মৃদুল কুমাৰ সন্দিকৈ
যেতিয়া মানুহৰ ভাল দিন চলে, তেতিয়া কুকুৰেও মৈ টানে। সেই ভাল দিনৰ পৰা বেয়া দিনলৈ কিন্তু বৰ বেছি দূৰ নহয়। জয়জয় ময়ময় অৱস্থাৰ পৰা সংকটৰ এই সময়খিনি মাজৰ পাৰ্থক্য অতি কম। কেনেকৈ কেতিয়া এই বেয়া সময় আৰম্ভ হয়, ক্ষমতাৱান সকলে ধৰিব নোৱাৰে। কিন্তু এটা মূৰ্হুতত উপলদ্ধি কৰে বেয়া সময় সন্মুখত ইতিমধ্যে আহি পৰিছে।
অসমৰ ৰাজনীতিত আজিৰ তাৰিখত চৰ্চিত দুটা নাম কি বুলি সুধিলে সাধাৰণ লোকেও দিব পাৰে সেই উত্তৰ। তাৰে এটা নাম অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আনটো নাম গৌৰৱ গগৈ। এতিয়া এনে লাগে গৌৰৱ গগৈৰ ভাল দিন চলি আছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ সময়বোৰ বৰ সুখকৰ হৈ পাৰ হোৱা নাই।
বহু প্ৰত্যাহ্বান নেওঁচি যোৰহাট লোকসভা সমষ্টিত জয়ী হৈ গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ ভাল সময় বুলি ভৱা ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁৰ বাবে শনি হৈ ধৰা দিছে। জনমতৰ কথা কৈ ড০ শৰ্মাই নিজেই লোৱা সিদ্ধান্ত নিজেই সলাবলৈ বাধ্য হোৱাতো সাধাৰণ কথা নহয়।
কেৱল সিদ্ধান্ত সলোৱাই নহয়, তেনে ঘোষণাৰ পাছত সৃষ্টি হব পৰা প্ৰতিক্ৰিয়াৰ কথা অনুমান কৰি ড০ শৰ্মাই সামাজিক মাধ্যমযোগেও চাফাই গাব লগা হৈছে যে, এ পি এছ চিৰ আৰ্হিত তৃতীয়, চতুৰ্থ শ্ৰেণীৰ নিযুক্তিৰ বাবে এ ডি আৰ এ পৰীক্ষা অনুষ্ঠিত চৰকাৰে নকৰে।
একেদৰে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ নিযুক্তিৰ ক্ষেত্ৰত এগৰাকী উপ সঞ্চালিকাই জাৰি কৰা নিৰ্দেশো মুখ্যমন্ত্ৰীয়ে খাৰিজ কৰি দিব লগা হ’ল। পি আৰ চি অবিহনে নিযুক্তি দিব পাৰিব বুলি উচ্চ শিক্ষা বিভাগৰ এইগৰাকী বিষয়াই চৰকাৰৰ সেউজ সংকেতৰ অবিহনে প্ৰকৃততে এনে জাননী জাৰি কৰিব পাৰিছিল নে?
