নাম- ৰেঞ্জাৰ ধ্ৰুৱ দত্ত, কামত বীৰাপ্পানৰ ভক্ত...

নাম- ৰেঞ্জাৰ ধ্ৰুৱ দত্ত, কামত বীৰাপ্পানৰ ভক্ত...
Published on
Updated on

 মৃদুল কুমাৰ সন্দিকৈ

দুৰ্নীতিত অতিষ্ঠ হৈ এখন ৰাইজ উঠি আহি মুখ্যমন্ত্ৰীৰ কাষ পালেহি। তথ্য প্ৰমাণসহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত তেওঁৰ চৰকাৰৰ দিনত সংঘটিত দুৰ্নীতিৰ দস্তাবেজ তুলি দিলে। সততে দুৰ্নীতিৰ বিৰুদ্ধে ৰঙা চকু দেখুওৱা মুখ্যমন্ত্ৰীগৰাকীয়ে বন বিভাগৰ এজন সামান্য বিষয়াৰ বিৰুদ্ধে কি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে এতিয়া লক্ষ্যণীয় হৈ পৰিব।

২৯আগষ্ট, ২০২৪ত ৰাজ্যৰ মুখ্য বন সংৰক্ষক আৰু বন বিভাগৰ মুৰব্বীৰ হাততো একেই অভিযোগ তুলি দিলে কেইবা শতাধিক লোকে। অভিযোগৰ লগতে এই লোকসকলে দাখিল কৰা আবেদনত গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ বনবিষয়া ধ্ৰুৱ দত্ত বন বিষয়া নে বনদস্যু বুলি প্ৰশ্ন কৰা হৈছে।

স্বচ্ছ প্ৰশাসনৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে এই অভিযোগ পোৱাৰ ২৪ঘন্টাৰ ভিতৰত কিনো প্ৰকৃততে হৈছে তাৰ তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। ইতিমধ্যে ৪বাৰকৈ এই বন বিষয়াজনৰ কুকাণ্ডৰ তদন্তৰ দাবীৰে শ শ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

প্ৰায় এবছৰৰ পূৰ্বে লক্ষীপুৰলৈ বদলি হৈ আহিছিল এইগৰাকী ৰেঞ্জাৰ। বনজ সম্পদ ৰক্ষা দায়িত্ব তেওঁৰ ওপৰত যদিও বিষয়াজনে কেনেদৰে সেই সম্পদবোৰ বিভিন্ন পক্ষৰে মিলি ধন ঘটিব পাৰে সেই প্ৰচেষ্টাতেই তেওঁ এই চাকৰি জীৱন উৎসৰ্গা কৰিছে।

মুখ্যমন্ত্ৰী বা বন বিভাগৰ উচ্চ পদস্থ বিষয়াই এতিয়াও যদি চোৱা নাই তেনেহ’লে এই বন বিষয়াজনৰ চোৰাং কাঠৰ বেপাৰীৰ সৈতে হোৱা কথোপকথনৰ এটা ভাইৰেল ভিডিঅ’ চাব পাৰে। এই ভিডিঅ’ত ধ্ৰুৱ দত্ত নামৰ বন বিষয়াজনে চোৰাং কাঠ বেপাৰীক চোৰাং কাঠৰ ব্যৱসায় কেনেদৰে চলাব লাগে সেই পাঠ শিকাইছে।

কেইবাজনো চোৰাংকৈ কাঠ ফালি অবৈধ কাঠৰ ব্যৱসায় কৰা কাঠ ফলা মালিকক তেওঁ মাতি আনিছে। তাৰ পাছত এই ভিডিঅ’টোত দেখা আৰু শুনা কথাবোৰ এনেধৰণৰ- ‘(এজনলৈ আঙুলিয়াই ৰেঞ্জাৰ ধ্ৰুৱ দত্তই কৈ গৈছে) ইয়াত বহুকেইটা মিল আছে। ইয়াৰ মিলতে বেছি মাল আছে আৰু কাৰো মিলত নাই। মই কৈছো মালটো কমাই ৰাখিবি। ফালিবি-পঠাবি, ফালিবি-পঠাবি। পইচা দিছো মিল চলাইছো, সেইতো মতলবত থাকিলে নহ’ব। এতিয়া ডি এফ অ’ৰ লৈকেহে মেনেজ কৰো। ডি এফ অ’ৰ ওপৰত মেনেজ নকৰো নহয়। কালি গুৱাহাটীৰ পৰা কোনোবা পাৰ্টি আহি গ’ল। খবৰ পালো আগদিনাই। মিল চাব। ইয়াৰ মিলটো দেখিলে মোৰ চাকৰি থাকিবনে? সেইকাৰনে মালটো কমাই ৰাখিবলৈ কৈছো। দুই-এক গাড়ী মাল আছে, ৰাতিৰ ভিতৰতে যাতে মালটো আতঁৰাই দিব পাৰ। লাগে বেলেগ এটা জেগাত ৰাখ...’

