জীয়াই থাকিবলৈ মানুহক কি প্ৰয়োজন? দুবেলা দুসাজ আহাৰ, লজ্জা নিবাৰণ কৰিবলৈ পোচাক, ৰ'দ-বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ এখন চালি আৰু কি? বেমাৰে-আজাৰে চিকিৎসা গ্ৰহণ কৰিবলৈ কেইটামান সাঁচতীয়া ধন। ইয়াতকৈও বেছি কিবা লাগেনে?
ভাৰতত প্ৰতিখন ৰাজ্যত ৰাজ্য চৰকাৰেই হওঁক বা কেন্দ্ৰীয় চৰকাৰেই হওঁক মানুহৰ মৌলিক প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব পৰাকৈ বিভিন্ন আঁচনি হাতত লৈছে। কিন্তু তাৰ পাছতো খাদ্য, বস্ত্ৰ, বাসস্থান আদিৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবলৈ জীৱন-মৰণৰ সৈতে যুঁজিব লগা হৈছে কিয়?
৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰিবলৈ আয়ুষ্মান ভাৰতৰ দৰে আঁচনি আছে। বিনামূলীয়াকৈ দেশৰ দৰিদ্ৰ জনতাক চাউল যোগান ধৰা হৈছে। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ দৰে আঁচনিৰ জৰিয়তে গৃহহীনক চৰকাৰী আৱাসগৃহৰ ব্যৱস্থা কৰা হৈছে। বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা হৈছে।
এইবোৰ আঁচনিৰ কথা কোটি কোটি টকা খৰচ কৰি বিভিন্ন মাধ্যমৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰি অহা হৈছে। তাৰ পাছতো কিয় মানুহে এই আঁচনিসমূহৰ সুযোগ, সুবিধা লাভ কৰিব পৰা নাই?
কিয় মানুহে জীৱনক তুচ্ছ জ্ঞান কৰি এইবোৰৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে? দেশ আধুনিকতাৰ পোচাক পৰিধান কৰি বিকশিত হৈছে। চহৰবোৰৰ ওপৰত মকৰা জালৰ দৰে ফ্লাই অভাৰ হৈছে। আকাশ চুব পৰাকৈ অট্টালিকা নিৰ্মাণ হৈছে।
ৰাজপথত চলিছে বিলাসী বাহন। আকাশী জানত ঘূৰিছে নেতা। কৰৰ ওপৰত কৰ দিছে জনতাই। উৎসৱৰ বতৰত সুৰাৰ লগত উৰুৱাই দিছে কল্পনাটিট ধন। তাৰ পাছতো এটা চামে দিনে, নিশাই মৌলিক প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবলৈ ত্যাগ কৰিছে প্ৰাণৰ মমতা।
দেশৰ বিজ্ঞানীয়ে চন্দ্ৰত অভিযান চলাইছে। মঙ্গলগ্ৰহতো জীৱৰ সন্ধান চলিছে। সূৰ্যক ভালকৈ অধ্যয়ন কৰিবলৈ প্ৰেৰণ কৰিছে ৰকেট। এনে আধুনিকতাৰ দিশত অগ্ৰসৰ হোৱাৰ পাছতো ৯ দিন ধৰি সুৰংগত আৱদ্ধ হৈ আছে ৪০ জনকৈ শ্ৰমিক।
