মৃদুল কুমাৰ সন্দিকৈ
লুইতৰ পাৰ জিলিকোৱাৰ লক্ষ্যৰে অজস্ৰ জনৰ ত্যাগৰ ফলত গঢ় লৈ উঠিছিল গুৱাহাটী বিশ্ববিদ্যালয়। অসমৰ শৈক্ষিক আৰু সামাজিক তথা জাতীয় জীৱনৰ বহু ইতিহাসৰ সাক্ষী এই বিশ্ববিদ্যালয়খন। শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ শিক্ষা প্ৰতিষ্ঠানৰ বিশেষ অৱদান আছে সেইবোৰৰ ভিতৰত শীৰ্ষ স্থানত আছে এই শিক্ষানুষ্ঠান।
বিদ্যায়তনিক তথা গৱেষণাৰ ক্ষেত্ৰখনলৈও গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱদান কোনেও নুই কৰিব নোৱাৰে। এই বিশ্ববিদ্যালয়খনৰে জড়িত মহান শিক্ষাবিদসকলৰ সাহিত্য, সংস্কৃতি তথা বিজ্ঞান মনস্কতা গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি গৈছে। এনে এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ গৰিমা আৰু সফলতাৰ তালিকা আঙুলিৰ মূৰত গণি শেষ কৰিব নোৱাৰি।
সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰে আভ্যন্তৰীণ কিছু খবৰে ছাত্ৰ সমাজক কেতিয়াবা হতাশ কৰিও তোলে। তথাপিও বিশ্ববিদ্যালয়খনৰ পুৰণি অতীতৰ বাবে সেইবোৰ দিশ এৰাই চলিবলৈ চেষ্টা কৰিলেও ছাত্ৰ সমাজ তথা বিশ্ববিদ্যালয়খনৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ স্বাৰ্থত কিছু কথা আলোচনা কৰাৰ প্ৰয়োজন হয়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ সৰ্বাংঙ্গীন উন্নয়ন আৰু বিকাশৰ বাবে আছে কলেজ ডেভেলপমেন্ট কাউন্সিল। চমুকৈ CDC নামেৰে পৰিচিত এই পৰিষদে বিশ্ববিদ্যালয়খনৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ বিকাশ আৰু উন্নয়নৰ দিশত চকু ৰাখে।
এখন মহাবিদ্যালয়ে সন্মুখীন হোৱা সমস্যা, ইয়াৰ সমাধান আৰু প্ৰয়োজনীয় আনুষাংগিক সহযোগ আগবঢ়াই এই চি ডি চিয়ে। বৰ্তমান এই পৰিষদৰ সঞ্চালক পদত আছে দেশৰে নহয়, বিশ্বৰ এজন উল্লেখযোগ্য ৰাসায়নবিদ।
এইগৰাকী শিক্ষাবিদৰ পৰিচালনাত পৰিচালিত চি ডি চিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ পাঠ্যক্ৰমৰ অনুমোদন বা অনুমতি প্ৰদান, নতুন শিক্ষানীতি অনুসৰি শিক্ষাৰ পাঠ্যক্ৰম প্ৰয়োগ আৰু প্ৰচলন আদিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।
ৰাজ্য চৰকাৰে নতুন শিক্ষানীতিৰ আধাৰতে গ্ৰহণ কৰিছিল Integrated Teacher Education Programme। ২০২৩-২৪বৰ্ষত দেশৰ ৪২খন শিক্ষানুষ্ঠানে এই পাঠ্যক্ৰম আই আই টি, নিটছ আদি শিক্ষানুষ্ঠানত পাইলট প্ৰজেক্ট হিচাপে আই টি ই পি আৰম্ভ কৰিছে।
অসমতো মহাবিদ্যালয়সমূহৰ আই টি ই পিৰ বাবে আবেদন কৰিবলৈ ৰাজ্য চৰকাৰে যাৱতীয় অনুমতি প্ৰদান কৰিছে বিনামূলীয়াকৈ। ইয়াৰ বাবে এন অ' চি আৰু অনুমতি ল'ব লাগে সংশ্লিষ্ট বিশ্ববিদ্যালয়খনৰ পৰা।
