গুপ্ত 'চৰ'

গুপ্ত 'চৰ'

Published on

ডিম্পুল বৰগোহাঁই

পৰিয়াল মানে কেৱল কেইগৰাকীমান মানুহৰ সমষ্টি নহয়! পৰিয়াল মানে এক শক্তি, পৰিয়াল মানে আৱেগ। পৰিয়াল মানে হৈছে সুখে-দুখে, হাঁহি-স্ফূৰ্তিৰ মাজত হৃদয়ৰ পৰা হৃদয়ত সংযোগ হোৱা এদল আপোন মানুহৰ সমষ্টি। অৱশ্যে সমাজ বিজ্ঞানত পৰিয়ালৰ সংজ্ঞা ইয়াতকৈ পৃথক হ’লেও, সকলো সংজ্ঞাৰে সাৰমৰ্ম এইখিনিয়েই।

জীৱনটো সুখী কৰিবলৈ প্ৰায় সকলোখিনি উপাদান বিচাৰি পোৱা এই পৰিয়ালৰ ওপৰত যেতিয়া কোনোবাই আঙুলি তোলে, নিশ্চিতভাৱে সকলোৰে মনত ক্ৰিয়া কৰিব। ভুল-শুদ্ধ, সচাঁ-মিছাৰ বিচাৰ কৰাতকৈ তেনে সময়ত প্ৰতিগৰাকী লোকেই পতিপক্ষক উচিত প্ৰত্যুত্তৰ দিব। মানুহ হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও সেই একেই কামেই কৰিলে।

১৭জুলাই, ২০২৪। অসমত অনুষ্ঠিত হ’বলগীয়া আগন্তুক উপনিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটীৰ হোটেল লিলিত হৈছিল অসম কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত ৰাজ্যৰ ৬০গৰাকীকৈ কংগ্ৰেছ নেতাই অংশ লৈছিল। এই বৈঠকত বিজেপিক কেনেদৰে আগন্তুক সময়ত পৰাভূত কৰিব পাৰি তাক লৈ ব্লুপ্লিন্ট ৰচনা কৰা হৈছিল। কংগ্ৰেছত আগন্তুক দিনত কি কি সংস্কাৰৰ প্ৰয়োজন সেই সন্দৰ্ভতো আলোচনা হৈছিল এই বৈঠকত।

বৈঠক সম্পন্ন হোৱাৰ এটা দিনৰ পাছতে মুখ্যমন্ত্ৰীলৈ আহিল বৈঠকৰ এটা বিশেষ খবৰ। কংগ্ৰেছৰ বৈঠকত উপস্থিত থকা ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুপ্তচৰে এটাৰ পিছত এটা সিদ্ধান্ত মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰিছিল। কংগ্ৰেছৰ সভাত আলোচিত এই বিষয়বোৰৰ ভিতৰত এটা নিৰ্দিষ্ট বিষয় শুনি মুখ্যমন্ত্ৰীৰ খঙৰ লগতে যথেষ্ট মনোকষ্টও পাইছিল।

মুখ্যমন্ত্ৰীক মনোকষ্ট দিয়া সেই বিষয়টো আছিল- পৰিয়াল। কংগ্ৰেছৰ সভাত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিষয়ে বৰ বেয়াকৈ আলোচিত হৈছিল। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে কোন নেতাই, কি প্ৰস্তাৱ দিছিল সকলোবোৰ অতি ক্ষোভেৰে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

এইখিনিলৈকে সকলোৱে মানি লৈছিল যে, হিমন্ত বিশ্ব শৰ্মাই যি খবৰ পাইছে, সেয়াই শুদ্ধ আৰু সত্য। কিয়নো ২২টা বছৰ কংগ্ৰেছত থাকি বহু আপোন মানুহ গোটাই থৈ অহা বুলি মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে দাবী কৰি আহিছে। লগতে এটা কথা মানিবই লাগিব যে,  বিভিন্ন সময়ত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ সভাৰ পৰা ড০ শৰ্মাৰ গুপ্তচৰে যি খবৰ দিয়ে সেই খবৰ নস্যাতো কৰিব পৰা নাছিল কংগ্ৰেছ নেতৃত্বই।

কিন্তু এইবাৰ হয়তো গুপ্তচৰে প্ৰকৃত খবৰ নিদিলে ড০ শৰ্মাক। সেয়েহে মুখ্যমন্ত্ৰীক এইবাৰ উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছে দাবী কৰিছে যে -  মুখ্যমন্ত্ৰীয়ে যেনেকৈ কৈছে, তেনে পদ্ধতিৰে কংগ্ৰেছৰ এখনো মিটিং অনুষ্ঠিত হোৱাই নাই। তেওঁৰ গুপ্তচৰে তেওঁক সঠিক খবৰ দিয়াত ব্যৰ্থ হৈছে।

মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে, হোটেল লিলিত বহা কংগ্ৰেছৰ বিশেষ বৈঠকখনত আদৰণি ভাষণ প্ৰদান কৰিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰে। জ্যেষ্ঠ নেতাগৰাকীয়ে প্ৰস্তাৱ দিছিল যে, মুখ্যমন্ত্ৰীক উন্নয়নৰ কামত বাধা দিব পৰা সামৰ্থ কংগ্ৰেছৰ নাই। গতিকে তেওঁৰ পৰিয়ালক আমি যেনেদৰে আক্ৰমণ কৰি আছো, সেই ধাৰাবাহিকতা ২০২৬লৈ অক্ষুন্ন ৰাখিব লাগিব। দৰকাৰ লগতে মুখ্যমন্ত্ৰীৰ পুত্ৰকো আমি সাঙুৰি ল’ব লাগিব।

কংগ্ৰেছত থকা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ গুপ্তচৰে এনেকৈয়ে খবৰ দিছিল। তাৰ পাছতে কংগ্ৰেছত তীক্ষ্ন সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে। পৱন সিং ঘাটোৱাৰৰ দৰে এজন জ্যেষ্ঠ নেতাই এনে চিন্তা কৰাটোও পাপ বুলি অভিহিত কৰি কংগ্ৰেছক ইমান তলত গৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছিল ড০ হিমন্ত বিশ্ব শৰ্মাই। দৰকাৰ হ’লে মুখ্যমন্ত্ৰীত্ব এৰি দিম বুলিও ক’লে হিমন্ত বিশ্ব শৰ্মাই।

বিজেপিয়ে এই বিষয়টোক লৈ কংগ্ৰেছক তীব্ৰ বাক্যবাণ এৰাৰ সময়তে ভূপেন বৰাই নস্যাত কৰিলে এই সকলোবোৰ খবৰ। বৰাই কলে যে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অপৈণত গুপ্তচৰে তেওঁক সঠিক বাৰ্তা দিয়াত ব্যৰ্থ হৈছে। ঘাটোৱাৰ ডাঙৰীয়া ৰাজীৱ ভৱনৰ এখনো সভাত উপস্থিত নাছিল। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কংগ্ৰেছৰ সভাত কোনো হাত চাপৰি বজোৱাৰ অৱকাশেই নাছিল, কিয়নো এই বৈঠকবোৰ আলোচনাধৰ্মীহে আছিল।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পৰিয়ালৰ লোকক ৰাজনীতিলৈ টনা প্ৰসংগতো মন্তব্য ৰাখে। তেওঁ কয়- ৰাজনীতি চল –বল কৌশল আৰু সাম দাম দণ্ড ভেদ সকলো থাকিব। এদিন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে, ছোনীয়া গান্ধীৰ ঘৰ জ্বলাই দিব লাগে। ৰাহুল গান্ধীৰ ডি এন এৰ পৰীক্ষা কৰিব লাগে। ইন্দিৰা গান্ধীৰ জন্মদিনত বিশ্বকাপ হাৰিলে, এনেবোৰ কথা মুখ্যমন্ত্ৰীয়েই কোৱা নাছিল জানো বুলি প্ৰশ্ন কৰে ভূপেন বৰাই।

আনফালে বিষয়টোৰ গতি দেখি শেহতীয়াকৈ জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰেও চেলেঞ্জ দি কয় যে, মোৰ দীৰ্ঘদিন ৰাজনৈতিক কেৰিয়াৰত এনে লেতেৰা ৰাজনীতিৰ কথা কোনোদিন কাকোৱেই কোৱা নাই। এয়া সম্পূৰ্ণ মিছা কথা। কংগ্ৰেছৰ কোনো এখন সভাতেই মই এনে কোনো প্ৰস্তাৱ দিয়া নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক হয়তো কোনোবাই বিপথে পৰিচালিত কৰিবলৈ এনে খবৰ দিছে।‘

গুপ্তচৰে মুখ্যমন্ত্ৰীক সচাঁ নে মিছা খবৰ দিছে সেয়া কেৱল গুপ্তচৰে নিজে আৰু কংগ্ৰেছৰ বৈঠকত সেই ৬০গৰাকী নেতাইহে গম পাব। কিন্তু এটা কথা ঠিক যে, মুখ্যমন্ত্ৰীৰ পৰিয়ালক বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱাতো কোনো নতুন কথা নহয়।

কোৰোনা কালৰে পৰা অতি সক্ৰিয়তাৰে বিৰোধীয়ে ধাৰাবাহিকভাৱে আক্ৰমণ কৰি আহিছে মুখ্যমন্ত্ৰীৰ পুত্ৰক। এক বিয়াগোম কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পুত্ৰৰ বিৰুদ্ধে তদন্ত হব লাগে বুলি বিৰোধীয়ে দাবী কৰিছিল। সময়ৰ সোঁতত অৱশ্যে সেই দাবী ম্নান পৰিল।