বাৰে বাৰে চেষ্টা কৰিও উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকক। ঘণ্টাৰ মূৰে মূৰে আহিছে খবৰ-''আৰু কিছু সময়ৰ পাছতে উদ্ধাৰ কৰিব পৰা যাব সুৰংগত আৱদ্ধ ৪০ শ্ৰমিকক''। পিছে সময় বাগৰি আহি ৯ দিনত ভৰি দিলে এতিয়াও অনিশ্চয়তা আঁতৰা নাই।
তেওঁলোকক উদ্ধাৰ কৰিবলৈ সঠিক সিদ্ধান্ত ল'ব পৰা নাই এন ডি আৰ এফ, এছ ডি আৰ এফ, বি আৰ অ', আই টি বি পি আদিৰ উদ্ধাৰকাৰীৰ দল। বাৰে বাৰে সলনি কৰিছে পদ্ধতি। বাৰে বাৰে ব্যৱহাৰ কৰিছে নতুন যন্ত্ৰপাতি।
উত্তৰকাশীৰ ৮ মিটাৰ উচ্চতাৰ ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা নিৰ্মীয়মান সুৰংগত আৱদ্ধ হৈ আছে ৪০ জনকৈ শ্ৰমিক। ৯ দিন ধৰি আৱদ্ধ হৈ থকা এই শ্ৰমিকসকলক আজিও উদ্ধাৰ কৰিব পৰা নাই। কেতিয়া উদ্ধাৰ কৰিব পাৰিব তাক লৈও কোনো সঠিক উত্তৰ কাৰো হাতত নাই।
কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে প্ৰযুক্তিৰ উত্তৰণ ঘটি আজি যি পৰ্যায়ত উপনীত হৈছে সেই পৰ্যায়ত এইদৰে ৪০ জনকৈ শ্ৰমিকে সুৰংগৰ ভিতৰত জীৱন-মৃত্যুৰে যুঁজি থাকিবলগীয়া হৈছে কিয়? কেইটামান টকাৰ বাবেই তেওঁলোকে সাম্ভাব্য বিপদৰ কথা জানিও বাচি লৈছিল এই কাম।
সুৰংগৰ ভিতৰত কাম কৰাটো সাধাৰণ কথা নহয়। সুৰংগৰ ভিতৰত নাথাকে পৰ্যাপ্ত পোহৰ, অক্সিজেন বা আন আন সা-সুবিধা। লাইট লগোৱা হেলমেট পৰিধান কৰি এন্ধাৰ ফালি ফালি সুৰংগৰ ভিতৰত কাম কৰে শ্ৰমিকে। কঁকালত বন্ধা থাকে হেলমেটত থকা লাইটৰ বেটাৰী।
সুৰংগৰ ভিতৰত কৰ্মৰত অৱস্থাত শৌচ, পেচাব কৰিব লাগিলেও উপায় নাই। তাত তাৰ কোনো ব্যৱস্থা নাই। মোবাইল ফোন ব্যৱহাৰৰ কৰাৰ সুযোগ-সুবিধা নাই। আহাৰ গ্ৰহণ কৰাৰ কোনো ব্যৱস্থা নাই। শ্ৰমিকে প্ৰয়োজনীয় সঁজুলিৰ সৈতে লগত সাধাৰণতে লৈ যায় ২ লিটাৰ মান পানী। এইদৰেই ভূগৰ্ভ বা সুৰংগত ৮ ঘণ্টা ধৰি কাম কৰে শ্ৰমিকে।
উত্তৰকাশীৰ সুৰংগত সংঘটিত হোৱা ঘটনাৰ পাছতে বিবিচিৰ আগত এনে সুৰংগত কাম কৰা শ্ৰমিকে তেওঁলোকৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰিছে। সুৰংগত কিমান দুৰ্বিসহ সময়ৰ মাজেৰে শ্ৰমদান কৰে শ্ৰমিকে সেয়া প্ৰকাশ পাইছে।
