অসমীয়া ৰাজ্যপাল...

অসমীয়া ৰাজ্যপাল...

Published on

ডিম্পুল বৰগোহাঁই

আহিল এটা ভাল খবৰ। আন এজন অসমীয়া অধিষ্ঠিত হ’ল ৰাজ্যপালৰ দৰে সন্মানীয় পদত।এই সাংবিধানিক পদত অধিষ্ঠিত হোৱা তেওঁ অষ্টম গৰাকী অসমীয়া। ৰাজনৈতিক দৃষ্টিকোণেৰে এই নিযুক্তিৰ বিচাৰ-বিশ্লেষণ অন্য ধৰণে হব যদিও,  ৰমেন ডেকাক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ খবৰে উৎফুল্লিত কৰিছে ৰাজ্যবাসীক।

অৱশ্যে ৰাজনৈতিক দৃষ্টিভংগীৰে বিচাৰ কৰিলে, অসমত পুৰণি বিজেপি আৰু ন বিজেপিৰ মাজত হোৱা সংঘাত, দলীয় মজিয়াত সৃষ্টি হোৱা অসন্তুষ্টি প্ৰশমন কৰিবলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বই এক কৌশলী সিদ্ধান্ত গ্ৰহণ কৰিলে। ২৭জুলাইৰ নিশা ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল ৰূপে নিযুক্তি দিয়া হ’ল।

ৰাষ্ট্ৰপতি ভৱনৰ পৰা নিশাই জাৰি কৰা হল এই নিৰ্দেশনা। বিজেপিৰ অসন্তুষ্ট নেতাসকলৰ ভিতৰত অন্যতম এগৰাকী নেতা আছিল ৰমেন ডেকা। প্ৰায়ে দলৰ সাংগাঠনিক কামক লৈ সময়ে সময়ে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে নেতা গৰাকীয়ে। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ আগত ৰমেন ডেকাই টিকট বিচাৰি এইবাৰেই শেষ নিৰ্বাচন খেলিম বুলি মুকলি ঘোষণা কৰিছিল।

২০২৪ত টিকট লাভ নকৰিলেও ৰহস্যজনক ভাৱে অসন্তুষ্টি ভাৱ প্ৰকাশ কৰা নাছিল ৰমেন ডেকাই। দলীয় সিদ্ধান্তক সাদৰেৰে গ্ৰহণ কৰি সাংগাঠনিক দিশত কাম কৰি যোৱাৰ যেন পুৰস্কাৰ পালে ৰমেন ডেকাই। বিজেপি শীৰ্ষ নেতৃত্বই জ্যেষ্ঠ নেতাগৰাকীক প্ৰদান কৰিলে এখন ৰাজ্যৰ ৰাজ্যপালৰ দৰে গুৰু দায়িত্ব। ৰমেন ডেকাৰ দৰে এগৰাকী অতিকৈ পুৰণি বিজেপি নেতাক ৰাজ্যপালৰ পদত নিযুক্তি দি পুৰণি বিজেপিক অৱজ্ঞা কৰাৰ অভিযোগেই যেন খণ্ডন কৰা চেষ্টা কৰিলে বিজেপিয়ে।

অসমত বিজেপিৰ সাংগাঠনিক খুটিঁ পোতা নেতাসকলৰ ভিতৰত অন্যতম এগৰাকী নেতা হৈছে ৰমেন ডেকা। বিজেপি দলৰ নীতি-আদৰ্শ গাঁৱে-ভূঞেঁ বিলাই দিয়া আৰু দলৰ বেয়া-ভাল সকলো সময়তে সক্ৰিয়তাৰে কাম কৰা এগৰাকী নেতা হৈছে ৰমেন ডেকা। বিজেপি আনুষ্ঠানিক ভাৱে গঠন হোৱাৰ আগৰে পৰাই এই নীতি আদৰ্শত কাম কৰি আছিল ৰমেন ডেকাই।

১৯৭৭চনত ডেকা জন সংঘৰ অসম শাখাৰ সাধাৰণ সম্পাদক আছিল। ১৯৮০চনত ভাৰতীয় জনতা পাৰ্টীৰ গঠনৰ সময়ত ৰমেন ডেকা আছিল দলটো এগৰাকী মুখ্য সদস্য। ইয়াৰ পাছত বিজেপিৰ মুখপাত্ৰ, ৰাজ্যিক সাধাৰণ সম্পাদক, ৰাজ্যিক উপ-সভাপতিৰ দৰে দায়িত্ব পালন কৰিছিল তেওঁ। ২০০৫চনৰ পৰা ২০০৯চনলৈ অসম বিজেপিৰ সভাপতি পদতো আছিল ৰমেন ডেকা।

