-মৃদুল কুমাৰ সন্দিকৈ
কাৰোবাৰ নামত কিবা এটা নামকৰণ কৰিলে তেওঁৰ প্ৰতি দায়িত্ববোধ, আন্তৰিকতা প্ৰদৰ্শন কৰা বুলি ক’ব নোৱাৰি। কিছুমান লোক থাকে, যিসকলৰ আদৰ্শ আৰু কৰ্মৰাজি পিছৰ প্ৰজন্মৰ ওচৰত প্ৰাসংগিক কৰি ৰখাৰ লক্ষ্যৰে এই কাম কৰিব লগা হয়। ইয়াৰ জৰিয়তে, সেই নমস্য লোকসকলতকৈ এটা জাতি বা এখন সমাজ ধন্য হয়।
এনে কাম কৰোতে সেই মহান ব্যক্তিসকলৰ আদৰ্শ যাতে সঠিকভাৱে, সঠিক ৰূপত প্ৰতিফলিত হয় তাৰ প্ৰতিও ধ্যান দিয়াৰ প্ৰয়োজন। বাণীকান্ত কাকতিৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা ঠাইখিনিৰ অৱস্থা এতিয়া প্ৰায় অৱহেলিত। অসমীয়া ভাষা, সাহিত্যৰ বাবে অন্যতম সৰ্বাধিক অৰিহণা আগবঢ়োৱা এইগৰাকী মহান অসমীয়াৰ প্ৰতিমূৰ্তিটো যেতিয়া হাবিৰ মাজত কদৰ্যৰূপত দেখা পোৱা যায়, তেতিয়া সচেতন প্ৰতিজন অসমীয়াৰ মনত প্ৰশ্ন জাগিব- "তেওঁক আমি সন্মান কৰিছো নে অপমান কৰিছো?"
একেই জানো হোৱা নাছিল, বা হৈ থকা নাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত খগেন মহন্তৰ স্মৃতিত স্থাপন কৰা সমাধি স্থানত। আৱেগেৰে আমি বহু কাম কৰি দিওঁ। পিছত সেইবোৰৰ অৱস্থা কি হয়, তাৰ প্ৰতিহে দৃষ্টি নাৰাখো। নৱগ্ৰহৰ কাষত থকা অসমৰ ৰাজনীতিক জীৱনৰ সৰ্বকালৰ প্ৰভাৱশালী ব্যক্তি গোপীনাথ বৰদলৈ সমাধি স্থানৰ খবৰ ৰাখিবলৈ আমি কেইজন যাওঁ?
বিষ্ণুৰাভাৰ বাসগৃহটো জৰাজীৰ্ণ হৈ তেজপুৰত জহি-খহি গ’ল। এয়া পাৰিবাৰিক সম্পত্তিয়ে হৈ থাকিল। অথচ ৰাভা আছিল অসমীয়া জাতীয় জীৱনৰ স্পন্দন। তেওঁৰ সৃষ্টিৰাজি আৰু এই বাসগৃহটোৱে বহু ঐতিহ্য সন্ধান আমাক দি থাকিল হয়। জ্যোতিপ্ৰসাদো এই দিশত অৱহেলিত। ১৯৩৩ চনতে অসমীয়া ছবিৰ নিৰ্মাণ কৰিবলৈ সাজিছিল ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ’। অসমীয়া ছবিৰ সেই আৰম্ভণি ইতিহাস আৰু জ্যোতিপ্ৰসাদক সঠিকভাৱে ধৰি ৰাখিব পাৰিছোনে আমি?
পাৰ্বতী প্ৰসাদ বৰুৱাৰ সমাধিক্ষেত্ৰৰ ছবি তেওঁৰ জন্ম দিন বা মৃত্যু দিনত চৰ্চা হয়। হাবি-বননিৰ মাজত এটা দিনৰ বাবে কোনোবাই ইয়াৰ অস্তিত্ব আৱিষ্কাৰ কৰে আৰু তাতেই শেষ হয় আমাৰ দায়িত্ব। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক কেনেদৰে ৰাখিছে চুবুৰীয়া পশ্চিমবংগই? সেই তুলনা আমি কোনোদিনে কৰাৰ অৱকাশ পাইয়ো কৰা নাই।
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা সাহিত্য, সাংস্কৃতিক জগতৰ আৰু অসমীয়া জাতীয় জীৱনৰ প্ৰাণ আছিল। তেওঁৰ মৃত্যুত বিশ্বই কান্দিছিল। অসমত আৱেগৰ ঢল বৈছিল।বিশ্বৰ সংবাদ মাধ্যমে কৈছিল, এজন শিল্পীৰ প্ৰতি এনে অন্তিম শ্ৰদ্ধা সঁচাকৈ বিৰলৰো বিৰল। সেই সুধাকণ্ঠ সমাধিক্ষেত্ৰৰ আজি অৱস্থা কি?
