মধ্যপ্ৰাচ্যৰ যুদ্ধই সৱল কৰিব ভাৰতৰ অৰ্থনীতি !

ইৰাণ-ইজৰাইলৰ যুদ্ধত লাভ ভাৰতৰ !
মধ্যপ্ৰাচ্যৰ যুদ্ধই সৱল কৰিব ভাৰতৰ অৰ্থনীতি !
মধ্যপ্ৰাচ্যৰ যুদ্ধই সৱল কৰিব ভাৰতৰ অৰ্থনীতি !
Published on
Updated on

যুদ্ধই কেৱল ধ্বংস মাতে। অৰ্থনীতি জুৰুলা কৰে। কিন্তু কেতিয়াবা দুই পক্ষৰ যুদ্ধত লাভাম্বিত হয় তৃতীয় পক্ষ। ইৰাণ-ইজৰাইলৰ যুদ্ধয়ো ঠিক এনে এক পৰিবেশৰে সূচনা কৰিছে। এই যুদ্ধই লাভাম্বিত কৰিব পাৰে ভাৰতক ! ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধয়ো একপ্ৰকাৰে লাভাম্বিত কৰিছে ভাৰতকে। মধ্যপ্ৰাচ্যৰ এই যুদ্ধ পৰিস্থিতয়ে ভাৰতক কিদৰে লাভাম্বিত কৰিছে সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

কোভিড মহামাৰীয়ে জুৰুলা কৰা বিশ্ব অৰ্থনীতিক অধিক জুৰুলা কৰিলে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই। এই যুদ্ধৰ বাবেই বিশ্বজুৰি মূল্যবৃদ্ধিকে ধৰি নানান সমস্যাই দেখা দিলে। প্ৰায়সমূহ দেশৰেই মুদ্ৰাস্ফিতি হৈ অৰ্থনীতি ভগ্নপ্ৰায় হৈ পৰিল।

এই যুদ্ধৰ মাজতেই মধ্যপ্ৰাচ্য যোৱা কিছু সময় ধৰি উত্তপ্ত হৈ আছে। ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ প্ৰতিশোধ লবলৈ গৈ ইজৰাইলে পেলেষ্টাইন প্ৰায় শেষ কৰি পেলালে। এই যুদ্ধক কেন্দ্ৰ কৰিয়েই পাছত লেবানন, য়েমেন আৰু ছিৰিয়াও আক্ৰমণ কৰিছে ইজৰাইলে।

অতি শেহতীয়াকৈ ইৰাণৰ সৈতে পূৰ্ণ পৰ্যায়ৰ যুদ্ধত লিপ্ত হৈছে ইজৰাই। ইৰাণে যোৱা মঙ্গলবাৰে শেষ নিশা ইজাৰাইলৰ ওপৰত ১৮১ বেলষ্টিক মিছাইল নিক্ষেপ কৰি ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে। ইয়াৰ পাছতে দুয়ো দেশৰ মাজত যুদ্ধ পূৰ্ণ ৰূপত আৰম্ভ হয়।

ইয়াৰ পূৰ্বে যোৱা এপ্ৰিলত ইৰাণে ইজৰাইলৰ ওপৰত ১১০ বেলোচষ্টিক মিছাইল আৰু ৩০ ক্ৰুজ মিছাইল নিক্ষেপ কৰিছিল। এইদৰেই দুয়োখন দেশৰ মাজত যোৱা সময়ছোৱাত চলি থকা সংঘাতে এতিয়া পূৰ্ণ ৰূপ ধাৰণ কৰিছে।

এই যুদ্ধই নতুনকৈ বিশ্বজুৰি শংকাৰ সৃষ্টি কৰিছে। এই যুদ্ধক কেন্দ্ৰ কৰি দুটা ফৈদত বিভিক্ত হৈ পৰিছে বিভিন্ন দেশসমূহ। বহুতেই এই যুদ্ধৰ পৰাই হয়তো তৃতীয় বিশ্বযুদ্ধৰো সূচনা হ’ব পাৰে বুলিও ধাৰণা কৰিছে।