যদি কৰিছিল, চৰকাৰে তেওঁৰ বিৰুদ্ধে কি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিলে, সেইটোহে ৰাইজে নেদেখিলে। ৰাইজে অনুমান কৰি ল’লে এয়াও জনমতৰ তীব্ৰ ৰূপ দেখি চৰকাৰে তেওঁৰ গাতেই সকলো দোষ জাঁপি দি নিজকে নিৰ্দোষী কৰি থলে।
ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত য’ত মন্ত্ৰীয়েই কোনো অস্তিত্ব নাই, তেনে পৰিৱেশত এগৰাকী সাধাৰণ বিষয়াই এনে কৰিব পাৰেনে! তেওঁৰ নেতৃত্বাধীন শাসনৰ সময়ত এই দুটা উদাহৰণে এটা কথা উদঙাই দিলে যে, ক্ষমতাশালী এই মানুহজনে কৰবাত শাসনভাৰ চলাই যোৱাত উজুঁতি খাইছে।
আনহাতে দলীয় ৰাজনীতিত যি ধুমুহাৰ সৃষ্টি হৈছে, সেই ধুমুহাইও তেওঁক বিধ্বস্ত কৰিবলৈ প্ৰেক্ষাপট ৰচনা কৰিছে। সমস্ত ক্ষমতা উজাৰি গৌৰৱ গগৈক যোৰহাটত পৰাস্ত কৰিব নোৱাৰাতো আৰু দলৰ পুৰণি বহু নেতা-কৰ্মীক কৰা অৱজ্ঞাৰ বাবে বিজেপিৰ ভিতৰচৰাতেই জ্বলি উঠা জুঁইকুৰাৰ উমান মুখ্যমন্ত্ৰীয়ে পাইছে।
বিসম্বাদৰ সেই জুঁইৰ ধোৱা দেখি ভৱেশ কলিতাক মাতি নি আলোচনা কৰিব লগা হৈছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই তেনে আলোচনাৰ কথা অস্বীকাৰ কৰিলেও উজনি অসমৰ জিলা পৰ্যায়ৰ দুই বিজেপিৰ শীৰ্ষ নেতা দলত্যাগক দলৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ অৱক্ষয় হিচাপে ইতিমধ্যে চিহ্নিত কৰা হৈছে।
সেই জুইত ঘিউ ঢালিছে অশোক শৰ্মা, ৰাজেন গোহাঁই, মৃণাল শইকীয়াৰ দৰে নেতাই। দিল্লীত এই বিসম্বাদৰ পট ৰচনা কৰিছে অশোক শৰ্মাই। ক্ষোভিত আৰু অৱহেলিত পুৰণি বিজেপি নেতাসকলে অসম জনসংঘ গঠনৰ যি কুচকাৱাজ চলাইছে, তাৰ খবৰো মুখ্যমন্ত্ৰীৰ কাণত পৰিছেহি।
দলটোৰে ২-৩জন বিধায়ক, ৩-৪জন প্ৰাক্তন বিধায়কে বিজেপি এৰি ৰাজীৱ ভৱনৰ ৰেজিষ্ট্ৰাৰত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ শাৰী পতাৰ খবৰে সংবাদমাধ্যমত স্থান লাভ কৰিছে। ৰাজীৱ ভৱন উদং কৰি দিম বুলি হুংকাৰ দিয়া মানুহজনে নৰম স্থিতি গ্ৰহণ কৰি ৰাজনীতিত এইবোৰ অহা-যোৱা চলি থাকে বুলি ক’বলৈ বাধ্য হৈছে।
এজনৰ এনে বেয়া সময়ৰ বিপৰীতে অসমৰ ৰাজনীতিত চৰ্চিত আনজনৰ বাবে আহিছে ভাল খবৰ। দ্বিতীয় বাৰৰ বাবে তেওঁক বিৰোধী উপ দলপতিৰ আসনত অধিষ্ঠিত কৰা হৈছে লোকসভাত। এয়া তেওঁৰ বাবে ৰাজনৈতিক পুৰস্কাৰ।
