ত।
অসমৰ সমাজ জীৱন জোকাৰি যোৱা এই তিনিটা মাত্ৰ ঘটনাই বহু কথা কৈ যায়। যিবোৰ কথা আলোচনা হোৱা উচিত। চি বি আইৰ দৰে এটা সংস্থাই পৰাগ কুমাৰ দাসৰ হত্যাকাৰীৰ সন্ধান দিব নোৱাৰিলে।
ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই উত্তৰ কাছাৰৰ ১০০০ কোটিৰ কেলেংকাৰীৰ তথ্য উদঘাটন কৰিব নোৱাৰিলে। এই কেলেংকাৰীৰ সুদীৰ্ঘ সময় তদন্ত চলাই এজনকো দোষী সাব্যস্ত কৰিব পৰাকৈ তথ্য, প্ৰমাণ আদালতত দাখিল কৰিব নোৱাৰিলে।
হয়, আমি বোমা বিস্ফোৰণ কৰিছো বুলি কোৱাৰ পাছতো ধেমাজি বিস্ফোৰণত এজনো অভিযুক্ত দোষী সাব্যস্ত নহ'ল। এয়াই আমাৰ তদন্তকাৰী বিষয়া, সংস্থা, আৰক্ষীৰ কৰ্তব্য, দায়িত্ব। ইমানৰ পাছতো আমি এইসকলৰ ওপৰতেই নিৰ্ভৰ কৰিছো।
সপোন দেখিছো ৰাজ্য কপাই যোৱা হত্যাকাণ্ড, কেলেংকাৰী, দুৰ্নীতি আদিত জড়িতক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিব বুলি। ইয়াতকৈ বিড়ম্বনা আজিৰ তাৰিখত আৰু আছে কি?
Also Read: ধেমাজিত বিস্ফোৰণ হৈছিল, এই বিস্ফোৰণৰ বাবে দোষী কোনো নাছিল !