খাব কি? চৌদিশে কেৱল ভেজাল। প্ৰতিটো পৰিয়ালত প্ৰতিদিনাই ব্যৱহাৰ কৰা হালধিতো ওলাইছে বৰবিহ। বিষাক্ত ‘সীহ’ উপস্থিতি ধৰা পৰিছে হালধিত। অথচ এইবিধ মছলাজাতীয় সামগ্ৰী নহলে আমাৰ পাকঘৰ নচলে। বিশ্ববিখ্যাত এখন বিশ্ববিদ্যালয়ে হালধিক লৈ এক গৱেষণামূলক অধ্যয়ন চলাইছিল।
বিখ্যাত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান গৱেষকে ‘পিউৰ আৰ্থ’ নামৰ সংস্থাটো লগত লৈ গৱেষণামূলক অধ্যয়ন চলাইছিল ভাৰত, পাকিস্তান, নেপাল, শ্ৰীলংকা আদি দেশত। ভাৰতত তেওঁলোকক সহযোগ কৰিছিল ফ্ৰীডম এমলয়াৰবিনিটী একাডেমী নামৰ আন এটা সংস্থাই।
এই অধ্যয়নত পোৱা তথ্য তেওঁলোকে এখন জাৰ্নেলত প্ৰকাশ কৰিছিল। জাৰ্নেলখনত প্ৰকাশিত এই তথ্যসমূহ অতি উদ্বেগজনক। গৱেষক দলটোৱে ভাৰত, পাকিস্তান, শ্ৰীলংকা আৰু নেপালৰ ২৩খন চহৰৰ পৰা বজাৰত বিক্ৰী কৰি থকা গুড়ি হালধিৰ নমুনা সংগ্ৰহ কৰিছিল।
ভাৰতত তেওঁলোকে কেইবাখনো চহৰৰ পৰা হালধি নমুনা লৈছিল। এই চহৰকেইখনৰ ভিতৰত আছিল- পাটনা, গুৱাহাটী, চেন্নাই আদি। সংগ্ৰহ কৰা নমুনা পৰীক্ষা কৰি গৱেষক দলটো আচৰিত হৈ পৰিছে। কিয়নো গুৱাহাটীৰ পৰা সংগ্ৰহ কৰা গুড়ি হালধিৰ পেকেটত দেহৰ বাবে ভয়াৱহ সীহ ধাতুৰ উপস্থিতিৰ পৰিমাণ যথেষ্ট বেছি।
ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ চমুকৈ FSSAIএ নিৰ্ধাৰণ কৰি দিয়া মতে, প্ৰতি গ্ৰাম হালধিত ১০মাইক্ৰগ্ৰাম সৰ্বাধিক সীহ থাকিব পাৰে। সেই অনুমোদিত সীহৰ পৰিমাণতকৈ গুৱাহাটীৰ পৰা সংগ্ৰহ কৰা নমুনাত প্ৰায় ১৩গুণ অধিক পৰিমাণৰ সীহৰ উপস্থিতি ধৰা পৰিছে। অৰ্থাত গুৱাহাটীৰ পৰা সংগ্ৰহ কৰা হালধি প্ৰতি গ্ৰামত ১২৭ মাইক্ৰগ্ৰাম সীহ পাইছে তেওঁলোকে।
আন্তৰাষ্ট্ৰীয় গৱেষণা পত্ৰ ‘ছায়েন্স অৱ দ্য টোটেল এনভাৰমেন্ট’ত এই গৱেষণা পত্ৰ কেতিয়াবাই প্ৰকাশ পাইছে। বিহাৰৰ পাটনাত প্ৰতি পেকেট হালধিৰ প্ৰতি গ্ৰামত ২২৭৬ মাইক্ৰগ্ৰাম সীহ উপস্থিতিৰ তথ্য অতিকৈ উদ্বেগজনক।
এক আন্তৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়ে গৱেষণাৰ জৰিয়তে এনে তথ্য প্ৰকাশ পোৱাৰ পাছতো অসমত জনস্বাস্থ্যৰ প্ৰতি অতি ভয়াৱহ এই খবৰক লৈ কোনো প্ৰতিক্ৰিয়াই সৃষ্টি নহ’ল। ৰাজ্যিক খাদ্য বিশ্লেষণগাৰ এটা নামত আছে।
খাদ্য সামগ্ৰীৰ মান আৰু তাত থকা বিভিন্ন মৌল বা উপাদানক লৈ এই বিশ্লেষণগাৰে নমুনা পৰীক্ষা কৰিব লাগে যদিও তেওঁলোকে এনে কৰা দেখা নাযায়। বৰঞ্চ এই দায়িত্বশীল প্ৰতিষ্ঠানবোৰে পৰীক্ষা নকৰাকৈয়ে বহুজাতিক কোম্পানীবোৰক এনে সামগ্ৰী বিপননৰ লাইচেন্স দি আহিছে।
মানুহৰ স্বাস্থ্যৰ প্ৰতি অতি ভয়াৱহ সীহ। দেহত সীহৰ উপস্থিতি অত্যাধিক হ’লে ই অতি মাৰাত্মক হৈ পৰে। সেয়েহে হালধিত সীহৰ অত্যাধিক উপস্থিতি বিশ্বৰ লগতে অসমবাসীৰ বাবেও শংকাৰ কাৰন। গুৱাহাটীৰ পৰাই যিহেতু মুলত হালধিৰ বজাৰখন উত্তৰ-পূবত নিয়ন্ত্ৰণ হয়, সেয়েহে গুৱাহাটীৰ পৰা সংগ্ৰহ কৰা হালধিৰ নমুনাত অধিক পৰিমাণৰ মাৰাত্মক সীহ ধৰা পৰাতো অতি বিপদজনক হ’ব পাৰে।
