দুই নম্বৰী 'নম্বৰ'...

দুই নম্বৰী 'নম্বৰ'...

সকলোতে কেৱল ভুৱা। নীট-নেটৰ পাছত অনুৰূপ ধৰণৰ এক ভয়ানক কেলেংকাৰী উন্মোচিত হৈছে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত। অতি ভয়াৱহ এই কেচ ফৰ মাৰ্কচ কেলেংকাৰী বিশ্ববিদ্যালয়খনত বহুদিন ধৰি চলি আহিছে।

পূৰ্বতেও একাধিকবাৰ অনুৰূপ অনিয়ম গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত হোৱাৰ অভিযোগ বিভিন্ন পক্ষই বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দাখিল কৰিছিল। সেই অভিযোগসমূহ গুৰুত্বসহকাৰে লোৱাৰ সলনি ইয়াক চিষ্টেমত হোৱা যান্ত্ৰিক ভুল বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লঘু কৰি আহিছিল।

এই সুযোগ গ্ৰহন কৰি বিশ্ববিদ্যালয়ত সক্ৰিয় এটা চক্ৰই ধনৰ বিনিময়ত নম্বৰ দি কোটি কোটি টকাৰ ব্যৱসায় গঢ়ি তুলিছিল। শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বৰপেটাৰ গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মাৰ্কশ্বিট জালিয়তিৰ তথ্য পোহৰলৈ অহাত এই সমগ্ৰ ঘটনা চৰ্চালৈ আহিছে।

মহাবিদ্যালয়খনৰ আজিজুল হক নামৰ ছাত্ৰজন বৰ্তমান স্নাতকৰ ষষ্ঠ ছেমিষ্টাৰত অধ্যয়নৰত। তেঁও প্ৰথম, তৃতীয়, চতুৰ্থ আৰু পঞ্চম ছেমিষ্টাৰৰ নম্বৰ এই চক্ৰটোৰ জৰিয়তে বৃদ্ধি কৰা হৈছিল। আনকি বিশ্ববিদ্যালয়ৰ ৱেবচাইটতো সেই জালিয়াতিৰ মাৰ্কশ্বিট আপলোড কৰিছিল চক্ৰটোৱে।

কিন্তু মহাবিদ্যালয়খনৰ কাৰ্যালয়ত জমা থকা ছাত্ৰজনৰ নম্বৰ তালিকা আৰু ছাত্ৰজনৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটত আপলোড থকা নম্বৰ তালিকাৰ মাজত পাৰ্থক্য দেখি চকু কপালত উঠে মহাবিদ্যালয়খনৰ গণিত বিভাগৰ অধ্যাপকসকলৰ। কেনেকৈ এয়া সম্ভৱ বুলি আচৰিত হৈছিল ছাত্ৰজনে অধ্যয়ন কৰা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ।

বিষয়টোৰ গুৰুত্ব বুজি সমগ্ৰ তথ্য তেঁওলোকে বিশ্ববিদ্যালয়খনৰ ৱেবচাইটৰ পৰা ডাউনলড কৰি বৰপেটাৰোড আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল। ছাত্ৰজনৰ মাৰ্কশ্বিট পৰীক্ষা কৰাৰ অন্তত মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ নিশ্চিত হৈছিল যে, ক’ৰবাত ডাঙৰ খেলিমেলি এটা হৈছে।

মহাবিদ্যালয় কৰ্তৃপক্ষই লক্ষ্য কৰিছিল- গণিত বিভাগত অধ্যয়নৰত আজিজুলৰ দ্বিতীয় ছেমিষ্টাৰৰ পৰীক্ষাক বাদ দি বাকী আটাইকেইটা ছেমিষ্টাৰৰে নম্বৰ ৰহস্যজনকভাৱে বৃদ্ধি হৈ আছে। আৰক্ষীয়ে ছাত্ৰজনক আটক কৰি সামান্য দুই-এটা কথা সোধা-পোছা কৰি তেঁওক মুকলি কৰি দিছিল।

বৰপেটা আৰক্ষী আৰু চি আই ডিয়ে এই কাণ্ড তদন্ত অব্যাহত ৰখাৰ সময়তে বিশ্ববিদ্যালয়ৰ ৱেবচাইটত পুনৰ ছাত্ৰজনৰ প্ৰকৃত মাৰ্কশ্বিট আপলোড কৰি দিয়াত ইয়াক লৈ ৰহস্য আৰু বৃদ্ধি পাইছিল। অনুৰূপ ধৰণৰ ৬/৭টা ঘটনা কেৱল বৰপেটা জিলাতে সংঘটিত হোৱাৰ তথ্য আৰক্ষী- চি আই ডিয়ে উন্মোচন কৰে।

