দেশ ইহঁতৰ হাতত নাবাচিব বুজিছা...

দেশ ইহঁতৰ হাতত নাবাচিব বুজিছা...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

 সংঘাত তুংগত। সেই বাৰ্তাই বিয়পিছে শাসকীয় দলটোৰ নেতা-কৰ্মীৰ মোবাইলে মোবাইলে। যিজনে এই বাৰ্তা আৰু উপলদ্ধি ব্যক্ত কৰিছে, তেওঁ বিৰোধী দলৰ কৰ্মী বা নেতা নহয়। বিজেপিক ভাল পোৱা, আৰ এছ এছ ৰ আদৰ্শক সৰোগত কৰি ৩০বছৰৰো অধিক কাল জীৱন ইয়াৰ বাবে উৰ্ছগা কৰা এজন বিশেষ ব্যক্তি।

দেখি শুনি সেই ৫৪ৰ উৰ্ধৰ ব্যক্তিজনে লেখা কথাবোৰে আজি এই সময়ক হয়তো সলনি কৰি দিব নোৱাৰে। কিন্তু বিবেকৱান জনৰ মনত তুমূল আলোড়নৰ সৃষ্টিৰে সেই বিচাৰধাৰাক নতুন মাত্ৰা প্ৰদানেৰে বিচাৰ-বিশ্লেষণ কৰাৰ অৱকাশ দি যাব।

যিজনে কথাবোৰ লিখিছে তেওঁ শেষত অনুৰোধ জনাই কৈছে-  ‘আৰু বহু কথাই আছিল। কিন্তু সময় আৰু ঠাইৰ অভাৱ। মোৰ চচিয়েল মেডিয়া নাই। সেয়ে তোমালৈ এই মেচেজটো পঠিয়ালো। তুমি এইটো আগবঢ়ায় নিবা। যাতে নতুন প্ৰজন্ম এই RSS-BJP ৰ পাল্লাত পৰি ধ্বংস নহয়। আগতে চাউল কথা তাৰ পিছতহে হৰিৰ কথা। অনুগ্ৰহ কৰি মোৰ নামটো ৰাজহুৱা নকৰিবা। মই যিসকলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছোঁ আজিৰ তাৰিখত তেওঁলোক বহুত পাৱাৰফুল মানুহ। মোৰ আগে-পিছে কোনো নাই। বিপদত পৰিলে চাউতা নাই।‘

লেখাটোৰ অন্তিম শাৰীটোত অধিক বাৰ্তাৱহ। প্ৰচণ্ড ক্ষোভেৰে তেওঁ বিজেপিক তুলনা কৰিছে কংগ্ৰেছৰ সৈতে। আৰু শেষ শাৰীটোত লিখিছে- দেশখন ইহঁতৰ হাতত নাবাচিব বুজিছা! They're more dangerous than congress.

১০টা গুৰুত্বপূৰ্ণ কথা তেওঁ উত্থাপন কৰিছে। ব্যক্তিগত জীৱনত তেওঁৰ ৰাজনৈতিক উচ্চাকাংক্ষা নাই। দেশ নিৰ্মাণৰ সপোন এৰি তেওঁ এই ৰাজনৈতিক সত্ত্বা পৰিপূৰ্ণ। বিজেপিৰ নেতা-কৰ্মীয়ে তেওঁৰ সন্ধান উলিয়াব নোৱাৰিলেও আমি তেওঁৰ কাষ চাপিছিলো। কিয় তেওঁ এনে অনুভৱেৰে হতাশ ভৰা এই উপলদ্ধি ব্যক্ত কৰিব লগা হল, সেয়া জানিব বিচাৰিছিলো।

তেওঁ স্বাধীন মানুহ। মুক্তভাৱে কথা কব পৰা সাহস তেওঁৰ আছে। অৱশ্যে তেওঁ কোৱাৰ দৰেই তেওঁ পৰিচয়তকৈ এই কথাখিনিহে মানুহে অনুধাৱন কৰা প্ৰয়োজন। সেয়েহে তেওঁ ইচ্ছা আৰু ব্যক্তিগত গোপনীয়তাৰ প্ৰতি সন্মান জনাই এতিয়ালৈকে কেৱল শাসকীয় দলটোৰ নেতা-কৰ্মীৰ মাজত বিয়পি থকা সেই বাৰ্তা তেওঁৰ ভাষাৰে আগবঢ়োৱা হ'ল।

