নেটফ্লিক্স আৰু এখন ভাড়াত লোৱা কেছেট...

নেটফ্লিক্স আৰু এখন ভাড়াত লোৱা কেছেট...

Published on

ডিম্পুল বৰগোহাঁই

সফল মানুহৰ সফলতাৰ কাহিনীবোৰ ভিন্ন হয়। কিন্তু সকলো কাহিনীত তিনিটা দিশৰ বিশেষ মিল থাকে। সেইকেইটা হৈছে- ধৈৰ্য, কৰ্মস্পৃহা আৰু কাম কৰাৰ বাবে মনত থকা দৃঢ়তা। ইয়াৰোপৰি কাম এটা কৰিমেই বুলি বিশ্বাস আৰু কষ্ট কৰিব পৰা মানসিকতা হৈছে একো একোজন সফল ব্যক্তিৰ সফলতাৰ মূল চাবি-কাঠি।

বহু সফল মানুহৰ কাহিনী আপুনি পঢ়িছে। এনে বহু কাহিনীৰ পৰা আপুনি-মই প্ৰেৰিতও হৈছো। এই প্ৰতিবেদনত আমি আজি তেনে এক সফল যাত্ৰাৰ বিষয়েই আলোকপাত কৰিম। শূণ্যৰ পৰা আৰম্ভ কৰা এই যাত্ৰাই কেনেকৈ গগনচুম্বী সফলতা লাভ কৰিলে জানিলে আপোনাৰো সপোন সপোন যেন লাগিব।

আহক আমি কেইটামান বছৰ পিছুৱাই যাঁও। কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে সমগ্ৰ বিশ্ব স্তদ্ধ হৈ পৰিছিল। বন্ধ হৈ পৰিছিল স্কুল-কলেজ, চিনেমাঘৰৰ পৰা আদি কৰি সকলোবোৰ। গৃহবন্দী হৈ আমনি লগা, চিনেমা ঘৰলৈ যাব নোৱাৰা সকলোৱে বিকল্প পথৰ সন্ধান কৰিছিল। ফেচবুক, ইউটিউবতো নাছিল বিশেষ কোনো নতুনত্ব। সেই সময়তে অধিকভাৱে চলচ্ছিত্ৰপ্ৰেমীসকলৰ মাজত সমাদৰ লাভ কৰিছিল নেটফ্লিক্সে।

২০১৭ চনৰ অক্টোবৰত মাহত সমগ্ৰ বিশ্বত নেটফ্লিক্সৰ দৰ্শক আছিল ১০৯. ২৫মিলিয়ন। কিন্তু বৰ্তমান এই নেটফ্লিক্সৰ নিয়মীয়া দৰ্শকৰ পৰিমাণ ইয়াৰ প্ৰায় দুগুণ হৈছে। বৰ্তমান সমগ্ৰ বিশ্বত নেটফ্লিক্সৰ নিয়মীয়া দৰ্শকৰ সংখ্যা হৈছে প্ৰায় ৭৬৫ মিলিয়ন। ইয়াৰে ৫০মিলিয়নৰো অধিক দৰ্শক হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ।

ভাৰতত বৰ্তমান নেটফ্লিক্সৰ নিয়মীয়া দৰ্শকৰ সংখ্যা হৈছে প্ৰায় ৮মিলিয়ন। ভাৰতত অনলাইন ভিডিঅ ৰেভিনিউ মাৰ্কেটত ১৪শতাংশ ৰাজহ সংগ্ৰহ কৰে নেটফ্লিক্সে। কোভিড পিৰিয়ডৰ সময়চোৱাতে ভাৰতত প্ৰায় ১.০২মিলিয়ন দৰ্শকৰ সংখ্যা বৃদ্ধি পালে নেটফ্লিক্সৰ। আমেৰিকা যুক্তৰাষ্ট্ৰত নেটফ্লিক্সৰ সৰ্বাধিক দৰ্শক থকাৰ বিপৰীতে এই তালিকা দ্বিতীয় স্থানত আছে নৰৱে আৰু তৃতীয় স্থানত আছে কানাডা।