মূলতঃ গৌৰৱ গগৈৰ বাবেই এদিন কংগ্ৰেছত বিসম্বাদৰ সূচনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক অস্তিত্বহীন ৰাজনৈতিক নেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গৈ দ্বিতীয়বাৰৰ বাবে বিফল হোৱা হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আকৌ এবাৰ এইজন নেতাই বিধিৰ বিপাক হিচাপে থিয় দিছে।
উজনি অসমৰ ৰাজনীতিত এতিয়া হিমন্ত বিশ্ব শৰ্মাতকৈ গৌৰৱ গগৈহে ফেক্টৰ হৈ পৰিছে। সেই সময়তেই বিজেপিৰ পুৰণি নেতা-কৰ্মীৰ অৱস্থানে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ কেৰিয়াৰত কপঁনিৰ সৃষ্টি কৰিছে।
নিজকে সুদক্ষ শাসক আৰু কেৱল তেৱেঁই সকলো বুলি প্ৰতিষ্ঠা কৰিবলৈ চলোৱা এই প্ৰয়াস এতিয়া নিষ্ফল হোৱাৰ দিশে। মৃণাল শইকীয়াৰ দৰে বিজেপিৰ বিধায়কে লোৱা স্থিতিয়ে প্ৰমাণ কৰিছে যে, দুই এক স্তাৱকক লৈ তেওঁ এই ক্ষমতা হস্তগতৰ প্ৰয়াসত দলৰ ভিতৰতে সমৰ্থন নাই।
আচঁনি তেওঁ বহু ঘোষণা কৰিছে। মানুহৰ সন্মোহিত কৰিব পৰা বহু আচঁনি ঘোষণা কৰিবলৈ প্ৰয়োজনীয় ধন ধাৰত হ’লেও লৈছে। কিন্তু সেই প্ৰচেষ্টাই মানুহজনক জনপ্ৰিয় বা জনমুখী কৰিব পৰা নাই। তাৰ কাৰন আৰু উত্তৰ ড০ শৰ্মাই এটা কাহিনী শুনিলে সেই কাহিনীৰ মাজতেই বিচাৰি পাব।
এখন নগৰ আছিল। নগৰখনৰ শাসন জন আছিল অতি ক্ষমতাশালী লোক। তেওঁ যি ভাৱে তাকেই কাৰ্যকৰী কৰিছিল। মানুহক ভাল লগাবলৈ নিতৌ তেওঁ নতুন নতুন আচঁনি ঘোষণা কৰি গৈছিল। নগৰবাসীয়ে বিনামূল্য চাউল পাইছিল, বিনামূল্যত পানী দিছিল, শিক্ষা-স্বাস্থ্য আৰু বিভিন্ন বয়সৰ লোকৰ বাবে ফ্ৰীতে প্ৰায় সকলো দিয়াৰ ব্যৱস্থা কৰিছিল।
নগৰখনৰ শাসকজনে প্ৰায় দুবছৰ কাল মানুহক ফ্ৰীতে সকলো দি তেওঁ নগৰখনত অতি জনপ্ৰিয় শাসক হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বিচাৰিছিল। এইবোৰ কাম কৰোতে নগৰখনৰ ৰাজভৰাঁলত থকা ধন উদং হৈ গৈছিল। বিষয়াসকলে শাসকজনক আহি আৰ্থিক অৱস্থাটোৰ কথা কোৱাত শাসকজনে ধন সংগ্ৰহৰ বাবে এক উপাই উলিয়ালে।
নগৰখনলৈ মাতি অনা হ’ল এটা চাকাৰ্ছ পাৰ্টিক। নগৰবাসীৰ যিহেতু আন বস্তুৰ অভাৱ নাছিল, সকলো বস্তু ফ্ৰীতে পাইছিল সেয়েহে শাসকগৰাকীয়ে ভাৱিছিল তেওঁলোকে আমোদ-প্ৰমোদত ধন ব্যয় কৰিব। চাৰ্কাছ চাবলৈ অহা দৰ্শকৰ বাবে এটা টিকটৰ দাম ধাৰ্য কৰা হ’ল ৫০টকা।