তাৰ পাছতেই আৰক্ষীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন দায়িত্বপ্ৰাপ্ত বিষয়াক গ্ৰেপ্তাৰ কৰাত এই ধৰণৰ ঘটনা যে বিভিন্ন এজেণ্টৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ পৰাই চলি আহিছে সেয়া নিশ্চিত হৈ পৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ চোৱা-চিতা কৰিবলৈ এটা বাহিৰৰ সংস্থাক দায়িত্ব দি থোৱা হৈছে।

বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ তথ্য, নম্বৰ তালিকা আদি ইন্ট্ৰিগ্ৰেটেড ইউনিভাৰ্চিটী মেনেজনেণ্ট চিষ্টেম চমুকৈ আই ইউ এম এছযোগে অনলাইনত আপলোড কৰা হয়। সেই ব্যৱস্থা আৰু ডাটাসমূহ আপডেট কৰিবৰ বাবে দায়িত্ব দি থোৱা হৈছে বাহিৰৰ এটা সংস্থাক।

পূৰ্বতে এই সংস্থাৰ চোৱা-চিতাৰ কাম তদাৰক কৰিছিল ত্ৰিদীব নামৰ এজন ব্যক্তিয়ে। আৰু ন’ডেল অফিচাৰ হিচাপে আছিল বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক মাধুৰ্য্য পি বৰা। খেলি-মেলিৰ বাবেই ত্ৰিদীৱ নামৰ ব্যক্তিজনক এই দায়িত্বৰ পৰা আঁতৰাই ৰাজু নামৰ আন এজন ব্যক্তিক এই দায়িত্ব অৰ্পণ কৰা হৈছিল।

ন’ডেল অফিচাৰ হিচাপে সমগ্ৰ অনলাইন ব্যৱস্থাৰ তদাৰক কৰাৰ দায়িত্বত আছিল বিশ্ববিদ্যালয়খনৰ শ্ৰেণী সচিব জগদীশ শৰ্মা। আৰক্ষীয়ে ইতিমধ্যে বিহাৰৰ ৰাজু নামৰ ব্যক্তিজনক কেচ ফৰ মাৰ্কচ কেলেংকাৰীৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন তথ্য উপলব্ধ কৰিবলৈ জি ইউ অনলাইন, জি ইউ পৰ্টেল আদি নতুন ব্যৱস্থা কৰা হৈছে যদিও পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ তথ্য যিহেতু ইন্ট্ৰিগ্ৰেটেড ইউনিভাৰ্চিটী মেনেজনেণ্ট চিষ্টেমত আছে, গতিকে সেই সকল ছাত্ৰ-ছাত্ৰীৰ শিক্ষা সাং নোহোৱা পৰ্যন্ত এই ব্যৱস্থা কাৰ্যকৰী কৰি থ’ব লগা হৈছে।

৬/৭ মাহৰ ভিতৰত আই ইউ এম এছ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। কিন্তু তাৰ পূৰ্বে এই অনলাইন পদ্ধতিত অতি সহজতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নম্বৰ ধনৰ বিনিময়ত বঢ়াই লোৱা নিশ্চিত তথ্য পোহৰলৈ আহে।

বৰপেটা, গোৱালপাৰা, ধুবুৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৭/৮টা চক্ৰ এই কেলেংকাৰীৰ সৈতে জড়িত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা বিভাগৰ লোক, আই ইউ এম এছৰ বিষয়া-কৰ্মচাৰী তথা ডাটা এন্ট্ৰি অপাৰেটৰৰ সহযোগত এই কেলেংকাৰী সংঘটিত হৈ আহিছে।

মূলতঃ কোনো ছাত্ৰ-ছাত্ৰীৰ যদি কোনো এক ছেমিষ্টাৰত, কোনো বিষয়ত বেক লাগে তেনে সেই বেক পৰীক্ষা নিদিয়াকৈ নম্বৰ বঢ়াই দি ক্লিয়াৰ কৰি দিয়ে এই চক্ৰটোৱে। এটা বিষয়ত বেক ক্লিয়াৰ কৰিবলৈ ১৬,০০০ টকাৰ পৰা ২০,০০০ টকা লয় স্থানীয় এজেন্টসকলে। সেই ধন লৈ বিশ্ববিদ্যালয়ত সক্ৰিয় চক্ৰটোৰ কাষ চাপে এজেন্টসকল।

বেক লগা বিষয়টোত পুনৰীক্ষণৰ বাবে আবেদন কৰিব লাগে এইদৰে ধনৰ বিনিময়ত নম্বৰ কিনিব বিচৰা সকলে। সেই পুনৰনিৰীক্ষণৰ সুযোগ লৈয়ে এই চক্ৰটোৱে সলনি কৰি দিয়ে তেঁওলোকৰ নম্বৰ।