ৰমেন ডেকাৰ কাৰ্যকুশলতা দেখিয়েই সংসদৰ গৃহ আৰু ৰাজহুৱা হিচাপ পৰীক্ষণ স্থায়ী কমিটিৰ সদস্যৰ পদতো অধিষ্ঠিত হৈছিল।  ১৯৭৯চনত অসম সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক হিচাপেও নিৰ্বাচিত হৈছিল ৰমেন ডেকা।  ১৯৫৪চনত শুৱালকুছিত জন্ম হোৱা ৰমেন ডেকা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

এসময়ত হেম বৰুৱাই প্ৰতিনিধিত্ব কৰা মঙলদৈ লোকসভা তথা বৰ্তমান দৰং-ওদালগুৰি সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছিল ৰমেন ডেকাই। ২০০৯ আৰু ২০১৪ৰ লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ডেকা। চত্তীশগড়ৰ নৱমগৰাকী ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিব বিজেপিৰ এই জ্যেষ্ঠ নেতাগৰাকীয়ে।

শনিবাৰে নিশা ৰমেন ডেকাৰ লগতে আন ৯গৰাকী জ্যেষ্ঠ নেতা তথা ৰাজ্যপালক ভিন্ন ৰাজ্যৰ ৰাজ্যপালৰূপে নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে। অসমৰ বৰ্তমানৰ ৰাজ্যপাল গোলাপ ছান্দ কাটাৰীয়াক পাঞ্জাৱ আৰু চণ্ডীগড়ৰ ৰাজ্যপাল ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে। ইয়াৰ লগতে ছিক্কিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যক অসমৰ ৰাজ্যপাল ৰূপে নিযুক্তি দিয়াৰ লগতে মণিপুৰৰ দায়িত্বও অৰ্পণ কৰা হৈছে।

ৰাজ্যপালৰ দৰে সন্মানীয় পদবী তথা দায়িত্ব লাভ কৰা ৰমেন ডেকা হৈছে  অষ্টম গৰাকী অসমীয়া। ইয়াৰ পূৰ্বে ১৯৫৮চনত তেতিয়াৰ মাদ্ৰাছ আৰু এতিয়াৰ তামিলনাডুৰ ৰাজ্যপাল হৈছিল বিষ্ণুৰাম মেধি। ১৯৭১চনত দেৱকান্ত বৰুৱা বিহাৰৰ ৰাজ্যপালৰূপে দায়িত্ব লাভ কৰিছিল।

ৰাজ্যপাল হোৱা তৃতীয়গৰাকী অসমীয়া হৈছে ১৯৭৩চনত পাঞ্জাৱৰ দায়িত্ব লাভ কৰা মহেন্দ্ৰ মোহন চৌধুৰী। ইয়াৰ পিছতে হিতেশ্বৰ শইকীয়াই ১৯৮৭চনত মিজোৰামৰ ৰাজ্যপালৰ দায়িত্ব লাভ কৰিছিল। ২০০৮চনত মেঘালয়ৰ ৰাজ্যপাল হৈছিল অসম সন্তান ৰঞ্জিত শেখৰ মুছাহাৰী।

২০০৯চনত বিহাৰ আৰু ২০২৩চনত ত্ৰিপুৰাৰ ৰাজ্যপাল আসন অলংকৃত কৰিছিল দেৱানন্দ কোঁৱৰে। ২০১৫চনত জ্যোতি প্ৰসাদ ৰাজখোৱাক অৰুণাচলৰ ৰাজ্যপাল ৰূপে নিযুক্তি দিয়াৰ পাছত ২০২৪ত ৰমেন ডেকাক প্ৰদান কৰা হল ছত্তীশগড়ৰ ৰাজ্যপালৰ দায়িত্ব।

