মৃদুল কুমাৰ সন্দিকৈ
তৃপ্তিৰে এসাজঁ খোৱা ইচ্ছা সকলোৰে থাকে। এতিয়া গুৱাহাটীত টকা থাকিলে সেই ইচ্ছা পূৰণ কৰাতো সম্ভৱ। গুৱাহাটী মহানগৰীত বহু ৰেন্টুৰেন্ট, হোটেল গঢ় লৈ উঠিছে, যিবোৰত পৰম্পৰাগত বহু খাদ্য সহজলভ্য।
এনে খাদ্য সম্ভাৰৰ ব্যৱসায় এতিয়া ভাল। গাঁৱত যিবোৰ বস্তু মানুহে খাবলৈ নাপায়, সেইবোৰ বস্তু এতিয়া গুৱাহাটীত উপলদ্ধ। কুমলীয়া ঔটেঙাৰে ৰন্ধা দাইলকণৰ সোৱাদ যি পাইছে, সিহে ইয়াৰ মূল বুজে।
মহানগৰীৰ বজাৰত একো একোটা কুমলীয়া ঔটেঙাৰ দাম ২০টকালৈকে হৈছে। মুঠতে ধন থাকিলে যি খাবলৈ ইচ্ছা যায় সেয়া সম্ভৱ হৈ উঠে। বজাৰত বয়-বস্তুৰ দাম কি হাৰত বাঢ়িছে সেই হিচাপ ৰখাটো মানুহে বাদেই দিছে।
থলুৱা বস্তুৰ আদৰ এতিয়া চৌদিশে। লোকেল পুঠি মাছ এসময়ত মানুহে মানুহক এনেই দিছিল। এতিয়া সেই পুঠি মাছৰ এপোৱাৰ দাম ২০০ৰ অতিক্ৰম কৰিছে। গাঁৱৰ পৰা বুটলি অনা ৩টা বেতগাঁজৰ দাম ১০০টকা হৈছেগৈ।
ৰেন্টুৰেন্ট বা হোটেললৈ খাবলৈ অহা খাদ্য ৰসিক লোকসকলে ধনৰ কথা চিন্তা নকৰে। তেওঁলোকে বিচাৰে ব্যতিক্ৰম ৰুচী থকা কিবা এটা খাবলৈ। যেনে- খৰিকাত দিয়া গাহৰি, পিঠাই ৰন্ধা গাহৰি মাংস, চেংমৰাৰ সৈতে গাহৰি, বাহগাঁজেৰে ৰন্ধা গাহৰি আদি।
গাহৰি মাংস প্ৰিয়সকলৰ বাবে গুৱাহাটীত এনে বহু হোটেল গঢ় লৈ উঠিছে। গোহাঁই হোটেল, গগৈ হোটেল আদি নামেৰে জনপ্ৰিয় হৈ পৰা এই হোটেলবোৰৰ নিৰ্দিষ্ট আইটেম গ্ৰাহকৰ মাজত বৰ প্ৰিয়। কৰবাত চুঙা গাহৰি, কৰবাত বইল গাহৰি মাংসই ব্যাপক জনপ্ৰিয়তাই নহয়, এখন বহল বজাৰৰ সম্ভাৱনাৰ দুৱাৰ ইতিমধ্যে মুকলি কৰি দিছে।
হাঁহৰ মাংস, লোকেল চিকেন, কেকোঁৰা পোৰা, শামুক আৰু অন্যান্য জনগোষ্ঠীয় খাদ্য সম্ভাৰ যোগানেৰে আজাৰা, চানডুবিৰ ফালে গঢ় লৈ উঠা লোকেল ধাবাবোৰৰ বজাৰো এতিয়া ভাল। কম দামত এই খাদ্য সম্ভাৰ তেওঁলোকে গৰমে গৰমে যোগান ধৰে।
চন্দ্ৰপুৰৰ ঠাকুৰকুছিৰ দিশেও এনে হোটেল, ৰেষ্টুৰেন্টৰ পয়োভৰ ঘটিছে। কৰবাত যদি কুচীয়াৰ জালুক দিয়া জোল, আন এখনত আকৌ লেটা ভাজিয়ে গ্ৰাহকৰ মন মুহিছে। খাদ্য ব্যৱসায় কৰিবলৈ আৰু ইয়াক জনপ্ৰিয় কৰি তুলিবলৈ অসমৰ চৌদিশে এক পৰিৱেশৰ সৃষ্টি হৈছে।
বাহিৰৰ খাদ্যৰ বিপৰীতে যোৱা কিছু বছৰত আমাৰ থলুৱা খাদ্যৰ প্ৰচলনে আশাৰ সঞ্চাৰ কৰিছে। আনকি জনগোষ্ঠীয় পানীয় সমূহৰো বিপণন আৰম্ভ হৈছে। যোৰহাটত প্ৰস্তুত কৰা সাজৰ বটলে সুৰা বিপনীত সফলতা লাভ কৰাৰ খবৰ নতুন নহয়।
