জয়দীপ নাৰায়ণ দেব
ভাৰত কেৱল স্বাধীনোত্তৰ কালৰ ১৪ম খন ৰাজ্য ৬ টা কেন্দ্ৰীয় শাসিত অঞ্চল অথবা বৰ্তমানৰ ২৯ খন ৰাজ্য আৰু ৭ টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ সমষ্টিয়েই নহয়। ভাৰত বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্ম, বৰ্ণ, গোষ্ঠীৰ এক বিশালকায় জনসমষ্টিৰ কেন্দ্ৰভূমি। ৰামধনুৰ দৰেই ভাৰতীয় সমাজ, সংস্কৃতিৰ ৰং ঠাই ভেদে পৃথক পৃথক।
তাহানিয়েই আম্বেদকাৰে অনুধাৱন কৰিছিল যে, বিহংগম দৃষ্টিৰে এখন দেশ হ'লেও ভাৰত প্ৰকৃততে অৰ্ধ-যুক্তৰাষ্ট্ৰ হে । সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা আন দুটা শক্তিশালী শব্দ হৈছে ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক । এই শব্দ দুটাৰ অৰ্থ বহুল প্ৰসাৰী । কেৱল সংবিধানৰ প্ৰস্তাৱনাতেই আৱদ্ধ নহয় ইয়াৰ তাৎপৰ্য্য ।
ভাৰত ব্ৰিটিছৰ পৰাধীন হোৱাৰ বহু শতিকা পূৰ্বেই এই কথা যেন অনুভৱ কৰিছিল অসমৰ দুজন নমস্য ব্যক্তিয়ে । এই ব্যক্তি দুগৰাকী আন কোনো নাছিল, আছিল অসমীয়া সমাজৰ গুৰি ধৰোতা মহাপুৰুষ দুজনা । শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ আদিৰ পৰা অনাদিলৈ অসমীয়া জাতিৰ বাবে কেৱল নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক অথবা সাহিত্যিকেই নহয় বৰং সমাজ সংস্কাৰক ৰূপেও দুটি ভোটাতৰা হৈ উজলি ৰ'ব ।
কিন্তু সামন্তবাদী চিন্তধাৰাৰ আগ্ৰাসনৰ কৰালগ্ৰাসত যেন বিধ্বস্ত আজিৰ সমাজ । বৰলুইতৰ তাণ্ডৱে নৈপৰীয়া ৰাইজৰ আশা-ভৰষা কাঢ়ি নিয়াৰ দৰেই যেন আজি গৰাখহনীয়াৰ কবলত অসমীয়া সমাজৰ বৌদ্ধিক দৌৰ । আৰু ইয়াৰ বাবে দোষী কেৱল অভিযুক্তই নহয়, বৰং ভূক্তভোগীও । ইয়াৰ কাৰণো অৱশ্যে নথকা নহয় । যি সময়ত গুৰুজনাৰ মহান বাণী "কুকুৰ, শৃগাল, গৰ্দভৰো আত্মাৰাম, জানিও সবাকে কৰিবা প্ৰণাম" ৰে আগুৱাই যাব লাগিছিল সমাজ, তেনে সময়তে বলুকাত মহাপুৰুষ দুজনাৰ পদচিহ্ন হেৰুৱাই যেন পাছ হুহুকি হে গৈছে । তাৰ সৈতেই যেন নিৰ্বাক গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষতা ।
সোমবাৰে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা বৈষ্ণৱ পণ্ডিত বশিষ্ঠ দেৱ শৰ্মাৰ। সত্ৰীয়া সংস্কৃতিৰ পুৰোধাব্যক্তিগৰাকীৰ শোকযাত্ৰাত জাত-পাত, বৰ্ণ-ধৰ্ম বাচ বিচাৰ নকৰাকৈ চামিল হ'ল অগণন জনতা।
আজীৱন উচ্চ-নীচৰ ব্যৱধান নৰখাকৈ এখন সমাজ প্ৰতিষ্ঠাৰ বাবে আহুপুৰুষাৰ্থ কৰা বশিষ্ঠ দেৱ শৰ্মাৰ শেষযাত্ৰাই ধৰ্মীয় গোড়ামী আৰু একাংশ ৰাজনৈতিক মুনাফালুভীৰ বিভাজনকামী চিন্তা, চেতনাত যেন এক পূৰ্ণহতীয়া চৰ সোধালে।