এইজন বন বিষয়াৰ এই ভাষ্যই কি পৰ্যায়ত বন ধ্বংসৰ অভিযানৰ একাংশ বন বিষয়া পৃষ্ঠপোষক হৈছে, তাক তুলি ধৰে। ইমানৰ পাছতো তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ বন বিভাগৰ কলিজা নোহোৱাতো কি কাৰণ হ’ব পাৰে! তেওঁ কোৱাৰ দৰেই ডি এফ অ’ৰ লৈকে তেওঁ মেনেজ কৰি থৈছে।

মাহিলী লাখ টকাৰ কিস্তিত ছাগৈ তেওঁ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো জেপত ভৰাই ৰাখিছে। নহ’লে এনেধৰণে চোৰাং কাঠৰ মিলৰ বেপাৰীক টিপছ শিকোৱা বন বিষয়াৰ বিৰুদ্ধে বনমন্ত্ৰীজন নীৰৱে থাকেনে! মুখ্যমন্ত্ৰীয়েও যদি সেই স্থিতিকেই গ্ৰহণ কৰে তেনে তেওঁৰ বিৰুদ্ধেও আঙুলি ৰাইজে তুলিবলৈ সাহস কৰিব।

এইজন বন বিষয়াৰ বিৰুদ্ধে স্থানীয় ৰাইজে ১৭পৃষ্ঠা জোৰা এক অভিযোগনামা দাখিল কৰিলে। কাকোৱে ভয় নকৰা ধ্ৰুৱ দত্ত নামৰ বন বিষয়াজনে ধনৰ বাদে হেনো কাকোৱেই চিনি নাপায়। য’ত টকা থাকে, তাতেই ধ্ৰুৱ দত্ত থাকে বুলি বিভাগতে তেওঁৰ বিৰুদ্ধে এটা বদনাম আছে।

অনুসন্ধানত পোহৰলৈ অহা মতে, এইজন বন বিষয়াই যি ইচ্ছা তাকেই কৰে। ২০২৪ৰ ২২জুনত তেওঁ পি এন জি এছ ৱাই আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰা এটা পথ এক্সেভেটৰ লগাই কাটি পেলাইছিল। ইটাখুলিৰ পৰা ধোকাপাৰালৈ যোৱা এই পথটোৰ দৈঘ্য আছিল ৪.০৫কিলোমিটাৰ। যাৰফলত স্থানীয় ৰাইজে যাতায়তৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল।

চৰকাৰী পক্ষকেই তেওঁ বুঢ়া আঙুলি দেখায়। ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ বিৰুদ্ধে লক্ষীপুৰ থানাত ৰুজু হৈ আছে এটা গোচৰ। লক্ষীপুৰ থানাত ৰুজু হোৱা গোচৰটোৰ নম্বৰ- ৬৩। ভাৰতীয় দণ্ডবিধি আইন আৰু আছাম ফৰেষ্ট ৰেগুলেশ্যন এক্টৰ অধীনত ৰুজু কৰা এই গোচৰত আজগৰ আলী নামৰ এজন সচেতন যুৱকে অভিযোগ কৰা মতে, বন বিভাগৰ আৱাসগৃহৰ ধুমুহাত বাগৰি পৰা গছবোৰ বিক্ৰী কৰি সেই ধন ৰেঞ্জাৰ ধ্ৰুৱ দত্তই আত্মসাৎ কৰিছিল।

বিপদৰ সময়ত কিন্তু এইজন বন বিষয়াক ৰাইজে দেখা নাপায়। ২৩জুলাই, ২০২৪ৰ কথা। লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ নিচেই কাষৰ এখন গাঁও শিগৰী শালহানা। ৰাতি প্ৰায় ১১বজাত গাওঁখনত এজাক বনৰীয়া হাতী সোমায়। ভয়ত হুৱাদুৱা লাগিল গাওঁখনত। বাৰে বাৰে খবৰতো জনোৱা হৈছিল লক্ষীপুৰ বন বিভাগৰ লগতে ৰেঞ্জাৰ ধ্ৰুৱ দত্তক।