ছত্তীশগড়ৰ ৰাজ্যপাল ৰূপে নিযুক্তি পোৱাৰ পাছতে ৰমেন ডেকাৰ সন্মুখলৈ আহিব যথেষ্ট প্ৰত্যাহ্বান। কিয়নো নক্সালবাদীয়ে এই ৰাজ্যখনত বিভিন্ন কূটাঘাতমূলক কাৰ্য সঘনাই সংঘটিত কৰে। সমগ্ৰ দেশৰ ভিতৰত ছত্তীশগড়তে আছে নক্সালবাদীৰ ডাঙৰ ঘাটি। চৰকাৰে সময়ে সময়ে বিভিন্ন পন্থা গ্ৰহণ কৰিছে যদিও আজিকোপতি এই সমস্যাৰ স্থায়ী সমাধান উলিয়াব পৰা নাই। ৰাজ্যপাল হিচাপে ৰমেন ডেকাই এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ছত্তীশগড়ত।

ৰাজ্যপালৰূপে নিযুক্তি পোৱাৰ পাছতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে ৰমেন ডেকা। দেওবাৰে পুৱাই বশিষ্ঠস্থিত বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় জ্যেষ্ঠ নেতাগৰাকী। কাৰ্যালয়ত উষ্ম আদৰণি গ্ৰহণ কৰি ৰমেন ডেকাই বিজেপিৰ শীৰ্ষ নেতৃত্ব, মঙলদৈ বাসীৰ লগতে ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয়- মই আজি সুখী।

উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ৰ লোকসভা নিৰ্বাচনত টিকট লাভ কৰা নাছিল যদিও দলৰ বিৰুদ্ধে বিশেষ মন্তব্য কৰা নাছিল ডেকাই। নিৰ্বাচনৰ পাছতে দিল্লীত কেইবাগৰাকীও ৰাষ্ট্ৰীয় শীৰ্ষ নেতাৰ সৈতে সঘনে বৈঠকত বহিছিল ৰমেন ডেকা। ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰাৰ কেইদিনমানৰ পূৰ্বেও দিল্লীতে বাহৰ পাতি আছিল ডেকাই। হয়তো দিল্লীয়ে আগতেই বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীক এনে এক সেউজ সংকেত প্ৰদান কৰিছিল বুলি শেহতীয়াকৈ চৰ্চা হৈছে।

প্ৰথম পৰ্যায়ত ন বিজেপিৰ প্ৰসংগক লৈ বিদ্ৰোহী পুৰণি নেতাসকলৰ ভিতৰত ৰমেন ডেকাই কঠোৰ স্থিতি গ্ৰহণ কৰিছিল যদিও শেহতীয়াকৈ নৰম হোৱা দেখা গৈছিল। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছৰে পৰাই ৰমেন ডেকাৰ সুৰ হৈছিল যথেষ্ট নৰম। আনকি পুৰণি বহু নেতাই জনসংঘ নামৰ দল খোলাৰো বিৰোধিতা কৰিছিল ৰমেন ডেকাই।

বিজেপিৰ ভিতৰত হোৱা এনে পৰিস্থিতিৰ লাভ উঠাছিল বিৰোধীয়ে। সময়ে সময়ে ন-পুৰণি প্ৰসংগক লৈ বিজেপিক কটাক্ষ কৰিছিল বিৰোধীয়ে। পুৰণি বিজেপিৰ বাবে কংগ্ৰেছৰ দুৱাৰ খোলা আছে বুলি মুকলি ঘোষণা পৰ্যন্ত কৰিছিল কংগ্ৰেছ সভাপতি ভূপেন বৰাই।

এই সকলোবোৰ ৰাজনীতি-কূটনীতিক তল পেলাই এগৰাকী জ্যেষ্ঠ নেতাক বিজেপিয়ে দিলে উচিত সন্মান। এই সিদ্ধান্তৰ জৰিয়তে বিজেপিয়ে বিৰোধীৰ লগতে দলৰ সকলো কাৰ্যকতাকো দিলে এক বিশেষ বাৰ্তা- দলীয় সিদ্ধান্তৰ বিৰোধিতা তথা অনুশাসন ভংগ নকৰিলে দুদিন দেৰিকৈ হ'লেও বিজেপিয়ে দিয়ে উচিত সন্মান। যি সন্মান শেহতীয়াকৈ ন-পুৰণি বহু কেইগৰাকী নেতাক প্ৰদান কৰিছে দলটোৱে। পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰমেন ডেকাই ইয়াৰ শেহতীয়া উদাহৰণ...

অসমীয়া ৰাজ্যপাল...
হয়, হোমৱৰ্ক কৰি আহিব লাগে...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in