ৰাজ্যৰ প্ৰায়বোৰ বিশ্ববিদ্যালয় তথা ব্যক্তিগত বিশ্ববিদ্যালয়ে এই আবেদনৰ বাবে অনুমতি আৰু আপত্তিবিহীন প্ৰমাণ পত্ৰ বিনামূলীয়াকৈ প্ৰদান কৰিছে কলেজসমূহক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সেই নীতিৰে নতুন শিক্ষানীতি প্ৰয়োগৰ দিশত ব্যৱস্থা গ্ৰহণ কৰিছে।
কিন্তু ব্যতিক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়। ইয়াৰ বাবে অনুমতি বিচাৰি মহাবিদ্যালয়সমূহে কৰা আবেদনৰ সৈতে বিশ্ববিদ্যালয়ে প্ৰতিখন মহাবিদ্যালয়ৰ পৰা ১৮,১৫০টকাকৈ আদায় লৈছে। আই টি ই পিৰ আবেদনৰ সৈতে এনে উচ্চ হাৰত মাচুল লোৱা কাৰ্যই মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষক আচৰিত কৰি তুলিছে।
এই সুযোগতে কোনো মহাবিদ্যালয়ে যদি পূৰ্বতে দিব লগা পঞ্জীয়ন মাচুল থাকি গৈছে তেনেহ'লে বৰ্তমানৰ হাৰত সুদসহ সেই মাচুলো আদায় দিয়াৰ চৰ্ত বান্ধি দিছে। ইয়াৰ অবিহনে তেনে কোনো পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয়ে অনুমতি প্ৰদান নকৰা সিদ্ধান্ত লোৱাত একোখন মহাবিদ্যালয়ে সুদসহ ৪০-৪৫লাখ টকাকৈ পঞ্জীয়ন মাচুল দিয়াতো বাধ্যতামূলক হৈ পৰিছে।
এই পৰিস্থিতিত নতুন শিক্ষানীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে। অসন্তুষ্ট মহাবিদ্যালয়ৰ অধ্যক্ষসকলে চি ডি চিৰ এই সিদ্ধান্তক নতুন শিক্ষানীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত হেঙাৰ আখ্যা দিছে।
মহাবিদ্যালয়সমূহে কেৱল এয়াই নহয়, নাক (NAAC)ৰ মূল্যায়নৰ সময়তো বহুধন বিশ্ববিদ্যালয়ক দিব লগা হয়। ২০০০টকা দি অনুমোদন প্ৰমাণ পত্ৰ (এফিলেশ্যন চাৰ্টিফিকেট) লওতেই অনাদায় হৈ থকা সকলো মাচুল সুদে-মূলে বিশ্ববিদ্যালয়ক আদায় দিব লাগে।
সেই ধন বহু লাখৰ ঘৰত হোৱাৰ কাৰণে আৰ্থিক সংকটত থকা বহু মহাবিদ্যালয়ে নাক (NAAC)ক মূল্যায়নৰ বাবে আমন্ত্ৰণ কৰিব নোৱাৰে। কি ৰহস্যজনক কাৰণত নিয়মীয়াকৈ মহাবিদ্যালয়সমূহৰ পৰা এফিলেশ্যনৰ ধন আদায় কৰা নহয়, সেই ব্যাখ্যাও গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ হাতত নাই।
ৰাষ্ট্ৰীয় শিক্ষানীতি- ২০২০ৰ অধীনত মহাবিদ্যালয়সমূহে নতুন নতুন পাঠ্যক্ৰম আৰম্ভ কৰিব লগা হৈছে। তাৰ বিনিময়ত শিক্ষাৰ্থীৰ পৰা অতি ন্যূনতম হাৰত মাচুল আদায় লয়। কিন্তু সেই মাচুলৰ সিংহভাগেই মহাবিদ্যালয়সমূহ জমা দিব লাগে বিশ্ববিদ্যালয়ক। সেয়েহে এইধৰণৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহে বহু সমস্যাৰ সন্মুখীন হৈছে।
