ডিম্পুল বৰগোহাঁই
ছোৱালীজনী নিশা ওলাই গৈছিল। কিয়নো যাব লাগে অকলে অকলে? ইমান মৰসাহ দেখাব লগা কি আছিল? এনেকুৱা কিবা এটা হ’ব বুলি আগৰে পৰাই জানিছিলো….। হঠাতে যদি কোনো এগৰাকী ছোৱালী বা নাৰীৰ ক্ষেত্ৰত নহ’বলগীয়া ঘটনা ঘটে, তেন্তে সমাজৰ পৰা এইবোৰ ‘উক্তি’ ভাঁহি আহি আপোনাৰ কাণত পৰিবই। সেয়া লাগিলে গাঁৱেই হওঁক বা চহৰ।
নিশা এজনী ছোৱালী অত্যন্ত প্ৰয়োজনীয় কামত পৰিস্থিতিৰ তাগিদাত ওলাই হৈ বিপদৰ সন্মুখীন হলে এনেবোৰ কথা আগতেও আলোচনা হৈছিল, আজিও আলোচনা হয়। বহুসময়ত ৰাইজৰ আদালতত ঘটনা সংঘটিত কৰা অপৰাধীতকৈ ভুক্তভোগী যুৱতী বা নাৰীগৰাকীকহে দোষী সজোৱা হয়।
দেশে পৰাধীনতাৰ শিকলি ছিঙি স্বাধীনতাৰ সোৱাদ লোৱা ৭৮বছৰ পাৰ হোৱাৰ পিছতো নাৰীক লৈ আমাৰ সমাজত আছে বহু হকা-বন্ধা! অৱশ্যে সেই হকা-বন্ধাবোৰৰ মাজত আছে বহু লজিক! সেই লজিকসমূহৰ বিষয়ে আলোচনা কৰাতো এই লেখাৰ উদ্দেশ্য নহয়। কিন্তু লজিকবোৰৰ মাজতে আজিৰ নাৰীয়ে নিজকে প্ৰশ্ন কৰিব পাৰে যে, তেওঁলোক এই স্বাধীন দেশত দৰাচলতে কিমান স্বাধীন!
৭৮সংখ্যাক স্বাধীনতা দিৱসৰ দিনটোতে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত এটা বিশাল আন্দোলন চলিছে! এই আন্দোলনটোৰ নেতৃত্ব দিছে মূলত নাৰীসমাজে। স্বাধীনতা দিৱসৰ সন্ধিয়াভাগত নাৰী সমাজে উলিয়াইছে এটা সমদল। সেই সমদলটোৰ নাম দিছে- ৰাত দখল। প্ৰতিবাদকাৰীসকলে সুধিছে যে, নিশাবোৰ নাৰীৰ হ’ব কেতিয়া?
নিশাবোৰ কেতিয়া নাৰী হ’ব? হঠাতে প্ৰতিবাদকাৰীয়ে উত্থাপন কৰা এই প্ৰশ্নটোৱে সমগ্ৰ দেশত তোলপাৰ লগাইছে! এই প্ৰশ্ন প্ৰতিবাদকাৰীসকলে চৰকাৰক সোধা নাই! সুধিছে সমাজ ব্যৱস্থাক, সুধিছে সেইসকললোকক যিসকলে ভাৱে যে, এইখন সমাজত ৰাতি কেৱল চৰিত্ৰহীন নাৰীয়েহে বিচৰণ কৰে।
নিশাবোৰ নাৰীৰ কেতিয়া হ’ব – এই প্ৰশ্নৰ অৱতাৰণা হৈছিল এটা ঘটনাৰ পটভূমিত। এই ঘটনাৰ বিষয়ে জানিবলৈ আমি উভতি যাব লাগিব ৯আগষ্ট, ২০২৪লৈ। সেইদিনা আছিল শুকুৰবাৰ। কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চেমিনাৰ হলৰ ভিতৰত এগৰাকী মহিলা স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী (PGT) চিকিৎসকৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ হৈছিল ৷ বৃহস্পতিবাৰে নিশা কৰ্তব্যৰত আছিল দ্বিতীয় বৰ্ষৰ ছাত্ৰীগৰাকী ৷
মৃতদেহত আঘাতৰ চিন আছিল ৷ পিতৃয়ে কৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ ভিতৰতে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু লগতে এই ঘটনাৰ সত্য লুকুৱাবলৈ চেষ্টা অব্যাহত আছে বুলি অভিযোগ কৰিছিল ৷ আৰক্ষীয়ে প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মহিলা চিকিৎসকগৰাকীক হত্যা কৰাৰ পূৰ্বে যৌন নিৰ্যাতন চলোৱাৰ কথা নিশ্চিত কৰিছিল।
মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছিল যে, মহিলা চিকিতসকগৰাকী নৈশ কৰ্তব্যৰ সময়ত চৰকাৰী চিকিতসালয়খনত অতি নিৰ্মমভাৱে ধৰ্ষণ কৰা হৈছিল। এই কাৰ্য ইমান নৃশংস আছিল যে, চিকিতসকগৰাকীয়ে পিন্ধি থকা চশমাজোৰো হেচিঁ চকুত সুমুৱাই দিয়া হৈছিল। বাকী এই নিকৃষ্ট কাণ্ডৰ বৰ্ণনা আমি প্ৰকাশ কৰিব নোৱাৰো!
