মৃদুল কুমাৰ সন্দিকৈ
মহানগৰীৰ জু-ৰোড তিনিআলিত এগৰাকী আদহীয়া মহিলা বিবস্ত্ৰা হৈ পৰি আছিল। হয়তো কেইবাদিনো খাব পোৱা নাছিল মহিলাগৰাকীয়ে। লগতে তেওঁ কিছু অসুস্থ হৈ থকাৰ বাবে দুৰ্বল হৈ পৰিছিল। সেই পথেৰে অহা যোৱা কৰা বহুলোকে তেওঁক দেখিছিল।
কিছু সংখ্যকৰ মনত এই সাধাৰণ মহিলাগৰাকী এনেদৰে পৰি থকা ঘটনাই কোনো ৰেখাপাত কৰা নাছিল। আন একাংশই আকৌ মহিলাগৰাকীৰ বাবে কিবা এটা কৰাৰ কথা ভাৱি পকেটৰ ধন ব্যয়েৰে কাপোৰ কিনি তেওঁক দিয়াৰ লগতে খাবলৈও কিছু খাদ্য যোগান ধৰিছিল।
মহিলাগৰাকীক লৈ এচামৰ অৱহেলা আৰু আন এচামৰ দায়িত্ববোধ দেখা পোৱা গৈছিল। শেষত এই দায়িত্বশীল লোকসকলৰ বাবেই পথত পৰি থকা মহিলাগৰাকীক এটা এন জি অ’এ সম্ভৱত সেই ঠাইৰ পৰা লৈ গ’ল সুৰক্ষিত স্থানলৈ।
অঘৰী মহিলাগৰাকীৰ বাবে তেওঁৰ কাৰনে এই উদ্যোগ লোৱা মানুহবোৰেই ভগৱান বা ঈশ্বৰ। তেওঁৰ বাবে আৰু বেলেগকৈ ঈশ্বৰৰ প্ৰয়োজন নাই। আমাৰ মানসিকতা আৰু দায়িত্ববোধে আমাক ঈশ্বৰ বা অসুৰ কৰি তুলিব পাৰে।
এই মহিলাগৰাকী পথত পৰি থকা সময়তে জু-ৰোডৰ পৰা কিছু নিলগৰ দুৰদৰ্শন কেন্দ্ৰৰ সমীপত এটা ক’লা কুকুৰক লৈ কেইজনমান লোক ব্যস্ত হৈ আছিল। তাক সেই ঠাইত সাধাৰণতে থকা অটোৱালা, পাণ দোকানী আদিয়ে এটা নাম দি লৈছিল।
‘বুলু’ বুলি মাতিলেই ক’লা কুকুৰটো তেওঁলোকৰ ওচৰলৈ দৌৰি আহিছিল। সেই ঠাইত থকা ভাতৰ হোটেলবোৰত বুলুৰ বাবে সদায় দুৱাৰ খোলা থাকে। কাৰন বুলুৰ এক বৈশিষ্ট্য থকাৰ কথা বুলুক ভালপোৱা সকলে সেইদিনা কৈছিল। তাক খা বুলি নোকোৱালৈকে কোনো বস্তুৱেই সি নাখায়।
দুৰদৰ্শনতে কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীয়ে হেনো দুলুক সদায় দুপৰীয়া আহাৰ দিয়ে। সেয়া দুলুৱে জানে। যি স্থানত দুলুক আহাৰ খোৱাই সেই স্থানত সি নিৰ্দিষ্ট সময়ত ৰৈ থাকে। কোনোবাই তাক বুলু আহ বুলি মৰমত মাতিলে সি মাতোতা জনৰ কাষলৈ বৰ আগ্ৰহেৰে আহে। বুলুক মৰম কৰা সেই মানুহবোৰ বুলুৰ বাবে ঈশ্বৰ নহয় কি?
এগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে মাকক বৰ নিৰ্মমভাৱে পটাগুটি আৰু টেনিছ খেলত লাভ কৰা ট্ৰফীৰে মৰিয়াই হত্যা কৰিলে। যুৱতীগৰাকীয়ে কি পৰিস্থিতিত এই দুৰ্ভাগ্যজনক কাণ্ড কৰিলে সেয়া পৃথক বিষয়। নিজ কন্যাই মাতৃক এনেদৰে হত্যা কৰা এই ঘটনাই মানুহক অসুৰ সদৃশ কৰি তুলিলে।
আমাৰ চৌদিশে সংঘটিত হোৱা এনে বহুবোৰ ঘটনা আছে যিবোৰে মানুহক এফালে ঈশ্বৰ, আনফালে অসুৰ কৰি তোলে। কিন্তু ভালতকৈ যেন বেয়া ঘটনাবোৰৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিছে। আনহে নালাগে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘটিত হোৱা ঘটনাবোৰ সমাজৰ বাবে অতি প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে।
ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাওতে স্কুল বেগত কিতাপৰ সলনি চোকা অস্ত্ৰ লৈ যোৱা বহু ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। ছাত্ৰৰ হাতত ছাত্ৰৰ মৃত্যু হোৱা পাছত আনকি প্ৰশাসনে নিয়মিত ছাত্ৰ-ছাত্ৰীসকলৰ স্কুলবেগ শিক্ষকসকলক পৰীক্ষাৰ বাবে নিৰ্দেশ জাৰি কৰিব লগা হৈছে।
ক্ষয়িষ্ণু সমাজৰ স্বৰূপ এয়া! অথচ এতিয়া প্ৰতিটো ক্ষেত্ৰতেই নিয়ম। সেই নিয়মবোৰ ভংগ কৰাটোৱেই আন এক নিয়ম হৈ পৰিছে। অতীতত কোনো কাৰোৰে বাবে প্ৰতিটো খোজতে নিয়ম বান্ধি দিয়া নাছিল। কিন্তু প্ৰতিজন লোকেই নিজেই নিজৰ বাবে কিছু নিয়ম বান্ধি লৈছিল।
সামাজিক ন্যায়, সমাজৰ প্ৰতি ভয়, জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা আৰু সমীহ আদিয়ে জীৱনৰ বাবে প্ৰয়োজনীয় সেই অনুশাসনক নিয়ন্ত্ৰণ কৰিছিল। কিবা এটা অপৰাধ কৰা অপৰাধীয়ে অনুসূচনাৰ জুইত দগ্ধ হ’ব পৰা পৰিৱেশ আছিল।
এতিয়া সেই সামাজিক দায়ৱদ্ধতা আৰু অনুশাসন শূণ্য জীৱনৰ স্বাধীনতাৰ পাছত মানুহ দৌৰে। কোনো কাৰোলৈ ভয়, সমীহ নকৰা হৈছে। দায়িত্ববোধ, আৱেগ, অনুভূতি কেৱল শব্দ হৈ ৰৈ গৈছে এই ভোগবাদে হেচিঁ ধৰা জীৱন শৈলীৰ মাজত।
তেনেবোৰ কাৰনতেই এতিয়া বহু ঘটনা সংঘটিত হয়। ভালতকৈ বেয়া সেই ঘটনাবোৰৰ চৰ্চা চৌদিশে হয় অত্যাধিক। ভাল-বেয়াৰ মাজত থকা পাৰ্থক্য নোহোৱা হৈ পৰিছে। মানুহে পাপ নহয়, মহাপাপ কৰিবলৈ ভয় নকৰা সময় এয়া। সেয়েহে হয়তো মানুহ এতিয়া ঈশ্বৰ হোৱাতকৈ অসুৰ হোৱাৰ অধিক প্ৰৱণতাৰ বলি হৈছে...