নেটফ্লিক্সৰ সৰ্বাধিক দৰ্শক থকা শীৰ্ষ দহখন দেশ হৈছে ক্ৰমে- আমেৰিকা, নৰৱে, কানাডা, ডেনমাৰ্ক, চুইডেন, নেডাৰলেণ্ড, অষ্ট্ৰেলিয়া, ফিনলেণ্ড, জাৰ্মানী আৰু বিট্ৰেইন। উল্লেখ্য যে, বিগত বিত্তীয় বৰ্ষত নেটফ্লিক্সে কেৱল মাত্ৰ ভাৰততে ৯২৩কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ ১৯০খন ৰাষ্ট্ৰত সগৌৰৱে লাভজনকভাৱে ব্যৱসায় কৰি থকা নেটফ্লিক্স সমগ্ৰ বিশ্বৰ প্ৰায় ৪৪শতাংশ মানুহে ব্যৱহাৰ কৰে। ২০২০বৰ্ষতে নেটফ্লিক্সৰ দৰ্শকৰ সংখ্যা ৩৭শতাংশ বৃদ্ধি পাইছিল।

মুঠৰ ওপৰত কবলৈ গলে নেটফ্লিক্স ক্ৰমান্বয়ে মূৰৰ কামুৰণি হৈ পৰিছে হলিউদ-বলিউদ, তলিউদৰ লগতে আঞ্চলিক ভাষাৰ বৃহত বৃহত ছবি প্ৰযোজক সকলৰ বাবে। নিজে প্ৰয়োজনা কৰি নিজেই সেই ছবি দৰ্শকৰ আগত দাঙি ধৰা নেটফ্লিক্সৰ এই বৃহত বজাৰ তথা ব্যৱসায় এদিনতে থিয় হোৱা নাছিল। ইয়াৰ আৰঁতো আছে এক দীঘলীয়া কাহিনী।

নেটফ্লিক্সৰ বৰ্তমানৰ বাৰ্ষিক আয় প্ৰায় ২৭হাজাৰ কোটি টকাৰো অধিক। এই বৃহত উদ্যোগটো কিন্তু আজিৰে পৰা দুটা দশকৰ আগেয়ে আৰম্ভ হৈছে এখন ভাড়াত লোৱা ছবিৰ কেছেটৰ জৰিয়তে। সেয়া আছিল ১৯৯৭চনৰ চনৰ কথা। সেইসময়ত হয় ছবিগৃহ নতুবা চিনেমাৰ কেছেট আনি ঘৰত চোৱাই আছিল ছবি চোৱাৰ একমাত্ৰ মাধ্যম। কেলিৰ্ফণিয়াৰ দুজন যুৱকে এদিন এখন কেছেট চাবলৈ আনি ৬ সপ্তাহৰ মূৰত ঘূৰাই দিবলৈ যাওতে ভাড়া ভৰিবলগীয়া হৈছিল ৪০ডলাৰ। এই কথাৰ পিছতে এই যুৱকদুজনৰ মগজুত আহিল এটা বিশেষ আইডিয়া।

তেওঁলোকে ভাৱিলে যে, যিদৰে এজন লোকে জিমলৈ গৈ ব্যায়াম কৰাৰ বাবদ ধন পৰিশোধ কৰে ঠিক তেনেদৰেই সেই একেই ফৰ্মুলা যদি ফিল্ম নতুবা এনে কিছু প্লেটফৰ্মত যদি ব্যৱহাৰ কৰিব পৰা যায় খুবেই ভাল হয়। কথাটো ভাৱি বেছি দেৰি নকৰিলে যুৱক দুজনে। দুয়ো কথাটো আলোচনা কৰি সম্পূৰ্ণ ফৰ্মূলা বনাই প্ৰথমে আৰম্ভ কৰিলে অনলাইনত ডিভিডি কেছেট ডেলিভাৰ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ বাবে দুয়োয়ে সহায় ললে এমেজন বুক চেলিঙৰ বিক্ৰী প্ৰক্ৰিয়াৰ ফৰ্মূলাৰ।

এনেকৈ কিছুদিন থকাৰ পাছতে দুয়োয়ে মন কৰিলে যে, দৰ্শক সকলে কি ফিল্ম সবাতোকৈ বেছিকৈ চাবলৈ বিচাৰে। দৰ্শকৰ ৰুচি অনুসৰি নেটফ্লিক্সে আৰম্ভ কৰিলে ছবি নিৰ্মাণৰ কাম। সেই ছবি কেছেট আকাৰে ডেলিভাৰ কৰিবলৈ ধৰিলে তেওঁলোকে। দৰ্শকৰ বিপুল সহাৰিঁৰ পাছত ক্ৰমান্বয়ে নেটফ্লিক্সৰ প্ৰযুক্তি উন্নয়ন কৰি কৰি আজি এই অৱস্থাত উপনীত হৈছে প্ৰতিষ্ঠানটো।