শ্ৰমিকৰ ত্যাগৰ বিনিময়ত দেশ আগুৱাই যায়। শ্ৰমিকৰ তেজ আৰু ঘামৰ টোপোলবোৰত লিখা থাকে এখন ৰাষ্ট্ৰৰ উন্নয়নৰ প্ৰকৃত কাহিনী। শ্ৰমিক অবিহনে স্থবীৰ বিকাশ। অথচ এই শ্ৰমিকসকলৰ জীৱনৰ সৈতেই বাৰে বাৰে হয় গাফিলতি। যুগ যুগ ধৰি শাসকে শ্ৰমিক শ্ৰেণীৰ ওপৰত চলাই অহা শোষণৰ উদাহৰণ আজিও জল জল পট পট।
সুৰংগত, ভূগৰ্ভত, খনিত শ্ৰমিকে কাম কৰাৰ সময়ত পাইপেৰে তেওঁলোকক পানী যোগান ধৰাটো নিয়মাৱলীৰ অধীন। কিন্তু তাৰ পাছতো প্ৰতিষ্ঠানসমূহে শ্ৰমিকৰ বাবে তেনে কোনো ব্যৱস্থা নকৰে বুলি অভিযোগ আছে। শ্ৰমিকে নিজেই লগত অতিৰিক্তভাৱে লৈ যায় খোৱা পানী।
বহু শ্ৰমিকে ঘৰতেই যি খাদ্য খায় আহে। খনিত কাম কৰিবলৈ অহা শ্ৰমিকৰ বাবে নাথাকে কোনো কেণ্টিনৰ ব্যৱস্থা। ৮ ঘণ্টা ধৰি খনিত কাম কৰে তেওঁলোকে। সুৰংগ, ভূগৰ্ভ, খনি আদিত অক্সিজেনৰ পৰিমাণো কম থাকে। তেওঁলোকক বাহিৰৰ পৰা অক্সিজেন যোগান ধৰিব লাগে।
ইচ্ছা কৰিলে তেওঁলোকে আত্মৰক্ষাৰ বাবে ডেৰ কিলোগ্ৰাম ওজনৰ অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই নিব পাৰে। কিন্তু অন্যান্য সঁজুলিৰ ভৰত এই অক্সিজেন চিলিণ্ডাৰ শ্ৰমিকসকলে নিনিয়ে।
ভূগৰ্ভত খনন কৰা বা বিভিন্ন নিৰ্মাণকাৰ্য চলোৱাটো প্ৰকৃতিৰ বিৰোধ কাম। এই কামত বিপদ অনিবাৰ্য। প্ৰকৃতিয়ে কেতিয়া কি ৰূপ ধাৰণ কৰে তাৰ কোনো নিশ্চয়তা নাই। এই কথা জানিও শ্ৰমিকসকলে ভূগৰ্ভলৈ সোমাই যায়।
ভূগৰ্ভত চলাই খনন অথবা নিৰ্মাণকাৰ্য। পাহৰি যায় সাম্ভাব্য বিপদৰ কথা। জীৱন যুদ্ধত এয়া তেওঁলোকৰ বাবে তেনেই সাধাৰণ কথা। কয়লাৰ খনিত কাম কৰা শ্ৰমিকৰ কথাই সুকীয়া।
জীৱটোক বাহিৰতে টোপোলাত ভৰাই থৈ সোমাই যায় ভূগৰ্ভলৈ। খনিৰ পৰা ওলাই অহা মিথেন গেছে যিকোনো সময়ত ঘটাব পাৰে বিপদ। অকনমান খেলিমেলি হলেই হ'ব লাগিব অগ্নিদগ্ধ। অগ্নিৰ সূত্ৰপাত হোৱা মানেই বিস্ফোৰণ।
২০০১ চনৰ ফেব্ৰুৱাৰীত ঝাৰিয়া কয়লাখণ্ডৰ বাগদিগী খনিত সংঘটিত হোৱা দুৰ্ঘটনাৰ কথা হয়তো বহুতৰে মনত আছে। ২৯ জন শ্ৰমিকৰ প্ৰাণ নাশ হোৱা সেই দুৰ্ঘটনাৰ পৰা মাত্ৰ এজন শ্ৰমিকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তেওঁলোকক উদ্ধাৰৰ বাবে প্ৰয়োজন হৈছিল ৮ দিন।
ভূগৰ্ভৰ ভিতৰত হোৱা দুৰ্ঘটনাত উদ্ধাৰৰ আশংকা অতি কম। ইয়াত প্ৰযুক্তি অথবা দক্ষতাতকৈ বেছি প্ৰয়োজন হয় পাৰ্থনা। প্ৰকৃতিৰ সন্মুখত সকলো ফেইল। উত্তৰকাশীয়েই জানো ইয়াৰ উদাহৰণ নহয় !