ইফালে ইন্টাৰৰ্ণশ্বিপ প্ৰগেমৰ পাঠ্যক্ৰম অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে কিছুদিনৰ পাছতে তৃতীয় চেমিষ্টাৰৰ অন্তত কোনো প্ৰতিষ্ঠানৰ অধীনত ইন্টাৰৰ্ণশ্বিপ কৰিবলৈ যাব। এই ছাত্ৰসকলে ইন্টাৰৰ্ণশ্বিপ কৰাৰ সময়ত পাব লগা ক্ৰেডিট একাডেমিক বেংক অৱ ক্ৰেডিট চমুকৈ ABCত জমা হয়। ইয়াৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে ‘স্পীং বাৰ্ড’ আদিৰ সৈতে বুজাপৰা চুক্তি হ'ব লাগে যদিও, এতিয়ালৈকে সেয়া সম্ভৱ হৈ উঠা নাই।
এনে পাঠ্যক্ৰমৰ স্বীকৃতি গুৱাহাটী বিশ্ববিদ্যালয়ে এতিয়াও প্ৰদান নকৰাত সেয়াও এক ডাঙৰ সমস্যা হৈ থিয় দিছে। ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মূল বিষয়ৰ উপৰিও খেলা-ধূলা, গান-বাজানা আদিকো নতুন শিক্ষানীতি অনুসৰি এক পাঠ্যক্ৰম হিচাপে গণ্য কৰা হয়। সেয়েহে সাংস্কৃতিক আৰু ক্ৰীড়াক পাঠ্যক্ৰম ৰূপে ধৰি লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰে।
আন্তঃ কলেজ এই প্ৰতিযোগিতাসমূহৰ ফলাফল আৰু ইয়াৰ মূল্যায়ন শিক্ষাৰ্থীৰ নম্বৰৰ তালিকাত অন্তভূৰ্ক্ত কৰা হয়। এনে প্ৰতিযোগিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত অনুষ্ঠিত হয় যদিও সেই প্ৰতিযোগিতাৰ প্ৰতি আন্তৰিকতা নাই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ।
লাখ লাখ টকাৰ ব্যয়ৰে মহাবিদ্যালয়বোৰে সেই প্ৰতিযোগিতা আয়োজন কৰিব লাগে। অথচ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামতেই প্ৰতিযোগিতাসমূহ আয়োজন কৰে সংশ্লিষ্ট মহাবিদ্যালয়সমূহে। তাৰ বিনিময়ত তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰে নাম মাত্ৰ কেইটামান টকা।
এখন মহাবিদ্যালয়ত এনে প্ৰতিযোগিতা আয়োজন কৰোতে বিচাৰকৰ নামত খৰচ কৰা ধন কেইটাও দিয়াত কৃপণালি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে। এনে নীতি আৰু উদাসীনতাই গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁলোকৰ অধীনস্থ মহাবিদ্যালয়সমূহত নতুন শিক্ষানীতিৰ আধাৰত শিক্ষাৰ পোহৰ কেনেদৰে বিলাব, তাক লৈয়ে এতিয়া উদ্বিগ্ন হৈ পৰিছে ছাত্ৰ সমাজ তথা অভিভাৱক।
কটনৰ দৰেই আৰ্থিক সংকটত নেকি এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়। কটনে তেওঁলোকৰ মাটি বহিৰাগতক লীজত দিবলৈ সিদ্ধান্ত লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ে মাটি লীজত নিদিলেও মহাবিদ্যালয়সমূহৰ মূৰত ৰাম টাঙোন মাৰিছে।
কি প্ৰকাৰে মহাবিদ্যালয়সমূহৰ পৰা ধন আহৰণ কৰিব পাৰি, তাৰেই যেন প্ৰতিযোগিতাত নামিছে এই ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খন। সেই অভিযোগ আমাৰ নহয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ অধ্যক্ষ তথা ছাত্ৰ-ছাত্ৰীৰ...
Also Read: দোস্ত নে দুচমন...