এই লেখা পঢ়িলে ইয়াৰ যুক্তিযুক্ততা সকলোৱে হৃয়ংগম কৰিব পাৰিব। তেওঁৰ দৃষ্টিৰে কথাবোৰ বিজেপি- আৰ এছ এছৰ সীমাৱদ্ধ হলেও সাধাৰণ লোকৰ বাবে সেই সীমাৱদ্ধতা অতিক্ৰম কৰি সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক পৰিৱেশৰ এক আভাস পোৱা যায়। পুৰণি আৰ এছ এছ কৰ্মী গৰাকীয়ে লিখিছে-  

বিজেপি চৰকাৰে দেশৰ হিন্দু সমাজটো বাদেই RSS-BJP ৰ নেতা-কাৰ্যকৰ্তাকো সুৰক্ষা দিব নোৱাৰা এটা ভীৰু-কাপুৰুষৰ দল

মোৰ ককা দেউতাই গুৰুজী গোৱেলকৰৰ লগত RSS কৰিছিল। দেউতাই দীনদয়াল উপাধ্যায়ৰ লগত। মই ১৯৯৪ চনত হোজাই জিলাৰ গীতাশ্ৰমত ITC কৰিছিলোঁ। ইয়াৰ পিছৰ বছৰ কেইটাত ক্ৰমাগত ভাৱে 1st,2nd(In Assam )and 3rd year OTC নাগপুৰত কৰিছিলোঁ। সময় পাৰ হ'ল; মই সংঘৰ বিভিন্ন বিবিধ ক্ষেত্ৰত বিভিন্ন দায়িত্বত নিয়োজিত হৈ আছিলোঁ। ৰাষ্ট্ৰ প্ৰেমৰ এই ধাৰণাত উদ্বোধিত হৈ এতিয়া মই জীৱনৰ ৫৪ টা বসন্ত অতিক্ৰম কৰিলোঁ। সংঘৰ লগত নিজকে জড়িত কৰি ৰখাৰ বাবে মই আজিকোপতি বিয়াও নাপাতিলো। এতিয়া বয়সো ভাটি দিলে; মোৰ লগৰ বন্ধু-বান্ধৱৰ সন্তানো এতিয়া বিয়া দিবৰ বয়স হ'ল। কিন্তু জীৱন নামৰ গাড়ীখন যদি টেপ ৰেকৰ্ড্ৰাৰৰ দৰে ৰিৱাইনড কৰি চাওঁ তেন্তে মই আশাহত হওঁ। মই নিজকো একো দিব নোৱাৰিলোঁ আৰু দেশকো একো নোৱাৰিলোঁ। সেয়ে নতুন প্ৰজন্মৰ যাতে মোৰ দৰে অৱস্থা নহয় সেয়ে এতিয়াই সাৱধান হ'বলৈ তলত কথাবোৰ ব্যক্ত কৰিলোঁ। মই এতিয়াৰ পৰা আৰু RSS-BJP একোৱেই নকৰোঁ;কাৰণ বিজেপি এটা ভীৰু-কাপুৰুষৰ দল।

১/ মোৰ ঘৰ নগাঁও জিলাৰ কামপুৰত। এই কামপুৰক অসমৰ দ্বিতীয় নাগপুৰ বুলি জনা যায়। RSS ৰ এসময়ৰ প্ৰচাৰক প্ৰমোদ দিক্ষিতক আলফাৰ হতুৱাই হত্যা কৰোৱাই প্ৰচাৰকৰ আসনত বহা নলবাৰীৰ বিশিষ্ট অধিকাৰী সকলেই আজি উত্তৰ অসম প্ৰান্ত আৰু অসম ক্ষেত্ৰৰ মূল হৰ্তা-কৰ্তা বিধাতা। এওঁলোকেই এতিয়া ৰাষ্ট্ৰীয়তাবাদৰ শিক্ষা দিয়ে।