এইদৰে জীৱন-মৃত্যুৰে যুঁজি থাকে শ্ৰমিকে। অত্যাধুনিক প্ৰযুক্তিৰ দিনতো আমি শ্ৰমিকৰ জীৱনৰ মূল্য পাহৰি যাওঁ। উন্নয়ৰ স্বাৰ্থত নিৰ্মাণকাৰী প্ৰতিষ্ঠান অথবা সংশ্লিষ্টসকলে সোমোৱাই দিয়ে ভূগৰ্ভত। সম্ভাব্য বিপদৰ কথা জানিও আগতীয়াকৈ লোৱা নহয় কোনো সুৰক্ষামূলক ব্যৱস্থা।
সকলো ফালে উন্নয়নৰ গংগা নমাই অনা বুলি ৰাজনৈতিক নেতা বোৰে দাবী কৰি থকাৰ সময়তো কিয় জীৱনৰ সৈতে খেলা কৰিবলৈ ভয় নকৰা হৈছে মানুহে? কিয় প্ৰাণৰ মমতা নোহোৱা হৈছে শ্ৰমিকৰ? চৰকাৰে জীৱন ধাৰণৰ বাবে সকলো সা- সুবিধা দিয়াৰ পাছতো কিয় মানুহে জীয়াই থাকিবলৈ কৰিবলগীয়া হৈছে এনে সংগ্ৰাম?
এই প্ৰশ্নবোৰ ৰাজনৈতিক নেতা, দল নিৰ্বিশেষে সকলোৱে অনুধাৱন কৰাটো ভাল। চৰকাৰ আহিছে গৈছে। নিত্য নতুন আঁচনি আহিছে। কিন্তু সমস্যা সমস্যাই হৈছে। দেশৰ অৰ্থনীতিয়ে ৪ ত্ৰিলিয়নৰ ঘৰত প্ৰৱেশ কৰিছে বুলি প্ৰচাৰ চলাইছে। কিন্তু মানুহৰ জীৱন ধাৰণৰ মানদণ্ড কিমান উন্নত হৈছে?
বিজ্ঞাপনত দেখুওৱাৰ দৰে কথাবোৰ নহয়। আজিও লাখ লাখ অঘৰী আছে দেশত। আজিও এসাজ খাই পেটত গামোচা বান্ধি দিন পাৰ কৰিছে মানুহে। চিকিৎসালয়ৰ বাহিৰত ৰোগীৰ লানি নিচিগা শাৰী। কোনোবাই যদি সা-সম্পত্তি বিক্ৰী কৰি আহিছে চিকিৎসকৰ কাষলৈ আন আহিছে আকৌ সাঁচতীয়া সকলো ধন জেপত ভৰাই।
বিনামূলীয়া চিকিৎসা এতিয়াও আমাৰ বাবে সপোন। হাস্পাতলৰ বাহিৰত বিনামূলীয়া চিকিৎসাৰ স্বপ্নভংগ হোৱা অসহায় মানুহখিনিৰ মাজত এটা ঘণ্টা পাৰ কৰাৰ সাহস কৰি দেখুৱাওক বিনামূলীয়া চিকিৎসাৰ কথা কোৱা মানুহখিনিয়ে।
সাধাৰণ মানুহৰ সপোন নাই। সপোন নেদেখে। জীয়াই থাকিবলৈ সংগ্ৰাম কৰে। সেই সংগ্ৰামৰ সন্মুখত হাৰি যায় মৃত্যু। ভয়া নাই কাৰো। প্ৰতিদিনেই জীৱনৰ সৈতে খেলা কৰে। বাচি গ'লে কেইটামান টকা পাব, মৃত্যু হ'লে জীৱনৰ পৰা মুক্তি পাব। এই খেল চলি আছে চলি থাকিব।
Also Read: বিশ্বকাপ, কুঁহি আৰু আমি...