কিন্তু গা ল’ৰা নাছিল তেওঁৰ। ডি এফ অ’ক ৰাইজে পৰৱৰ্তী সময়ত খবৰ দিয়ে। তাৰ পাছতে ঘটনাস্থলীলৈ বহু পলমকৈ ৰাওনা হৈছিল বন বিভাগৰ দল। বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত গাওঁখনৰ যোগেন্দ্ৰ বৰ্মন নামৰ ৫০বছৰীয়া লোকজনৰ মৃত্যু হৈছিল। গুৰুতৰভাৱে আহত হৈছিল তুলসী বৰ্মন নামৰ লোকজন।

এয়াই তেওঁৰ দায়িত্ববোধৰ নমুনা। লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বিভিন্ন স্থানত নৈ সমূহত চলি আছে চোৰাং বালিৰ বেহা। ঘাগুৱা, হালধিবাৰী, গুমাইঝাৰ আদি নৈ সমূহত পায়াৰ পাম্পেৰে অবৈধ বালিৰ মহল চলি আছে মুকলিকৈ।  সেই চোৰাং বালি বেপাৰীসকলৰ চৰদাৰ এইজন ৰেঞ্জাৰ ধ্ৰুৱ দত্ত।

এইবোৰ অভিযোগ মিছা যদি মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক। তেওঁৰ অভিযোগৰ দীঘলীয়া তালিকা ইয়াতেই শেষ হোৱা নাই। লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ মাটিত জে চি বি লগাই মাটি কাটি সেইবোৰ বিক্ৰী কৰা হয়। টেক্টৰেৰে এই মাটি  বিক্ৰী বাবে লৈ যোৱা হয়। ৰক্ষা পৰা নাই পাহাৰো। এই বনজ সম্পদ ধ্বংসকাৰী সকলৰ সৈতে আছে ৰেঞ্জাৰ দত্ত।

বন মাফিয়াৰে মিলি তেওঁ দিনে নিশাই চোৰাং কাঠৰ বেহাত নামি পৰিছে, কিয়নো ইয়াত মুনাফা ভাল। কুমাৰখালী সংৰক্ষিত বনাঞ্চল আৰু আমবাৰী শিগৰী শালহানাত ইটাভাটা স্থাপন কৰা হৈছে। বন বিভাগৰ মাটিত কাৰ ইমান সাহস ইটা ভাঁটা স্থাপন কৰিবলৈ?  সেই তদন্ততো নাম ওলাব একেজন বন বিষয়াৰেই।

বিভাগটোত তেওঁৰ কিমান দপদপনি এইবোৰ উদাহৰণে জানো যথেষ্ট নহয়! তেওঁৰ আৰ্শীবাদ পালেই সকলো সম্ভৱ হয়। লক্ষীপুৰ বনাঞ্চলৰ অন্তৰ্গত ভেলাগুৰিৰ সাগৰ আলী, কালাপাৰাৰ বাহাৰুল ইছলাম, গাদলাৰ পামৰ বাদাশা আলী, ইন্দিবাৰীৰ চাহাবুদ্দিন, জলেশ্বৰৰ জামাল শ্বেখ, জলেশ্বৰৰ আলম আৰু অমিত ৰাভা, কুৰ্শাপাখৰী তৃতীয় খণ্ডৰ আক্কাচ আলী, চুনাৰী বজাৰৰ ইব্ৰাহিম, কালজানীৰ জহিৰুল, বাসবাৰীৰ ৰকিবুল, জুৰিগাঁৱৰ লোকমান আদি লোকৰ অবৈধ কাঠ ফলা মিল কেনেকৈ চলি আছে, এবাৰ মুখ্যমন্ত্ৰীয়ে অনুসন্ধান কৰক।

মাহিলী কিস্তিত ধ্ৰুৱ দত্তই এই মিলবোৰৰ পৰা লক্ষাধিক টকা সংগ্ৰহ কৰে আৰু তাৰ কিছু অংশ বন বিভাগৰ উচ্চ পদস্থ আৰু দিছপুৰলৈ ছটিয়াই দিয়ে। এনেকৈয়ে তেওঁ বন ধ্বংস অভিযানৰ নেতৃত্ব দি গৈছে। ধনৰ প্ৰতি তেওঁৰ ইমানেই লালসা যে উচ্ছেদিত পৰিয়ালক ৰেহাই দিয়াৰ নামতো লাখ লাখ টকা সংগ্ৰহ কৰিছে।