শেহতীয়াকৈ অসমৰ সমাজ জীৱনক জাত-পাতৰ ৰাজনীতিৰে লেতেৰা কৰা, ধৰ্মীয় গোড়ামীৰে বিভাজনৰ সৃষ্টি কৰা, ক্ষুদ্ৰ স্বাৰ্থ চৰিতাৰ্থ কৰা একাংশ ধৰ্ম উন্মাদনাৰ সৃষ্টি কৰা লোকে এই শেষ যাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলৰ বিৰুদ্ধে এতিয়া থিয় দিব পাৰিবনে? তেওঁলোকৰ ক্ষুদ্ৰ ব্যক্তি স্বাৰ্থক সুৰক্ষিত কৰি গ্ৰহণ কৰা এনেধৰণৰ স্থিতিক এতিয়া কি যুক্তি দিব?
বুঢ়সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ শেষকৃত্য সম্পন্ন অনুষ্ঠানত অংশ ল'লে বহু সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে । তেওঁৰ শেষকৃত্য সমাপন কৰিবলৈ নিজৰ বাৰীৰ চন্দন গছডাল দান দিলে ফৰহাদ আলীয়ে। সম্প্ৰীতি আৰু একতাৰ এনাজৰীডাল কিমান শক্তিশালী হ'লে এনে দৃষ্টান্ত দাঙি ধৰিব পাৰে সেয়া সহজেই অনুমেয়। কিন্তু এই কথাবোৰৰ পৰা জানো শিক্ষা ল'ব তথাকথিত আমাৰ ধৰ্মীয় গোড়ামীৰে বিভাজনৰ ৰাজনীতি কৰা স্বয়ম্ভু নেতা তথা ধৰ্মীয় বেপাৰী বোৰে ?
সৌ সিদিনা চকলং প্ৰথাৰে সম্পন্ন হোৱা বিয়া খাবলৈ যোৱাৰ বাবেই এটা পৰিয়ালক শংকৰ সংঘই এঘৰীয়া কৰিলে। একেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল এগৰাকী অধ্যাপকৰ বিৰুদ্ধেও।
ইয়াৰ পূৰ্বেও সংঘই ব্ৰইলাৰ ফাৰ্ম, গাহৰিৰ ফাৰ্ম খোলা একাংশ লোক এঘৰীয়া কৰাৰ খবৰে সংবাদ শিৰোনাম দখল কৰিছিল। সংঘৰ ইতিহাসত এয়া কোনো নতুন কথা নহয়। সময়ে সময়ে এনেবোৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰি আহিছে। তৎস্বত্বেও বাৰে বাৰে সংঘটিত হৈ আহিছে এনে ঘটনা।
একেই অৱস্থা আন আন সমাজতো। সৌ সিদিনা অসবৰ্ণ বিবাহ কৰাৰ বাবেই মৃতকৰ শেষকৃত্য সম্পন্ন নকৰিলে এইখন অসমৰে এখন সমাজে। ব্ৰাহ্মণে নিজৰ কৰ্তব্য পাহৰি অবৈজ্ঞানিক আৰু অমানৱীয় চিন্তা চেতনাৰ পৰিচয় দি অসহায় পৰিয়াল এটাৰ মূল ব্যক্তিজনৰ নশ্বৰ দেহ দাহ কৰাৰ পৰিৱৰ্তে নৈৰ পাৰত পুতি থবলৈ বাধ্য কৰালে।
ব্ৰইলাৰ ফাৰ্ম, গাহৰিৰ ফাৰ্ম খোলাৰ বাবে সমাজচ্যুত হোৱা, আন ধৰ্মীয় লোকৰ ঘৰত আহাৰ গ্ৰহণ কৰা, সম্পৰ্ক স্থাপন কৰাৰ বাবেই এঘৰীয়া হোৱাৰ উদাহৰণ এইখন অসমত অলেখ, অজস্ৰ আছে। কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে এনে ঘটনা কেৱল সংঘটিত হয় আৰ্থিক ভাৱে পিছপৰা লোকসকলৰ ক্ষেত্ৰত হে।
নিয়ম-নীতি কেৱল দৰিদ্ৰতাই জুৰুলা কৰা লোকসকলৰ বাবেহে নেকি ? সমাজে নিৰ্ধাৰণ কৰি দিয়া এনে নীতি-নিয়ম কেৱল হলা গছৰ বাবেই নে বট গছৰ বাবেও আছে ? ৰাইজে নখ জোকাৰিলেই নৈ বয় বুলি কোৱা হয়, কিন্তু সোঁতৰ বিপৰিতে সাতুৰিব গ'লেই সোঁতে উটুৱাই নিয়াটো খাটাং নেকি ?