আমি ওপৰত উল্লেখ কৰিছোৱে যে, ১৯৯৭চনত প্ৰতিষ্ঠা হোৱা নেটফ্লিক্সে প্ৰথন পৰ্যায়ত অন ডেলিভাৰ কৰিছিল ডিভিডি কেছেটৰ। কিন্তু ১৯৯৯চনৰ পৰা তেওঁলোকে আৰম্ভ কৰিলে নিজা প্লেটফৰ্ম। এই প্লেটফৰ্মত কিছু ধন আদায় দি দৰ্শকে চাব পোনপতীয়াকৈ চাব পাৰিছিল ইয়াৰ ছবিসমূহ। ২০০০চনৰ লৈকে নেটফ্লিক্সৰ দৰ্শকৰ সংখ্যা হৈছিল ৩লাখ।

নেটফ্লিক্সৰ উত্তৰণ দেখি বহু প্ৰতিষ্ঠানে এই কোম্পানীটোক কিনিবলৈ চাইছিল যদিও প্ৰতিষ্ঠাপক জন মান্তি হোৱা নাছিল। ২০০২ৰ ২৯মেত প্ৰতিষ্ঠানটোৱে নিজাববীয়াকৈ মুকলি কৰিলে নিজা আই পি অ। ইয়াৰ পাছতে ২০০৩চনত ইয়াৰ দৰ্শকৰ সংখ্যা বৃদ্ধি হৈ হৈছিলগৈ ১০লাখ।

২০০৫চনৰ লৈকে নেটফ্লিক্সে প্ৰায় ৩৫হাজাৰ ছবি নিৰ্মাণ কৰাৰ লগতে প্ৰতিদিনাই ১০লাখ কেছেট অনলাইন ডেলিভাৰ কৰিছিল। লাহে লাহে বৃদ্ধি পোৱা নেটফ্লিক্স সম্ৰাজ্যৰ আজি তাৰিখত নিয়মীয়া দৰ্শক হৈছে ৭৬৫ মিলিয়ন। প্ৰতিদিনাই কেইবা কোটিৰ টকাৰ ব্যৱসায়। বলিউদ-হলিউদৰ প্ৰায় সকলো নামী দামী অভিনেতাই আজি অভিনয় কৰে নেটফ্লিক্সে প্ৰযোজনা কৰা ছবিত।

আমি লিখনিৰ পূৃৰ্বতে উল্লেখ কৰা দৰে, এখন ভাড়াত লোৱা কেছেটৰ পৰা এই চিন্তা কৰিছিল দুজন যুৱকে। আমেৰিকাৰ কেলিফৰ্ণিয়াৰ এই যুৱক দুগৰাকী হৈছে ৰোডল্ফ আৰু ৰীড হেষ্ট্ৰিং। ইয়াৰে ৰোডল্ফে মাজতে এই প্ৰতিষ্ঠানৰ পৰা অব্যাহতি লয় যদিও এই সমগ্ৰ সফলতাৰ যাত্ৰাৰ মূল কাণ্ডাৰী হৈছে ৰীড হেষ্ট্ৰিং। বৰ্তমান নেটফ্লিক্সৰ অধ্যক্ষৰ দায়িত্বত আছে ৰীড হেষ্ট্ৰিং ।

সমগ্ৰ নেটফ্লিক্সৰ ব্যৱসায়িক অধিকাৰ এতিয়া ৰীড হেষ্ট্ৰিঙৰ ওপৰতে। ধৈৰ্য, একাগ্ৰতা আৰু কাম কৰাৰ অদম্য মানসিকতাৰ গৰাকী ৰীড হেষ্ট্ৰিং হৈছে বৰ্তমান বিশ্বৰ ২৩৯সংখ্যক ধনী ব্যক্তি। বৰ্তমান আমেৰিকাৰ কেলিফৰ্ণিয়াৰ নিৱাসী ৰীড হেষ্ট্ৰিং হৈছে কেইবাহাজাৰ কোটি টকাৰ মালিক।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in