মৃদুল কুমাৰ সন্দিকৈ
চাৰল ৰাভা, বেজালি তেওঁ। কাৰ গাত ডাইনী লম্ভিছে, তেওঁ কৈ দিব পাৰে। সহজ-সৰল মানুহবোৰে সেই কথা বিশ্বাস কৰে। তাৰ পাছত যাৰ গাত ডাইনী লম্ভে বুলি চাৰলে কয়, তেওঁৰ ওপৰত চলে অত্যাচাৰ।
জেৰেঙা পথাৰত কিজানি জয়মতীকো এনে শাস্তি দিয়া নাছিল! ডাইনী খেদিবলৈ তাতোতকৈ বেছি অত্যাচাৰ আৰু শাস্তি বিহা হৈছিল। কিমানৰ প্ৰাণ গ’ল, তাৰ হিচাপ নহ’ল।
এখন সমাজ এনেদৰে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বলি হৈ আছিল। অশিক্ষিত বাদেই, শিক্ষিত লোকেও ইয়াৰ প্ৰতিবাদ কৰিব পৰা নাছিল। এজনী সাধাৰণ মহিলাই কিন্তু ইয়াৰ প্ৰতিবাদ কৰিবলৈ মৰসাহ কৰি ওলাই আহিছিল।
সমাজৰ বিপক্ষে তেওঁ অকলেই থিয় দিছিল। বিজ্ঞান মনস্কতাই তেওঁক আগোৱাই যোৱাত সাহস দিছিল। তেওঁৰ এটা সন্তান আছিল। নাম ধৰ্মেশ্বৰ। মানসিকভাৱে বিকাৰগ্ৰস্ত।
সেই ধৰ্মেশ্বৰো চিকিৎসাৰ নামত বেজালি আৰু যাদু-মন্ত্ৰৰ আখৰা চলিছিল। চাৰল ৰাভাই ঘোষণা কৰিছিল ধৰ্মেশ্বৰৰ বিয়া হৈছে এগৰাকী পৰীৰ সৈতে। পৰী এতিয়া সন্তান সম্ভৱা। তাই সন্তান জন্ম দিয়া ৩দিনৰ পাছতেই ধৰ্মেশ্বৰৰ মৃত্যু হ’ব।
কিমান যে কাহিনী এইবোৰ অন্ধবিশ্বাসক লৈ ৰচিছিল তেওঁলোকে। ডাইনীৰ নামত অত্যাচাৰৰ বলি হোৱা মহিলাবোৰে নীৰৱে চকুলো টোকাৰ বাদে আন একো পথ নাছিল। ইজনীৰ পাছত সিজনী মহিলা ইয়াৰ বলি হৈছিল।
২০০১চনৰ কথা। গোৱালপাৰাৰ লক্ষীপুৰৰ দদান মন্দিৰ প্ৰাঙ্গণত মহিলাসকলৰ এখন সভা আহ্বান কৰা হৈছিল। সেই সভালৈ ২৫খনমান মহিলা সমিতিক নিমন্ত্ৰণ কৰা হৈছিল। মহিলাসকলে ভাবিছিল এনে সভা পাতি তেওঁলোকক সূতা নাইবা বয়ন শিল্পৰ সামগ্ৰী বিতৰণ কৰিব।
গোৱালপাৰাৰ মহিলা সমতা সমিতিয়ে আয়োজন কৰা এই সভালৈ গৈছিল ঠাকুৰভিলা মহিলা সমিতিৰ তেতিয়াৰ বিষয়ববীয়া বিৰুবালা ৰাভা নামৰ মহিলাগৰাকী। সভাত কোনো সামগ্ৰী বিতৰণ হোৱা নাছিল। আলোচনা হৈছিল ডাইনীৰ বিৰুদ্ধে কেনেকৈ মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিব পাৰি তাক লৈ।
সেইদিনা উপস্থিত থকা প্ৰায়বোৰ মহিলাই সেই বিষয়ত কোনো মাত মাতিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে। কিন্তু এগৰাকী মহিলাই সাহসেৰে থিয় হৈ ডাইনীৰ বিৰুদ্ধে মাত মাতিলে। ক’লে পুত্ৰ ধৰ্মেশ্বৰক লৈ হোৱা অভিজ্ঞতাৰ কথা।