২/ অসমত Team HBS ৰ একো ভুল নাই। সকলোবোৰ ভুলৰ কাৰণ এতিয়াৰ সুদৰ্শনালয়। ইয়াত বহি থকা অধিকাৰী সকলে ভিক্ষাৰ জোলোঙালৈ মন্ত্ৰী-বিধায়কৰ পদুলীয়ে-পদুলীয়ে শুঙিব গ'লে এনেকুৱা এটা দিন আহিবলৈ বাধ্য।

৩/ এইবাৰৰ নগাঁও লোকসভা সমষ্টিত বিজেপি দলৰ টিকট দিয়া হ'ল কাক?সুৰেশ বৰাক। যি সুৰেশ বৰাই RSS ৰ সদ্য বিদায়ী ক্ষেত্ৰ প্ৰচাৰক উল্লাস কুলকাৰ্ণী নগাঁও জিলাৰ বিভাগ প্ৰচাৰক হৈ থাকোঁতে তেওঁক অপহৰণ কৰি নি মাৰপিট কৰিছিল সেইজনক।

৪/ ২০১৬ চনৰ পৰা অসম ক্ষেত্ৰ আৰু উত্তৰ অসম প্ৰান্তৰ অধিকাৰী সকলে ধন-দৌলতৰ পাহাৰ সাজিলে। আত্মীয় স্বজনক চৰকাৰী চাকৰি,ঠিকা দি গজগজীয়া কৰিলে। কিন্তু প্ৰাক্তন প্ৰচাৰক আৰু জেষ্ঠ স্বয়ংসেৱকক জটিল ৰোগৰ সময়ত এটা ফুটাকঢ়ি দিওঁ সহায় নকৰে। ইয়াৰ জলন্ত উদাহৰণ ধেমাজি জিলাৰ পৰাগ ভূঞা। তেওঁ এতিয়া জটিল কৰ্কট ৰোগত আক্ৰান্ত। তেওঁৰ পত্নীৰ সাধাৰণ ট্ৰেন্ফাৰ পৰ্যন্ত কৰি নিদিলে।

৫/ উজনি অসমত সংঘৰ আদৰ্শত অনুপ্ৰাণিত হৈ বহু প্ৰচাৰক আৰু স্বয়ংসেৱকৰ জন্ম হ'ল। কিন্তু সংঘৰ নলবাৰীৰ লবীটোৱে তেওঁলোকক দুৰতে বিদূৰ কৰিলে। আজিলৈকে এটা গুৰুত্বপূৰ্ণ পদবীত নিয়োজিত নকৰিলে।

৬/ আটাইতকৈ ডাঙৰ কথাটো হ'ল সংঘৰ নলবাৰীৰ বিশিষ্ট অধিকাৰী সকলে অসমৰ জাতীয় জীৱনৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক গুৰুত্বহীন কৰাত উঠি পৰি লাগিল। উজনি অসমৰ বিভিন্ন সংঘ কাৰ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মজয়ন্তী পালন কৰিবলৈ বিচাৰিলে তাক বাৰণ কৰিলে আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ফটো সংঘ কাৰ্যালয়ত অৰাৰো তীব্ৰ বিৰোধিতা কৰিবলৈ ধৰে। সেয়ে অসম চৰকাৰে শেহতীয়াকৈ অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা এই সংঘৰ অধিকাৰী সকলৰ প্ৰৰোচনাতেই Eliminate কৰাৰ সাহস কৰিলে।

৭/ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ গঠন হোৱাৰ পিছত আমাৰ মূৰে কাম নকৰিলে। যি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাই RSS ক তুচ্ছ-তাচ্ছিল্য কৰিলে তেওঁক নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰত স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰি সন্মানিত কৰিলে।