হালধি ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰাৰ লগতে পৰম্পৰাগত বহু ঔষধতো ইয়াৰ ব্যৱহাৰ হয়। হালধি ভেজাল কৰি বিক্ৰী কৰাৰ খবৰ নতুন নহয়। চুবুৰীয়া ৰাজ্য মেঘালয়তে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ উদাহৰণ আছে। ৰাজ্যখনত ‘লাকাডং টামাৰিক’ নামৰ এটা বেণ্ডৰ হালধিত ইষ্ট আৰু ৱেষ্ট জয়ন্তীয়া হিলছত যথেষ্ট ব্যৱহাৰ হৈছিল। কিন্তু পৰীক্ষাত এই হালধিত ধৰা পৰিছিল মেটানি নামৰ এবিধ ৰাসায়নিক ড্ৰাই। হালধীয়া বৰণৰ এই ড্ৰাই কৃত্ৰিম হালধি প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰে অসাধু চক্ৰই।
ইয়াৰোপৰি, বহুতে হালধিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ গুড়ি হালধিৰ লগত চক পাউদাৰ গুড়ি ব্যৱহাৰ কৰাও অভিযোগ আছে। গুণগত মান পৰীক্ষা নকৰাকৈ সাধাৰণ গ্ৰাহকে সেইবোৰকে হালধি হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও ইয়াৰ বিৰুদ্ধে সচেতনতা আজিও সৃষ্টি হোৱা নাই।
এতিয়া দেহৰ ৰোগৰ কাৰণ বিভিন্ন অজ্ঞাত উৎস। কোনে জানে, এই ভেজাল হালধিও এনে ৰোগৰে কাৰন হোৱা নাই! টেষ্টটিউবত কিছু হালধি লৈ তাত পানী আৰু গাঢ় হাইড্ৰক্লৰিক এছিড যোগ কৰিলে যদি ইয়াৰ বৰণ গোলপীয়া হয়, তেনেহ’লে সেই হালধিত মেটানিল ইয়েল্ল নামৰ ৰাসায়নিক ড্ৰাই বিধ ব্যৱহাৰ কৰা বুলি গম পোৱা যায়।
খাদ্য বিশেষজ্ঞ মতে, চক গুড়ি ব্যৱহাৰ কৰা নকল হালধি ধৰা পেলাবলৈ এটা পাত্ৰত হালধিৰ গুড়ি পানীত সংমিশ্ৰণ কৰি লৈ তাত কেইটোপালমান হাইড্ৰক্লৰিক এছিড পেলাই দিলে বুৰবুৰণি উঠিলে সেয়া চকগুড়ি মিহলিযুক্ত হালধি বুলি ধৰা পেলাব পাৰি।
কেৱল এইবোৰ প্ৰাথমিক পৰীক্ষাৰ জৰিয়তেই হালধিৰ ভেজাল ধৰা পেলোৱাতো সম্ভৱ নহয়। আধুনিক পৰীক্ষাগাৰত সম্পন্ন কৰা পৰীক্ষাত আৰু অধিক ভেজাল সামগ্ৰী ধৰা পৰে। উদাহৰণস্বৰূপে সীহৰ কথাই ক’ব পাৰি।
অসমত হালধিৰ উতপাদনত নাম আছে। বছৰি ৰাজ্যখনত ১৬,৮০০হেক্টৰ মাটিত হালধি খেতি কৰা হয়। কাৰ্বি আংলং, ডিমা হাচাও, গোলাঘাট, লখিমপুৰ, নগাঁও, শোণিতপুৰ আদি জিলাত হালধি যথেষ্ট উতপাদন হয়। ভাৰতে বিশ্বৰ ৭৮শতাংশ হালধি উৎপাদন কৰে।
বছৰি দেশৰ পৰা ৫০হাজাৰ টন হালধি সংযুক্ত আৰৱ আমিৰাত, আমেৰিকা, বাংলাদেশ, মালেচিয়া, জাপান, ইংলেণ্ড, ইৰান আদি দেশলৈ ৰপ্তানি হয়। ভাৰতৰ হালধি ৰপ্তানিৰ বজাৰখন ১০৩৫কোটিৰো অধিক।
খাদ্যৰ সৈতে হালধিৰ সম্পৰ্ক বহু পুৰণি। হালধিবিহীন আঞ্জা খোৱাৰ কথা আমি সততে কল্পনাই কৰিব নোৱাৰো। সেই হালধিতে এতিয়া কোনোবাই ঢালিছে বৰবিহ। বিশ্বৰ এখন প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ উদ্যোগত এই তথ্য ফাদিল হোৱাৰ পাছতো লোৱা হোৱা নাই কোনো ব্যৱস্থা। বাধ্যত পৰি আমি খাই থাকিব লগা হৈছে ভেজাল হালধি। কিমান অসহায় আমি...