অম্বুবাচী মেলাঃ উদুলি মুদুলি নীলাচলৰ বুকু

অম্বুবাচী মেলাঃ উদুলি মুদুলি নীলাচলৰ বুকু
Published on
Updated on

লক্ষ্মীপ্ৰিয়া দত্ত

সংস্কৃতি এখন দেশৰ বা এটা জাতিৰ মেৰুদণ্ডস্বৰূপ। সংস্কৃতিৰ উৎকৰ্ষ সাধনে জাতিৰ জাতীয় অস্তিত্ব অটুট ৰাখে। পৃথিৱীৰ সকলো দেশৰে লৌকিক আচাৰ-ব্যৱহাৰ, ধৰ্মীয় ৰীতি-নীতি, পোছাক-পৰিচ্ছদ, ধর্মীয় অনুষ্ঠান, ইষ্ট দেৱ-দেৱীৰ পূজা-অর্চনা, ভাষা-সাহিত্য, শিল্পকলা, কৃষ্টি তথা লোকাচাৰসমূহ পৃথক পৃথক।

দেশ এখনৰ বা জাতি এটাৰ সংস্কৃতিসমূহক কেন্দ্র কৰিয়েই গঢ় লৈ উঠে বিভিন্ন লোক-উৎসৱ। এই লোক-উৎসৱসমূহে দেশ তথা জাতিৰ সর্বাংগীণ উন্নতি সাধনত অথবা জাতি এটা সুন্দৰভাৱে গঢ়ি তোলাত অপৰিহাৰ্য তথা অনবদ্য অৱদান আগবঢ়ায়।

পর্বত-ভৈয়াম, নদ-নদী, হাবি-বননি, নানা জাতি-উপজাতিৰে ভৰপূৰ আমাৰ অসমখনো বিভিন্ন লোক উৎসৱ- লোকাচাৰেৰে পৰিপূৰ্ণ। কামৰূপ জিলাৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা দেৱীৰ পীঠ তথা মন্দিৰত অতীজৰে পৰা চলি আহিছে বর্ষা উৎসৱ তথা অম্বুবাচী বা আমতি মেলা। এই মেলা সমগ্ৰ ভাৰতবৰ্ষ তথা পৃথিৱীৰ ভিতৰতে উল্লেখযোগ্য উৎসৱসমূহৰ ভিতৰত অন্যতম প্রধান উৎসৱ।

মা কামাখ্যা মন্দিৰ ৫২টা শক্তিপীঠৰ ভিতৰত অন্যতম। এই স্থানত দেৱী সতীৰ যোনি সৰিছিল বুলি পৌৰাণিক কালৰে পৰা জনশ্ৰুতি আছে। মা কামাখ্যাধামৰ অম্বুবাচী মেলা ভাৰতবৰ্ষৰ এখন মহা পুণ্য মেলা হিচাপে পৰিগণিত হৈ আহিছে।

অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। এই সময়ত হিন্দুসকলে অম্বুবাচী পালন কৰে।

আহাৰ মাহৰ ৭তাৰিখে পৃথিৱী ঋতুমতী হয় বুলি জনবিশ্বাস প্ৰচলিত আছে। আহাৰ মাহৰ সাত তাৰিখে এই উৎসৱৰ সূত্ৰপাত হোৱা বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত অম্বুবাচীক সাত বা ষাঁঠ বোলা হয়।

অম্বুবাচীৰ সময়ত তিনিদিন পৃথিৱী অশুচি হৈ থাকে বুলি বিশ্বাস কৰা হয় আৰু এই সময়ছোৱাত হাল-কোৰ নোবোৱাৰ পৰা আৰম্ভ কৰি বহু আচাৰ-অনুষ্ঠান পালন কৰা হয়। পূজা পাৰ্বণকে ধৰি কোনোধৰণৰ মাংগলিক অনুষ্ঠানো এই সময়ছোৱাত পালন কৰা নহয়।

বহু লোকে এইকেইদিন বাকচ-পেৰা আদিও নোখোলে। লোক বিশ্বাসমতে এই সময়ত উঁই পৰুৱা, গুৰি পৰুৱা আদিয়েও মাটি নাখান্দে। দৰাচলতে অম্বুবাচী প্ৰকৃততে ব্ৰত-উপবাসৰ অনুষ্ঠান আছিল যদিও কালক্ৰমত ই ধৰ্মীয় উৎসৱলৈ পৰিণত হ’ল।

অম্বুবাচীৰ অৰ্থ হৈছে পানীৰ সৈতে উচ্চাৰণ কৰা। এই মাহত বৰষুণ অহাৰ সম্ভাৱনাকো বুজুৱা হয় অম্বুবাচীৰ জৰিয়তে যি পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু ইয়াক উৎপাদনক্ষম কৰি তুলে। সকলো কৃষিমূলক কাম-কাজ যেনে হাল বোৱা, খান্দা, শস্য ৰোৱা আৰু শস্যৰ পৰিবহন এই সময়ত বন্ধ ৰখা হয়।

বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মিণ সকলেও ৰন্ধা-বঢ়া বন্ধ ৰাখে। চতুৰ্থ দিনা অৰ্থাৎ অম্বুবাচী সমাপ্ত হোৱাৰ দিনা ঘৰৰ সকলো বাচন-বৰ্তন, কাপোৰ আদি ধুই পেলোৱা হয়। সেইবোৰত শান্তি পানী চটিওৱা হয়, এই সকলো শুদ্ধিৰ কাম কৰাৰ পাছত আৰু প্ৰয়োজনীয় ৰীতি নীতিসমূহ সম্পূৰ্ণ কৰাৰ পাছত কামাখ্যা দেৱীক প্ৰাৰ্থনা কৰা হয়। এই সকলোবোৰৰ পাছত মঠ-মন্দিৰত প্ৰৱেশ কৰাটো শুভ বুলি জ্ঞান কৰা হয়।

ই পূব ভাৰতৰ আটাইতকৈ উল্লেখযোগ্য উৎসৱসমূহৰ ভিতৰত অন্যতম । ইয়াত দেৱীক মূৰ্তি হিচাপে নহয়, যোনি সদৃশ শিলত পূজা কৰা হয়। এইদৰে প্ৰতিবছৰে অম্বুবাচী বা দেৱীৰ ঋতুস্ৰাৱৰ সময়ত বহু সংখ্যক ভক্তই ধৰ্মীয় ৰীতি-নীতি সম্পাদন কৰিবলৈ সমবেত হয়। এই উৎসৱত বিভিন্ন তান্ত্ৰিক ৰীতি-নীতি পালন কৰা হয়।

উল্লেখযোগ্য যে কামাখ্যা ধামত ২২জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হৈছে। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহনাগৰ জিলা প্রশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে।

আজি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্রবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব।

উল্লেখযোগ্য যে এইবাৰ কামাখ্যা অম্বুবাচী মেলাৰ সময়ত নাথাকিব কোনো ভি আই পি পাছৰ ব্যৱস্থা। সকলো ভক্তই সাধাৰণ ভক্তৰ দৰেই দৰ্শন কৰিব লাগিব মা-কামাখ্যাক। ভি আই পিসকলেও শাৰি পাতিব লাগিব সাধাৰণ দৰ্শনাৰ্থীৰ দৰেই ।

তদুপৰি ভক্তসকলক মেলাৰ কেইদিন নিশা ৮ বজা পর্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা ৯ বজা পর্যন্ত খোলা থাকিব।

ভক্তসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সম্মুখীন নহয়, তাৰ প্রতি লক্ষ্য ৰাখি কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু ঘাটত দুটা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। তদুপৰি প্ৰশাসনৰ অনুমতি লাভ কৰা বিভিন্ন স্বেচ্ছাসৱী সংগঠনে ভক্তসকলক খাদ্য যোগান ধৰিব।

অম্বুবাচী মহোৎসৱৰ প্রতি লক্ষ্য ৰাখি সমগ্র নীলাচল পাহাৰক ধূমপানমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। সুৰাপান অথবা অন্য নিচাযুক্তদ্রব্য সেৱন কৰা কোনো লোকক দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্রশাসনে নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তুলিছে।

মা কামাখ্যাৰ অম্বুবাচী মেলাই আজি সৰ্বভাৰতীয় দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। অসমৰ বাবে এইয়া অতি সৌভাগ্য তথা আনন্দৰ কথা। মা কামাখ্যাধামক বিশ্ব পৰ্যটনৰ ৰম্যপুৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হ'লে জনসাধাৰণ তথা চৰকাৰে উন্নয়নমুখী কাৰ্যসূচী হাতত লোৱাটো অতি প্রয়োজনীয়।

আমাৰ ভাৰতবৰ্ষ তথা অসমৰ লোক-সংস্কৃতি তথা পৌৰাণিক ঐতিহ্যসমূহৰ বিকাশৰ সঠিক ৰূপটো বিশ্ববাসীক দেখুৱাব পাৰিলেহে ভাৰতবৰ্ষ তথা অসমৰ শিল্প, কলা, সাহিত্য-সংস্কৃতি লোক-সংস্কৃতিসমূহৰ পুৰণি ঐতিহ্য ৰক্ষা কৰিব পৰা যাব। কামৰূপৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যাধামৰ 'অম্বুবাচী' মেলাই বহন কৰি অহা বিশেষ ঐতিহ্য অদূৰ ভৱিষ্যতেও অটুট থাকিব।

অম্বুবাচী মেলাঃ উদুলি মুদুলি নীলাচলৰ বুকু
এদিন পৃথিৱীত আছিল মাত্ৰ ১২০০ মানুহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in