যিহেতু পৰৱৰ্তী সময়ত সেই ছাত্ৰ-ছাত্ৰীসকলৰ ৱেবচাইটত উপলব্ধ নম্বৰৰ তালিকাকে প্ৰকৃত বুলি গন্য কৰা হয় সেয়েহে এনে জালিয়াতিৰ বিষয়ে আন লোকে জনাৰ উপায় নাথাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত অধ্যয়নৰত প্ৰায় ১০ লাখ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০শতাংশৰ পৰা ২০শতাংশ ছাত্ৰ-ছাত্ৰীৰ বেক লাগে বিভিন্ন বিষয়ত।

পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সময়ত এই চক্ৰৰে জড়িত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একো একোজন সদস্যই এই কেলেংকাৰীৰ জৰিয়তে ২ৰ পৰা ৩লাখ টকা এদিনতে উপাৰ্জন কৰাৰ উদাহৰণ আছে।

সেই বিস্ফোৰক অভিযোগো গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰৰ। চক্ৰটোত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ কেৰাণী, কিছু সংখ্যক ছুপাৰ ছিনিয়ৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ একাংশ বিষয়ববীয়া, ছাত্ৰ সংগঠনৰ নেতা আদি। পৰোক্ষ বা প্ৰত্যক্ষভাৱে এই কেলেংকাৰীৰ সৈতে জড়িত তেঁওলোক।

ইফালে বিশ্ববিদ্যালয়ৰ ভিতৰচ’ৰাতে উত্থাপিত হৈ আহিছে আন এক অভিযোগ। বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নিৰ্দিষ্ট ছাত্ৰ সংগঠনৰ প্ৰাৰ্থীক পুনৰনিৰীক্ষণৰ সুযোগেৰে নম্বৰ বঢ়াই দিয়া পৰম্পৰা চলি আহিছে। শেহতীয়া ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ বেক লগা বিষয়ত ১৩ নম্বৰলৈকে বৃদ্ধি কৰি দিয়া উদাহৰণ আছে।

এনেকৈয়ে চলি আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা। ইমান এখন বৃহৎ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। বৰ্তমান এজন পৰীক্ষা নিয়ন্ত্ৰক আৰু দুজন উপ-পৰীক্ষা নিয়ন্ত্ৰক আছে গুৱাহাটী বিশ্ববিদ্যালয়ত।

তাৰে এজন উপ-পৰীক্ষা নিয়ন্ত্ৰক আকাশদীপ গোস্বামীক নতুনকৈ নিযুক্তি দিয়া হৈছে। এইগৰাকী উপ-পৰীক্ষা নিয়ন্ত্ৰকৰ চাহাবগিৰি ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীক ইতিমধ্য অতিষ্ঠ কৰিছে। পৰিতাপৰ কথা যে এটা ছেমিষ্টাৰৰ পৰীক্ষাৰ ফলাফল আৰু নম্বৰ তালিকা লাভ নকৰাকৈ পৰৱৰ্তী ছেমিষ্টাৰত অধ্যয়ন কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই নম্বৰ কেলেংকাৰী সন্দৰ্ভত ইতিমধ্য প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই এই সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ সৈতে কথা পাতিব বুলিও ক’ব লগা হৈছে। শিক্ষা মন্ত্ৰী ৰণোজ পেগুক কাষতলৈ এই সন্দৰ্ভত শিক্ষা মন্ত্ৰীয়ে এতিয়ালৈকে একো নাজানে, তেঁওক এই বিষয়ে জনোৱা হ’ব বুলি মন্তব্য কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ত কেচ ফৰ মাৰ্কচৰ কেলেংকাৰীৰ কথা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ মুখে মুখে। তথাপিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোৱা নাছিল কঠোৰ ব্যৱস্থা। ধনৰ বিনিময়ত কিমান ছাত্ৰ-ছাত্ৰীয়ে নম্বৰ কিনিলে সেই হিচাপো এতিয়া নাই কাৰো হাতত।

মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিয়ে ৰোধ কৰিব পাৰিবনে এই কেলেংকাৰী ?  দিন-ৰাত পৰিশ্ৰম কৰি অধ্যয়ন কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বিপৰীতে টকা দি নম্বৰ কিনা আৰু টকাৰ বিনিময়ত নম্বৰ বিক্ৰী কৰা এই লোকসকলক উৎখাত কৰিব নোৱাৰিলে কি মূ্ল্য থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এখন বিশ্ববিদ্যালয়ৰ শিক্ষা !

দুই নম্বৰী 'নম্বৰ'...
মন্ত্ৰীৰ খানা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in