এনে হোটেল বা ৰেষ্টুৰেন্ট, ৰিৰ্জটত প্ৰথম সোমোৱা গ্ৰাহকসকলে তাত কি পাই সেয়া নিৰ্দিষ্ট হোটেলখনৰ মেনুখন চায়েই এক ধাৰণা কৰি লয়। যদি সেই মেনুখন এনেধৰণৰ হয়- ভাত, জিৰা ৰাইছ, পোলাও, মিছা মাছৰ ভাজি, আদা দিয়া সৰু মাছ, আৰি-ভকুৱা আৰু বৰালিৰ টেঙা, মাহৰ দাইলৰ সৈতে খাহিৰ তেল, মিক্সড দাইল, কলফুলৰ ভাজি, ঢেকীয়া ভাজি, কল পছলা, অমিতাৰ খাৰ, পদিনাৰ চাটনি, তিলৰ চাটনি, চালাড, মিঠা দৈ, চিকেন চুপ, আলু পিটিকা আদি।
এনে বৈচিত্ৰই ভৰা থলুৱা খাদ্য সম্ভাৰ পোৱা হোটেল এখনলৈ মানুহ যাবলৈ ইচ্ছা স্বাভাৱিকতেই কৰিব। অৱশ্যে সেই অনুসৰি, ইয়াৰ বাবদ মূল্য ভৰিবলৈ গ্ৰাহক সাজু হৈ যাব লাগিব। সৰু সৰু মানুহৰ বাবে এনে খাদ্য বিলাস কৰিবলৈ যোৱাতো সম্ভৱ নহয়। কিন্তু ডাঙৰ মানুহৰ বাবে এইবোৰ সাধাৰণ কথা।
বজাৰত কি বস্তুৰ কিমান দাম, বেছি সংখ্যক মন্ত্ৰী বিধায়ক তথা উচ্চ পদস্থ বিষয়াই গমেই নাপায়। তেওঁলোকৰ ঘৰত কাম কৰা মানুহে বজাৰৰ পৰা সেইবোৰ আনি দিয়ে, ৰান্ধনীয়ে জুতি লগাই ৰান্ধি দিয়ে, সেয়া তেওঁলোকে তৃপ্তিৰে খায়।
বজাৰত কি মাছৰ দাম কিমান, কি পাচলি কিমান দৰত বিক্ৰী হৈছে সেই কথা তেওঁলোকৰ জনাৰ প্ৰয়োজনো নাথাকে। তেওঁলোকৰ বিভিন্ন উৎসৰ পৰা অহা ধনৰ অনুপাতত এইবোৰ খৰচ অতি সাধাৰণ।
সৰু মানুহৰ বাবে যিবোৰ সপোন, ডাঙৰ মানুহৰ বাবে এইবোৰ খাদ্য অতি সহজলভ্য। তেওঁলোকে বিনাখৰচতে ৰাইজৰ ধনেৰে সেই খাদ্য সম্ভাৰ জুতিঁ লোৱাৰ সুযোগ পায়। ইয়াৰ বাবে মন্ত্ৰী-বিধায়ক বা উচ্চ পদস্থ বিষয়া হলে কোনো ধনো খৰচ কৰিব নালাগে।
চৰকাৰী সভা, বিভিন্ন স্থানত থকা কেবিনেট বৈঠক আদিত ভাগ লবলৈ যাওতে স্থানীয় প্ৰশাসনে তেওঁলোকক সন্তুষ্ট কৰিবলৈ এই আয়োজন কৰে। চৰ্চাত আছে তেনে এখন সপোন সপোন যেন লগা খাদ্য সম্ভাৰৰ তালিকা।
খবৰ অনুসৰি, ওপৰত উল্লেখ কৰা খাদ্য সম্ভাৰৰ এই মেনুখন কোনো হোটেল-ৰেষ্টুৰেন্ট বা ৰিৰ্জটৰ নহয়। নলবাৰীত অনুষ্ঠিত কৰা কেবিনেট বৈঠকত অংশ লবলৈ যোৱা মন্ত্ৰীসকলৰ বাবে এই মহা আয়োজন কৰিছে স্থানীয় প্ৰশাসনে।
ভাগ্যত থাকিলে, ক্ষমতাত বহিলে এনে সুযোগ আহে। দৰিদ্ৰ জনতাই কি খাইছে, কেনেকৈ খাইছে সেই কথানো এতিয়া কোনে চিন্তা কৰে? চাইৰেন বজাই মন্ত্ৰী যাব, উদৰ পুৰাই তৃপ্তিৰে খাই বৈঠকত বহি তেওঁলোক দিছপুৰলৈ উভতি আহিব।
সাধাৰণ লোকসকলহে এনে এসাঁজ খাদ্যৰ তৃপ্তি ল’বলৈ ১০বাৰ ভাৱিব লাগে। মন্ত্ৰী বিধায়কৰ বাবে সেই সুযোগ বিনা পইচাতে আহে...