ইফালে ব্যৱসায়ৰ সম্ৰাজ্য দিনক দিনে বিস্তাৰিত কৰি যোৱা মুখ্যমন্ত্ৰীৰ পত্নীক বিৰোধীয়ে আক্ৰমণ কৰাতো কোনো নতুন কথা নহয়। বিভিন্ন সময়ত মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে নানান কেলেংকাৰীৰ অভিযোগ কৰি আহিছে বিৰোধীয়ে। গতিকে এই দিশৰ পৰা চাবলৈ গলে বিৰোধীয়ে উক্ত বিষয়টোত নতুনকৈ আলোচনা কৰাৰ কোনো স্থল নাই। কিয়নো পূৰ্বৰে পৰাই এই পন্থা গ্ৰহণ কৰি আহিছে কংগ্ৰেছে।

এতিয়া প্ৰশ্ন হল, মুখ্যমন্ত্ৰীক কিয় গুপ্তচৰে মিছা তথ্য দিলে। কংগ্ৰেছৰ এই স্পষ্টীকৰণৰ পিছত এতিয়া সাধাৰণ জনতাৰ মনত প্ৰশ্নৰ উদয় হৈছে যে, সচাঁকৈয়ে ড০ শৰ্মাৰ গুপ্তচৰ কংগ্ৰেছত আছেনে! নে সময়ৰ গতি দেখি গুপ্তচৰৰ মন সলনি হৈছে!

ড০ শৰ্মাই বিভিন্ন সংবাদমেলৰ উপৰিও ৩০মাৰ্চ, ২০২৩ত বিধানসভাৰ মজিয়াতো কংগ্ৰেছত যে তেওঁৰ গুপ্তচৰ আছে সেই কথা মুকলিকৈ কৈছিল। তেওঁ লগতে এইবুলিও কৈছিল যে, কংগ্ৰেছৰ বিধায়িনী দলতে আছে তেওঁৰ গুপ্তচৰ। সেয়েহে কংগ্ৰেছৰ সকলো ভিতৰুৱা খবৰ আহি থাকে তেওঁলৈ। গতিকে সচাঁকৈয়ে যদি বিধায়িনী দলতে তেওঁৰ গুপ্তচৰ আছে, তেন্তে এই খবৰটো তেওঁক কিয় ইমান ভুলকৈ দিয়া হল, তাক লৈও হয়তো ড০ শৰ্মাৰ ওচৰত জবাবদিহি হ’ব লাগিব গুপ্তচৰ।

এনে বহুবোৰ বিষয় মিলি পৰিস্থিতি এতিয়া ধুৱলী-কুৱলী। কিয়নো ৰাজনীতিত কাকোৱেই বিশ্বাস কৰিব নোৱাৰি। ছেকেণ্ডতে ওলোটা হৈ পৰা কথাৰ মাজত কোনে চিধা কথা কৈছে, তাক নিৰ্ণয় কৰাটো সময়ৰ বাদে কাৰোৰে সাধ্য নাই।

কিন্তু এইখিনিতে মহাভাৰতত এটা প্ৰসংগ টানি আনি লেখাটো ইতি পেলাব বিচাৰিছো। কুৰুক্ষেত্ৰ মহাযুদ্ধৰ দশম দিনা সেনাধ্যক্ষ ভীষ্ম পিতামহ শৰাশায়ী হোৱাত গুৰু দ্ৰোণাচাৰ্যই সেই মহাভাৰ লৈ পাঁচ দিন অপৰাজেয় বীৰত্বৰে যুঁজ দিয়ে ৷ যুদ্ধৰ পোন্ধৰ দিনৰ দিনা ভীমে অশ্বত্থামা নামৰ হাতী এটা বধ কৰিলে। দৈৱক্ৰমে দ্ৰোণাচাৰ্যৰ মৰমৰ বীৰ পুত্ৰৰ নামও আছিল অশ্বত্থামা ।

এই সুযোগতে  কৃষ্ণই সত্যবাদী যুধিষ্ঠিৰৰ মুখে কোৱালে- অশ্বত্থামা হত, অৰ্থাৎ অশ্বত্থামা মৰিল। হঠাৎ যুদ্ধ থলীত কোৰ্হাল হ'ল, তাৰ মাজতে যুধিষ্ঠিৰক কৃষ্ণই সৰুকৈ কোৱালে - কিন্ত ইতি গজ, অৰ্থাৎ ই এটা হাতীহে! ইফালে পুত্ৰ নিধন হোৱা বুলি ভাৱি দ্ৰোণাচাৰ্যই অস্ত্ৰ-শস্ত্ৰ দলিয়াই ধ্যান মগ্ন হৈ ৰ'ল। এই সুযোগতে ধৃষ্টদ্যুম্নই দ্ৰোণাচাৰ্যক নিধন কৰিলে।

মহাভাৰতৰ এই ঘটনাৰ অৰ্থ হ'ল- আসৈ মাতি মানুহক বিপথে পৰিচালনা কৰিব বিচৰা। বিৰোধীয়েও গুপ্তচৰ হতুৱাই কোনো চক্ৰান্ত কৰি মুখ্যমন্ত্ৰীক বিপথে পৰিচালিত কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি! সেই কথাও নিশ্চয় চতুৰ তথা অভিজ্ঞ মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো চিন্তা কৰিব...

গুপ্ত 'চৰ'
দিছপুৰলৈ এতিয়াও বহুদূৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in