৮/ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ৰ পৰাই পশ্চিম বংগ বিজেপিৰ দলীয় কৰ্মীক শাসনাধিষ্ট TMC য়ে ব্যাপক ৰূপত হত্যা-হিংসা কৰিলে;যি আজিয়ো অব্যাহত আছে। কিন্তু বিজেপি চৰকাৰে তেওঁলোকক কোনো সুৰক্ষা প্ৰদান নকৰি নিজকে ভীৰু-কাপুৰুষৰ দল বুলি প্ৰমাণিত কৰিলে। সাধাৰণ ৰাষ্ট্ৰপতি শাসন দিয়াৰ সাহসো নকৰিলে। নিজৰ মানুহক TMC ৰ গুণ্ডাৰ হাতত মৰিবলৈ এৰি দিলে।

৯/ অসম RSS য়ে এজনো ব্যক্তি নিৰ্মাণ কৰিব নোৱাৰিলে। যাৰ বাবে কংগ্ৰেছৰ পৰা দুদিন পূৰ্বে অহা ব্যক্তিক বিজেপিয়ে উপ-সভাপতি, মুখপাত্ৰ,মেডিয়া পেনেলিষ্ট পাতিলে।

১০/ অসম বিজেপিয়ে হিন্দু সুৰক্ষাৰ বাবে ২০১৬ চনৰ পৰা ২০২৪ চনলৈ কি কৰিলে? A Big Zero. প্ৰায় ২ কোটি বাংলাদেশী মিঞাৰ নাম সোমাই থকা  এখন শুদ্ধ NRC প্ৰস্তুত কৰিবলৈ সক্ষম নহ'ল। AIUDF ৰ বিধায়ক থকা সমষ্টি কেইটাৰ ৰাষ্টা-ঘাটৰ ব্যাপক উন্নতি হোৱাৰ বিপৰীতে খিলঞ্জীয়া বসতি প্ৰধান সমষ্টি কেইটাৰ অৱস্থা তথৈবচ। বিজেপি দলক ভোট নিদিয়া লাখ-লাখ মিঞা হিতাধিকাৰী হ'ল,মিঞাক চৰকাৰী চাকৰি,ঠিকা-ঠকুলি দিলে। মুঠৰ ওপৰত বিজেপি দলৰ চৰকাৰৰ দিনত খিলঞ্জীয়া মানুহতকৈ বাংলাদেশী মিঞা মুছলমান সকলহে Socio-economic and Socio-politically উন্নত হ'ল।

আৰু বহু কথাই আছিল। কিন্তু সময় আৰু ঠাইৰ অভাৱ। মোৰ চচিয়েল মেডিয়া নাই। সেয়ে তোমালৈ এই মেচেজটো পঠিয়ালো। তুমি এইটো আগবঢ়ায় নিবা। যাতে নতুন প্ৰজন্ম এই RSS-BJP ৰ পাল্লাত পৰি ধ্বংস নহয়। আগতে চাউল কথা তাৰ পিছতহে হৰিৰ কথা। অনুগ্ৰহ কৰি মোৰ নামটো ৰাজহুৱা নকৰিবা। মই যিসকলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছোঁ আজিৰ তাৰিখত তেওঁলোক বহুত পাৱাৰফুল মানুহ। মোৰ আগে-পিছে কোনো নাই। বিপদত পৰিলে চাউতা নাই।

দেশখন ইহঁতৰ হাতত নাবাচিব বুজিছা! They're more dangerous than congress.

কি বুজিলে, এই লেখা পঢ়ি? শাসকীয় দলৰ নেতা,মন্ত্ৰীসকলে হয়তো এই লেখা এজন সাধাৰণ আৰ এছ এছ কৰ্মীয়ে লিখা বুলি অৱহেলা কৰিছে ইতিমধ্যে। সাধাৰণ মানুহে জানো এই লেখাক অৱজ্ঞা কৰিব পাৰে! কিমান ভাল পালে এনে আক্ষেপভৰা বাৰ্তাৰে কোনোবাই লিখিব পাৰে এই ধৰণৰ বাস্তৱিক লেখা...

দেশ ইহঁতৰ হাতত নাবাচিব বুজিছা...
শনি ৰূপত 'গৌৰৱ'! অশোক- ৰাজেনো ৰাহু- কেতুৰ বেশত..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in