লক্ষীপুৰ বন সংমণ্ডলৰ অধীনস্থ বিভিন্ন স্থানত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্ছেদ অভিযান চলিছিল। সেই উচ্ছেদৰ পৰা ৰেহাই দিয়াৰ নামত বনকৰ্মী জগদীশ বৰ্মন আৰু বিনয় ৰাভাৰ সহযোগত বাহাৰুল ইছলাম, সাগৰ আলী অজিত মোল্লাহ, ইমান আলী, উৰ্ফ পাকেৰ আদি লোককেইজনৰ পৰা ৩০-৪০লাখ টকা তেওঁ সংগ্ৰহ কৰাৰ অভিযোগ আছে।

এই অভিযোগৰ ভিত্তিতেই বনকৰ্মী জগদীশ বৰ্মনক নিলম্বন কৰা হৈছিল, কিন্তু ৰেঞ্জাৰ ধ্ৰুৱ দত্ত আৰু বিনয় ৰাভাৰ একো নহ’ল। লক্ষীপুৰ অন্তৰ্গত জনবসতিপূৰ্ণ গাঁৱৰ কাষত শ শ ইটা ভাঁটা আছে। সেই ভাঁটাবোৰ চলাবলৈ বন বিভাগৰ ক্লিয়াৰেঞ্চ দিয়াৰ নামতো দত্তই কোটি টকা জেপত ভৰাইছে। ধনৰ বলত শক্তিশালী হৈ পৰা এইজন বন বিষয়াৰ সা-সম্পত্তি কিমান তাৰ হিচাপো কৰা প্ৰয়োজন হৈ পৰিছে।

তেওঁৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলেই ভুৱা গোচৰ জাপি দিয়ে। বহুতক তেওঁ জেললৈ প্ৰেৰণ কৰা উদাহৰণ আছে। নিৰ্দোষী বন বাহিনী লৈ ঘৰত সোমাই পিটেগৈ। অনন্ত ৰাভা আৰু নন্দ ৰাভা নামৰ যুৱক দুজন ইয়াৰ বলি হৈছিল। বদমেজাজী বুলি তেওঁৰ বদনাম আছে। যিয়ে তেওঁৰ এই লুন্ঠনত বাধা দিছে, তেওঁকেই এই বনদস্যুৰূপী বিষয়াগৰাকীয়ে লক্ষ্য কৰি লৈছে।

মুখ্যমন্ত্ৰীক ইমানবোৰ তথ্য আৰু অভিযোগ দিয়াৰ পাছত এই বন বিষয়াগৰাকীক কঠোৰ শাস্তি দিবলৈ অনুৰোধ কৰাৰ হয়তো প্ৰয়োজন নাথাকে। পূৰ্বৰ মুখ্যমন্ত্ৰীৰ এজন বিশেষ কৰ্তব্যৰত বিষয়াৰ তেওঁ আছিল নয়নমণি। সেই মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়াজনৰ বাবে ধ্ৰুৱ দত্ত আছিল সোণৰ খনি।

এতিয়াও তেওঁৰ মুখত এই প্ৰাক্তন বিষয়াজনৰ নাম শুনিবলৈ পোৱা যায়। পূৰ্বৰ দৰে এতিয়াও তেওঁ নিজকে দিছপুৰৰ দ্বাৰা সুৰক্ষিত বুলি ভাৱে। মানুহে তেওঁৰ বিৰুদ্ধে অভিযোগ দি দি ভাগৰি পৰিছে। চাকৰিও অৱশ্যে তেওঁৰ বেছি দিন নাই। শেষৰ দিনকেইটাতে আৰু যি পাও লুটি লওঁ বুলি উঠি-পৰি লাগিছে। আনকি ধনৰ লোভত বন বিভাগৰ কোৱাৰ্টাৰেই তেওঁ বিক্ৰী কৰি দিয়াৰ অভিযোগ আছে। সেই কোৱাৰ্টাৰৰ আচবাব,টিন-কাঠ আদিৰ বাবদ দিয়া ধন দত্তই নিজৰ জেপত ভৰাই থৈছিল।

৫০০টকা উৎকোচ লোৱা লোকেও দুৰ্নীতি নিবাৰক, আৰক্ষীৰ হাতত ধৰা পৰিছে। ৰাজ্যত বন বিভাগত দীৰ্ঘদিন ধৰি এই লুন্ঠন চলোৱা দুৰ্নীতিৰ সম্ৰাটগৰাকীৰ কিন্তু গাত কূটা এটা পৰা নাই। মুখ্যমন্ত্ৰীৰ এতিয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হ’বনে, সেই উত্তৰৰ প্ৰতীক্ষাত ৰাইজ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in