বৰ্তমান এই সমগ্ৰ কাণ্ডৰ তদন্ত চলি আছে। এজনক গ্ৰেপ্তাৰো কৰা হৈছে। মুখ্যমন্ত্ৰীয়েও দাবী কৰিছে যে, অপৰাধীক ফাঁচীৰ দাবী তুলিব চৰকাৰে। কিন্তু জনতা সন্তুষ্ট হোৱা নাই, বিশেষকৈ নাৰী সমাজ। ৭৮সংখ্যক স্বাধীনতাৰ দিৱসৰ দিনটোত ৰাজ্যখনৰ নাৰী সমাজে সেয়েহে উলিয়ালে এই প্ৰতিবাদী সমদল, যাৰ নাম- ৰাত দখল।
কিন্তু প্ৰশ্ন হয়, সচাঁকৈয়ে নাৰীৰে ‘ৰাত দখল’ কৰিব পাৰিব জানো! বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ দেশ ভাৰতবৰ্ষত স্বাধীনতাৰ ৭৮বছৰৰ পাছত মহিলাই যেতিয়াই ‘ৰাতিবোৰ কেতিয়া আমাৰ হব’ বুলি প্ৰতিবাদ কৰে, তেতিয়া স্বাধীনতাৰ কিবা অৰ্থ থাকিব পাৰে জানো!
শেহতীয়াকৈ ভাৰতত ধৰ্ষণৰ সংখ্যা খুবেই বাঢ়িছে। এক সমীক্ষা অনুসৰি ভাৰতত প্ৰতিদিনে ৯০গৰাকীকৈ নাৰী ধৰ্ষিতা হয়। ভাৰতৰ দৰে দেশত কৰ্মক্ষেত্ৰত শাৰিৰিক নিৰ্যাতনৰ বলি হোৱা মহিলাৰ সংখ্যাও কম নহয়। বছৰজোৰা ধৰ্ষণৰ পৰিসংখ্যাত যদিহে চকু ফুৰায়, তেন্তে আপোনাৰ চকু কপালত উঠিব।
স্বাধীন ভাৰতত এতিয়াও নিশা এজনী যুৱতী নাইবা নাৰী নিৰ্ভয়ে ঘূৰিব নোৱাৰে, কাম কৰিব নোৱাৰে। বাকী বাদেই, চিকিতসকৰ দৰে বৃত্তিত নিয়োজিত নাৰীৰো ভাৰতত সুৰক্ষা নাই। নাই কাম কৰাৰ স্বাধীনতা!
পশ্চিম বংগত যদিও এই ঘটনাৰ আলম লৈ 'ৰাত দখল'ৰ দৰে প্ৰতিবাদ সাব্যস্ত হৈছে, কিন্তু এনেকুৱা suden awarenessয়ে সমাজৰ পুৰুষতান্ত্ৰিকতাক আঘাত হানিব নোৱাৰে, অথবা ধৰ্ষণ কমাব নোৱাৰে। ধৰ্ষণ সংক্ৰান্তীয় আইন-কানুন সলনি কৰিলে ধৰ্ষণ কমি নাযায়, নাইবা মহিলাই 'ৰাতি দখল' কৰি পেলাব নোৱাৰে।
ইয়াৰ বাবে আমিয়েই সলনি হব লাগিব। সলনি কৰিব লাগিব আমাৰ কিছু চিন্তা-ধাৰাক। ৰাতি এজনী ছোৱালী ওলাই গৈ নহবলগীয়া ঘটনা ঘটিলে অপৰাধীৰ নিচিনাকৈ এজনী ছোৱালী আমি গালি পৰা বন্ধ কৰিব লাগিব। মুকলি মনেৰে ৰাতি-দিনৰ প্ৰভেদ নথকাকৈ এগৰাকী নাৰীৰে নিৰ্ভয়ে কাম কৰা পৰিৱেশ আমিয়ে সৃষ্টি কৰিব লাগিব। আমাৰ মন-মগজুক হেচাঁ দি কিছু পৰিৱৰ্তন কৰিলেই হয়তো কোনো নাৰীয়ে সুধিব লগা নহয় এই প্ৰশ্ন- ৰাতিবোৰ কেতিয়া আমাৰ হ'ব…