সমাধিক্ষেত্ৰ স্থাপন হ’ল সুধাকণ্ঠৰ নামত। তাতেই শেষ হৈ গ’ল আমাৰ দায়িত্ব। তাৰ পিছত যি হয়, তাক লৈ আমি কোনেও সজাগ, সচেতন নহয়। চৰকাৰে ঠায়ে ঠায়ে সুধাকণ্ঠৰ নামত মুকলি মঞ্চ স্থাপন কৰিছিল। সেইবোৰৰ অস্তিত্ব এতিয়া হাবিৰ মাজত।
বাটে-পথে কেতিয়াবা যাওঁতে কোনোবাই দেখুৱাই দিলেহে গছ-বন-লতাৰ মাজত তেনে এক মুকলি মঞ্চ আছে বুলি গম পোৱা যায়। এইবোৰৰ সঠিক ব্যৱহাৰ আৰু প্ৰয়োজনেই যদি নাই, তেনেহ’লে সুধাকণ্ঠৰ নামত এই মুকলি মঞ্চৰ নিৰ্মাণ কৰাৰ যুক্তি ক’ত? আমি সুধাকণ্ঠক এনেকৈ সন্মান নে অসন্মান জনাওঁ?
যি জাতিয়ে নিজৰ ঐতিহ্যক বুজিব, সন্মান কৰিব আৰু সংৰক্ষণ কৰিব নাজানে, তেনে জাতিয়ে নিজস্বতাক উপলদ্ধি কৰিব কেতিয়াওঁ নোৱাৰে। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, আহোম যুগৰ আন কীৰ্তিস্তম্ভ প্ৰকৃত সংৰক্ষণ আজিও হৈছেনে?
তথাপিও আমি সাময়িকভাৱে বহু দাবী উত্থাপন কৰো। তেনে দাবী কৰাৰ যুক্তিও থাকে, নাথাকে কেৱল আমাৰ পৰৱৰ্তী দায়িত্ব। ভবেন্দ্ৰনাথ শইকীয়াৰ মৃত্যুৰ পাছত তেখেতৰ নামেৰে এটা পথ নামাকৰণ কৰা হৈছিল। লাষ্টগেট-বশিষ্ঠ সংযোগী সেই পথৰ নাম আমিয়েই সলনি কৰিলো। ভবেন্দ্ৰনাথ শইকীয়াৰ নামটো আঁতৰাই সেই পথৰ নাম বি এন ৰোড কৰিলো।
বহু মনীষী, মহীৰূহৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। গুৱাহাটীৰ মাজমজিয়াতে বিচাৰিলে শ-শ এনে প্ৰতিমূৰ্তি উদ্ধাৰ হ’ব। এদিন সন্মান আৰু কৃতজ্ঞতাৰ চিনস্বৰূপে সংস্থাপিত কৰা এই প্ৰতিমূৰ্তিসমূহৰ উপযুক্ত সংৰক্ষণ আৰু নিৰীক্ষণৰ ব্যৱস্থা নকৰাত সেইবোৰে কি ৰূপ লয় দেখিলেহে উপলদ্ধি কৰা যায়।
গুৱাহাটী মহানগৰীত নিৰ্মাণ কৰা দুখন গুৰুত্বপূৰ্ণ উৰণীয়া সেতুৰ নাম দুজন বিশিষ্ট ব্যক্তিৰ নামেৰে নামাকৰণ কৰাৰ দাবী উত্থাপন হৈছে। জু-ৰোডত নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ নাম কবি হীৰেন ভট্টাচাৰ্যৰ নামত আৰু মালিগাঁৱত নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ নাম জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ নামত নামাকৰণৰ দাবী উঠিছে।
এই দুই উৰণীয়া সেতু নামাকৰণৰ ক্ষেত্ৰত চৰকাৰে বিষয়টো বিবেচনা কৰি সঠিক সিদ্ধান্ত ল’ব বুলি আশা কৰিব পাৰি। কিয়নো, এই উৰণীয়া সেতু দুখনৰ নাম ক্ৰমে, হীৰেন ভট্টাচাৰ্য আৰু নীলমণি ফুকনৰ নামত হ’লে অসমৰ কোনো ৰাইজৰে আপত্তি নাথাকিব।
তেওঁলোকৰ জীৱন সাহিত্য কৰ্মৰ মাজেৰে, জাতিৰ বাবে উৎসৰ্গিত আছিল। কবিতা আৰু সাহিত্যৰ মাধ্যমেৰে জাতিক প্ৰতিষ্ঠা কৰি ইতিমধ্যে তেওঁলোক অমৰ হৈ ৰৈছে। সেই অমৰত্বত এই আনুষ্ঠানিকতাই আমাকেই প্ৰেৰিত কৰিব।
Also Read: “বিশেষ লেখা”ৰ বাবে বিশেষ লেখা..