এনেকৈয়ে এক সংগ্ৰামী আৰু সাহসী ধাৰাৰ শুভাৰম্ভণি কৰিছিল বিৰুৱালা ৰাভাই। তাৰ পিছত এই যুঁজ তেওঁ অব্যাহত ৰাখিলে। ডাইনীৰ বিৰুদ্ধে মাত মতাৰ বাবে বহু যান্ত্ৰণা, লাঞ্চনাৰ মুখামুখি হল। মনৰ সাহসকণেই তেওঁৰ সম্বল আছিল।
উদ্যমী, প্ৰাণৱন্ত মহিলাগৰাকী ইয়াৰ পাছত কোনোদিনেই পিছ হুহঁকি নগল। যতেই এই অন্ধবিশ্বাসে শিপাঁ মেলাৰ খবৰ আহে, তালৈকে তেওঁ দৌৰে। কিমানৰ প্ৰাণ তেওঁ বচাইছে সেই হিচাপ তেওঁ নকৰিলেও পৰোক্ষ, প্ৰত্যক্ষভাৱে ১০০ৰো অধিক নাৰীৰ জীৱন ৰক্ষা কৰিছে।
সমাজেও লাহে লাহে মানিবলৈ বাধ্য হৈছিল ডাইনী এক ধাৰণাহে, ইয়াৰ সত্যতা নাই। সেই যুঁজ তেওঁ কেতিয়াবা অকলে, কেতিয়াবা তেওঁ সহযোগ কৰা সকলৰ সৈতে মিলি দি গৈছিল। জীৱিত কালতেই তেওঁ এক অনুষ্ঠান হৈ পৰিছিল। প্ৰচুৰ আত্মবিশ্বাসেৰে এই যুদ্ধ তেওঁ অব্যাহত ৰাখিছিল। অক্লান্তভাৱে সমাজৰ হকে প্ৰতিটো নিয়ত তেওঁ দিছিল।
২০০৪চনৰ কথা। চুইজাৰলেণ্ডৰ পৰা ভাল খবৰ আহিছিল। ২০০৫বৰ্ষৰ শান্তিৰ নোবেল বটাঁৰ বাবে তালিকাভূক্ত কৰা নামবোৰৰ সৈতে তেওঁৰ নামো জিলিকি উঠিছিল। এয়া আছিল অসম নহয়, ভাৰতৰ বাবেও গৌৰৱৰ কথা।
তেওঁৰ কৰ্মৰাজি বিশ্বজুৰি চৰ্চা হৈছিল। নিজৰ কথা নভৱা মানুহজনীয়ে আনৰ কথাহে ভাৱিছিল। ভাৱিছিল ডাইনীৰ নামত নিৰ্যাতনৰ বলি হোৱা মহিলাবোৰক লৈ কিবা এটা কৰাৰ। সেই সপোনেৰেই গঠন কৰিছিল মিছন বিৰুৱালা।
সেই সময়ৰ গোৱালপাৰাৰ উপায়ুক্ত প্ৰীতম শইকীয়াই কিছু মাটি মিছন বিৰুৱালাৰ নামত দিছিল। ৰাভা স্বায়ত্ত শাসিত পৰিষদে বনাই দিছিল এটা ঘৰ। কিন্তু মিছনৰ কাম কাজ পৰিচালিত কৰিবলৈ হাতত নাছিল পৰ্যাপ্ত ধন।
চিকিতসালয়ৰ বিচনাত পৰি থকা সময়তো তেওঁ কৈছিল- ভাল হৈ গৈ মিছন বিৰুৱালাৰ নামত দিয়া মাটিখিনি বেৰা মাৰিব। তাত খেতি কৰিব। পুখুৰী খান্দি মাছ পুহিঁব। মহিলাসকলৰ বাবে এক হস্তশিল্পৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হ’বলৈ শিকাব।
সেই সপোন বোৰ তেওঁ সপোন হৈয়ে ৰৈ গল। সৰল মানুহজনী সৰলতাৰ সুযোগ ল’লে বহুতে। ২০২১ৰ মাৰ্চত গুৱাহাটীলৈ আহিছিল তেওঁ গোৱালপাৰাৰ পৰা এখন সভাত অংশ ল’বলৈ। সেইদিনা তেওঁৰ সৈতে আছিল তেওঁক ২০০১চনত ডাইনীৰ বিৰুদ্ধে যুঁজ দিবলৈ উৎসাহিত কৰা আৰু ওৰেতো জীৱন তেওঁৰ সৈতে লাগি থকা মামনি শইকীয়া।