আগন্তুক দিনত যদি বৰলুইতে সোঁত সলোৱাৰ দৰেই সলনি হয় সমাজৰ সোঁত তেনেস্থলত ক্ষমাপ্ৰাৰ্থী হ'ব জানো মহা শক্তিশালী সংগঠন তথা তথাকথিত ধৰ্ম প্ৰচাৰকসকল ? এই প্ৰশ্ন কেৱল নিৰ্দিষ্ট এক ধৰ্মীয়, সামাজিক অনুষ্ঠান, প্ৰতিষ্ঠানৰ বাবে নহয়। এই প্ৰশ্ন সামগ্ৰিক ভাৱে অসমৰ সমাজখনৰ বাবেই।
সততে এঘৰীয়া কৰা, সমাজচ্যুত কৰা আদি ঘটনা প্ৰবাহৰ ক্ষেত্ৰত আমি সহজেই আওকাণ কৰি অহা আন এটা দিশ হ'ল ৰাজনৈতিক । মৌলিক স্তৰত সমাজৰ অধিকাৰসমূহত হস্তক্ষেপ নকৰা ৰাজনীতিৰ দৃষ্টি এই ঘটনাসমূহলৈ নিশ্চয় নিক্ষেপ হয়।
কিন্তু তাৰ পাছতো কোনো ৰাজনীতিবিদেই সততেই সমাজ সংস্কাৰৰ বাণী ভাটৌৰ দৰে আওৰোৱাৰ বাহিৰে প্ৰত্যক্ষ ভাৱে সাংগঠনিক পৰ্যায়ত এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা দেখা নাযায় । অৱশ্যে সমাজত ধৰ্মীয় আৰু সামাজিক অস্থিৰতাৰ সুযোগত ৰাজনীতিৰ সুবিধা লোৱা ঠিকেই দেখা যায় সময়ে সময়ে । কেৱল ৰাজনীতিকেই নহয়, টেলিভিশ্যনৰ পৰ্দাত, কাকতৰ পৃষ্ঠাত সমাজ সংস্কাৰৰ কথা কোৱা সৰ্বগুণাকৰ ৰূপী বিশেষজ্ঞমহলৰো তৃণমূল পৰ্যায়ত নাই কোনো কাৰ্যপন্থা।
ৰাজ্য কপাই যোৱা অভি-নীলৰ গণপ্ৰহাৰৰ সময়ত আমি কেৱল এখন সুকীয়া সমাজকেই দায়ী কৰি আঁতৰি আহিলো। কিন্তু সেই সমাজখনৰ শৈক্ষিক, সামাজিক উন্নয়নৰ কথা অনুধাৱন নকৰিলো। অভি-নীলৰ পূৰ্বে আৰু পৰৱৰ্তী সময়ত সংঘটিত হোৱা অনুৰূপ ঘটনা প্ৰবাহৰ ক্ষেত্ৰতো আমাৰ স্থিতি আছিল সুবিধাজনক। এক নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি আমি কেৱল সমালোচনা আৰু নীতি- শিক্ষাৰ পাঠ আওৰালো। তাৰ বাহিৰে বাস্তৱিক কাৰ্যপন্থা কি ল'লো ?