কিন্তু সেই চাৰ্কাছ চাবলৈ মানুহ নাহিল। শাসকজনে টিকটৰ মূল্য ক্ৰমে ২০টকা, ১০টকা, ৫টকা কৰি দিয়াতো দৰ্শক নহাত আন এক বুদ্ধি পাঙিলে। চাকাৰ্ছৰ দৰ্শনী ফ্ৰীতে চাব পাৰিব বুলি ঘোষণা কৰা হ’ল।
বিষয়াসকল আচৰিত হ’ল। তেওঁ কি কৰিব বিচাৰিছে বুজি নাপালে। ফ্ৰী বুলি শুনি দৰ্শনী চাবলৈ মানুহৰ বিৰাট ভিৰ লাগিল। যিমানবোৰ মানুহ আহিছিল চাকাৰ্ছ চাবলৈ সকলোকে চাকাৰ্ছস্থলীত ভৰাই দি দৰ্শক ওলোৱা-সোমাৱা গেটসমূহ ভালকৈ বন্ধ কৰি দিলে।
তাৰ পাছত এই শাসকজনে দিয়া নিৰ্দেশ অনুসৰি মাইকত এটা ঘোষণা বাজি উঠিল। ঘোষণাটো আছিল- চাকাৰ্ছখনৰ চাৰিটা বাঘ দুভাৰ্গ্যজনকভাৱে গৰাঁলৰ পৰা মুক্ত হৈ গৈছে। সেই ঘোষণা শুনিয়ে চাকাৰ্ছ স্থলীৰ ভিতৰত থকা মানুহবোৰ বাহিৰ ওলাবলৈ হেঁতাওপৰা লগালে।
সেই সময়ত গেটত থকা নিৰাপত্তাৰক্ষীক বিশেষ নিৰ্দেশ দিয়া আছিল। কোৱা হৈছিল- ভিতৰৰ পৰা কোনোবা লোক যদি বাহিৰ ওলাব খোজে তেনেহলে তেওঁলোকে ইয়াৰ বাবদ ১০০টকা দিব লাগিব।
এতিয়াও যেন কথাবোৰ তেনেকুৱাই হৈছে। দেখাত সকলো ফ্ৰী দিছে আৰু আনফালে সেই সৰ্বসাধাৰণৰ বুকুত বিভিন্ন প্ৰক্ৰিয়াৰে চৰকাৰে কৰৰ চুৰি মাৰিছে। মূল্যবৃদ্ধিয়ে আকাশ চুইছে। সেৱা কৰৰ নামত চৰকাৰে মাধমাৰ শোধাইছে।
চাকাৰ্ছৰ স্থলীত সাধাৰণ লোকক ফ্ৰী বুলি কৈ বন্দী কৰি থৈ বাঘ এৰি দি তাৰ পৰা ওলোৱাৰ বাবদ ১০০টকাকৈ লোৱাৰ দৰে কাৰবাৰ এটা চলিছে। উন্নয়নৰ শ্লোগান দি বহু ঘোষণা কৰা চৰকাৰে দৈনন্দিন জীৱন নিৰ্বাহ কৰোতে মানুহে ভোগ কৰা সমস্যা আৰু প্ৰত্যাহ্বানবোৰক ঢাকি ৰাখিছে।
এয়াই আজি অসমৰ বাস্তৱ। কিন্তু অসহায় মানুহ। জনমতৰ আৱাজ শুনা বুলি কোৱা ক্ষমতাশালী মানুহজনে ভালদৰে কাণ থিয় কৰি শুনিলে এনে বহু আহ্বান শুনিবলৈ পাব। এতিয়া তেওঁ শাসনৰ চকীত বহি আছে, এচাম স্তাৱকে তেওঁৰ জয়গান দি দিয়া শ্লোগান শুনিবলৈ পাইছে।
সৰ্বসাধাৰণ লোকৰ ক্ষোভ আৰু হুংকাৰ তেওঁৰ কাণত সেই শ্লোগানবোৰে পৰিবলৈ দিয়া নাই। সচাঁকৈয়ে ভাল দিন চলি থকা নাই তেওঁৰ। প্ৰচুৰ আত্মবিশ্বাস, স্বাভিমান আৰু অহং বোধে যেন তেওঁক মানুহৰ কাষলৈ নিয়াতকৈ, মানুহৰ পৰা তেওঁক দূৰলৈ লৈ গৈ আছে...