তাৰ পিছতে চিকিৎসকৰ কাষ চাপিছিল। ধৰা পৰিছিল খাদ্যনলীত দুৰাৰোগ্য। চিকিৎসা চলিছিল গুৱাহাটীত। বাহিৰত চিকিৎসাৰ বাবে যাবলৈ এফালে নাছিল ধন, আনফালে নাছিল মন। ইয়াতেই ভাল হব বুলি তেওঁৰ বিশ্বাস আছিল।
এদিন তেওঁক ৰাষ্ট্ৰসংঘই মাতিছিল। জেনেভাত কব লাগে তেওঁৰ কামবোৰৰ কথা। এই সুযোগ সৌভাগ্যৱান জনলৈহে আহে। তেওঁৰ কাষতে থকা মিছন বিৰুৱালাৰ বিষয়-ববীয়াৰ অৱহেলাৰ বাবেই বাইদেউৰ সেই ইচ্ছা পূৰণ নহল।
২০১৭ৰ ১৭ছেপ্তেম্বৰত জেনেভাত তেওঁ ভাষণ দিয়াৰ কথা আছিল। ভিছা নহল। কৰিম বুলিও টিকট কৰি নিদিলে। মনৰ ইচ্ছা মনতেই মাৰ গল। সেই সময়ৰ বিৰুৱালা মিছনৰ সম্পাদক ড০ নাট্যবীৰ দাস, সভাপতি ঊষা ৰাভাহতে মোবাইল ছুইচ বন্ধ কৰি মানুহজনীক আশা দিও ঠগিলে।
ভাগি পৰা নাছিল যদিও তেওঁ হতাশ হৈছিল। সমাজৰ কাম ঠিকেই কৰিছিল। ঘৰ-সংসাৰ চলাবলৈ ধন অভাৱ হৈছিল। তেওঁৰ কাষত থকা সকলে মুখ্যমন্ত্ৰীলৈও আবেদন পঠাইছিল। শিল্পীসকলক শিল্পী পেন্সন, সাহিত্যিকসকলক সাহিত্যিক পেন্সন দিয়াৰ দৰে মানুহজনীকো চৰকাৰে চলিব পৰাকৈ মাহেকীয়া পেন্সন এটা দিয়াৰ ব্যৱস্থা কৰক।
সেই আবেদন দিছপুৰতেই পৰি ৰ’ল। আজীৱন অভাৱৰ সৈতে যুজিঁ সমাজৰ হকে সৰ্বস্ব দি মানুহগৰাকী গুচি গল। তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। প্ৰতিদিন টাইমৰ এচিভাৰ এৱাৰ্ডছৰেও সন্মানিত বিশেষ এইগৰাকী সংস্কাৰকক ২০২২বৰ্ষৰ হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা 'সমাজ চেতনা বটাঁ'ৰেও সন্মানিত কৰা হৈছিল।
ৰোগীয়া হোৱাৰ পাছত দেহাই তেওঁৰ টনা নাছিল। জটিল ৰোগৰ চিকিৎসাৰ বাবদ বহুধনৰ প্ৰয়োজন হৈছিল। কিন্তু তেওঁ কাৰোৰে ওচৰতে হাত পতা নাছিল। চৰকাৰে শেষৰ দিনকেইটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্কট ৰোগ চিকিৎসালয়ত চিকিৎসাৰ দিহা কৰি দিছিল।
সমাজৰ বাবে উৎসৰ্গিত অন্ধবিশ্বাসৰ বিৰুদ্ধে সমৰ্পিত এক জীৱনৰ অন্ত পৰিল ৭৫বছৰ বয়সত। জীয়াই থকাৰ তীব্ৰ হেপাঁহলৈয়ে গুচি গল তেওঁ । মৃত্যুৰ পাছত সকলোৱে সেই সংগ্ৰামী বিদূষী মহিলাৰ জীৱনচৰ্যাৰ মূল্যায়ন কৰিছে। ৰাজ্য চৰকাৰেও ৰাজ্যিক মৰ্যদা দি শেষ শ্ৰদ্ধা জনাইছে। জীয়াই থাকোতেই তেওঁক চৰকাৰে প্ৰতিমাহে ১০-১৫হাজাৰ টকা পেন্সনৰ ব্যৱস্থা কৰা হলে, সেয়া এইবোৰতকৈ উচিত কাম নহ’লহেতেন নে?