কিন্তু এই মুহূৰ্তত এই যুদ্ধৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল বিশ্ব অৰ্থনীতিত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ। যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বেই কেৱল নেতাৰ হুংকাৰতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সাৰুৱা তেলৰ মূল্য আকাশলংঘী হৈছে। যুদ্ধ আৰম্ভ হোৱাত সেই মূল্য ক্ষীপ্ৰ গতিৰে উৰ্ধমূখী হৈছে।

তৈল উৎপাদনৰ ক্ষেত্ৰত ইৰাণ বিশ্বৰ সপ্তম বৃহৎ দেশ। দেশখনে উৎপাদন কৰা আধা তেল ৰপ্তানি কৰে। দেশখনৰ পৰা সৰ্বাধিক তেল আমদানি কৰে চীনে। অৱশ্যে শেহতীয়াকৈ চীনত তেলৰ চাহিদা হ্ৰাস পাইছে। লগতে ছৌদি আৰৱৰ পৰা পৰ্যাপ্ত পৰিমাণ তেলৰ ৰপ্তানি অব্যাহত থকাত বিশ্ব বজাৰত এক দীঘলীয়া সময়ৰ বাবে তেলৰ মূল্য নিয়ন্ত্ৰণ হৈ আছে।

ইৰাণৰ তৈল ভাণ্ডাৰ বিশ্বৰ চতুৰ্থ বৃহৎ। প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত আকৌ ইৰাণ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি। পেট্ৰলিয়মা ৰপ্তানিকাৰী দেশসমূহৰ সংগঠন The Organization of the Petroleum Exporting Countries  চমুকৈ অপেক (OPEC)ৰ ভিতৰত ইৰাণ হৈছে তৃতীয় সৰ্ববৃহৎ উৎপাদনকাৰী দেশ। প্ৰতিদিনে ইৰাণে প্ৰায় ৩ নিযুত বেৰল সাৰুৱা তেল উৎপাদন কৰে।

সেয়েহে ইজৰাইলে ইৰাণৰ এই তৈল ভাণ্ডাৰ বা তৈল উৎপাদনস্থলীসমূহক লক্ষ্য কৰি যদি আক্ৰমণ আৰম্ভ কৰে তেন্তে সমগ্ৰ বিশ্বতে সাৰুৱাতেলৰ ৰপ্তানিত প্ৰভাৱ পৰিব। ফলত সাৰুৱাতেলৰ অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি নিশ্চিত হৈ পৰিব।

যদিও ভাৰতে বৰ্তমান ৰাছিয়াৰ পৰা আটাইতকৈ বেছি সাৰুৱাতেল আমদানি কৰে তথাপিও ইৰাণৰ তৈল উৎপাদনস্থলীসমূহ যদিহে ধ্বংস কৰে ভাৰততো ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিব। কিয়নো ইৰাণৰ পৰা সাৰুৱাতেল আমদানি কৰা দেশসমূহে বিকল্পৰ সন্ধান কৰিব। এই বিকল্প ৰাছিয়াও হ’ব। ফলত তেলৰ মূল্য বৃদ্ধি হোৱাতো নিশ্চিত।

মন কৰিবলগীয়া যে, হিজবুল্লাহৰ মুৰব্বী হাছান নছৰুল্লাহক হত্যা কৰাৰ পাছত ইৰাণে ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণ কৰাৰ কথা হুংকাৰ দিছিল। এউই হুংকাৰৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য ৩ শতাংশ বৃদ্ধি পাইছিল। তাৰ পৰাই বুজিব পাৰি যদি ইৰাণৰ তৈল উৎপাদনস্থলীক আক্ৰমণৰ লক্ষ্য কৰি লয় তেন্তে কি পৰিস্থিতিৰ সূচনা হ’ব।

আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য নিৰ্ণয়কাৰী সংস্থা ব্ৰেণ্ট ক্ৰুডৰ মতে আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে ইৰাণৰ তৈল খাদসমূহৰ ওপৰত যি মন্তব্য কৰিলে সেই মন্তব্যৰ পাছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সাৰুৱাতেলৰ মূল্য ৫ শতাংশ বৃদ্ধি পাইছে।