ঠিক তেনেকৈয়ে বিশ্বায়নৰ যুগত সংস্থাপনৰ বাবে মুকলি হোৱা হেজাৰটা সুযোগ থকাৰ পাছতো তাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰাটো জানো মান্য ? আজি ব্ৰইলাৰ ফাৰ্ম, গাহৰিৰ ফাৰ্ম খোলাৰ বাবেই আমাৰ সমাজে একাংশ উদ্যোগী, কৰ্মপটু যুৱকক সমাজে এঘৰীয়া কৰিছে।
কিন্তু সংস্থাপনৰ নিজাকৈ বাট মুকলি কৰি লোৱা এই যুৱকসকলক এইদৰে সমাজচ্যুত কৰি আমাৰ সমাজখনে কি বাৰ্তা দিব বিচাৰিছে ? দেশৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলত গাহৰিৰ চাহিদা আটাইতকৈ বেছি। প্ৰতিদিনে অসমলৈ লাখ লাখ কুইণ্টল ব্ৰইলাৰ বহিঃৰাজ্যৰ পৰা প্ৰৱেশ কৰে।
এই মাংসৰ বিনিময়ত প্ৰতিদিনেই অসমে হেৰুৱাই আছে কোটি কোটি ৰাজহ। যদি চাহিদা পূৰণ কৰিব পৰাকৈ আমাৰ ল'ৰাই নিজেই প্ৰয়োজনীয় মাংস উৎপাদন কৰি লয় তেন্তে এই কোটিৰ ঘৰত বহিঃগমন হোৱা ৰাজহ অসমতে থাকি, অসমৰ অৰ্থনীতিক সৱল নকৰিবনে ? আমাৰ সমাজ ব্যৱস্থাই গ্ৰহণ কৰা এনে চিন্তাই অসমৰ শোচনীয় অৰ্থনৈতিক পৰিকল্পনাৰ দিশটোকেই আঙুলিয়াই দিয়ে । স্বনিয়োজনৰ বাট মুকলি কৰি লোৱা এনে যুৱকসকলকেই হওক বা সংস্থাপনৰ বাট বিচাৰি নাপায় হাহাকাৰ কৰি থকা যুৱক-যুৱতীকেই হওক সমাজে সংস্থাপনৰ আন কোনো বাট মুকলি কৰি দিছে নেকি ?
সৰ্বমুঠ, এই সমস্যাবোৰ কেৱল সামাজিক নহয় । এটা নিৰ্দিষ্ট ধৰ্মীয়, সামাজিক অনুষ্ঠানৰ প্ৰতি আঙুলিটোৱালেই পৰিসমাপ্তি নঘটে এই সমস্যাবোৰৰ । বৰং ইয়াৰ অন্তৰালৰ শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক দিশসমূহ হে সংস্কাৰৰ প্ৰয়োজন নৱ্য উদাৰবাদী মধ্যবিত্ত অসমীয়াক ।
কাৰণ উচ্চবিত্ত সমাজক স্পৰ্শ নকৰে এইসমূহ সমস্যাই আৰু নিম্নবিত্তীয় সমাজ ইতিমধ্যেই ভোকৰ তাৰনাতেই হওঁক বা আন কাৰণতেই হওঁক চিকাৰ হৈছে এই সমস্যা সমূহৰ। কিন্তু যি কথাই সকলোতকৈ বেছি আমনি কৰে সেয়া হৈছে, উদাৰ নীতিত বিশ্বাসী অসমীয়া সমাজত কেনেকৈ আৰু কেতিয়া প্ৰৱেশ কৰিলে সামন্তবাদী ভাৱধাৰাই ?