বাইডেনে কৈছিল ইৰাণৰ তৈলখাদসমূহ ইজৰাইলে লক্ষ্য কৰি ল’ব পাৰে। আমেৰিকাত এই সাম্ভাব্য আক্ৰমণৰ সন্দৰ্ভত আলোচনা হৈছে। ব্ৰেণ্ট ক্ৰুডৰ মতে সোমবাৰে ইজৰাইলৰ ওপৰত ইৰাণৰ মিছাইল আক্ৰমণৰ পাছতে কেঁচা তেলৰ মূল্য এতিয়ালৈকে ১০ শতাংশ বৃদ্ধি পাইছে। বৰ্তমান প্ৰতি বেৰলৰ দাম ৭৭ ডলাৰ হৈছেগৈ।

অৱশ্যে এনে পৰিস্থিতিত ভাৰতৰ বাবে আন এক সুযোগো সৃষ্টি হৈছে। এই অস্থিৰ পৰিবেশে ভাৰতক এফালৰ পৰা লাভাম্বিতও কৰিব বুলি বিশেষজ্ঞই ধাৰণা কৰিছে। যিহেতু ৰাছিয়াৰ সৈতে বহু দেশৰ সম্পৰ্ক তিক্ততাপূৰ্ণ গতিকে তেওঁলোকে ৰাছিয়াৰ মিত্ৰ ভাৰতক সৰনাপন্ন হোৱাৰ সম্ভাৱনা আছে।

তেওঁলোকৰ মতে ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰা সাৰুৱাতেল তাতকৈ অধিক মূল্যত এইসমূহ দেশক বিক্ৰী কৰাৰ এক সুযোগ লাভ কৰিব। অৱশ্যে এই ক্ষেত্ৰত ভাৰতৰ ওপৰত ভূ-ৰাজনৈতিক হেঁচা কেনেধৰণৰ হ’ব তাৰ ওপৰতহে সকলো নিৰ্ভৰ কৰিব।

২০২২ ত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতে ৰাছিয়াৰ সৈতে সকলো বাণিজ্যিক চুক্তি বাতিল কৰিছে আমেৰিকাকে ধৰি নাটোৰ সদস্য ৰাষ্ট্ৰসমূহে। তাৰোপৰি আমেৰিকাৰে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা আন কিছু ৰাষ্ট্ৰয়ো ৰাছিয়াৰ সৈতে সম্পৰ্ক এৰাই চলিছে।

আন্তঃৰাষ্ট্ৰীয় মঞ্চত ৰাছিয়াক বহু ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। এনে পৰিস্থিতিত ৰাছিয়াই ভাৰতকে ধৰি কেইবাখনো দেশক অতি কম মূল্যত খাৰুৱা তেল যোগান ধৰি আহিছে।

ভাৰতে ইয়াৰ সুযোগ গ্ৰহণ কৰি কম মূল্যত ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি উচ্চ মূল্যত ইউৰোপৰ কেইবাখনো দেখলৈ ৰপ্তানি কৰি আহিছে। এই কথা স্বীকাৰ কৰিছে ইউৰোপীয় সংঘই।

ৰয়টাৰৰ এক প্ৰতিবেদনতো এই কথা স্পষ্ট হৈছে। ২০২২ ৰ পাছত ইউৰোপলৈ ভাৰতৰ তেল ৰপ্তানি ৭০ শতাংশ বৃদ্ধি পাইছে। গতিকে মধ্যপ্ৰাচ্যৰ এই সংঘাতপূৰ্ণ পৰিস্থিতিয়ে বিশ্ব অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াই আনিছে যদিও ভাৰতৰ বাবে আন এক সুযোগৰো বাট মুকলি হৈছে। সেয়ে এই ক্ষেত্ৰত ভাৰতৰ ভূমিকা কি হ’ব সেয়া হ’ব লক্ষ্যণীয়।

মধ্যপ্ৰাচ্যৰ যুদ্ধই সৱল কৰিব ভাৰতৰ অৰ্থনীতি !
মন যায়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in